Revelation 14:11 in Assamese 11 তেওঁলোকৰ যাতনাৰ ধোৱাঁ চিৰকাল উঠি থাকিব৷ সেই পশু আৰু তাৰ প্ৰতিমূৰ্তিক আৰাধনা কৰা সকলৰ আৰু যি কোনোৱে তাৰ নামৰ ছাব লয়, সেই সকলৰ দিনে-ৰাতিয়ে একো জিৰণি নাই।
Other Translations King James Version (KJV) And the smoke of their torment ascendeth up for ever and ever: and they have no rest day nor night, who worship the beast and his image, and whosoever receiveth the mark of his name.
American Standard Version (ASV) and the smoke of their torment goeth up for ever and ever; and they have no rest day and night, they that worship the beast and his image, and whoso receiveth the mark of his name.
Bible in Basic English (BBE) And the smoke of their pain goes up for ever and ever; and they have no rest day and night, who give worship to the beast and his image, and have on them the mark of his name.
Darby English Bible (DBY) And the smoke of their torment goes up to ages of ages, and they have no respite day and night who do homage to the beast and to its image, and if any one receive the mark of its name.
World English Bible (WEB) The smoke of their torment goes up forever and ever. They have no rest day and night, those who worship the beast and his image, and whoever receives the mark of his name.
Young's Literal Translation (YLT) and the smoke of their torment doth go up to ages of ages; and they have no rest day and night, who are bowing before the beast and his image, also if any doth receive the mark of his name.
Cross Reference Genesis 19:28 in Assamese 28 তেওঁ তলৰ ফালে চদোম, ঘমোৰা আৰু গোটেই সমতল ভূমিলৈ চাই দেখিলে যে অগ্নিকুণ্ডৰ ধুঁৱাৰ দৰে সেই সকলো ঠাইৰ পৰা ধুঁৱা উঠিছে।
Exodus 15:18 in Assamese 18 যিহোৱাই সদা-সৰ্ব্বদায় ৰাজত্ব কৰিব।”
Deuteronomy 28:65 in Assamese 65 সেই জাতিবোৰৰ মাজত আপোনালোকে একো সুখ নাপাব আৰু আপোনালোকৰ ভৰি-তলুৱাই জিৰণী নাপাব; কিন্তু যিহোৱাই সেই ঠাইত আপোনালোকৰ বুকু কঁপাব, চকু দুৰ্ব্বল কৰিব আৰু অন্তৰ নিৰাশাৰে ভৰাই দিব;
Psalm 10:16 in Assamese 16 যিহোৱা চিৰকালৰ ৰজা; তেওঁৰ দেশৰ পৰা জাতিবোৰ ধ্বংস হৈ যাব।
Psalm 145:1 in Assamese 1 হে মোৰ ঈশ্বৰ, হে মোৰ ৰজা, মই তোমাৰ গৌৰৱ কীৰ্ত্তন কৰিম; যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ ধন্যবাদ কৰিম।
Isaiah 33:14 in Assamese 14 চিয়োনত থকা পাপীবোৰে ভয় কৰিছে; অধৰ্মী জনক কঁপনিয়ে ধৰিছে। আমাৰ মাজৰ কোনে গ্ৰাসকৰী অগ্নিয়ে সৈতে বাস কৰিব পাৰে? আমাৰ মাজৰ কোনে অনন্ত কাললৈকে জ্বলি থকা জুইৰে সৈতে বাস কৰিব পাৰে?
Isaiah 34:10 in Assamese 10 সেয়ে দিনে ৰাতিয়ে জ্বলিব; চিৰকাললৈ ইয়াৰ ধোঁৱা উঠিব; পুৰুষানুক্ৰমে ই অনুর্বৰ হৈ থাকিব; কোনেও তাৰ মাজেদি চিৰকাললৈকে নাযাব।
Isaiah 57:20 in Assamese 20 কিন্তু দুষ্টবোৰ চঞ্চল সমুদ্ৰৰ দৰে; যি থিৰে থাকিব নোৱাৰে, আৰু তাৰ জলসমূহে বোকা আৰু মল তোলে;
Joel 2:30 in Assamese 30 মই তেজ, অগ্নি, ধূঁৱাস্তম্ভৰে আকাশ-মণ্ডল আৰু পৃথিৱীত অদ্ভুত লক্ষণ দেখুৱাম।
