Psalm 88 in Assamese

1 হে মোৰ পৰিত্রাণৰ ঈশ্বৰ যিহোৱা, মই দিনে-ৰাতিয়ে তোমাৰ ওচৰত কাঁতৰোক্তি কৰিছো।

2 তোমাৰ আগত মোৰ প্রার্থনা উপস্থিত হওঁক; তুমি মোৰ কাতৰোক্তিলৈ কাণ পাতা।

3 কাৰণ মোৰ প্রাণ দুখেৰে ভৰি পৰিছে, মোৰ জীৱন প্ৰায় চিয়োলৰ ওচৰ চাপিছে।

4 গাঁতলৈ নামি যোৱাসকলৰ লগত মই গণিত হৈছোঁ; মই অসহায় লোকৰ দৰে বলহীন হৈছো;

5 মই মৃতসকলৰ মাজত পৰিত্যাগ কৰা লোকৰ দৰে হৈছো; মৈদামত পৰি থকা হত লোকসকলৰ নিচিনা হৈছোঁ, যিসকলক তুমি সোঁৱৰণো নকৰা, যিসকল তোমাৰ সহায়ৰ হাতৰ পৰা বিছিন্ন হৈছে।

6 তুমি মোক গাঁতৰ সকলোতকৈ তলৰ ঠাইত ৰাখিছা, অন্ধকাৰ আৰু গভীৰ ঠাইত ৰাখিছা।

7 হে ঈশ্বৰ, তোমাৰ ক্ৰোধে মোক বেৰি ধৰিছে, তোমাৰ সকলো প্রকাৰ ঢৌৰে তুমি মোক দুখ দিছা। (চেলা)

8 তুমি মোৰ চিনাকিসকলক মোৰ পৰা দূৰ কৰিছা; তেওঁলোকৰ সন্মুখত মোক ঘৃণাৰ পাত্র কৰিছা; মই বন্দী হৈ আছোঁ, ওলাই যাব পৰা নাই।

9 দুখতে মোৰ চকুৰ দৃষ্টি কমি আহিছে; হে যিহোৱা, প্রতিদিনে মই তোমাৰ আগত প্ৰাৰ্থনা কৰিছোঁ; মই তোমালৈ মোৰ হাত মেলি ৰাখিছোঁ।

10 মৃতজনৰ কাৰণে জানো তুমি আচৰিত কৰ্ম্ম কৰা? মৃতজনে উঠি জানো তোমাৰ স্তুতি কৰিব? (চেলা)

11 মৈদামত জানো তোমাৰ গভীৰ প্রেমৰ বৰ্ণনা আৰু বিনাশৰ ঠাইত জানো তোমাৰ বিশ্বস্ততাৰ কথা প্ৰচাৰ কৰা হব?

12 অন্ধকাৰ স্থানত জানো তোমাৰ আচৰিত কৰ্ম্ম জনা যাব? যি দেশৰ লোকক তুমি পাহৰি যোৱা, সেই ঠাইত জানো তোমাৰ ধাৰ্ম্মিকতাৰ কার্য জনা যাব?

13 হে যিহোৱা, মই, মই হলে তোমাৰ ওচৰত কাকুতি কৰি কান্দিছোঁ, ৰাতিপুৱাতেই তোমাৰ আগত মোৰ প্ৰাৰ্থনা গৈ উপস্থিত হয়।

14 হে যিহোৱা, কিয় তুমি মোক ত্যাগ কৰিছা? তোমাৰ মুখ মোৰ পৰা কিয় লুকুৱাই ৰাখিছা?

15 মই ল’ৰা কালৰে পৰা দুখী আৰু মৃতপ্ৰায় হৈ আছোঁ; মই তোমাৰ ভয়ানক ক্রোধ ভোগ কৰি ব্যাকুল হৈছো। মই হতাশ হৈ পৰিছো।

16 তোমাৰ প্ৰচণ্ড ক্ৰোধ মোৰ ওপৰেদি বৈ গৈছে; তোমাৰ ক্রোধে মোক ধ্বংস কৰিছে।

17 সেইবোৰে পানীৰ ঢল অহাৰ দৰে ওৰে দিনটো মোক আৱৰি ৰাখিছে; চৌদিশৰ পৰা মোক বেৰি ধৰি ৰাখিছে।

18 মোৰ প্রিয়জন আৰু বন্ধুসকলক তুমি মোৰ পৰা দূৰ কৰিলা; এতিয়া অন্ধকাৰেই মোৰ সংগী।