Psalm 87 in Assamese

1 যিহোৱাই পবিত্ৰ পৰ্ব্বতশ্রেণীৰ ওপৰত তেওঁৰ নগৰ স্থাপন কৰিলে।

2 যাকোবৰ বংশৰ সকলো নিবাসতকৈ যিহোৱাই চিয়োনৰ দুৱাৰবোৰ ভাল পায়।

3 হে ঈশ্বৰৰ নগৰ, তোমাৰ বিষয়ে অনেক গৌৰৱৰ কথা কোৱা হৈছে। (চেলা)

4 “মই মোৰ চিনাকিসকলৰ মাজত ৰাহব আৰু বাবিলৰো চর্চা কৰিম; ফিলিষ্টীয়া, তুৰ আৰু ইথিওপিয়াৰ (কুচক) কথাও চর্চা কৰিম, তেওঁলোকে কয়, ‘এইসকল প্রত্যেকৰে জন্ম তাত হৈছে।’”

5 এনে কি, চিয়োনৰ বিষয়েও এইবুলি কোৱা হ’ব, “অমুক বা তমুক মানুহৰ তাত জন্ম হৈছিল; সৰ্ব্বোপৰি জনাই নিজেই চিয়োনক স্থাপন কৰিব।”

6 যিহোৱাই জাতিসমূহৰ নাম লিখি তালিকা কৰাৰ সময়ত এই কথা ক’ব, “এইজনৰ চিয়োনত জন্ম হৈছিল।” (চেলা)

7 গায়ক আৰু নাচনীসকলে একেভাৱে কব, “মোৰ সকলো ভুমুক তোমাৰ মাজতেই আছে।”