Revelation 14:6 in Assamese 6 পাছত আকাশৰ মাজত আন এজন স্বৰ্গৰ দূতক উড়ি ফুৰা দেখিলোঁ; তেওঁ পৃথিৱীত বসতি কৰা লোক সকলৰ ওচৰত, পৃথিৱীৰ সকলো জাতি, ফৈদ, ভাষা আৰু সাধাৰণ লোক সকলৰ আগত প্ৰচাৰ কৰিবলৈ তেওঁৰ লগত অনন্তকলীয়া শুভবাৰ্তা আছিল৷
Other Translations King James Version (KJV) And I saw another angel fly in the midst of heaven, having the everlasting gospel to preach unto them that dwell on the earth, and to every nation, and kindred, and tongue, and people,
American Standard Version (ASV) And I saw another angel flying in mid heaven, having eternal good tidings to proclaim unto them that dwell on the earth, and unto every nation and tribe and tongue and people;
Bible in Basic English (BBE) And I saw another angel in flight between heaven and earth, having eternal good news to give to those who are on the earth, and to every nation and tribe and language and people,
Darby English Bible (DBY) And I saw another angel flying in mid-heaven, having [the] everlasting glad tidings to announce to those settled on the earth, and to every nation and tribe and tongue and people,
World English Bible (WEB) I saw an angel flying in mid heaven, having an eternal Gospel to proclaim to those who dwell on the earth, and to every nation, tribe, language, and people.
Young's Literal Translation (YLT) And I saw another messenger flying in mid-heaven, having good news age-during to proclaim to those dwelling upon the earth, and to every nation, and tribe, and tongue, and people,
Cross Reference Genesis 1:6 in Assamese 6 তাৰ পাছত ঈশ্বৰে ক’লে, “জলৰ মাজত ভাগ হৈ এক বিস্তৃত খালী অংশ (দিগবলয়) হওঁক আৰু ই জলক দুভাগ কৰক।”
2 Samuel 23:5 in Assamese 5 স্বৰূপেই ইশ্বৰৰ সন্মুখত মোৰ বংশ তেনে নহয় নে? কিয়নো তেওঁ মোৰ লগত এটি চিৰস্থায়ী নিয়ম স্থাপন কৰিলে, সেয়ে সম্পূৰ্ণ শৃঙ্খলাযুক্ত আৰু সত্য? কাৰণ মোলৈ প্ৰতিজ্ঞা কৰা মোৰ সকলো পৰিত্ৰাণ আৰু মঙ্গল তেওঁ বৃদ্ধি নকৰিব নে?
Psalm 119:142 in Assamese 142 তোমাৰ ধাৰ্ম্মিকতা চিৰস্থায়ী ধাৰ্ম্মিকতা আৰু তোমাৰ সকলো ব্যৱস্থা সত্য।
Psalm 139:24 in Assamese 24 মোৰ ভিতৰত দুষ্টতাৰ কোনো পথ আছে কি নাই, তাক চোৱা, আৰু মোক অনন্তকালৰ পথত গমন কৰোঁৱা।
