Revelation 12:11 in Assamese 11 তেওঁলোকে মেষ পোৱালিৰ তেজ আৰু নিজ নিজ সাক্ষ্যৰূপ বাক্যৰ দ্বাৰাই তাক জয় কৰিলে, তেওঁলোকে মৃত্যু পৰ্যন্ত নিজৰ প্ৰাণক প্ৰিয় জ্ঞান কৰি ভালপায় নাথাকিল।
Other Translations King James Version (KJV) And they overcame him by the blood of the Lamb, and by the word of their testimony; and they loved not their lives unto the death.
American Standard Version (ASV) And they overcame him because of the blood of the Lamb, and because of the word of their testimony; and they loved not their life even unto death.
Bible in Basic English (BBE) And they overcame him through the blood of the Lamb and the word of their witness; and loving not their lives they freely gave themselves up to death.
Darby English Bible (DBY) and *they* have overcome him by reason of the blood of the Lamb, and by reason of the word of their testimony, and have not loved their life even unto death.
World English Bible (WEB) They overcame him because of the Lamb's blood, and because of the word of their testimony. They didn't love their life, even to death.
Young's Literal Translation (YLT) and they did overcome him because of the blood of the Lamb, and because of the word of their testimony, and they did not love their life -- unto death;
Cross Reference Luke 14:26 in Assamese 26 “কোনোৱে মোৰ ওচৰলৈ আহি নিজৰ মাক, বাপেক, তিৰোতা, সন্তান, ভায়েক, ভনীয়েক আনকি নিজৰ প্ৰাণকো যদি অপ্ৰিয় বুলি নামানে, তেনেহলে তেওঁ মোৰ শিষ্য হ’ব নোৱাৰে।
John 16:33 in Assamese 33 এই কাৰণে মই তোমালোকক এইবোৰ কথা কলোঁ, যাতে তোমালোকে মোৰ শান্তি পোৱা৷ জগতত তোমালোকে কষ্ট পাবা; কিন্তু নিৰ্ভয় হোৱা; মই জগতৰ ওপৰত জয় কৰিলোঁ।”
Acts 20:24 in Assamese 24 কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্তাৰ বিষয়ে সাক্ষ্য দিয়া আৰু মোৰ দৌৰ, অৰ্থাৎ প্ৰভু যীচুৰ পৰা পোৱা মোৰ যি পৰিচৰ্যাৰ কাৰ্য, সেই কার্য সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গলে, মোৰ প্ৰাণ মোলৈ প্ৰিয় বুলি একোতে গণ্য নকৰোঁ।
Acts 21:13 in Assamese 13 তেতিয়া পৌলে উত্তৰ দিলে, “আপোনালোকে কান্দি কান্দি মোৰ হৃদয় বিদাৰি, কি কৰিব বিছাৰিছে? কিয়নো মই প্ৰভু যীচুৰ নামৰ কাৰণে, যিৰূচালেমত কেৱল বান্ধ খাবলৈ নহয়, মৰিবলৈকো যুগুত হৈ আছোঁ।”
Romans 8:33 in Assamese 33 ঈশ্বৰৰ মনোনীত সকলৰ বিৰুদ্ধে কোনে অপবাদ দিব? ঈশ্বৰেহে ধাৰ্মিক বুলি গণিত কৰোঁতা।
Romans 16:20 in Assamese 20 আৰু শান্তিৰ আকৰ ঈশ্বৰে অতি সোনকালে চয়তানক আপোনালোকৰ ভৰিৰ তলত মৰ্দ্দন কৰিব। আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক।
1 Corinthians 15:57 in Assamese 57 কিন্তু ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাক জয় দান কৰিলে।
2 Corinthians 10:3 in Assamese 3 কিয়নো আমি মাংসত থাকিলেও, মাংস অনুসাৰে যুদ্ধ নকৰোঁ;
Ephesians 6:13 in Assamese 13 এই হেতুকে, আপোনালোকে ঈশ্বৰৰ আটাই সাজ-পোছাক পিন্ধি লওঁক; মন্দ দিনত চয়তানক প্ৰতিৰোধ কৰিবলৈ সমর্থ হ’বৰ কাৰণে সকলোকে সিদ্ধ কৰি থিৰে থাকক।
2 Timothy 4:7 in Assamese 7 মই সেই উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ, নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ, বিশ্বাস ৰাখিলোঁ।
Hebrews 2:14 in Assamese 14 ঈশ্বৰৰ সেই সকলো সন্তান তেজ আৰু মাংসৰ মানুহ। সেয়েহে যীচুৱে নিজেও সেই সন্তান সকলৰ দৰে এই উভয়ৰ সহভাগী হ’ল, যাতে মৃত্যুৰ মাধ্যমেদি মৃত্যুৰ ক্ষমতা যাৰ হাতত আছে, সেই চয়তানক শক্তিহীন কৰিব পাৰে, আৰু
Hebrews 11:35 in Assamese 35 তিৰোতা সকলে নিজ নিজ মৃত লোকক পুনৰুত্থানৰ দ্বাৰাই পুনৰায় পালে; আৰু আন লোক সকলে শ্ৰেষ্ঠ পুনৰুত্থানৰ ভাগী হ’বৰ কাৰণে, মুক্তি অগ্ৰাহ্য কৰি, যন্ত্ৰণা-যন্ত্ৰত প্ৰহাৰৰ দ্বাৰাই হত হ’ল।
1 John 2:13 in Assamese 13 হে পিতৃ সকল, মই আপোনালোকলৈ লিখিছোঁ, কাৰণ যি জন আৰম্ভণিৰে পৰা আছে, তেওঁক আপোনালোকে জানিলে; হে যুৱক সকল, মই তোমালোকলৈ লিখিছোঁ, কাৰণ তোমালোকে পাপ আত্মাক জয় কৰিলা৷ হে শিশু সকল, মই তোমালোকলৈ লিখিলোঁ, কাৰণ তোমালোকে পিতৃক জানিলা৷
1 John 4:4 in Assamese 4 হে প্ৰিয় সন্তান সকল, অাপোনালোক হ’ল ঈশ্বৰৰ আৰু অাপোনালোকে সেই আত্মাবোৰৰ ওপৰত জয় কৰিলে; কিয়নো জগতত থকা জনতকৈ আপোনালোকত থকা জন মহান।
