Psalm 56:1 in Assamese 1 হে ঈশ্বৰ, মোক কৃপা কৰা; কিয়নো মানুহে মোক গ্ৰাস কৰিবলৈ বিচাৰিছে; সি ওৰে দিনটো যুদ্ধ কৰি মোক উপদ্ৰৱ কৰিছে ।
Other Translations King James Version (KJV) Be merciful unto me, O God: for man would swallow me up; he fighting daily oppresseth me.
American Standard Version (ASV) Be merciful unto me, O God; for man would swallow me up: All the day long he fighting oppresseth me.
Bible in Basic English (BBE) <To the chief music-maker; put to Jonath elem rehokim. Of David. Michtam. When the Philistines took him in Gath.> Have mercy on me, O God, for man is attempting my destruction; every day he makes cruel attacks against me.
Darby English Bible (DBY) {To the chief Musician. On Jonathelem-rechokim. Of David. Michtam; when the Philistines took him in Gath.} Be gracious unto me, O God; for man would swallow me up: all the day long fighting he oppresseth me.
World English Bible (WEB) > Be merciful to me, God, for man wants to swallow me up. All day long, he attacks and oppresses me.
Young's Literal Translation (YLT) To the Overseer. -- `On the Dumb Dove far off.' -- A secret treasure of David, in the Philistines' taking hold of him in Gath. Favour me, O God, for man swallowed me up, All the day fighting he oppresseth me,
Cross Reference 1 Samuel 21:11 in Assamese 11 আখীচৰ দাসসকলে তেওঁক ক’লে, “এই মানুহ জন জানো দেশৰ ৰজা দায়ূদ নহয় নে? তেওঁলোকে নাচি নাচি তেওঁৰ বিষয়ে পৰস্পৰে গান গাই কোৱা নাই নে - “চৌলে বধিলে হাজাৰ হাজাৰ লোকক, দায়ূদে বধিলে অযুত অযুত লোকক?”
1 Samuel 29:4 in Assamese 4 কিন্তু তেওঁৰ ওপৰত ফিলিষ্টীয়া অধিপতিসকলৰ খং উঠিল আৰু তেওঁলোকে তেওঁক ক’লে, “তুমি তাক ওলোটাই পঠাই দিয়া। তুমি যি ঠাই তাক নিৰূপণ কৰি দিছিলা, সেই ঠাইলৈ সি উভতি যাওক। সি আমাৰ লগত যুদ্ধলৈ নাহক, সি যুদ্ধলৈ আহিলে কিজানি আমাৰ শত্ৰু হ’ব; নহলেনো সি কিহেৰে নিজ প্ৰভুক সন্তুষ্ট কৰিব পাৰিব? এই লোকসকলৰ মূৰেৰে নহয় নে?
Psalm 16:1 in Assamese 1 হে ঈশ্বৰ, তুমি মোক ৰক্ষা কৰা, কিয়নো মই তোমাতেই আশ্ৰয় লৈছোঁ।
Psalm 21:9 in Assamese 9 তোমাৰ প্রকাশৰ কালত তুমি তেওঁলোকক এক অগ্নিময় জুইশালৰ নিচিনা কৰিবা; যিহোৱাই নিজৰ ক্রোধত তেওঁলোকক গ্ৰাস কৰিব; অগ্নিয়ে তেওঁলোকক দহন কৰিব।
Psalm 27:2 in Assamese 2 দুষ্টবোৰে যেতিয়া মোৰ মাংস খাবলৈ ওচৰলৈ আহে, তেতিয়া মোৰ সেই শত্রু আৰু বিৰোধীবোৰ উজুতি খাই পৰে।
Psalm 31:9 in Assamese 9 হে যিহোৱা, মোক কৃপা কৰা, কিয়নো মই অতি কষ্টৰ মাজত আছো; দুখত মোৰ চকু সোমাই গৈছে; মোৰ দেহ আৰু প্ৰাণ দুর্বল হৈ গৈছে।
Psalm 35:25 in Assamese 25 তেওঁলোকক মনত এই কথা কবলৈ নিদিবা, “অহঃ, আমাৰ অন্তৰে যি বিচাৰিছে, সেয়ে হৈছে।” তেওঁলোকক কবলৈ নিদিবা, “আমি তেওঁক গ্ৰাস কৰিলোঁ।”
Psalm 57:1 in Assamese 1 হে ঈশ্বৰ, মোক কৃপা কৰা, মোক কৃপা কৰা; কিয়নো মোৰ প্ৰাণে তোমাতেই আশ্ৰয় লৈছে; এনে কি, এই আপদবোৰৰ শেষ নহয়মানে, মই তোমাৰ ডেউকাৰ ছাঁত আশ্ৰয় লম।
Psalm 58:1 in Assamese 1 তোমালোকে বাস্তবিকতে ধৰ্মৰকথা কব লগা সময়ত নিৰবহৈ থকা নাই নে? হে মনুষ্য সন্তানসকল, তোমালোকে জানো ন্যায়ভাৱে ন্যায় বিচাৰ কৰা?
