Revelation 11:8 in Assamese 8 তাতে চদোম আৰু মিচৰ, এই আত্মিক নাম থকা যি নগৰত তেওঁলোকৰ প্ৰভুক ক্ৰুচত দিয়া হ’ল, সেই মহা-নগৰৰ আলিতে তেওঁলোকৰ মৰা শৱ পৰি থাকিব।
Other Translations King James Version (KJV) And their dead bodies shall lie in the street of the great city, which spiritually is called Sodom and Egypt, where also our Lord was crucified.
American Standard Version (ASV) And their dead bodies `lie' in the street of the great city, which spiritually is called Sodom and Egypt, where also their Lord was crucified.
Bible in Basic English (BBE) And their dead bodies will be in the open street of the great town, which in the spirit is named Sodom and Egypt, where their Lord was put to death on the cross.
Darby English Bible (DBY) and their body [shall be] on the street of the great city, which is called spiritually Sodom and Egypt, where also their Lord was crucified.
World English Bible (WEB) Their dead bodies will be in the street of the great city, which spiritually is called Sodom and Egypt, where also their Lord was crucified.
Young's Literal Translation (YLT) and their dead bodies `are' upon the broad-place of the great city (that is called spiritually Sodom, and Egypt, where also our Lord was crucified,)
Cross Reference Genesis 13:13 in Assamese 13 চদোমত বাস কৰা অধিবাসীসকল অতিশয় দুষ্ট আছিল আৰু যিহোৱাৰ বিৰুদ্ধে তেওঁলোকে ভীষণ পাপ কৰিছিল।
Genesis 19:24 in Assamese 24 তেনেতে যিহোৱাই আকাশৰ পৰা চদোম আৰু ঘমোৰাৰ ওপৰত গন্ধক আৰু অগ্নি বর্ষাবলৈ ধৰিলে।
Exodus 1:13 in Assamese 13 মিচৰীয়া সকলে ইস্ৰায়েলী লোক সকলক অব্যাহতি নিদিয়াকৈ কাম কৰাইছিল।
Exodus 3:7 in Assamese 7 যিহোৱাই ক’লে, “মই মিচৰত থকা মোৰ লোকসকলৰ যন্ত্রণালৈ নিশ্চয়ে দৃষ্টি কৰিছোঁ। কাৰণ তেওঁলোক অতি কঠোৰ তত্বাৱধায়কৰ তলত আছে, মই তেওঁলোকৰ ক্রন্দন শুনিছোঁ, মই তেওঁলোকৰ যন্ত্রণাৰ বিষয় বুজি পাইছোঁ।
Exodus 20:2 in Assamese 2 “মই যিহোৱা, তোমালোকৰ ঈশ্বৰ, মিচৰ দেশৰ বন্দীঘৰৰ পৰা উলিয়াই অনা তোমালোকৰ ঈশ্বৰ যিহোৱা ময়েই।
Psalm 78:43 in Assamese 43 যি দিনা তেওঁ মিচৰ দেশত নানা চিন আৰু চোৱনৰ পথাৰত আচৰিত কর্ম দেখুৱাইছিল।
