Revelation 14:2 in Assamese 2 মই স্বৰ্গৰ পৰা এটা মাত শুনিলো, সেই মাত অগাধ জলৰ দৰে আৰু প্ৰৱল মেঘ-গৰ্জ্জনৰ শব্দৰ নিচিনা আছিল৷ মই শুনা সেই মাত, বীণা বজাওঁতা সকলে নিজ নিজ বীণাত বজোৱা মাতৰ নিচিনাও আছিল৷
Other Translations King James Version (KJV) And I heard a voice from heaven, as the voice of many waters, and as the voice of a great thunder: and I heard the voice of harpers harping with their harps:
American Standard Version (ASV) And I heard a voice from heaven, as the voice of many waters, and as the voice of a great thunder: and the voice which I heard `was' as `the voice' of harpers harping with their harps:
Bible in Basic English (BBE) And a voice from heaven came to my ears, like the sound of great waters, and the sound of loud thunder: and the voice which came to me was like the sound of players, playing on instruments of music.
Darby English Bible (DBY) And I heard a voice out of the heaven as a voice of many waters, and as a voice of great thunder. And the voice which I heard [was] as of harp-singers harping with their harps;
World English Bible (WEB) I heard a sound from heaven, like the sound of many waters, and like the sound of a great thunder. The sound which I heard was like that of harpists playing on their harps.
Young's Literal Translation (YLT) and I heard a voice out of the heaven, as a voice of many waters, and as a voice of great thunder, and a voice I heard of harpers harping with their harps,
Cross Reference Exodus 19:16 in Assamese 16 তৃতীয় দিনা ৰাতি পুৱা, মেঘ-গৰ্জ্জন, বিজুলী, পৰ্ব্বতৰ ওপৰত ঘন মেঘ, আৰু উচ্ছ শিঙা-ধ্বনি হ’ল। তাতে তম্বুত থকা সকলো লোক কঁপিবলৈ ধৰিলে।
Exodus 20:18 in Assamese 18 তেতিয়া লোকসকলে মেঘ-গৰ্জ্জন, বিজুলী, শিঙাধ্বনি, আৰু পৰ্ব্বত ধোঁৱাময় হোৱা দেখিলে। লোকসকলে এইদৰে হোৱা দেখি ভয়ত কম্পমান হৈ তেওঁলোক দূৰত থিয় হ’ল।
2 Samuel 6:5 in Assamese 5 তেতিয়া দায়ূদ আৰু ইস্ৰায়েলৰ আটাই বংশই দেবদাৰু কাঠেৰে সজা নানা ধৰণৰ বাদ্যযন্ত্ৰ নেবল, খঞ্জৰী, খুটিতাল আৰু ভোটতাল আদি বজাই যিহোৱাৰ আগত গুণানুকীর্তন কৰিলে৷
1 Chronicles 25:1 in Assamese 1 দায়ূদ আৰু আবাসৰ পৰিচৰ্য্যাৰ প্রধান লোকসকলে আচফ, হেমন, আৰু যিদূথূনৰ পুত্র সকলক কিছুমান কামৰ বাবে নিৰ্বাচন কৰিলে। এওঁলোকে বীণা, বেহেলা, আৰু তালেৰে ভাবিষ্যত বাণী কৰিলে। যিসকল লোকে এই কাম কৰিছিল তেওঁলোকৰ তালিকা তলত দিয়া হ’ল:
Psalm 33:2 in Assamese 2 বীণাৰে সৈতে যিহোৱাৰ ধন্যবাদ কৰা, দহগুণীয়া নেবল যন্ত্ৰৰে তেওঁৰ প্ৰশংসা কৰা।
