Revelation 14:1 in Assamese 1 তাৰ পাছত মই চাই দেখিলোঁ, সেই মেষ-পোৱালি চিয়োন পৰ্বতৰ ওপৰত থিয় হৈ আছিল৷ তেওঁৰ সৈতে এক লাখ চৌৱাল্লিশ হাজাৰ লোক আছিল; তেওঁলোকৰ কপালত তেওঁৰ নাম আৰু তেওঁৰ পিতৃৰো নাম লিখা আছিল।
Other Translations King James Version (KJV) And I looked, and, lo, a Lamb stood on the mount Sion, and with him an hundred forty and four thousand, having his Father's name written in their foreheads.
American Standard Version (ASV) And I saw, and behold, the Lamb standing on the mount Zion, and with him a hundred and forty and four thousand, having his name, and the name of his Father, written on their foreheads.
Bible in Basic English (BBE) And I saw the Lamb on the mountain of Zion, and with him a hundred and forty-four thousand, marked on their brows with his name and the name of his Father.
Darby English Bible (DBY) And I saw, and behold, the Lamb standing upon mount Zion, and with him a hundred [and] forty-four thousand, having his name and the name of his Father written upon their foreheads.
World English Bible (WEB) I saw, and behold, the Lamb standing on Mount Zion, and with him a number, one hundred forty-four thousand, having his name, and the name of his Father, written on their foreheads.
Young's Literal Translation (YLT) And I saw, and lo, a Lamb having stood upon the mount Sion, and with him an hundred forty-four thousands, having the name of his Father written upon their foreheads;
Cross Reference Psalm 2:6 in Assamese 6 যিহোৱাই কৈছে, “ময়েই মোৰ পবিত্ৰ চিয়োন পৰ্ব্বতত মোৰ ৰজাক অভিষেক কৰিলোঁ।”
Psalm 132:13 in Assamese 13 কিয়নো যিহোৱাই চিয়োনক মনোনীত কৰিলে, তেওঁ নিজৰ আবাসৰ কাৰণে তাকে বিচাৰিলে;
Isaiah 49:14 in Assamese 14 কিন্তু চিয়োলে ক’লে, “যিহোৱাই মোক ত্যাগ কৰিলে আৰু প্ৰভুৱে মোক পাহৰিলে।”
Jeremiah 1:11 in Assamese 11 তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, “হে যিৰিমিয়া, তুমি কি দেখিছা?” তাতে মই ক’লোঁ, “বাদাম গছৰ এডাল ডাল দেখিছো।”
Ezekiel 1:4 in Assamese 4 তেতিয়া মই দেখিলোঁ যে, উত্তৰ দিশৰ পৰা ধুমুহা বতাহ আহি আছিল - তেতিয়া এখন ডাঙৰ মেঘ চিকমিকোৱা অগ্নিৰ দীপ্তিৰে সৈতে তাৰ ভিতৰত আৰু চাৰিওফালে বিয়পি আছিল আৰু সেই মেঘৰ ভিতৰত থকা জুই জাংফাই (কেৰু-মণি তৈয়াৰ কৰাত ব্যৱহাৰ হোৱা গছৰ পৰা পোৱা এবিধ মৌ বৰণীয়া জলজলীয়া আঠা) ৰঙৰ আছিল।
Ezekiel 2:9 in Assamese 9 তেতিয়া মই চাই দেখিলোঁ যে, মোলৈ এখন হাত মেলা হ’ল; আৰু তাত এখন নুৰিওৱা পুথি আছিল।
Ezekiel 8:7 in Assamese 7 এই বুলি তেওঁ মোক চোতালৰ বাট-চৰাৰ দুৱাৰৰ ভিতৰলৈ লৈ গ’ল আৰু তাত মই চাই দেৱালত এটা বিন্ধা দেখিলোঁ।
Ezekiel 10:1 in Assamese 1 তেতিয়া মই কৰূব কেইজনৰ মূৰৰ ওপৰত থকা চন্দ্ৰতাপ যেন বস্তুটো গম্বুজৰ ফালে চাই দেখিলোঁ; তেওঁলোকৰ ওপৰত এটি নীলকান্ত মণিৰ নিচিনা, এখন সিংহাসনৰ মূৰ্ত্তিৰ নিচিনা এক পদাৰ্থই দেখা দিছিল।
Ezekiel 10:9 in Assamese 9 পাছত মই চাই দেখিলোঁ, আৰু চোৱা! এজন কৰূবৰ কাষত এটা চক্ৰ আৰু আন কৰূবৰ কাষত আন চক্ৰ, এইদৰে চাৰিজন কৰূবৰ কাষত চাৰিটা চক্ৰ আছিল; আৰু সেই চক্ৰ কেইটাৰ আভা বৈদূৰ্য্য মণিৰ নিচিনা।
Ezekiel 44:4 in Assamese 4 তাৰ পাছত তেওঁ উত্তৰ বাট-চৰাটোৰ বাটেদি মোক গৃহটিৰ আগলৈ নিলে আৰু মই চাই দেখিলোঁ, যিহোৱাৰ গৌৰৱে যিহোৱাৰ গৃহটি পৰিপূৰ্ণ কৰিলে; তাতে মই উবুৰি হৈ পৰিলোঁ!