Psalm 79:2 in Assamese 2 তোমাৰ দাসসকলৰ মৰা শৱবোৰ তেওঁলোকে আকাশৰ পক্ষীবোৰক আহাৰ স্বৰূপে খাবলৈ দিলে; তোমাৰ ভক্তসকলৰ মাংস পৃথিৱীৰ বনৰীয়া পশুবোৰক দিলে ।
Isaiah 1:9 in Assamese 9 বাহিনীসকলৰ যিহোৱাই আমাৰ বাবে অলপ অৱশিষ্ট নৰখা হ’লে, আমি চদোম আৰু ঘমোৰাৰ দৰে হলোহেঁতেন।
Isaiah 3:9 in Assamese 9 তেওঁলোকৰ মুখ-চোৱা কাৰ্যই তেওঁলোকৰ বিৰুদ্ধে সাক্ষ্য দিয়ে, আৰু তেওঁলোকৰ নিজৰ পাপ গোপন নকৰি চদোমৰ দৰে প্ৰকাশ কৰে। তেওঁলোকৰ সন্তাপ হ’ব! কাৰণ তেওঁলোকে নিজৰ ওপৰত আকস্মিক দুৰ্ঘটনা আনে।
Jeremiah 23:14 in Assamese 14 মই যিৰূচালেমৰ ভাববাদীসকলৰ মাজতো নোম শিয়ৰি যোৱা এটা কাৰ্য্য দেখিলোঁ; তেওঁলোকে পৰস্ত্ৰীগমন কৰে, মিছাত চলে, আৰু তেওঁলোকে কু-কৰ্ম্মিসকলৰ হাত এনেকৈ সবল কৰে, যে, তেওঁলোকৰ কোনেও নিজ দুষ্টতাৰ পৰা উলটি নাহে; তেওঁলোক সকলোৱেই মোৰ আগত চদোমৰ দৰে আৰু তাৰ নিবাসীসকল ঘমোৰাৰ সদৃশ।”
Jeremiah 26:23 in Assamese 23 পাছত তেওঁলোকে ঊৰিয়াক মিচৰৰ পৰা উলিয়াই যিহোয়াকীম ৰজাৰ গুৰিলৈ আনিলত, ৰজাই তৰোৱালৰ দ্বাৰাই তেওঁক বধ কৰি সামান্য লোকৰ মৈদামত তেওঁৰ শৱ পেলাই দিলে।
Ezekiel 16:53 in Assamese 53 আৰু তেওঁলোকলৈ শান্ত্বনাৰ স্থল হৈ তুমি কৰা আটাই কাৰ্য্যৰ কাৰণে তুমি তোমাৰ অপমান ভোগ কৰি অপমানিত হ’বৰ কাৰণে,
Ezekiel 23:3 in Assamese 3 তেওঁলোকে মিচৰত যৌৱন কালতেই বেশ্যা-কৰ্ম্ম কৰিছিল। আৰু সেই ঠাইতে তেওঁলোকে বেশ্যা-কৰ্ম্ম কৰিছিল। তেওঁলোকৰ পিয়াহ মোচৰা হৈছিল আৰু তাত তেওঁলোকৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপা হৈছিল।
Ezekiel 23:8 in Assamese 8 কিয়নো মিচৰত থকা দিনৰে পৰা তাই নিজৰ বেশ্যালি এৰা নাছিল, যেতিয়া তাইৰ যৌৱন কালত তেওঁলোকে তাইৰ লগত শয়ন কৰিছিল আৰু তাইৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপিছিল আৰু যেতিয়া তেওঁলোকে তাইৰ লগত অধিক পৰিমানে বেশ্যাকৰ্ম্ম কৰিছিল।
Ezekiel 23:19 in Assamese 19 তেতিয়া তাই নিজ যৌৱন কাল সোঁৱৰণ কৰিলে আৰু নিজৰ বেশ্যালি আৰু অধিককৈ বৃদ্ধি কৰিলে, যিদৰে তাই মিচৰ দেশত থাকোতে বেশ্যা-কৰ্ম্ম কৰিছিল!
Ezekiel 23:27 in Assamese 27 এইদৰে মই তোমাৰ পৰা তোমাৰ ব্যভিচাৰ আৰু মিচৰ দেশত অভ্যাস কৰা তোমাৰ বেশ্যালি নোহোৱা কৰিম। তুমি তেওঁলোকলৈ আৰু চকু তুলি হেঁপাহেৰে নাচাবা আৰু মিচৰলৈ কেতিয়াও সোঁৱৰণ নকৰিবা।’
Ezekiel 37:11 in Assamese 11 আৰু ঈশ্বৰে মোক ক’লে, “হে মনুষ্য সন্তান, এই হাড়বোৰেই ইস্ৰায়েলৰ গোটেই বংশ। চোৱা! তেওঁলোকে কয়, ‘আমাৰ হাড়বোৰ শুকাল, আৰু আমাৰ আশা নাইকিয়া হ’ল, আমি নিচেইকৈ উচ্ছন্ন হ’লো!’
