Psalm 50:1 in Assamese 1 পৰাক্রমী ঈশ্বৰ যিহোৱাই কথা কলে, সূৰ্য্যৰ উদয়স্থানৰ পৰা অস্ত যোৱা স্থানলৈকে পৃথিবীৰ সকলোকে তেওঁ মাতিলে।
Other Translations King James Version (KJV) The mighty God, even the LORD, hath spoken, and called the earth from the rising of the sun unto the going down thereof.
American Standard Version (ASV) The Mighty One, God, Jehovah, hath spoken, And called the earth from the rising of the sun unto the going down thereof.
Bible in Basic English (BBE) <A Psalm. Of Asaph.> The God of gods, even the Lord, has sent out his voice, and the earth is full of fear; from the coming up of the sun to its going down.
Darby English Bible (DBY) {A Psalm. Of Asaph.} ùGod, Elohim-Jehovah, hath spoken, and called the earth from the rising of the sun unto the going down thereof.
Webster's Bible (WBT) A Psalm of Asaph. The mighty God, even the LORD, hath spoken, and called the earth from the rising to the setting of the sun.
World English Bible (WEB) > The Mighty One, God, Yahweh, speaks, And calls the earth from sunrise to sunset.
Young's Literal Translation (YLT) A Psalm of Asaph. The God of gods -- Jehovah -- hath spoken, And He calleth to the earth From the rising of the sun unto its going in.
Cross Reference Genesis 17:1 in Assamese 1 অব্ৰামৰ বয়স যেতিয়া নিৰানব্বই বছৰ হ’ল, তেতিয়া যিহোৱাই অব্ৰামক দৰ্শন দি ক’লে, “মই সৰ্ব্বশক্তিমান ঈশ্বৰ; মোৰ লগত চলাচল কৰা আৰু সিদ্ধ হোৱা।
Joshua 22:22 in Assamese 22 “ঈশ্বৰসকলৰ ঈশ্বৰ যিহোৱাই! ঈশ্বৰসকলৰ ঈশ্বৰ যিহোৱায়েই জানে! আৰু ইস্ৰায়েলেও জানক; সচাঁকৈ আমি যদি বিদ্ৰোহীভাবে বা যিহোৱাৰ আগত সত্যলঙ্ঘন কৰিলো, তেনেহলে আজি তুমি আমাক ৰক্ষা নকৰিবা৷
1 Kings 18:21 in Assamese 21 এলিয়াই লোক সকলৰ ওচৰলৈ আহি ক’লে, “তোমোলোকে কিমান কাললৈকে তোমলোকৰ মন সলনি কৰি থকিবা? যিহোৱা যদি ঈশ্বৰ হয়, তেন্তে তেওঁৰ পাছত চলা; কিন্তু বাল যদি ঈশ্বৰ হয়, তেন্তে তাৰে পাছত চলা।” কিন্তু লোকসকলে তেওঁক কোনো উত্তৰ নিদিলে।
1 Kings 18:36 in Assamese 36 পাছত সন্ধ্যা বেলাৰ নৈবেদ্য দিয়াৰ সময়ত এলিয়া ভাববাদীয়ে ওচৰলৈ আহি ক’লে, “হে অব্ৰাহামৰ, ইচাহাকৰ আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, ঈস্ৰায়েলৰ মাজত তুমিয়েই যে ঈশ্বৰ আৰু মই তোমাৰ দাস, আৰু তোমাৰ বাক্যৰ প্ৰভাৱত মই যে এই সকলো কাৰ্য্য কৰিছোঁ, ইয়াক আজি সকলোৱে জানক।
