Revelation 11:19 in Assamese 19 পাছত স্বৰ্গত থকা ঈশ্বৰৰ মন্দিৰৰ দুৱাৰ যেতিয়া মুকলি কৰা হ’ল; তেতিয়া তেওঁৰ বিধানৰ নিয়ম-চন্দুক দেখা গ’ল৷ তাতে বিজুলী, গাজনি, মেঘ-গৰ্জ্জন, ভুমিকম্প আৰু মহা-শিলাবৃষ্টি হ’ল।
Other Translations King James Version (KJV) And the temple of God was opened in heaven, and there was seen in his temple the ark of his testament: and there were lightnings, and voices, and thunderings, and an earthquake, and great hail.
American Standard Version (ASV) And there was opened the temple of God that is in heaven; and there was seen in his temple the ark of his covenant; and there followed lightnings, and voices, and thunders, and an earthquake, and great hail.
Bible in Basic English (BBE) And the house of God which is in heaven was open; and the ark of his agreement was seen in his house, and there were flames and voices and thunders and an earth-shock and a rain of ice.
Darby English Bible (DBY) And the temple of God in the heaven was opened, and the ark of his covenant was seen in his temple: and there were lightnings, and voices, and thunders, and an earthquake, and great hail.
World English Bible (WEB) God's temple that is in heaven was opened, and the ark of the Lord's covenant was seen in his temple. Lightnings, sounds, thunders, an earthquake, and great hail followed.
Young's Literal Translation (YLT) And opened was the sanctuary of God in the heaven, and there was seen the ark of His covenant in His sanctuary, and there did come lightnings, and voices, and thunders, and an earthquake, and great hail.
Cross Reference Exodus 9:18 in Assamese 18 শুনা, মিচৰ দেশ স্থাপন হোৱা দিনেৰে পৰা আজিলৈকে যি ধৰণে শিলাবৃষ্টি হোৱা নাই, মই কাইলৈ এনে সময়তে প্রচণ্ড শিলাবৃষ্টি বৰষাম।
Exodus 25:21 in Assamese 21 তুমি সেই পাপাবৰণ, সেই নিয়ম চন্দুকৰ ওপৰত ৰাখিবা; আৰু মই তোমাক যি সাক্ষ্য-ফলি দিম, সেই ফলি নিয়ম চন্দুকৰ ভিতৰত থবা।
Numbers 4:5 in Assamese 5 যেতিয়া ছাউনি উঠিব লগা হ’ব, তেতিয়া হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে তম্বুৰ ভিতৰত সোমাই, আঁৰ কৰি ৰখা প্ৰভেদক বস্ত্ৰ নমাই তাৰে সাক্ষ্য-ফলিৰ চন্দুক ঢাকিব।
Numbers 4:15 in Assamese 15 ছাউনি উঠিব যাব লগা সময়ত, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে পবিত্ৰস্থান আৰু ইয়াৰ সকলো বস্তু ঢকাৰ পাছত, কহাতৰ সন্তানসকলে তাক বৈ নিবলৈ আহিব লাগিব। কিন্তু তেওঁলোকে যদি পবিত্ৰ বস্তুবোৰ স্পৰ্শ কৰে, তেনেহলে তেওঁলোক মৰিব লাগিব। এইবোৰেই কহাতৰ সন্তানসকলৰ সাক্ষাৎ কৰা তম্বুৰ বস্তুবোৰ বৈ নিয়া কাম আছিল।
Numbers 10:33 in Assamese 33 পাছত তেওঁলোকে যিহোৱাৰ পৰ্ব্বতৰ পৰা তিনদিনৰ বাট প্ৰস্থান কৰিলে; আৰু যিহোৱাৰ নিয়ম-চন্দুক তেওঁলোকৰ কাৰণে বিশ্ৰামৰ ঠাই বিচাৰি বিচাৰি তিন দিনৰ বাট তেওঁলোকৰ আগে আগে গ’ল।
Joshua 10:11 in Assamese 11 ইস্ৰায়েলৰ সন্মুখৰ পৰা পলাই যোৱা সময়ত তেওঁলোকে যেতিয়া বৈৎ-হোৰোণৰ পৰা নামি যোৱা বাটত আছিল, তেতিয়া যিহোৱাই আকাশৰ পৰা ডাঙৰ ডাঙৰ শিল বৰষালে আৰু তাতে তেওঁলোকৰ মৃত্যু হ’ল৷ ইস্ৰায়েলৰ সন্তানসকলে যিমান মানুহ তৰোৱালেৰে বধ কৰিছিল, তাতকৈয়ো অধিক লোক শিলাবৃষ্টিত মৰিল।
Job 38:22 in Assamese 22 যত হিম সঞ্চয় কৰা হয়, সেই ভৰালত তুমি প্ৰবেশ কৰিছা নে, তুমি সেই শিলাবৃষ্টিৰ ভঁৰাল দেখিছিলা নে?
