Psalm 5:10 in Assamese 10 হে ঈশ্বৰ, তুমি সিহঁতক নিজৰ দোষৰ ভাৰ বহন কৰিবলৈ দিয়া; সিহঁত নিজ নিজ পৰামর্শতে পতিত হওঁক। সিহঁতৰ অধিক অপৰাধৰ কাৰণে তুমি সিহঁতক খেদাই দিয়া; কিয়নো সিহঁতে তোমাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে।
Other Translations King James Version (KJV) Destroy thou them, O God; let them fall by their own counsels; cast them out in the multitude of their transgressions; for they have rebelled against thee.
American Standard Version (ASV) Hold them guilty, O God; Let them fall by their own counsels; Thrust them out in the multitude of their transgressions; For they have rebelled against thee.
Bible in Basic English (BBE) Send them to destruction, O Lord; let their evil designs be the cause of their fall; let them be forced out by all their sins; because they have gone against your authority.
Darby English Bible (DBY) Bring guilt upon them, O God; let them fall by their own counsels: drive them out in the multitude of their transgressions, for they have rebelled against thee.
Webster's Bible (WBT) For there is no faithfulness in their mouth; their inward part is very wickedness; their throat is an open sepulcher; they flatter with their tongue.
World English Bible (WEB) Hold them guilty, God. Let them fall by their own counsels; Thrust them out in the multitude of their transgressions, For they have rebelled against you.
Young's Literal Translation (YLT) Declare them guilty, O God, Let them fall from their own counsels, In the abundance of their transgressions Drive them away, Because they have rebelled against Thee.
Cross Reference Deuteronomy 2:30 in Assamese 30 কিন্তু হিচবোনৰ ৰজা চীহোনে নিজ দেশৰ মাজেদি যাবলৈ আমাক অনুমতি নিদিলে; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁৰ মন কঠিন কৰি হৃদয় অটল কৰি ৰাখিছিল, যাতে তেওঁ আপোনালোকৰ হাতত পৰে। আজি এই সময়ত তেওঁ তাকেই কৰিছে।
1 Samuel 25:29 in Assamese 29 আৰু এজন লোক আপোনাৰ পাছে পাছে খেদি যাবলৈ আৰু আপোনাৰ প্ৰাণনাশৰ চেষ্টা কৰিবলৈ উঠিলেও, আপোনাৰ ঈশ্বৰ যিহোৱাৰ ওচৰত মোৰ প্ৰভুৰ প্ৰাণ জীৱনস্বৰূপ টোপোলাত বন্ধা থাকিব, আৰু তেওঁ আপোনাৰ শত্ৰুবোৰৰ প্ৰাণ যেন ফিঙ্গাত ৰাখি দলিয়াই পেলাব।
1 Samuel 25:39 in Assamese 39 দায়ূদে নাবলৰ মৃত্যুৰ কথা শুনি ক’লে, “যিহোৱা ধন্য; নাবলৰ পৰা পোৱা অপমানৰ বিষয়ে মোৰ গোচৰ তেওঁ নিষ্পতি কৰিলে, আৰু নিজ দাসক কুকাৰ্যৰ পৰা ৰক্ষা কৰিলে; আৰু নাবলৰ যি দুষ্কৰ্ম্ম, তাৰ প্ৰতিফল যিহোৱাই তাৰ মূৰত দিলে।” তাৰ পাছত দায়ূদে অবীগলক নিজৰ ভাৰ্যা কৰিবৰ বাবে তেওঁক আনিবলৈ মানুহ পঠালে।