1 Chronicles 15:17 in Assamese 17 সেয়ে লেবীয়াসকলে যোৱেলৰ পুত্ৰ হেমনক আৰু তেওঁৰ ভায়েকৰ মাজৰ এজন, বেৰেখিয়াৰ পুত্ৰ আচফক, তেওঁলোক মৰাৰীৰ বংশধৰৰ সম্ৱন্ধীয় আৰু কুচায়াৰ পুত্ৰ এথনকো নিযুক্ত কৰিছিল।
1 Chronicles 16:37 in Assamese 37 প্ৰতিদিনৰ প্ৰয়োজন অনুসাৰে নিয়ম-চন্দুকৰ আগত একেৰাহে পৰিচৰ্য্যা কৰিবলৈ, তেওঁ আচফক আৰু তেওঁৰ ভাইসকলক যিহোৱাৰ নিয়ম-চন্দুকৰ সন্মূখত ৰাখিলে।
1 Chronicles 25:2 in Assamese 2 আচফৰ পুত্র সকলৰ পৰা: জক্কুৰ, যোচেফ, নথনিয়া, আৰু অচৰেলা; আচফৰ পুত্রসকল আচফৰ নিৰ্দেশ অনুযায়ী ৰজাৰ নিৰীক্ষণৰ অধীনত ভাববাণী কৰে।
1 Chronicles 25:6 in Assamese 6 তেওঁলোকৰ পিতৃৰ নিৰ্দেশ অনুযায়ী এই সকলো কৰিছিল। তেওঁলোক ঈশ্ৱৰৰ গৃহৰ বাদ্যকৰ আছিল, তেওঁলোকে ঈশ্ৱৰৰ গৃহৰ পৰিচৰ্য্যাৰ বাবে তাল, বেহেলা, আৰু বীণা বজাইছিল। আচফ, যিদুথূন, আৰু হেমন ৰজাৰ নিৰ্দেশৰ অধীনত আছিল।
2 Chronicles 29:30 in Assamese 30 ইয়াৰ বাহিৰেও হিষ্কিয়া আৰু অধ্যক্ষসকলে, দায়ূদ আৰু আচফ দৰ্শকে লিখা বাক্যেৰে যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিবলৈ লেবীয়াসকলক আজ্ঞা দিলে৷ তেওঁলোকে আনন্দেৰে প্ৰশংশাৰ গান কৰিলে আৰু মূৰ দোঁৱাই প্ৰণিপাত কৰিলে।
Nehemiah 9:6 in Assamese 6 আপুনি এক মাত্র ঈশ্বৰ যিহোৱা, আপুনি স্বৰ্গ আৰু স্বৰ্গৰো স্বৰ্গ আৰু তাত যুদ্ধৰ বাবে সজ্জিত দূতসকলৰ সৈতে, পৃথিবী আৰু তাত থকা সকলোকে আৰু সমুদ্ৰ আৰু তাত থকা সকলোকে স্ৰজন কৰিলে। আপুনি তেওঁলোকক জীৱন দান কৰিলে, আৰু স্বর্গৰ দূতৰ বাহিনীয়ে আপোনাৰ উপাসনা কৰে।
Nehemiah 9:32 in Assamese 32 সেয়েহে এতিয়া, হে আমাৰ মহান, পৰাক্রমী, আৰু ঐশ্ৱৰ্য্যৱান ঈশ্বৰ, আপুনি নিয়ম ৰক্ষা কৰোঁতা ঈশ্ৱৰ আৰু আপোনাৰ প্রেম সদা কাললৈকে একে। ৰজা অচুৰীয়াৰ ৰাজত্ব কৰা দিনৰ পৰা আজিলৈকে আমাৰ, আমাৰ ৰজা, কোঁৱৰ, পুৰোহিত, ভাববাদী, আমাৰ পূৰ্ব-পুৰুষ, আৰু আপোনাৰ সকলো লোকৰ ওপৰলৈ অহা দুখ যাতনা আপোনাৰ দৃষ্টিত যেন নগণ্য নহওক।
Psalm 49:1 in Assamese 1 হে সমুদায় জাতি, তোমালোকে এইকথা শুনা; হে জগত-নিবাসী, কাণ পাতা।
Psalm 73:1 in Assamese 1 অৱশ্যেই ঈশ্বৰ ইস্ৰায়েললৈ মঙ্গলজনক; তেওঁ শুদ্ধ-চিত্তীয়াসকললৈ শুভ কৰোঁতা।
Psalm 83:1 in Assamese 1 হে ঈশ্বৰ, তুমি মনে মনে নাথাকিবা! হে ঈশ্বৰ তুমি মুখ বন্ধ কৰি নিসাৰ হৈ নাথাকিবা!