Psalm 145:13 in Assamese 13 তোমাৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য; তোমাৰ ৰাজশাসন সৰ্ব্বপুৰুষলৈকে স্থায়ী।
Isaiah 6:2 in Assamese 2 তেওঁৰ ওপৰত চিৰাফসকল থিয় হৈ আছিল; তেওঁলোক প্ৰতিজনৰ ছয়খনকৈ ডেউকা আছিল; তাৰ দুখনেৰে নিজৰ মুখ, দুখনেৰে নিজৰ চৰণ ঢাকে, আৰু দুখনেৰে উৰি যায়।
Isaiah 6:6 in Assamese 6 তাৰ পাছত সেই চিৰাফসকলৰ মাজৰ এজনে যজ্ঞবেদিৰ পৰা চেপেনাৰে এটোকোৰা জ্বলি থকা আঙঠা হাতত লৈ মোৰ ওচৰলৈ উড়ি আহিল।
Isaiah 40:8 in Assamese 8 ঘাঁহ শুকাই যায়, ফুল জয় পৰে, কিন্তু আমাৰ ঈশ্বৰৰ বাক্য অনন্ত কাললৈকে থাকে।
Isaiah 45:17 in Assamese 17 কিন্তু ইস্ৰায়েলে যিহোৱাৰ দ্বাৰাই অনন্তকলীয়া পৰিত্ৰাণেৰে ৰক্ষিত হ’ব; তোমালোক পুনৰ লজ্জিত বা অপমানিত নহ’বা।
Isaiah 51:6 in Assamese 6 তোমালোকে আকাশলৈ চকু তুলি চোৱা, আৰু তলত থকা পৃথিবীলৈ দৃষ্টি কৰা; কাৰণ আকাশ-মণ্ডল ধোঁৱাৰ দৰে অদৃশ্য হ’ব, পৃথিবী কাপোৰৰ দৰে ক্ষয় হ’ব, আৰু তাৰ নিবাসীসকল মাখিৰ দৰে মৰিব। কিন্তু মোৰ পৰিত্ৰাণ অনন্তকাললৈ অবিৰামভাৱে চলি থাকিব, আৰু মোৰ ধাৰ্ম্মিকতাই কেতিয়াও কাম কৰা বন্ধ নকৰিব।
Isaiah 51:8 in Assamese 8 কাৰণ কাপোৰ খোৱা পোকে কাপোৰ খোৱাৰ দৰে তেওঁলোকক খাব, আৰু পোকে উল খোৱাৰ দৰে তেওঁলোকক খাব; কিন্তু মোৰ ধাৰ্ম্মিকতা অনন্তকালৰ বাবে হব, আৰু মোৰ পৰিত্ৰাণ পুৰুষানুক্ৰমে থাকিব।”
Ezekiel 1:14 in Assamese 14 সেই জুই প্ৰাণী কেইজনৰ মাজত ওপৰ আৰু তললৈ অহা-যোৱা কৰে, সেই জীৱিত প্ৰাণী কেইজনৰ গমন বিজুলীৰ চমকৰ দৰে দেখা যায়।
Daniel 4:1 in Assamese 1 পৃথিৱীত থকা সকলো লোক, দেশ, আৰু সকলো ভাষাৰ লোকসকললৈ ৰজা নবূখদনেচৰে এই আজ্ঞা দি পঠিয়ালে, “আপোনালোকৰ মাজত শান্তি বৃদ্ধি হওক!
Daniel 6:25 in Assamese 25 তেতিয়া ৰজা দাৰিয়াবচে গোটেই পৃথিৱীত বাস কৰা সকলো দেশৰ লোক, আৰু সকলো ভাষাৰ লোকলৈ এই পত্ৰ লিখিলে: “তোমালোকৰ মাজত শান্তি বৃদ্ধি হওক।
Daniel 9:21 in Assamese 21 এনে কি, গধুলীৰ বলিদান উৎসৰ্গ কৰা সময়ত মই প্রাৰ্থনা কৰি আছিলোঁ, সেই সময়ত আগেয়ে দৰ্শনত দেখা মানুহ যি গাব্ৰিয়েল তেওঁ মোৰ ওচৰলৈ বেগেৰে উড়ি আহিল।
Matthew 10:27 in Assamese 27 মই তোমালোকক আন্ধাৰত যি কওঁ, সেইবোৰ তোমালোকে পোহৰত প্ৰকাশ কৰিবা আৰু তোমালোকে কাণেৰে যি শুনিছা, সেইবোৰ ঘৰৰ ওপৰত উঠি ঘোষণা কৰিবা।
Mark 16:15 in Assamese 15 আৰু যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে জগতৰ সকলো ঠাইলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা।