1 John 5:5 in Assamese 5 যীচু যে ঈশ্বৰৰ পুত্ৰ হয়, ইয়াক যি জনে বিশ্বাস কৰে, তেওঁৰ বাহিৰে জগতক জয় কৰোঁতা কোন?
Revelation 1:2 in Assamese 2 যোহনে ঈশ্বৰৰ বাক্য আৰু যীচু খ্ৰীষ্টৰ সাক্ষ্যৰ বিষয়ে, যি যি দেখা পালে, সেই সকলোৰে বিষয়ে সাক্ষ্য দিলে।
Revelation 1:9 in Assamese 9 আপোনালোকৰ ভাই আৰু যীচুৰ সম্বন্ধীয় ক্লেশভোগ, ৰাজ্য আৰু ধৈৰ্যত আপোনালোকৰ সহভাগী মই যোহন, ঈশ্বৰৰ বাক্য আৰু যীচুৰ সাক্ষ্যৰ কাৰণে পাত্ম নামেৰে দ্বীপত আছিলোঁ।
Revelation 2:7 in Assamese 7 যদি তোমাৰ কাণ আছে, তেনেহলে মণ্ডলীবোৰলৈ আত্মা কি কৈছে, সেয়া শুনা। যি জনে জয় কৰে, তেওঁক মই ঈশ্বৰৰ পৰমদেশত থকা জীৱন-বৃক্ষৰ ফল ভোজন কৰিবলৈ দিম।
Revelation 2:10 in Assamese 10 তোমাৰ আসন্ন দুখভোগলৈ ভয় নকৰিবা। চোৱা! তোমালোকৰ পৰীক্ষাৰ অৰ্থে, চয়তানে তোমালোকৰ কোনো কোনোক বন্দীশালত পেলাবলৈ উদ্যত আছে, তাতে দহ দিনলৈ তোমালোকৰ ক্লেশ হ’ব৷ তুমি মৃত্যু পৰ্যন্ত বিশ্বাসযোগ্য হৈ থাকা; তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম।
Revelation 2:13 in Assamese 13 ‘মই জানো তুমি ক’ত নিবাস কৰিছা; য’ত চয়তানৰ সিংহাসন আছে, তুমি তাতে নিবাস কৰিছা৷ তথাপি তুমি মোৰ নাম নিবিড় ভাবে ধাৰণ কৰিলা আৰু তোমাৰ বিশ্বাসত মোক অস্বীকাৰ নকৰিলা। তাত সেইদিনা চয়তানে নিবাস কৰিছিল৷ তাতে মোৰ সাক্ষী আন্তিপাকক বধ কৰা হৈছিল, তেওঁ মোৰ বিশ্বাসযোগ্য আছিল।
Revelation 2:17 in Assamese 17 যদি তোমাৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কি কৈছে শুনা। যি জনে জয় কৰে, তেওঁক মই কিছুমান গুপুত মান্না দিম; আৰু এটি বগা শিলো তেওঁক দিম; সেই শিলৰ ওপৰত এটি নতুন নাম লিখা আছে, গ্ৰহণ কৰা জনৰ বিনে আন কোনেও সেই নাম নাজানে’।”
Revelation 2:26 in Assamese 26 যি জনে জয় কৰি শেষলৈকে মোৰ কৰ্মবোৰ পালন কৰে, তেওঁক জাতিবোৰৰ ওপৰত অধিকাৰ দিম;
Revelation 3:5 in Assamese 5 যি জনে জয় কৰে, তেৱোঁ সেইদৰে বগা বস্ত্ৰেৰে বিভূষিত হ’ব; আৰু মই জীৱন পুস্তকৰ পৰা তেওঁৰ নাম মোহাৰি নুগুচাম; মোৰ পিতৃৰ সন্মুখত আৰু দূত সকলৰ সন্মুখত মই তেওঁৰ নাম স্বীকাৰ কৰিম।
Revelation 3:12 in Assamese 12 যি জনে জয় কৰে, তেওঁক মোৰ ঈশ্বৰৰ মন্দিৰত থকা স্তম্ভ স্বৰূপ কৰিম, তেওঁ তাৰ পৰা কেতিয়াও বাহিৰলৈ নাযাব৷ তেওঁৰ ওপৰত মোৰ ঈশ্বৰৰ নাম লিখিম আৰু মোৰ ঈশ্বৰৰ নগৰ, যি নতুন যিৰূচালেম, স্বৰ্গৰ মোৰ ঈশ্বৰৰ ওচৰৰ পৰা নামিব, তাৰ নাম আৰু মোৰ নতুন নাম লিখিম।