Psalm 113:3 in Assamese 3 সূৰ্যৰ উদয়স্থানৰ পৰা অস্তস্থান পর্যন্ত যিহোৱাৰ নাম প্ৰশংসিত হওঁক।
Psalm 145:3 in Assamese 3 যিহোৱা মহান, আৰু অতিশয় প্ৰশংসাৰ যোগ্য; তেওঁৰ মহিমা অগম্য।
Isaiah 1:2 in Assamese 2 হে আকাশ-মণ্ডল শুনা, আৰু হে পৃথিৱী কাণ পাতা; কিয়নো যিহোৱাই কৈছে, “মই সন্তানসকলক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিলোঁ; কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে।
Isaiah 9:6 in Assamese 6 কাৰণ আমালৈ এটি লৰা জন্মিল, আমালৈ এটি পুত্ৰ দান কৰা হ’ল; আৰু তেওঁৰ কান্ধত শাসন ভাৰ অৰ্পিত হ’ব, আৰু তেওঁ আশ্চৰ্য পৰামৰ্শদাতা, পৰাক্ৰমী ঈশ্বৰ, অন্তকালস্থায়ী পিতৃ, আৰু শান্তিৰাজ নামে প্ৰখ্যাত হ’ব।
Isaiah 37:20 in Assamese 20 এই হেতুকে হে আমাৰ ঈশ্বৰ যিহোৱা, অকল আপুনিয়েই যে যিহোৱা ইয়াক পৃথিবীৰ সকলো ৰাজ্যৰ লোকসকলে জানিবৰ বাবে আপুনি তেওঁৰ হাতৰ পৰা আমাক নিস্তাৰ কৰক।”
Isaiah 54:5 in Assamese 5 তোমালোকৰ সৃষ্টিকর্তাই তোমালোকৰ স্বামী; তেওঁৰ নাম বাহিনীসকলৰ যিহোৱা। ইস্ৰায়েলৰ পবিত্ৰ জনা তোমালোকৰ মুক্তিদাতা; তেওঁ সমগ্র পৃথিবীৰ ঈশ্বৰ বুলি প্রখ্যাত।
Jeremiah 10:6 in Assamese 6 হে যিহোৱা, তোমাৰ তুল্য কোনো নাই। তুমি মহান, আৰু তোমাৰ নাম পৰাক্ৰমত মহৎ।
Jeremiah 32:18 in Assamese 18 তুমি হাজাৰ হাজাৰ লোকলৈ দয়া প্ৰকাশ কৰোঁতা, আৰু লোকসকলৰ অপৰাধৰ প্ৰতিফল তেওঁলোকৰ পাছত হোৱা তেওঁলোকৰ সন্তান-সন্তুতিৰ বুকুত দিওঁতা। তুমিয়ে মহান পৰাক্ৰমী ঈশ্বৰ; বাহিনীসকলৰ যিহোৱা তোমাৰ নাম।
Amos 3:8 in Assamese 8 সিংহই গৰ্জ্জন কৰিলে কোনে ভয় নকৰিব? প্ৰভু যিহোৱাই কবলৈ কলে কোনে ভাৱবাদীৰূপে কথা নোকোৱাকৈ থাকিব পাৰিব?
Malachi 1:11 in Assamese 11 কিয়নো সূৰ্য্যৰ উদয়স্থানৰ পৰা অস্তগমণস্থান পর্যন্ত সকলো জাতিৰ মাজত মোৰ নাম মহান হ’ব আৰু প্ৰত্যেক স্থানত মোৰ নামৰ উদ্দেশ্যে ধূপ জ্বলোৱা আৰু শুচি নৈবেদ্য উৎসৰ্গ কৰা হ’ব; কিয়নো মোৰ নাম জাতিবোৰৰ মাজত মহান হ’ব” বাহিনীগণৰ যিহোৱাই কৈছে,
Matthew 25:32 in Assamese 32 সকলো জাতিৰ মানুহক তেওঁৰ আগলৈ গোটাই অনা হ’ব আৰু ৰখীয়াই যেনেকৈ ছাগলীৰ পৰা মেষবোৰক পৃথক কৰে, তেনেকৈ তেওঁ তেওঁলোকৰ এজনৰ পৰা আন জনক পৃথক কৰি,