Psalm 43:4 in Assamese 4 তাতে মই ঈশ্বৰৰ যজ্ঞ-বেদীৰ ওচৰলৈ যাম, মোৰ পৰম আনন্দৰ ঈশ্বৰৰ ওচৰলৈ যাম; হে ঈশ্বৰ, হে মোৰ ঈশ্বৰ, মই বীণাৰে তোমাৰ ধন্যবাদ কৰিম ।
Psalm 57:8 in Assamese 8 হে মোৰ হৃদয়, সাৰ পোৱা; হে নেবেল আৰু বীণা, সাৰ পোৱা; মই প্ৰভাতক জগাম ।
Psalm 92:3 in Assamese 3 দহ গুণীয়া যন্ত্ৰ আৰু নেবল যন্ত্ৰ সহকাৰে, গভীৰ বীণাৰ স্বৰেৰে তোমাৰ ধন্যবাদ-স্তুতি কৰা উত্তম।
Psalm 93:4 in Assamese 4 মহা জলসমূহৰ কল্লোলধ্বনিতকৈয়ো, সমুদ্ৰৰ প্ৰচণ্ড তৰঙ্গবোৰতকৈয়ো সৰ্ব্বোপৰি যিহোৱা বলৱান।
Psalm 98:5 in Assamese 5 বীণা বজাই যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা, বীণা বজাই সুন্দৰ সুৰেৰে যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা।
Psalm 147:7 in Assamese 7 তোমালোকে যিহোৱাৰ উদ্দেশ্যে ধন্যবাদৰ গীত গোৱা; বীণাৰে সৈতে আমাৰ ঈশ্বৰৰ প্রশংসাৰ গীত গোৱা।
Psalm 149:3 in Assamese 3 তেওঁলোকে নাচি নাচি তেওঁৰ নামৰ প্ৰশংসা কৰক, খঞ্জৰী আৰু বীণা লৈ তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰক।
Psalm 150:3 in Assamese 3 শিঙা-বাদ্যেৰে তেওঁৰ প্ৰশংসা কৰা; নেবল আৰু বীণাৰে তেওঁৰ প্ৰশংসা কৰা।
Isaiah 17:13 in Assamese 13 অনেক পানী বেগেৰে বৈ যোৱা শব্দৰ দৰে, দেশবাসীসকলে গৰ্জন কৰিব; কিন্তু প্রভুৱে তেওঁলোকক তিৰস্কাৰ কৰিব; তাতে তেওঁলোক বহু দূৰলৈ পলাই যাব, আৰু বতাহৰ আগত পৰ্ব্বতৰ ওপৰত বিধৱালোকে পিন্ধা কাপোৰৰ দৰে, আৰু বতাহৰ আগত ঘূৰি ঘূৰি যোৱা ধুলিৰ দৰে তেওঁলোকক খেদি দিয়া হ’ব।
Ezekiel 43:2 in Assamese 2 আৰু চোৱা! পূৱফালৰ পৰা ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আহিল; তেওঁৰ ধ্বনি বহু জলসমূহৰ শব্দৰ দৰে আৰু পৃথিৱী তেওঁৰ গৌৰৱেৰে উজ্জ্বল হ’ল!
Zechariah 9:14 in Assamese 14 যিহোৱাই তেওঁলোকৰ ওপৰত দেখা দিব আৰু তেওঁৰ কাঁড় বিজুলীৰ নিচিনাকৈ ওলাব! প্ৰভু যিহোৱাই শিঙা বজাব আৰু দক্ষিণ অঞ্চলৰ বা’মাৰলী বায়ুস্বৰূপ ৰথত গমন কৰিব।
Revelation 1:10 in Assamese 10 মই প্ৰভুৰ দিনত আত্মাত আছিলোঁ; মোৰ পাছফালে তুৰীৰ মাতৰ দৰে বৰ মাত শুনিলোঁ।
Revelation 1:15 in Assamese 15 তেওঁৰ চৰণ চক্চকীয়া পিতলৰ নিচিনা, একেবাৰে অগ্নিশালত মসৃণ কৰা পিতলৰ নিচিনা আৰু তেওঁৰ কণ্ঠ, ক্ষিপ্র গতিত বাগৰি থকা পানীৰ নিচিনা আছিল।
Revelation 5:8 in Assamese 8 যেতিয়া তেওঁ সেই নুৰাটো ল’লে তেতিয়া জীৱিত প্ৰাণী চাৰিটা আৰু সেই চৌবিশ জন পৰিচাৰকে নিজে মেষ-পোৱালি জনৰ সন্মুখলৈ আহি উবুৰি হৈ পৰিল৷ তেখেত সকলৰ হাতত গাইপতি বীণা আৰু পবিত্ৰ লোক সকলৰ প্ৰাৰ্থনা স্বৰূপ সুগন্ধি ধূপেৰে পৰিপূৰ্ণ সোণৰ বাটি আছিল।
Revelation 6:1 in Assamese 1 পাছত মই সেই মেষ-পোৱালি জনে সাতোটা ছাবৰ এটা মেলা দেখিলোঁ আৰু তেতিয়া সেই চাৰি জীৱিত প্ৰাণীৰ কোনো এটাই মেঘৰ নিচিনা গৰজি উঠা মাতেৰে কোৱা শুনিলোঁ, “আহা”!