Revelation 3:21 in Assamese 21 মই নিজে যেনেকৈ জয় কৰি মোৰ পিতৃৰ সৈতে তেওঁৰ সিংহাসনত বহিলোঁ, তেনেকৈ যি জনে জয় কৰে, তেওঁকো মোৰে সৈতে মোৰ সিংহাসনত মই বহিবলৈ দিম।
Revelation 6:9 in Assamese 9 যেতিয়া মেষ পোৱালিটোৱে পঞ্চম ছাব মেলিলে, তেতিয়া বেদীৰ তলত, যি লোক সকল ঈশ্বৰৰ বাক্য আৰু নিজে পোৱা সাক্ষ্যৰ কাৰণে হত হৈছিল, তেওঁলোকৰ জীৱাত্মা দেখিলোঁ।
Revelation 7:10 in Assamese 10 আৰু তেওঁলোকে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “পৰিত্ৰাণ সিংহাসনত বহি থকা আমাৰ ঈশ্বৰৰ আৰু মেষ পোৱালিৰ।”
Revelation 11:7 in Assamese 7 তেওঁলোকে যেতিয়া নিজ সাক্ষ্য সমাপ্ত কৰিব, তেতিয়া সেই অগাধ ঠাইৰ পৰা পশু উঠি আহিব, সি তেওঁলোকৰ সৈতে যুদ্ধ কৰিব, যুদ্ধ কৰি তেওঁলোকক জয় কৰিব, আৰু তেওঁলোকক বধ কৰিব।
Revelation 12:17 in Assamese 17 তাতে সেই তিৰোতালৈ সেই ড্ৰেগনৰ খং উঠিল, আৰু তেওঁৰ বংশৰ অৱশিষ্ট লোক, যি সকলে ঈশ্বৰৰ আজ্ঞা পালন কৰে আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰে; সেই লোক সকলৰ সৈতে যুদ্ধ কৰিবলৈ গ’ল৷
Revelation 14:1 in Assamese 1 তাৰ পাছত মই চাই দেখিলোঁ, সেই মেষ-পোৱালি চিয়োন পৰ্বতৰ ওপৰত থিয় হৈ আছিল৷ তেওঁৰ সৈতে এক লাখ চৌৱাল্লিশ হাজাৰ লোক আছিল; তেওঁলোকৰ কপালত তেওঁৰ নাম আৰু তেওঁৰ পিতৃৰো নাম লিখা আছিল।
Revelation 15:2 in Assamese 2 পাছত জুইৰে মিহলি হোৱা এখন আয়নাৰ দৰে সমুদ্ৰ দেখিলোঁ; আৰু যি সকল সেই পশু আৰু তাৰ প্ৰতিমূৰ্তি আৰু তাৰ নামৰ নম্বৰৰ ওপৰত জয়যুক্ত হ’ল, তেওঁলোকক ঈশ্বৰৰ বীণা লৈ সেই দৰ্পণৰ নিচিনা সমুদ্ৰৰ পাৰত থিয় হৈ থকা দেখিলোঁ;
Revelation 19:10 in Assamese 10 তেতিয়া তেওঁক প্ৰণিপাত কৰিবলৈ মই তেওঁৰ চৰণত পৰিলো। কিন্তু তেওঁ মোক ক’লে, “সাৱধান, এনে নকৰিবা! মই তোমাৰ সহদাস আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰা তোমাৰ ভাই সকলৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা, কিয়নো যীচুৰ সাক্ষ্যই ভাৱবাণীৰ আত্মা।”
Revelation 20:4 in Assamese 4 পাছত মই কেইখন মান সিংহাসন দেখিলোঁ৷ সেইবোৰৰ ওপৰত যি লোক সকল বহি আছিল, তেওঁলোকক সোধ-বিচাৰৰ ভাৰ দিয়া হ’ল; আৰু মই সেই লোক সকলৰ জীৱাত্মা দেখিলোঁ; যি সকলক যীচুৰ সাক্ষ্যৰ কাৰণে আৰু ঈশ্বৰৰ বাক্যৰ কাৰণে মূৰ ছেদন কৰা হৈছিল আৰু যি সকলে সেই পশু বা তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰা নাছিল আৰু নিজৰ কপালত আৰু হাতত তাৰ ছাব লোৱা নাছিল, তেওঁলোকে জীৱিত হ’ল আৰু এহেজাৰ বছৰ খ্ৰীষ্টৰ সৈতে ৰাজত্ব কৰিলে।