Revelation 1:16 in Assamese 16 তেওঁৰ সোঁ হাতত সাতোটা তৰা আছিল; তেওঁৰ মুখৰ পৰা দুধৰীয়া চোকা তৰোৱাল এখন ওলাইছিল৷ তেওঁৰ মুখ মণ্ডল জিলিকি আছিল, একেবাৰে সূর্যৰ পৰা নির্গত হোৱা পোহৰৰ দৰে শক্তিশালী আছিল।
Other Translations King James Version (KJV) And he had in his right hand seven stars: and out of his mouth went a sharp twoedged sword: and his countenance was as the sun shineth in his strength.
American Standard Version (ASV) And he had in his right hand seven stars: and out of his mouth proceeded a sharp two-edged sword: and his countenance was as the sun shineth in his strength.
Bible in Basic English (BBE) And he had in his right hand seven stars: and out of his mouth came a sharp two-edged sword: and his face was like the sun shining in its strength.
Darby English Bible (DBY) and having in his right hand seven stars; and out of his mouth a sharp two-edged sword going forth; and his countenance as the sun shines in its power.
World English Bible (WEB) He had seven stars in his right hand. Out of his mouth proceeded a sharp two-edged sword. His face was like the sun shining at its brightest.
Young's Literal Translation (YLT) and having in his right hand seven stars, and out of his mouth a sharp two-edged sword is proceeding, and his countenance `is' as the sun shining in its might.
Cross Reference Judges 5:31 in Assamese 31 হে যিহোৱা, তোমাৰ সকলো শত্ৰুবোৰ যেন এনেদৰেই বিনষ্ট হয়! কিন্তু যিসকলে তোমাক প্রেম কৰে, সেইসকল যেন প্ৰতাপেৰে উদয় হোৱা সূৰ্য্যৰ নিচিনা হৈ উঠে। ইয়াৰ পাছত দেশত চল্লিশ বছৰলৈকে শান্তি আছিল।
Job 38:7 in Assamese 7 যেতিয়া প্ৰভাতীয় তৰাবোৰে একেলগে গান কৰিছিল, তেতিয়া ঈশ্বৰৰ সন্তানসকলে জয়ধ্বনি কৰিছিল নে?
Isaiah 11:4 in Assamese 4 তাৰপৰিৱৰ্তে তেওঁ ধাৰ্ম্মিকতাৰে দৰিদ্ৰসকলৰ বিচাৰ কৰিব, আৰু ন্যায়েৰে পৃথিৱীৰ নম্ৰ লোকসকলৰ বাবে সিদ্ধান্ত ল’ব। তেওঁ নিজৰ মুখৰ শাসন দণ্ডৰে পৃথীৱিক প্ৰহাৰ কৰিব, আৰু নিজৰ ওঁঠৰ ফুৰে দুষ্টক সংহাৰ কৰিব।
Isaiah 24:23 in Assamese 23 তেতিয়া চন্দ্ৰ লজ্জিত হ’ব আৰু সূৰ্য অপদস্থ হ’ব; কাৰণ বাহিনীসকলৰ যিহোৱাই চিয়োন পৰ্ব্বত, যিৰূচালেমত, আৰু নিজৰ পৰিচাৰকসকলৰ সন্মুখত গৌৰৱেৰে ৰাজত্ব কৰিব।
Isaiah 49:2 in Assamese 2 তেওঁ মোৰ মুখ চোকা তৰোৱালৰ দৰে কৰিলে, তেওঁ নিজৰ হাতৰ ছাঁত মোক লুকুৱাই থলে; তেওঁ মোক শানত দিয়া কাঁড় কৰিলে, তেওঁ নিজৰ তূণৰ ভিতৰত মোক লুকুৱাই ৰাখিলে।
Isaiah 60:19 in Assamese 19 দিনত সূৰ্য্য তোমাৰ দীপ্তি আৰু নহ’ব, আৰু পোহৰৰ অৰ্থে চন্দ্ৰই তোমাক জোনাক নিদিব; কিন্তু যিহোৱায়েই তোমাৰ অনন্তকলীয়া জ্যোতিঃ, আৰু তোমাৰ ঈশ্বৰেই তোমাৰ ভূষণস্বৰূপ হ’ব।