Amos 4:11 in Assamese 11 মই, তোমালোকৰ ঈশ্বৰে চদোম আৰু ঘমোৰাক যেনেকৈ ধ্বংস কৰিছিলো, তোমালোককো সেইদৰে ধ্বংস কৰিলো। তোমালোক জুইৰ পৰা উলিয়াই অনা আধা পোৰা কাঠৰ নিচিনা হ’লা, তথাপিও তোমালোকে মোলৈ ঘূৰা নাই।” যিহোৱাই এই কথা কৈছে।
Matthew 10:15 in Assamese 15 মই তোমালোকক সঁচাকৈ কওঁ, সোধ-বিচাৰৰ দিনা সেই নগৰতকৈ বৰং চদোম আৰু ঘমোৰা নগৰৰ দশা অধিক সহিব পৰা হ’ব।”
Luke 13:33 in Assamese 33 যি কি নহওক আজি, কাইলৈ আৰু পৰহিলৈ মই যাত্ৰাত আগবাঢ়ি থাকিব লাগিব; কোনো কাৰণতেই এজনো ভাৱবাদী যিৰূচালেমৰ পৰা দুৰৈত মৃত্যু হ’ব নোৱাৰে৷
Acts 9:4 in Assamese 4 তেতিয়া তেওঁ তৎক্ষণাৎ মাটিত পৰিল আৰু এক স্বৰ্গীয়-বাণী শুনিবলৈ পালে, বোলে, “হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা?”
Hebrews 6:6 in Assamese 6 আৰু তাৰ পাছত যদি তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে গৈ ভ্ৰষ্ট হয়, তেনেহলে তেওঁলোকক পুনৰ মন-পালটন কৰা অসাধ্য; কাৰণ তেওঁলোকে নিজৰ অর্থে ঈশ্বৰৰ পুত্ৰক পুনৰ ক্ৰুচত দিলে আৰু প্ৰকাশ্যৰূপে মানুহৰ আগত তেওঁক নিন্দাৰ পাত্ৰ কৰিলে।
Hebrews 13:12 in Assamese 12 এই কাৰণে যীচুৱেও, তেওঁৰ নিজৰ তেজৰ দ্বাৰাই লোক সকলক পবিত্ৰ কৰিবলৈ, নগৰৰ দুৱাৰৰ বাহিৰত মৃত্যুভোগ কৰিলে।
2 Peter 2:6 in Assamese 6 চদোম আৰু ঘমোৰা নগৰ ভস্ম কৰি ঈশ্বৰে সেই নগৰৰ লোক সকলক বিচাৰ কৰি শাস্তি দিছিল। ইয়াৰ দ্বাৰা ঈশ্বৰে ভাবী কালত ঈশ্বৰৰ ভক্তিহীন লোকৰ শেষ অৱস্থা কি হ’ব তাকেই উদাহৰণ স্বৰূপে স্থাপন কৰিলে।
Jude 1:7 in Assamese 7 এইটো ঠিক চদোম আৰু ঘমোৰা নগৰৰ নিচিনা, আৰু ইয়াৰ চাৰিওফালৰ নগৰবোৰ তেওঁলোকৰ দৰে বেশ্যাগমন আৰু পুংমৈথুনৰ অভিলাষত লিপ্ত হ’ল। তেওঁলোকে অনন্ত জুইৰ শাস্তি ভোগ কৰি আমাৰ আগত আর্হি হৈ আছে।
Revelation 11:9 in Assamese 9 নানা লোক, ফৈদ, ভাষা আৰু সকলো জাতিৰ লোকে চাৰে তিনি দিনলৈকে তেওঁলোকৰ সেই মৃতদেহবোৰ চাই থাকিব, তেওঁলোকৰ এই মৃতদেহবোৰ মৈদামত থবলৈ অনুমতি নিদিব।
Revelation 11:13 in Assamese 13 সেই ক্ষণতে বৰ ভুমিকম্প হ’ল; তাতে নগৰৰ দহ ভাগৰ এভাগ পৰিল৷ সেই ভুমিকম্পৰ দ্বাৰাই সাত হাজাৰ লোক হত হ’ল; আৰু অৱশিষ্ট সকলে ভয়ত স্বৰ্গৰ ঈশ্বৰৰ মহিমা স্বীকাৰ কৰিলে।