Revelation 8:7 in Assamese 7 পাছত প্ৰথম জন দূতে বজাওঁতে, তেজ মিহলি কৰা শিল আৰু জুই উপস্থিত হ’ল৷ সেইবোৰক পৃথিৱীলৈ পেলোৱা হ’ল; তেতিয়া পৃথিৱীৰ তিনি ভাগৰ এভাগ পোৰা হ’ল, গছৰো তিনি ভাগৰ এভাগ পোৰা হ’ল আৰু সকলো কেচা তৃণো পোৰা হ’ল।
Revelation 10:3 in Assamese 3 আৰু সিংহৰ গোজঁৰনিৰ দৰে বৰ মাতেৰে ৰিঙিয়ালে; তেওঁ ৰিঙিয়াওঁতে, মেঘ-গৰ্জ্জন সাতোটায়ো মাত লগালে৷
Revelation 11:12 in Assamese 12 পাছত তেওঁলোকে নিজলৈ কোৱা এই মহা স্বৰ্গীয়-বাণী শুনিলে, “ইয়ালৈ তোমালোক উঠি আহা!” তাতে তেওঁলোক মেঘ-ৰথত স্বৰ্গলৈ উঠি গ’ল; আৰু তেওঁলোকৰ শত্ৰু সকলে তেওঁলোকলৈ চাই আছিল৷
Revelation 11:15 in Assamese 15 পাছত সপ্তম দূতে তুৰী বজাওঁতে, স্বৰ্গত এইদৰে মহা-বাণীবোৰ হ’ল, বোলে, “এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ’ল৷ আৰু তেওঁ চিৰকাল ৰাজশাসন কৰিব।”
Revelation 15:2 in Assamese 2 পাছত জুইৰে মিহলি হোৱা এখন আয়নাৰ দৰে সমুদ্ৰ দেখিলোঁ; আৰু যি সকল সেই পশু আৰু তাৰ প্ৰতিমূৰ্তি আৰু তাৰ নামৰ নম্বৰৰ ওপৰত জয়যুক্ত হ’ল, তেওঁলোকক ঈশ্বৰৰ বীণা লৈ সেই দৰ্পণৰ নিচিনা সমুদ্ৰৰ পাৰত থিয় হৈ থকা দেখিলোঁ;
Revelation 18:22 in Assamese 22 বীণা বজোৱা, গায়ন-বায়ন, বাঁহীবাদক আৰু কালি বজোৱা সকলৰ মাত তোমাৰ মাজত পুনৰ কেতিয়াও শুনা নাযাব৷ আৰু কোনো প্ৰকাৰ শিল্পকাৰী লোক তোমাৰ মাজত কেতিয়াও পোৱা নাযাব৷ জাঁত-ঘৰৰ মাত, তোমাৰ মাজত কেতিয়াও শুনা নাযাব;
Revelation 19:1 in Assamese 1 এইবোৰ ঘটনা ঘটাৰ পাছত, মই স্বৰ্গত থকা বৃহৎ এদল মানুহৰ মহাধ্বনি শুনিলোঁ, বোলে, “হাল্লিলুয়া৷ পৰিত্ৰাণ, মহিমা আৰু পৰাক্ৰম আমাৰ ঈশ্বৰৰ৷