Psalm 18:12 in Assamese 12 তেওঁৰ সন্মুখৰ দীপ্তিময় উপস্থিতিৰ পৰা ক’লা মেঘবোৰ ভেদ কৰি, শিলাবৃষ্টি আৰু জ্বলি থকা আঙঠা পৰিবলৈ ধৰিলে।
Psalm 105:32 in Assamese 32 তেওঁ তেওঁলোকক বৰষুণৰ পৰিবর্তে শিলাবৃষ্টি দিলে; গোটেই দেশ বিজুলী আৰু ঢেৰেকনিৰ অগ্নি বৰষালে।
Isaiah 6:1 in Assamese 1 উজ্জিয়া ৰজা মৃত্যু হোৱা বছৰত, মই প্ৰভুক উচ্চ আৰু উন্নত সিংহাসনত বহি থকা দেখিলোঁ; তেওঁৰ ৰাজবস্ত্ৰ চোলাৰ পাতলিয়ে গোটেই মন্দিৰ জুৰি লৈছিল।
Isaiah 28:2 in Assamese 2 চোৱা, প্ৰভূৰ এজন পৰাক্ৰমী আৰু বলৱান লোক আছে; শিলৰ ধুমুহাৰ দৰে, ধ্বংসাত্মক প্ৰচণ্ড বতাহৰ দৰে, তললৈ নিয়া প্ৰবল ধল পানীৰ সোঁতৰ দৰে, তেওঁ নিজৰ হাতেৰে পৃথিৱীক প্রহাৰ কৰিব।
Isaiah 30:30 in Assamese 30 যিহোৱাই নিজৰ জলন্ত ক্ৰোধেৰে আৰু গ্ৰাস কৰোঁতা অগ্নিশিখাৰে, প্ৰচণ্ড বতাহ আৰু ধুমুহাৰে, আৰু শিলাবৃষ্টিৰে, তেওঁ নিজৰ মহিমান্বিত স্বৰ শুনাব, আৰু নিজৰ বাহু লৰচৰ কৰি দেখুৱাব।
Isaiah 32:19 in Assamese 19 কিন্তু তথাপিও যদি শিলাবৃষ্টি হয়, অৰণ্য ধ্বংস হ’ব, আৰু নগৰবোৰ সম্পূৰ্ণৰূপে বিলুপ্ত হ’ব।
Ezekiel 13:11 in Assamese 11 এই হেতুকে চূণেৰে লিপি থকা লোকসকলক তুমি কোৱা: ‘এইবোৰ পৰিব; প্লাবন কৰোঁতা মহাবৃষ্টি আহিব; এইবোৰ পৰিবলৈ মই বৃষ্টিৰ মহাশিল আৰু ভাঙিবলৈ মহা বতাহ পঠিয়াম।
Ezekiel 38:22 in Assamese 22 আৰু মই মহমাৰী আৰু ৰক্তপাতেৰে তেওঁলোকৰ বিচাৰ উচিত দণ্ড দিম: আৰু মই তেওঁলোকৰ, তেওঁলোকৰ দলসমূহৰ আৰু তাৰ লগত থকা অনেক জাতিৰ ওপৰত প্লাৱন কৰোঁতা বৰষুণ, মহাশিলাবৃষ্টি, অগ্নি, আৰু গন্ধক বৰষাম।
2 Corinthians 3:14 in Assamese 14 কিন্তু তেওঁলোকৰ মন কঠিন কৰা হ’ল৷ কিয়নো যেতিয়া পুৰণি বিধান পঢ়া হয়, তেতিয়া তেওঁলোকে আজিও সেই একে ওৰণি লয়। সেই ওৰণি এতিয়াও আতৰাই দিয়া হোৱা নাই, কাৰণ একমাত্র খ্রীষ্টৰ যোগেদিহে সেয়া সম্ভৱ হ’ল।
Hebrews 9:4 in Assamese 4 এই অংশত ধুপ জ্বলোৱাৰ কাৰণে সোণৰ বেদী অাৰু ব্যৱস্থাৰ নিয়ম-চন্দুক আছিল; ইয়াৰ চাৰিওফালে সোণৰ পতা মৰা আছিল আৰু তাৰ ভিতৰত আছিল মান্না থকা সোণৰ ঘট, হাৰোণৰ লাখুটি (যত কুঁহি ওলাইছিল) আৰু বিধান থকা দুখন শিলৰ ফলি।