Psalm 59:1 in Assamese 1 হে মোৰ ঈশ্বৰ, শত্ৰুবোৰৰ পৰা মোক উদ্ধাৰ কৰা; মোৰ বিৰুদ্ধে উঠাসকলৰ পৰা মোক ওখ ঠাইত তুলি থোৱা।
Psalm 59:10 in Assamese 10 মোৰ দয়ালু ঈশ্বৰ মোৰ লগ হ’ব তেওঁৰ অঙ্গীকাৰ আৰু বিশ্বস্ততা; ঈশ্বৰে মোৰ শত্ৰুবোৰৰ পৰাজয় হোৱা মোক দেখিবলৈ দিব।
Psalm 60:1 in Assamese 1 হে ঈশ্বৰ, তুমি আমাক ত্যাগ কৰিলা, ভাঙি চূৰ-মাৰ কৰিলা; তুমি ক্ৰুদ্ধ হলা; আমাক পুনৰায় স্থাপন কৰা।
Psalm 69:13 in Assamese 13 কিন্তু হে যিহোৱা, মই হলে সদায় তোমাৰ আগত প্ৰাৰ্থনা কৰো তাক তুমি গ্রহণ কৰা; তোমাৰ অধিক দয়াৰ গুণে তোমাৰ পৰিত্ৰাণৰ সত্যতাত মোক উত্তৰ দিয়া।
Psalm 106:17 in Assamese 17 পৃথিৱীয়ে মুখ খুলি দাথনক গ্ৰাস কৰিলে আৰু অবীৰামৰ দলক ঢাকি পেলালে।
Psalm 124:3 in Assamese 3 তেন্তে তেওঁলোকে আমাৰ বিৰুদ্ধে ক্ৰোধত জ্বলি উঠি আমাক জীয়াই জীয়াই গ্ৰাস কৰিলেহেঁতেন,
Psalm 136:10 in Assamese 10 যি জনাই মিচৰৰ প্ৰথমে জন্মাসকলক আঘাত কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
Psalm 136:15 in Assamese 15 যি জনাই ফৰৌণ আৰু তেওঁৰ সৈন্যসমূহক চূফ সাগৰত পেলাই দিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
Psalm 136:17 in Assamese 17 যি জনাই মহান ৰজাসকলক প্ৰহাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
Psalm 143:12 in Assamese 12 তোমাৰ সুস্থিৰ প্রেমেৰে মোৰ শত্ৰুবোৰক উচ্ছন্ন কৰা; মোৰ সকলো বিপক্ষসকলক তুমি ধ্বংস কৰা, কিয়নো মই তোমাৰ দাস।
Proverbs 1:12 in Assamese 12 আহাঁ আমি চিয়োলৰ দৰে স্বাস্থ্যৱান লোকসকলক জীয়াই জীয়াই গিলি পেলাওঁ, আৰু তেওঁলোকক গাঁতত পৰি থকা লোকৰ দৰে কৰোহঁক।
Lamentations 2:2 in Assamese 2 প্ৰভুৱে দয়া নকৰি যাকোবৰ সকলো নগৰবোৰ গ্ৰাস কৰিলে। তেওঁ নিজ ক্ৰোধত যিহূদা-জীয়াৰীৰ দু্ৰ্গবোৰ ভাঙি পেলালে; তেওঁ সেইবোৰক অপমানেৰে মাটিৰ সমান কৰিলে, সেই ৰাজ্য আৰু তাইৰ ৰাজকুমাৰসকলক অপবিত্ৰ কৰিলে।
Lamentations 2:5 in Assamese 5 প্ৰভুৱে শত্ৰু যেন হ’ল। তেওঁ ইস্ৰায়েলক গ্ৰাস কৰিলে। তেওঁ ইস্ৰায়েলৰ আটাই ৰাজ-অট্ৰালিকাবোৰ গ্ৰাস কৰিলে; আৰু তাৰ দুৰ্গবোৰ ধ্ৱংস কৰিলে। তেওঁ যিহূদা-জীয়াৰীৰ মাজত শোক আৰু বিলাপ বঢ়ালে।
Lamentations 2:16 in Assamese 16 তোমাৰ আটাই শত্ৰুৱে তোমাৰ অহিতে মুখ বহলকৈ মেলিলে আৰু তোমাৰ বিপক্ষে ঠাট্টা কৰিলে। তেওঁলোকে সুহুৰিয়াই আৰু দাঁত কৰচি কয়, “আমি তাইক গ্ৰাস কৰিলোঁ। আমি বাট চাই থকা দিন, নিশ্চয় এই দিনটোৱেই; আমি পালোঁ, আমি দেখিলোঁ!”
Hosea 8:8 in Assamese 8 ইস্ৰায়েলক গ্ৰাস কৰা হ’ল; তেওঁলোক এতিয়া বিভিন্ন জাতিবোৰৰ মাজত এক অৱহেলিত পাত্রৰ নিচিনাকৈ আছে।
1 Corinthians 15:54 in Assamese 54 পাছত যেতিয়া এই ক্ষয়ৰ দেহাই অক্ষয়তাক আৰু এই মৃত্যুৰ দেহাই অমৰতাক পিন্ধিব, তেতিয়া এই যি কথা লিখা আছে, বোলে- “জয়ৰ অৰ্থে মৃত্যুক গিলি খোৱা হ’ল, সেয়ে সিদ্ধ হ’ব।”