Psalm 68:1 in Assamese 1 ঈশ্বৰ উঠক; তেওঁৰ শত্ৰুবোৰ থান বান হৈ যাওঁক; তেওঁক ঘিণাওঁতাসকল তেওঁৰ আগৰ পৰা দূৰ হওঁক।
Other Translations King James Version (KJV) Let God arise, let his enemies be scattered: let them also that hate him flee before him.
American Standard Version (ASV) Let God arise, let his enemies be scattered; Let them also that hate him flee before him.
Bible in Basic English (BBE) <To the chief music-maker. Of David. A Psalm. A Song.> Let God be seen, and let his haters be put to flight; let those who are against him be turned back before him.
Darby English Bible (DBY) {To the chief Musician. Of David. A Psalm: a Song.} Let God arise, let his enemies be scattered, and let them that hate him flee before him.
World English Bible (WEB) > Let God arise! Let his enemies be scattered! Let them who hate him also flee before him.
Young's Literal Translation (YLT) To the Overseer. -- A Psalm, a song of David. Rise doth God -- scattered are His enemies! And those hating Him flee from His face.
Cross Reference Exodus 20:5 in Assamese 5 সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা, আৰু সেইবোৰক সেৱাপূজাও নকৰিবা; কাৰণ মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। মই ঈৰ্ষাম্বিত ঈশ্বৰ। মোক ঘৃণা কৰা সকলৰ সন্তানসকলক তেওঁলোকৰ পিতৃসকলৰ অপৰাধৰ শাস্তি মই তৃতীয় চতুৰ্থ পুৰুষলৈকে দিওঁ।
Numbers 10:35 in Assamese 35 আৰু চন্দুক যোৱা সময়ত মোচিয়ে কয়, “হে যিহোৱা উঠা, তোমাৰ শত্ৰুবোৰ ছিন্ন ভিন্ন হওঁক আৰু তোমাক ঘিণ কৰোঁতাসকল তোমাৰ আগৰ পৰা পলাই যাওঁক।”
Deuteronomy 7:10 in Assamese 10 কিন্তু তেওঁক ঘিণ কৰাসকলক বিনষ্ট কৰি তেওঁ তেওঁলোকক প্ৰতিফল দিয়ে; তেওঁক ঘিণ কৰা লোকলৈ তেনে কৰাত তেওঁ পলম নকৰে; যিহোৱাই তেওঁৰ সাক্ষাতেই তেওঁলোকক প্ৰতিফল দিব।
2 Chronicles 6:41 in Assamese 41 হে ঈশ্বৰ যিহোৱা, এতিয়া আপুনি আৰু আপোনাৰ শক্তিৰ চন্দুকটি নিজ বিশ্ৰামৰ ঠাইলৈ উঠি যাওঁক; হে ঈশ্বৰ যিহোৱা, আপোনাৰ পুৰোহিতসকলে পৰিত্ৰাণ-বস্ত্ৰ পিন্ধক আৰু আপোনাৰ সাধুসকলে মঙ্গলত আনন্দ কৰক।
Psalm 7:6 in Assamese 6 হে যিহোৱা, তুমি ক্ৰোধেৰে উঠা, মোৰ শত্রুবোৰৰ ক্রোধৰ বিৰুদ্ধে নিজকে তুলি ধৰা, মোৰ অৰ্থে তুমি সাৰ পোৱা; হে মোৰ ঈশ্বৰ, তুমি এক সোধ-বিচাৰ ধার্য কৰিছা।
Psalm 21:8 in Assamese 8 তোমাৰ হাতেই তোমাৰ সকলো শত্রুবোৰক বিচাৰি পাব; তোমাৰ সোঁ হাতে তোমাক ঘিণ কৰাসকলক বিচাৰি পাব।
Psalm 44:26 in Assamese 26 উঠি আহা, আমাক সহায় কৰা; তোমাৰ গভীৰ প্রেম অনুসাৰে তুমি আমাক মুক্ত কৰা ।
Psalm 59:11 in Assamese 11 তেওঁলোকক বধ নকৰিবা, মোৰ লোকসকলৰ সংকল্প যেন পাহৰি নাযায়; হে প্ৰভু, আমাৰ ঢাল! তুমি তোমাৰ শক্তিৰে গোট গোট কৰি তেওঁলোকক হীন অৱস্থালৈ আনা ।