Daniel 12:3 in Assamese 3 যিসকল জ্ঞানী, তেওঁলোক আকাশৰ দিপ্তীৰ দৰে প্রজ্বলিত হ’ব, আৰু অনেকক ধাৰ্ম্মিকতালৈ ঘূৰাই অনা লোকসকল তৰাবোৰৰ দৰে চিৰকাল জিলিকি থাকিব।
Malachi 4:2 in Assamese 2 কিন্তু মোৰ নামত ভয় ৰাখোঁতা যি তোমালোক, তোমালোকৰ প্রতি ধাৰ্ম্মিকতাৰূপ সূৰ্য্য উদিত হ’ব, যাৰ কিৰণ সুস্থতাদায়ক; তোমালোকে বাহিৰ হৈ গোহালীৰ পৰা মুকলি হোৱা দামুৰিৰ নিচিনাকৈ ডেও দিবা।
Matthew 17:2 in Assamese 2 যীচুৱে তেওঁলোকৰ সন্মুখত অন্যৰূপ ধাৰণ কৰিলে; তেওঁৰ মুখ সূৰ্যৰ দৰে দীপ্তিমান আৰু বস্ত্ৰ পোহৰৰ নিচিনা শুক্ল হৈ গ’ল।
Acts 26:13 in Assamese 13 হে মহাৰাজ, দুপৰীয়া বাটৰ মাজত সূর্যৰ ৰশ্মিতকৈয়ো দীপ্তিমান এটি পোহৰ আকাশৰ পৰা আহি মোৰ আৰু মোৰ লগত যাত্ৰা কৰি থকা লোক সকলৰ চাৰিওফালে প্ৰকাশিত হ’ল৷
Ephesians 6:17 in Assamese 17 পৰিত্ৰাণৰ শিৰস্ত্ৰাণ আৰু আত্মাৰ তৰোৱালৰূপ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰক।
Hebrews 4:12 in Assamese 12 কিয়নো ঈশ্বৰৰ বাক্য জীৱনময়, কাৰ্যসাধক আৰু আটাই দুধৰীয়া তৰোৱালতকৈও চোকা। এই বাক্য প্ৰাণ আৰু আত্মা, গাঠি আৰু মজ্জা এই সকলোকে ভেদ কৰালৈকে বিন্ধোতা, মনৰ ভাৱনা আৰু অভিপ্ৰায়কো বিচাৰ কৰোঁতা।
Revelation 1:20 in Assamese 20 মোৰ সোঁ হাতত যি সাতোটা তৰা দেখিলা, তাৰ গুপুত অৰ্থ এই যে, সেই সাতোটা তৰাই হৈছে সাত মণ্ডলীৰ দূত আৰু সেই সাতোটা দীপাধাৰেই হৈছে সাত মণ্ডলী।”
Revelation 2:12 in Assamese 12 পৰ্গামত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জনৰ দুধৰীয়া চোকা তৰোৱাল আছে, তেওঁ এই কথা কয়,
Revelation 2:16 in Assamese 16 এতেকে মন-পালটন কৰা, যদি নকৰা; মই তোমাৰ ওচৰত আহিবলৈ পলম নকৰিম আৰু তোমালোকৰ বিৰুদ্ধে মই মুখৰ পৰা ওলোৱা তৰোৱালেৰে যুদ্ধ কৰিম।
Revelation 3:1 in Assamese 1 চাৰ্দিত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ ‘যি জনে ঈশ্বৰৰ সাত আত্মা আৰু সাতোটা তৰা ধাৰণ কৰি আছে, তেওঁ এই কথা কয়, “তুমি কৰা কৰ্ম মই জানো, তুমি যে জীয়াই আছা, তাত এটা খ্যাতি আছে; কিন্তু তুমি মৃত।
Revelation 10:1 in Assamese 1 তেতিয়া আন এজন বলৱান দূতক মই স্বৰ্গৰ পৰা নমা দেখিলোঁ। তেওঁ মেঘেৰে আবৃত আৰু তেওঁৰ মুৰৰ ওপৰত ৰামধনু (মেঘধনু) আছিল৷ তেওঁৰ মুখ সূৰ্যৰ নিচিনা, তেওঁৰ ভৰি অগ্নিস্তম্ভৰবোৰৰ নিচিনা।
Revelation 19:15 in Assamese 15 তেওঁ জাতি সকলক আঘাত কৰিবলৈ তেওঁৰ মুখৰ পৰা এখন চোকা তৰোৱাল ওলায় আৰু তেওঁ লোহাৰ দণ্ডেৰে তেওঁলোকক শাসন কৰিব; আৰু সৰ্বশক্তিমান ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধৰূপ দ্ৰাক্ষাৰসৰ পেৰাশাল তেৱেঁই গচকে।
Revelation 19:21 in Assamese 21 আৰু অৱশিষ্ট সকলক সেই ঘোঁৰাত উঠা জনৰ মুখৰ পৰা ওলোৱা তৰোৱালৰ দ্বাৰাই বধ কৰা হ’ল; আৰু সকলো চৰাইবোৰ সিহঁতৰ মঙহেৰে তৃপ্ত হ’ল।