Romans 16:25 in Assamese 25 এতিয়া যীচু খ্ৰীষ্টৰ বিষয়ে যি শুভবাৰ্তা মই প্ৰচাৰ কৰিলোঁ, সেই শুভবাৰ্তাত ঈশ্বৰে আপোনালোকক স্থিৰ ৰাখিব৷ অনাদি কালৰে পৰা ঈশ্বৰে তেওঁৰ ৰহস্য গোপনে ৰাখিছিল, কিন্তু এতিয়া শুভবাৰ্তাৰ মাধ্যমত সেয়া প্ৰকাশ পালে আৰু সেইদৰেই মই প্ৰচাৰো কৰিলোঁ৷
Ephesians 3:9 in Assamese 9 আৰু সকলো বস্তুৰে সৃষ্টিকর্তা ঈশ্বৰৰ নিগূঢ় পৰিকল্পনাৰ কথা সকলোকে জনাওঁ৷ এই নিগূঢ় সত্য পূৰ্ব কালৰে পৰা ঈশ্বৰৰ দ্বাৰা গুপ্ত আছিল।
Colossians 1:23 in Assamese 23 আপোনালোকে যি শুভবাৰ্তা শুনিছে, তাতে যদি বিশ্বাস কৰি স্থিৰে থাকে আৰু শুভবাৰ্তাৰ পৰা উৎপন্ন হোৱা যি আশা আপোনালোকে পালে, সেই আশাৰ মূলৰ পৰা যদি আতৰি নাযায়, তেনেহলে খ্ৰীষ্টে সকলোবোৰ সম্পন্ন কৰিব আৰু স্বৰ্গৰ তলত থকা সকলো সৃষ্টিৰ মাজত সেই একে শুভবাৰ্তা প্ৰচাৰিত হৈ আছে; মই পৌল, এই শুভবাৰ্তাৰ এজন দাস৷
2 Thessalonians 2:16 in Assamese 16 এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টে নিজে আৰু যি জনে আমাক প্ৰেম কৰি, আমাক অনন্ত সান্ত্বনা আৰু ভৱিষ্যতৰ উত্তম আশা অনুগ্ৰহেৰে দিলে, আমাৰ সেই পিতৃ ঈশ্বৰে আপোনালোকৰ হৃদয়ক সান্ত্বনা দিয়ক;
Titus 1:1 in Assamese 1 মই পৌল, ঈশ্বৰৰ দাস আৰু যীচু খ্ৰীষ্টৰ পাঁচনি; ঈশ্বৰৰ মনোনীত লোকৰ বিশ্বাস সুদৃঢ় কৰিবলৈ আৰু ঐশ্বৰিক আচৰণৰ সত্যৰ জ্ঞান প্ৰতিষ্ঠা কৰিবলৈ মই সহায় কৰোঁ৷
Hebrews 13:20 in Assamese 20 এতিয়া শান্তিৰ ঈশ্বৰে, যি জন অনন্তকাল স্থায়ী নিয়মৰ তেজৰ গুণে মেষবোৰৰ মহান ৰক্ষক, আমাৰ প্ৰভু যীচুক মৃত লোকৰ মাজৰ পৰা পুনৰায় আনিলে, তেওঁ নিজৰ ইচ্ছা সাধনৰ অৰ্থে অাপোনালোকক সকলো সদবিষয়ত সিদ্ধ কৰক;
Revelation 3:10 in Assamese 10 তুমি মোৰ ধৈৰ্যৰ কথা সহন কৰি পালন কৰাত, যি পৰীক্ষাৰ কাল পৃথিৱী নিবাসী সকলক পৰীক্ষা কৰিবৰ কাৰণে, গোটেই জগতৰ ওপৰলৈ আহিবলৈ উদ্যত আছে, সেই কালৰ পৰা ময়ো তোমাক ৰক্ষা কৰিম।
Revelation 8:13 in Assamese 13 পাছত মই চাওতে আৰু শুনোতে, এটা ঈগল পক্ষীয়ে আকাশৰ মাজত উৰি উৰি বৰ মাতেৰে এই কথা কোৱা শুনিলোঁ, “যি তিনি জন দূতে তুৰী বজাবলৈ উদ্যত আছে, তেওঁলোকৰ সেই অৱশিষ্ট তুৰী-ধ্বনীত পৃথিৱীত বাস কৰা লোক সকলৰ সন্তাপ, সন্তাপ, সন্তাপ হ’ব”।
Revelation 10:11 in Assamese 11 পাছত মোক কোৱা হ’ল, “তুমি অনেক লোকৰ, সকলো জাতিৰ, ভাষাৰ আৰু অনেক ৰজাৰ বিষয়ে আকৌ ভাবোক্তি প্ৰচাৰ কৰিব লাগিব।”
Revelation 13:7 in Assamese 7 সেই পশুক পবিত্ৰ লোকৰ সৈতে যুদ্ধ কৰিবলৈ আৰু তেওঁলোকক জয় কৰিবলৈ তাক অনুমতি দিয়া হ’ল। ইয়াৰ উপৰি সকলো ফৈদ, লোক, ভাষা আৰু সকলো জাতিৰ ওপৰত তাক অধিকাৰ দিয়া হ’ল।