Psalm 68:14 in Assamese 14 সৰ্ব্বশক্তিমান ঈশ্বৰে যেতিয়া দেশৰ মাজত ৰজাসকলক ছত্রভঙ্গ কৰিলে, তেতিয়া চলমোন পর্বতৰ ওপৰত বৰফ পৰিছিল।
Psalm 68:30 in Assamese 30 নলনিৰ বনৰীয়া জন্তু সেই মিচৰক তুমি ধমকি দিয়া; বলদে নিজৰ দামুৰিৰ জাকবোৰক নিয়ন্ত্রণ কৰাৰ দৰে সেই সকলো জাতিবোৰক ধমকি দিয়া। যিসকলে উপহাৰ কামনা কৰে, তেওঁলোকক তোমাৰ ভৰিৰ তলত গচকিবা; যিসকল জাতিয়ে যুদ্ধ ভাল পায়, তেওঁলোকক সিচঁৰিত কৰি দিয়া।
Psalm 78:65 in Assamese 65 তেতিয়া প্ৰভু টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে হ’ল; দ্ৰাক্ষাৰস পান কৰি চিঞঁৰ-বাখৰ কৰা বীৰ যোদ্ধাৰ নিচিনাকৈ জাগি উঠিল।
Psalm 89:10 in Assamese 10 তুমি ৰাহবক খণ্ড খণ্ড কৰি, হত হোৱা লোকৰ দৰে কৰিলা; তোমাৰ বাহুবলেৰে তুমি তোমাৰ শত্রুবোৰক ছিন্ন-ভিন্ন কৰিলা।
Psalm 132:8 in Assamese 8 হে যিহোৱা, উঠা; তোমাৰ বিশ্রাম স্থানলৈ আঁহা; তুমি আঁহা আৰু তোমাৰ শক্তিৰ চন্দুক আঁহক।
Isaiah 33:3 in Assamese 3 কোলাহল শব্দত লোকসমুহ পলাব; আপুনি যেতিয়া উঠিব তেতিয়া জাতিবোৰ চিন্ন ভিন্ন হ’ব।
Isaiah 41:15 in Assamese 15 চোৱা, মই তোমাক এক নতুন চোকা দাঁত থকা মৰণা মৰা যন্ত্ৰস্বৰূপ কৰিম; তুমি পৰ্ব্বতবোৰ মৰণা মাৰি গুড়ি কৰিবা, আৰু পাহাৰবোৰক তুহঁৰ দৰে কৰিবা।
Isaiah 42:13 in Assamese 13 যিহোৱা বীৰৰ দৰে ওলাই আহিব; তেওঁ যুদ্ধাৰুৰ দৰে নিজৰ উৎসাহ বঢ়াব; তেওঁ জয় ধ্বনি কৰিব, এনে কি, মহা ধ্বনি কৰিব; তেওঁ শত্রুবোৰৰ বিৰুদ্ধে পৰাক্রমী কাৰ্য প্রদৰ্শন কৰিব।
Isaiah 51:9 in Assamese 9 সজাগ হোৱা,সজাগ হোৱা, যিহোৱাৰ বাহু-বল আৰু শক্তিৰে তোমালোকে নিজকে আবৃত কৰা। প্ৰাচীন কালৰ প্রজননসকল, পুৰনি দিনৰ দৰে সজাগ হোৱা। সাগৰৰ ৰাক্ষসক গুৰি কৰা আৰু সর্পসিংহক খোঁচা জন আপুনিয়ে নে ?
Ezekiel 5:2 in Assamese 2 নগৰ অৱৰোধ কৰা দিন সম্পূৰ্ণ হ’লে, তুমি তাৰ তিনি ভাগৰ এভাগ নগৰৰ মাজত জুইত পুৰিবা; তুমি দ্বিতীয় ভাগ লৈ, নগৰৰ চাৰিওফালে তাক তৰোৱালেৰে প্ৰহাৰ কৰিবা; আৰু তুমি তৃতীয়ভাগ বায়ুত উড়ুৱাই দিবা আৰু মই ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম।
Ezekiel 12:14 in Assamese 14 আৰু তেওঁৰ চাৰিওফালে থকা তেওঁৰ আটাই সহায়কাৰীক আৰু তেওঁৰ সকলো সৈন্যক মই আটাই বায়ুত উড়ুৱাই দিম; আৰু মই ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম।
Daniel 2:35 in Assamese 35 তেতিয়া সেই লোহা, মাটি, পিতল, ৰূপ আৰু সোণ একেসময়তে ডোখৰ ডোখৰ হৈ ভাঙিলে, আৰু গ্রীষ্ম কালৰ মৰণা মৰা ঠাইৰ ধূলিৰ দৰে হ’ল। বতাহে সেইবোৰ উড়ুৱাই লৈ গ’ল, আৰু তাৰ কোনো চিন পোৱা নগল; কিন্তু যি শিলটোৱে মূৰ্তিটোক খুন্দা মাৰিছিল, সেয়ে বৃহৎ পৰ্ব্বত হ’ল, আৰু গোটেই পৃথিৱী ভৰি পৰিল।
John 14:23 in Assamese 23 যীচুৱে উত্তৰ দি তেওঁক ক’লে, “কোনোৱে যদি মোক প্ৰেম কৰে, তেনেহলে তেওঁ মোৰ বাক্য পালন কৰিব; মোৰ পিতৃয়ে তেওঁক প্ৰেম কৰিব, আৰু আমি তেওঁৰ ওচৰলৈ আহি, তেওঁৰে সৈতে নিবাস কৰিম।