Psalm 67 in Assamese
1 হে ঈশ্বৰ যিহোৱা তোমাৰ কৰুণাৰে আমাক আশীর্বাদ কৰা, তেওঁ তেওঁৰ আচৰিত চেহেৰাৰ পোহৰ আমাৰ ওপৰত পৰিবলৈ দিয়ক।
2 গোটেই পৃথিবীয়ে যেন তোমাৰ পথ জানে; সকলো জাতিৰ মাজত যেন তোমাৰ পৰিত্ৰাণ প্ৰকাশিত হয়।
3 হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক; সকলো লোকে তোমাৰ প্ৰশংসা কৰক।
4 জাতিবোৰে উল্লাসিত হৈ আনন্দৰ গীত গাব; এই লোকসকলৰ ন্যায়বিচাৰ তুমি ন্যায়ৰে কৰিবা, পৃথিবীৰ জাতিবোৰক নিয়ন্ত্রণ কৰিবা। চেলা
5 হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক, সমুদায় লোকে তোমাৰ প্ৰশংসা কৰক।
6 পৃথিবীয়ে শ্রমৰফল উৎপন্ন কৰিলে; ঈশ্বৰে, আমাৰ ঈশ্বৰ, আমাক আশীৰ্ব্বাদ কৰিব।
7 ঈশ্বৰে আমাক আশীৰ্ব্বাদ কৰিব, আৰু পৃথিবীৰ সকলো সীমাই তেওঁলৈ ভয় ৰাখিব।