Daniel 12:5 in Assamese 5 তাৰ পাছত মই দানিয়েলে চালো আৰু আন দুজন পুৰুষক থিয় হৈ থকা দেখিলোঁ। তেওঁলোকৰ মাজৰ এজনে নদীৰ ইপাৰে আৰু আনজনে নদীৰ সিপাৰে থিয় হৈ আছিল।
Joel 2:32 in Assamese 32 যিকোনোৱে যিহোৱাৰ নাম ল’ব, তেওঁ উদ্ধাৰ পাব। কিয়নো যিহোৱাই এইদৰে কৈছে, ‘পৰিত্ৰাণ আৰু ৰক্ষা পোৱাসকলৰ মাজৰ পৰা পৰিত্ৰাণ পোৱা আৰু ৰক্ষা পোৱাসকলৰ মাজৰ পৰা যিহোৱাই যিসকলক আহ্বান কৰিলে।
Amos 8:2 in Assamese 2 তেওঁ ক’লে, “আমোচ তুমি কি দেখা পাইছা?” মই কলোঁ, “এপাচি পকা ফল।” তেতিয়া যিহোৱাই মোক ক’লে, “মোৰ প্ৰজা ইস্ৰায়েলৰ শেষ সময় উপস্থিত হৈছে: মই তেওঁলোকক কেতিয়াও পুনৰ ক্ষমা নকৰিম।
Micah 4:7 in Assamese 7 মই পঙ্গুক অৱশিষ্ট কৰি ৰাখিম, আৰু যিজনক দূৰ কৰা হৈছিল, তেওঁক এক বলৱান জাতি কৰিম; আৰু মই, যিহোৱাই এতিয়াৰ পৰা চিৰকাললৈকে চিয়োন পৰ্ব্বতত তেওঁলোকৰ ওপৰত ৰাজত্ব কৰিম।
Zechariah 4:2 in Assamese 2 তেওঁ মোক ক’লে, “তুমি কি দেখিছা?” তেতিয়া মই ক’লোঁ, “মই সম্পূৰ্ণ সোণেৰে নিৰ্মান কৰা এক দীপাধাৰ দেখিছোঁ; তাৰে ওপৰত এটা পাত্ৰ আছে। তাতে সেই পাত্ৰৰ ওপৰত সাতোটা প্ৰদীপ আছে, আৰু তাৰ ওপৰত থকা প্ৰত্যেক দীপাধাৰাৰ সৈতে সাতডালকৈ শলিতা আছে;
Luke 12:8 in Assamese 8 মই তোমালোকক পুনৰ কওঁ, মানুহবোৰৰ আগত যি জনে মোক স্বীকাৰ কৰে, মানুহৰ পুত্ৰয়ো ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁক স্বীকাৰ কৰিব।
Romans 9:33 in Assamese 33 এই বিষয়ে লিখাও আছে, ‘চোৱা, মই চিয়োনত উজুটি খুউৱা শিল, অৰ্থাৎ বিঘ্নজনক শিল থ’ম। তেওঁত বিশ্বাস কৰা জন লাজত নপৰিব’।
Hebrews 12:22 in Assamese 22 কিন্তু চিয়োন পৰ্বত, জীৱনময় ঈশ্বৰৰ নগৰ, স্বৰ্গীয় যিৰূচালেম, আৰু তাত দহ হাজাৰ স্বৰ্গৰ দূতে গুণ-কীৰ্তন কৰে৷
Revelation 3:12 in Assamese 12 যি জনে জয় কৰে, তেওঁক মোৰ ঈশ্বৰৰ মন্দিৰত থকা স্তম্ভ স্বৰূপ কৰিম, তেওঁ তাৰ পৰা কেতিয়াও বাহিৰলৈ নাযাব৷ তেওঁৰ ওপৰত মোৰ ঈশ্বৰৰ নাম লিখিম আৰু মোৰ ঈশ্বৰৰ নগৰ, যি নতুন যিৰূচালেম, স্বৰ্গৰ মোৰ ঈশ্বৰৰ ওচৰৰ পৰা নামিব, তাৰ নাম আৰু মোৰ নতুন নাম লিখিম।