2 Samuel 15:31 in Assamese 31 তেতিয়া কোনো এজনে দায়ূদক ক’লে, “অবচালোমৰ লগত চক্ৰান্তকাৰীবোৰৰ মাজত অহীথোফলো আছে।” তাতে দায়ূদে প্ৰার্থনা কৰি ক’লে, ‘হে যিহোৱা, মই বিনয় কৰোঁ, অহীথোফলৰ মন্ত্ৰণা মূৰ্খৰ মন্ত্ৰণা কৰক।’
2 Samuel 17:14 in Assamese 14 তেতিয়া অবচালোম আৰু ইস্ৰায়েলৰ লোকসকলে ক’লে, “অহীথোফলৰ পৰামৰ্শতকৈ অৰ্কীয়া হূচয়ৰ দিহাই উত্তম।” কিয়নো অবচালোমৰ ওপৰত অমঙ্গল ঘটাবৰ কাৰণে অহীথোফলৰ উত্তম পৰামৰ্শ ব্যৰ্থ কৰিবলৈ যিহোৱাই সেই বিষয়ে থিৰ কৰিছিল।
2 Samuel 17:23 in Assamese 23 পাছত যেতিয়া অহীথোফলে নিজৰ পৰামৰ্শৰ দৰে কাম নোহোৱা দেখিলে তেতিয়া তেওঁ নিজৰ গাধ সজাই তাত উঠি গুছি গ’ল। তেওঁ নিজ নগৰত থকা নিজ ঘৰলৈ গৈ, নিজৰ ঘৰৰ বিষয়ে দিহা দি, নিজে নিজৰ ডিঙিত ফাঁচ লগালে৷ তাতে তেওঁৰ এনেদৰে মৃত্যু হয় আৰু নিজ পিতৃৰ মৈদামতে তেওঁক মৈদাম দিয়া হ’ল।
2 Chronicles 25:16 in Assamese 16 ভাববাদীজনে ৰজাক সেই কথা কৈ থকাত, ৰজাই তেওঁক ক’লে, “আমি জানো তোমাক ৰাজ মন্ত্ৰী পাতিলোঁ? মনে মনে থাকা; তোমাৰ কিয় মৰিবলৈ মন?” তেতিয়া সেই ভাববাদীয়ে ক্ষান্ত হৈ ক’লে, “মই জানো যে ঈশ্বৰে তোমাক বিনষ্ট কৰিবলৈ থিৰ কৰিছে, সেই বাবে তুমি এই কাম কৰিলা আৰু মোৰ পৰামর্শ নুশুনিলা৷”
Esther 7:10 in Assamese 10 তাতে মৰ্দখয়ৰ বাবে হামনে যুগুত কৰা ফাঁচি কাঠত হামনক ফাঁচি দিয়া হ’ল। তাৰ পাছতহে ৰজাৰ ক্ৰোধ শান্ত হ’ল।
Job 5:12 in Assamese 12 তেওঁ ধূৰ্তবোৰৰ কল্পনা ব্যৰ্থ কৰে; তাতে সিহঁতৰ হাতে সিহঁতৰ অভিপ্ৰায় সাধন কৰিব নোৱাৰে।
Psalm 7:9 in Assamese 9 হে মোৰ ধার্মিক ঈশ্বৰ, তুমি মন আৰু হৃদয় পৰীক্ষা কৰি থাকা; তুমি দুষ্টৰ দুষ্টতা শেষ কৰা, কিন্তু ধাৰ্ম্মিক লোকক সুস্থিৰ অৱস্থাত ৰাখা।
Psalm 9:15 in Assamese 15 আন জাতিবোৰ নিজে খন্দা গাঁতত ডুবিল; তেওঁলোকে লুকুৱাই পাতি থোৱা জালত তেওঁলোকৰেই ভৰি লাগিল।
Psalm 10:15 in Assamese 15 দুষ্ট আৰু অসৎ লোকৰ ক্ষমতাৰ বাহু তুমি ভাঙি পেলোৱা; তেওঁলোকৰ সকলো অন্যায় কার্যৰ শেষ পর্যন্ত হিচাব বিচাৰ কৰা।
Psalm 17:13 in Assamese 13 হে যিহোৱা, তুমি উঠা, তেওঁলোকক আক্ৰমণ কৰা, তেওঁলোকক দলিয়াই পেলোৱা; তোমাৰ তৰোৱালৰ দ্বাৰাই দুষ্ট লোকৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।
Psalm 21:8 in Assamese 8 তোমাৰ হাতেই তোমাৰ সকলো শত্রুবোৰক বিচাৰি পাব; তোমাৰ সোঁ হাতে তোমাক ঘিণ কৰাসকলক বিচাৰি পাব।
Psalm 28:3 in Assamese 3 যিসকল দুষ্ট, যিসকলে দুষ্টতাৰ কার্য কৰি ফুৰে, যিসকলে চুবুৰীয়াৰ লগত মুখেৰে শান্তিৰ কথা কয়, অথচ অন্তঃকৰনত দুষ্ট ইচ্ছা পুহি ৰাখে, সেইসকলৰ লগত তুমি মোক টানি নিনিবা।
Psalm 31:18 in Assamese 18 অহঙ্কাৰ আৰু তুচ্ছ ভাৱ লৈ যিসকলে ধাৰ্ম্মিকসকলৰ বিৰুদ্ধে দর্প কথা কয়, সেই মিছলীয়া ওঁঠবোৰ বোবা হওঁক।
Psalm 35:1 in Assamese 1 হে যিহোৱা, যিসকলে মোৰে সৈতে বিবাদ কৰে, তুমিও তেওঁলোকৰে সৈতে বিবাদ কৰা; যিসকলে মোৰ বিৰুদ্ধে যুদ্ধ কৰে, তুমিও তেওঁলোকৰে বিৰুদ্ধে যুদ্ধ কৰা।