Matthew 11:28 in Assamese 28 ‘হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোক সকল, মোৰ ওচৰলৈ আহক; মই আপোনালোকক জিৰণি দিম।
Matthew 25:41 in Assamese 41 তেতিয়া তেওঁৰ বাওঁফালে থকাবোৰক ক’ব, ‘হেৰ মোৰ পৰা আতৰি থকা সকল, চয়তান আৰু তাৰ দূতবোৰৰ কাৰণে যুগুত কৰি থোৱা অনন্ত জুইলৈ তোমালোক গুচি যোৱা।
Matthew 25:46 in Assamese 46 এই কাৰণে সিহঁত অনন্ত দণ্ডলৈ, কিন্তু ধাৰ্মিক সকল অনন্ত জীৱনলৈ যাব।”
Mark 9:43 in Assamese 43 যদি তোমাৰ হাত, তোমাৰ বিঘিনিৰ কাৰণ হয়, তেনেহলে সেই হাত কাটি পেলোৱা; দুহতীয়া হৈ নৰকৰ নুনুমুৱা জুইলৈ যোৱাতকৈ, কোঙা হৈ জীৱনত সোমোৱা তোমাৰ ভাল।
Luke 16:23 in Assamese 23 ধনী ব্যক্তি জনে নৰকত অতি যাতনা পাই ওপৰলৈ চকু তুলি চাই বহু দুৰত অব্ৰাহাম আৰু তেওঁৰ কোলাত লাজাৰক দেখা পালে৷
Hebrews 1:8 in Assamese 8 কিন্তু পুত্ৰৰ বিষয়ে ঈশ্বৰে ক’লে, “হে ঈশ্বৰ, তোমাৰ সিংহাসন চিৰকাল স্থায়ী, তোমাৰ ৰাজ্যৰ শাসন, ন্যায়ৰ শাসন।
Revelation 4:8 in Assamese 8 সেই চাৰি প্ৰাণীৰ প্ৰত্যেকৰ ছয় খনকৈ ডেউকা আৰু সেই প্ৰাণীবোৰৰ বাহিৰে ভিতৰে চকুৰেই পৰিপূৰ্ণ আছিল৷ তেওঁলোকে অবিৰাম দিনে-ৰাতিয়ে এই বুলি কৈ থাকে, ‘পবিত্ৰ, পবিত্ৰ, পবিত্ৰ প্ৰভু পৰমেশ্বৰ, সকলোৰে ওপৰত শাসনকৰ্তা, যি জন আছিল, এতিয়াও আছে আৰু আহিবলগীয়া জন’৷
Revelation 5:13 in Assamese 13 আৰু স্বৰ্গত, এই জগতত, এই জগতৰ তলত আৰু সাগৰত যি সকলো সৃষ্ট বস্তু আছে, সেই সকলোৱে কোৱা শুনিলোঁ, “সিংহাসনত বহি থকা জন আৰু মেষ-পোৱালি জনৰ প্ৰশংসা, মৰ্যদা, মহিমা আৰু পৰাক্ৰম চিৰকাল হওক”।
Revelation 7:12 in Assamese 12 আৰু ক’লে, “আমেন! প্ৰশংসা, মহিমা, জ্ঞান, ধন্যবাদ, সমাদৰ, পৰাক্ৰম আৰু শক্তি চিৰকাল আমাৰ ঈশ্বৰৰ প্ৰতি হওক! আমেন৷”
Revelation 11:15 in Assamese 15 পাছত সপ্তম দূতে তুৰী বজাওঁতে, স্বৰ্গত এইদৰে মহা-বাণীবোৰ হ’ল, বোলে, “এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ’ল৷ আৰু তেওঁ চিৰকাল ৰাজশাসন কৰিব।”
Revelation 13:12 in Assamese 12 সি এই প্ৰথম পশুটোৰ সকলো অধিকাৰ, প্ৰথম পশুটোৰ উপস্থিতে পালন কৰে আৰু যি প্ৰথম পশুৰ মৃত্যুজনক ঘা সুস্থ কৰা হ’ল, সেই পশুক পৃথিৱী আৰু তাত নিবাস কৰা সকলোকে প্ৰণিপাত কৰিবলৈ বাধ্য কৰালে।
Revelation 14:9 in Assamese 9 পাছত আন এজন তৃতীয় স্বৰ্গৰ দূতে, তেওঁলোকৰ পাছে পাছে আহি বৰ মাতেৰে ক’লে, “কোনোৱে যদি সেই পশু আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰে আৰু নিজৰ কপালত বা হাতত ছাব লয়,
Revelation 18:18 in Assamese 18 তাইক পোৰাৰ ধুঁৱা দেখি তেওঁলোকে ৰিঙিয়াই ক’লে, ‘এই মহা-নগৰ তুল্য কোন নগৰ আছে’?
Revelation 19:3 in Assamese 3 আৰু তেওঁলোকে পুনৰাই ক’লে, “হাল্লিলুয়া! আৰু তাইৰ ধোঁৱা চিৰকাল তাইৰ পৰা উঠি থাকিব।”
Revelation 20:10 in Assamese 10 আৰু সিহঁতক ভুলুৱা চয়তানক, গন্ধক আৰু জুইৰ সৰোবৰত পেলোৱা হ’ল যত সেই পশু আৰু ভাঁৰী-কোৱা ভাৱবাদী সকলো আছে; আৰু সিহঁতে চিৰকাললৈকে দিনে-ৰাতিয়ে যাতনা ভোগ কৰিব।
Revelation 22:5 in Assamese 5 তাতে ৰাতিও নহ’ব; আৰু চাকিৰ পোহৰ বা সূৰ্যৰ পোহৰ তেওঁলোকৰ প্ৰয়োজন নহব; কিয়নো প্ৰভু পৰমেশ্বৰে তেওঁলোকক দীপ্তি দিব আৰু তেওঁলোকে চিৰকাল ৰাজত্ব কৰিব।