Revelation 4:1 in Assamese 1 সেই সকলোৰ পাছত মই চাই দেখিলোঁ, স্বৰ্গত এখন দুৱাৰ মেলা আছে আৰু মোৰে সৈতে কথা হোৱা, তুৰীৰ মাতৰ দৰে, যি মাত মই প্ৰথমে শুনিছিলোঁ, তেনে মাতেৰে কোনোবাই ক’লে, “ইয়ালৈ উঠি আহা; ইয়াৰ পাছত যি যি ঘটিব লাগে, সেইবোৰ মই তোমাক দেখুৱাম”।
Revelation 5:5 in Assamese 5 কিন্তু সেই পৰিচাৰক সকলৰ এজনে মোক ক’লে, “তুমি ক্ৰন্দন নকৰিবা; চোৱা! যি জন যিহুদা ফৈদৰ সিংহ আৰু দায়ুদৰ মূলস্বৰূপ, তেওঁ জয়যুক্ত হৈ সেই নুৰা আৰু তাৰ সাতোটা ছাব মেলিবলৈ সমৰ্থ হ’ল”।
Revelation 5:12 in Assamese 12 তেওঁলোক সকলোৱে বৰ মাতেৰে ক’লে, “হত হোৱা যি মেষ-পোৱালি, তেৱেঁই পৰাক্ৰমী, ধন, জ্ঞান, শক্তি, সমাদৰ, মহিমা আৰু প্ৰশংসা পোৱাৰ যোগ্য”।
Revelation 6:8 in Assamese 8 তেতিয়া মই এটা অনুজ্জ্ৱল বৰণৰ ঘোঁৰা দেখিলোঁ; তাৰ ওপৰত উঠা অশ্বাৰোহী জনৰ নাম মৃত্যু; আৰু পৰলোক তাৰ পাছে পাছে আহি আছিল। তেওঁলোকক দিয়া তৰোৱালেৰে আকাল, মৃত্যু আৰু পৃথিৱীৰ বনৰীয়া জন্তুৰ দ্বাৰাই বধ কৰিবলৈ পৃথিৱীৰ চাৰিভাগৰ এভাগৰ ওপৰত সেই উভয়ক ক্ষমতা দিয়া হ’ল।
Revelation 7:3 in Assamese 3 “আমি নিজ ঈশ্বৰৰ দাস সকলৰ কপালত ছাব নামাৰোঁ মানে, তোমালোকে পৃথিৱী বা সাগৰ বা গছ-গছনিবোৰক অনিষ্ট নকৰিবা৷”
Revelation 13:16 in Assamese 16 তাতে সি গুৰুত্বহীন আৰু ক্ষমতাশালী, ধনী আৰু দৰিদ্ৰ, স্বাধীন আৰু দাস, প্ৰত্যেকৰে সোঁ হাতত বা কপালত এটা বিশেষ চিহ্নৰ ছাব ল’বলৈ বাধ্য কৰালে;
Revelation 14:14 in Assamese 14 পাছত মই চাই বগা মেঘ আৰু তাৰ ওপৰত মানুহৰ পুত্ৰৰ নিচিনা এজনক বহি থকা দেখিলোঁ৷ তেওঁৰ মূৰত সোণৰ কিৰীটি আৰু হাতত চোকা কাচি আছিল।
Revelation 15:5 in Assamese 5 তাৰ পাছত মই দেখিলোঁ, সেই অতি পবিত্ৰ ঠাইত থকা সাক্ষ্য-তম্বুৰ মন্দিৰ স্ৱর্গত মেলা হ’ল;