Psalm 55 in Assamese

1 হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা, মোৰ নিবেদনৰ সময়ত নিজকে লুকুৱাই নাৰাখিবা ।

2 মোলৈ মনোযোগ কৰা, মোক উত্তৰ দিয়া;

3 শত্ৰুৰ কথাৰ কাৰণে, দুষ্টৰ অত্যাচাৰৰ বাবে, তেওঁলোকে মোলৈ আকস্মিক দুর্দশা মাতি আনিছে, তেওঁলোকে ক্ৰোধৰে মোক নির্যাতন চলাইছে।

4 মোৰ হৃদয়ত অত্যন্ত যান্ত্ৰণা পাইছে, মৃত্যুৰ আশঙ্কাই মোক বেৰি ধৰিছে।

5 ভয় আৰু কঁপনিয়ে মোক আক্ৰমণ কৰিছে; আতঙ্কিত হৈ ভয়ভিভূত হৈছো।

6 মই কলোঁ, কপৌৰ দৰে মোৰ ডেউকা থকা হলে! তেতিয়া মই উড়ি গৈ বিশ্ৰাম ললোহেঁতেন।

7 চোৱা, সেয়ে হোৱা হলে, মই দূৰলৈ উৰি গলো হয়; গৈ অৰণ্যত বাস কৰিলোহেঁতেন। চেলা

8 প্ৰচণ্ড বতাহ আৰু ধুমুহাৰ পৰা, শীঘ্ৰে মই আশ্ৰয় স্থানলৈ গলোহেঁতেন।

9 হে’ প্ৰভু, তেওঁলোকক ধংস কৰা, তেওঁলোকৰ ভাষা বিশৃঙ্খল কৰা; মই হিংস্রতা, শত্রুতা নগৰৰ ভিতৰত দেখিছোঁ।

10 তেওঁলোকে দিনে-ৰাতিয়ে গড়ৰ ওপৰেদি নগৰ ভ্ৰমি ফুৰে; অপৰাধ আৰু দুষ্টতা তাৰ ভিতৰত আছে।

11 ইয়াৰ ভিতৰত মন্দতা আছে; পথবোৰৰ পৰা উপদ্ৰব আৰু প্রতাৰণা নুগুচে।

12 কোনো শত্ৰুৱে যে মোক নিন্দা কৰিছে, এনে নহয়; কৰা হলে, মই তাক সহিলোহেঁতেন; মোক ঘিণাওঁতাই যে মোৰ বিৰুদ্ধে গৰ্ব্ব কৰিছে, এনে নহয়; কৰা হলে, মই তাৰ পৰা নিজকে লুকুৱালোহেঁতেন।

13 কিন্তু যি তুমি, এজন আমাৰ দৰেই মানুহ; মোৰ সঙ্গী মোৰ প্ৰণয়ৰ বন্ধু, তুমিয়েই তাক কৰিছা।

14 আমি একে-লগে মধুৰ সহযোগিতা কৰিছিলোঁ; আমি লোকসমূহে সৈতে ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ।

15 মৃত্যুৱে তেওঁলোকক অকস্মাৎ আক্ৰমণ কৰক, জিয়াই জিয়াই চিয়োললৈ নামি যাওঁক; কিয়নো তেওঁলোকৰ বাসস্থানত আৰু মনত দুষ্টতা আছে।

16 মই হলে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম; তাতে যিহোৱাই মোক উদ্ধাৰ কৰিব।

17 গধূলি, ৰাতিপুৱা আৰু দুপৰীয়া সময়তো মই অভিযোগ কৰি ক্রন্দন কৰিম; তাতে তেওঁ মোৰ মাত শুনিব।

18 কিয়নো মোৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অনেক আছিল; মোৰ বিৰুদ্ধে হোৱা যুদ্ধৰ পৰা তেওঁ মোৰ প্ৰাণ নিৰাপদে ৰাখিলে।

19 ঈশ্বৰ, যি জন অৱশেষ অনাদিকালৰ পৰা আছে; তেওঁ শুনিব আৰু তেওঁলোকক উত্তৰ দিব।চেলা যি জন মানুহৰ পৰিবৰ্ত্তন নাই; তেওঁলোকে ঈশ্বৰক ভয় নকৰে।

20 মোৰ বন্ধুৱে নিজৰে সৈতে শান্তিৰে থকাসকলৰ বিৰুদ্ধে হাত উঠালে; তেওঁ নিজে কৰা নিয়মটি উলঙ্ঘন কৰিলে।

21 তেওঁৰ মুখ মাখনৰ নিচিনা কোমল, কিন্তু তেওঁৰ অন্তৰ বিদ্রোহি; তেওঁৰ কথাবোৰ তেলৰ দৰে তেলেতীয়া, সেইবোৰ খাপৰ পৰা উলোৱা তৰোৱালৰ দৰে।

22 যিহোৱাত তোমাৰ সকলো চিন্তাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব; তেওঁ ধার্মিকলোকক কেতিয়াও পৰিবলৈ নিদিয়ে।

23 কিন্তু, হে ঈশ্বৰ, তুমিয়েই তেওঁলোকক বিনাশৰ গাঁতলৈ নমাই আনিবা; ৰক্তপাতকৰা আৰু ছলনাকাৰি মানুহবোৰে আধা বয়সো নাপাব; কিন্তু মই হলে, তোমাৰ ওপৰত ভৰসা কৰিম।