Revelation 14:8 in Assamese 8 তাৰ পাছত প্ৰথম স্বৰ্গৰ দূত জনক অনুসৰণ কৰি দ্বিতীয় দূত এজনে ক’লে, “যি বাবিলে (বেবিলনে) নিজ ব্যভিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰস সকলো জাতিক পান কৰাইছিল, সেই মহা-বাবিল (মহা বেবিলন) পৰিল, পৰিল।”
Revelation 16:19 in Assamese 19 তাতে মহা-নগৰ খন তিনি ভাগত বিভক্ত হ’ল আৰু অনা-ইহুদী সকলৰ নগৰবোৰ পৰিল; আৰু ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধৰূপ দ্ৰাক্ষাৰসেৰে পৰিপূৰ্ণ পান-পাত্ৰ সেই মহান বাবিলক দিবলৈ, ঈশ্বৰৰ দৃষ্টিতে তাক সোঁৱৰণ কৰা গ’ল।
Revelation 17:1 in Assamese 1 পাছত সেই সাতোটা বাটি লোৱা সাত জন দূতৰ এজন আহিল আৰু মোক ক’লে, “আহা, মই তোমাক অনেক পানীৰ ওপৰত বহি থকা সেই মহা-বেশ্যাৰ দণ্ড দেখুৱাওঁ,
Revelation 17:5 in Assamese 5 আৰু তাইৰ কপালত এই নাম লিখা আছিল, সেয়ে নিগূঢ়-তত্ত্ব, “মহান বাবিল (বেবিলন), পৃথিৱীৰ বেশ্যা সকলৰ আৰু ঘিণলগীয়া বস্তুৰ মাতৃ।”
Revelation 18:2 in Assamese 2 তেওঁ বলৱান মাতেৰে ৰিঙিয়াই ক’লে, “পৰিল, পৰিল সেই বাবিল (বেবিলন) মহা-নগৰ! তাই ভূতবোৰৰ বাসস্থান হৈ পৰিছে, সকলো অশুচি আত্মাৰ কয়দখানা আৰু আটাই অশুচি আৰু ঘিণলগীয়া চৰাই বাস কৰা ঠাই হ’ল।
Revelation 18:10 in Assamese 10 তাইৰ যাতনাৰ ভয়ত দুৰৈত থিয় হৈ এইদৰে ক’ব, ‘হায় হায়, মহা-নগৰ, তুমি সন্তাপৰ পাত্ৰ, পৰাক্ৰমী বাবিল (বেবিলন) নগৰ! কিয়নো এঘণ্টাৰ ভিতৰতে তোমাৰ দণ্ডাজ্ঞা হ’ল।
Revelation 18:18 in Assamese 18 তাইক পোৰাৰ ধুঁৱা দেখি তেওঁলোকে ৰিঙিয়াই ক’লে, ‘এই মহা-নগৰ তুল্য কোন নগৰ আছে’?
Revelation 18:21 in Assamese 21 পাছত এজন বলৱান দূতে এখন জাঁতৰ নিচিনা এচটা ডাঙৰ শিল তুলি লৈ সাগৰত দলিয়াই ক’লে, “এইদৰে বাবিল (বেবিলন) মহা-নগৰক বলেৰে পেলোৱা হ’ব, আৰু কেতিয়াও দেখা নাযাব।
Revelation 18:24 in Assamese 24 ভাৱবাদী আৰু পবিত্ৰ লোক সকলকে আদি কৰি যিমান লোকক পৃথিৱীত বধ কৰা হ’ল, সেই সকলোৰে তেজ এই নগৰৰ ভিতৰত পোৱা গ’ল।”