Revelation 4:5 in Assamese 5 সেই সিংহাসনৰ পৰা বিজুলীৰ দৰে পোহৰ, গুজৰণি, আৰু তীব্ৰ মেঘ-গৰ্জ্জন ওলাইছিল; সেই সিংহাসনৰ আগত জ্বলি থকা অগ্নিৰ সাতোটা প্ৰদীপ আছিল, আৰু সেইবোৰেই আছিল ঈশ্বৰৰ সাত আত্মা৷
Revelation 8:5 in Assamese 5 পাছত দূতে ধুপবাতি লৈ, তাত বেদীৰ পৰা জুই ভৰাই ল’লে৷ আৰু যেতিয়া তেওঁ এইবোৰ পৃথিৱীলৈ পেলাই দিলে, তেতিয়া মেঘ-গৰ্জ্জন, গাজনি, বিজুলী আৰু ভুমিকম্প হ’ল।
Revelation 8:7 in Assamese 7 পাছত প্ৰথম জন দূতে বজাওঁতে, তেজ মিহলি কৰা শিল আৰু জুই উপস্থিত হ’ল৷ সেইবোৰক পৃথিৱীলৈ পেলোৱা হ’ল; তেতিয়া পৃথিৱীৰ তিনি ভাগৰ এভাগ পোৰা হ’ল, গছৰো তিনি ভাগৰ এভাগ পোৰা হ’ল আৰু সকলো কেচা তৃণো পোৰা হ’ল।
Revelation 11:13 in Assamese 13 সেই ক্ষণতে বৰ ভুমিকম্প হ’ল; তাতে নগৰৰ দহ ভাগৰ এভাগ পৰিল৷ সেই ভুমিকম্পৰ দ্বাৰাই সাত হাজাৰ লোক হত হ’ল; আৰু অৱশিষ্ট সকলে ভয়ত স্বৰ্গৰ ঈশ্বৰৰ মহিমা স্বীকাৰ কৰিলে।
Revelation 11:15 in Assamese 15 পাছত সপ্তম দূতে তুৰী বজাওঁতে, স্বৰ্গত এইদৰে মহা-বাণীবোৰ হ’ল, বোলে, “এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ’ল৷ আৰু তেওঁ চিৰকাল ৰাজশাসন কৰিব।”
Revelation 14:15 in Assamese 15 পাছত মন্দিৰৰ পৰা আন এজন স্বৰ্গৰ দূত ওলাই, মেঘত বহি থকা জনক বৰকৈ ৰিঙিয়াই ক’লে, “তোমাৰ কাচি লগাই শস্য দোৱা৷ কিয়নো দাবৰ সময় হ’ল; কাৰণ পৃথিৱীত শস্য পকি খৰখৰীয়া হ’ল৷”
Revelation 15:5 in Assamese 5 তাৰ পাছত মই দেখিলোঁ, সেই অতি পবিত্ৰ ঠাইত থকা সাক্ষ্য-তম্বুৰ মন্দিৰ স্ৱর্গত মেলা হ’ল;
Revelation 16:18 in Assamese 18 তেতিয়া বিজুলী, গুজৰনি, মেঘ-গৰ্জ্জন আৰু মহা-ভুমিকম্প হ’ল, তেনে ভুমিকম্প পৃথিৱীত মনুষ্য সৃষ্টি হোৱা দিনৰে পৰা কেতিয়াও হোৱা নাছিল; এই ভুমিকম্প অতি ভয়ানক আছিল৷
Revelation 16:21 in Assamese 21 আৰু মানুহৰ ওপৰত, আকাশৰ পৰা পঞ্চাশ কিলোগ্ৰাম, পঞ্চাশ কিলোগ্ৰাম, গধুৰৰ মহা-শিলাবৃষ্টি হ’ল; এই শিলা-বৃষ্টিৰূপ উৎপাতৰ কাৰণে মানুহে ঈশ্বৰক নিন্দা কৰিলে; কিয়নো সেই উৎপাত অতি ভয়ানক।
Revelation 19:11 in Assamese 11 তেতিয়া মই স্বৰ্গৰ দ্ৱাৰ মুকলি কৰা দেখিলোঁ; আৰু মই চাওতে তাত এটা বগা ঘোঁৰা দেখিলোঁ; তাৰ ওপৰত উঠা জনক বিশ্বাসযোগ্য আৰু সত্য বোলে; তেওঁ ধাৰ্মিকতাৰে সোধ-বিচাৰ আৰু যুদ্ধ কৰে।