Psalm 35:26 in Assamese 26 মোৰ সঙ্কটত যিসকল আনন্দিত হয়, তেওঁলোক সকলোৱেই লজ্জিত হৈ বিহ্বল হওঁক; যিসকলে মোৰ বিৰুদ্ধে নিজকে তুলি ধৰে, লাজ আৰু অপমান তেওঁলোকৰ বস্ত্ৰ হওঁক।
Psalm 55:15 in Assamese 15 মৃত্যুৱে তেওঁলোকক অকস্মাৎ আক্ৰমণ কৰক, জিয়াই জিয়াই চিয়োললৈ নামি যাওঁক; কিয়নো তেওঁলোকৰ বাসস্থানত আৰু মনত দুষ্টতা আছে।
Psalm 59:12 in Assamese 12 তেওঁলোকৰ পাপ, মুখৰ আৰু ওঁঠৰ কথা, তেওঁলোকে শাও দিয়া আৰু মিছা কথা কোৱাৰ কাৰণে; তেওঁলোকে তেওঁলোকৰ অহঙ্কাৰত ধৰা পৰক।
Psalm 64:6 in Assamese 6 তেওঁলোকে কু-পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে; তেওঁলোকে কয়, আমি ভালকৈ ভাবি-চিন্তি কল্পনা কৰি থৈছোঁ; প্ৰত্যেকৰ আন্তৰিক ভাৱ আৰু হৃদয় গভীৰ।
Psalm 66:7 in Assamese 7 তেওঁ নিজৰ পৰাক্ৰমৰ দ্বাৰাই অনন্ত কাল ৰাজত্ব কৰে; তেওঁ জাতিসকললৈ চকু ৰাখে; বিদ্ৰোহীবোৰে নিজক উন্নত নকৰক। চেলা
Psalm 68:1 in Assamese 1 ঈশ্বৰ উঠক; তেওঁৰ শত্ৰুবোৰ থান বান হৈ যাওঁক; তেওঁক ঘিণাওঁতাসকল তেওঁৰ আগৰ পৰা দূৰ হওঁক।
Psalm 69:22 in Assamese 22 তেওঁলোকৰ আগত থকা আহাৰেই তেওঁলোকৰ ফান্দৰদৰে হ’ব; আৰু যেতিয়া তেওঁলোকে নিৰাপদে আছো বুলি ভাবে, তেতিয়া তেওঁলোক জালত পৰিব।
Psalm 71:13 in Assamese 13 মোৰ প্ৰাণৰ বিৰুদ্ধিসকল লজ্জিত হৈ উচ্ছন্ন হওক; মোৰ অনিষ্টকৰিবলৈ চেষ্টা কৰোঁতাসকলক নিন্দা আৰু অপমানেৰে ঢকা হওক।
Psalm 79:12 in Assamese 12 হে প্ৰভু, আমাৰ প্রতিবেশী জাতিবোৰে যিভাৱে তোমাক যি অপমান কৰিছে, তাৰ সাত গুণ প্ৰতিফল তুমি তেওঁলোকৰ বুকুত উভটাই দিয়া।
Psalm 83:9 in Assamese 9 তুমি মিদিয়নীয়াসকলৰ প্রতি যি কৰিছিলা, কীচোন নদীৰ পাৰত চীচৰা আৰু যাবীনৰ প্রতি যি কৰিছিলা, এওঁলোকৰ প্রতি তাকেই কৰা।
Psalm 107:11 in Assamese 11 কাৰণ তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল; সৰ্ব্বোপৰি জনাৰ পৰামর্শক তেওঁলোকে তুচ্ছ জ্ঞান কৰিলে।
Psalm 109:6 in Assamese 6 “তুমি তেওঁলোকৰ ওপৰত দুষ্ট বিচাৰক নিযুক্ত কৰা; বিপক্ষ তেওঁলোকৰ সোঁহাতে থিয় হওঁক।
Psalm 137:7 in Assamese 7 হে যিহোৱা, যিৰূচালেমৰ ধ্বংসৰ দিনা ইদোমীয়াসকলে যি কৰিছিল তাক তেওঁলোকৰ বিৰুদ্ধে সোৱঁৰণ কৰা; তেওঁলোকে কৈছিল, “উচ্ছেদ কৰা! যিৰূচালেমক উচ্ছেদ কৰা, একেবাৰে ইয়াৰ ভেঁটি পর্যন্ত উচ্ছেদ কৰা।”
Psalm 140:9 in Assamese 9 যি সকলে মূৰ উঠাই মোক বেৰি ধৰিছে, তেওঁলোকৰ ওঁঠে যি সকলো অপকাৰ কৰিলে, সেইবোৰে তেওঁলোকক ঢাকি ধৰক!
Psalm 144:6 in Assamese 6 তুমি বজ্ৰপাত পেলাই শত্রুবোৰক বিছিন্ন কৰা; তোমাৰ কাড়ঁ মাৰি তেওঁলোকক বিহ্বল কৰি তোলা।
Isaiah 1:2 in Assamese 2 হে আকাশ-মণ্ডল শুনা, আৰু হে পৃথিৱী কাণ পাতা; কিয়নো যিহোৱাই কৈছে, “মই সন্তানসকলক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিলোঁ; কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে।
Isaiah 1:20 in Assamese 20 কিন্তু যদি তোমালোক অসন্মত হৈ বিদ্ৰোহাচৰণ কৰা, তেনেহ’লে তৰোৱালৰ দ্বাৰাই গ্ৰাস কৰিব,” কিয়নো যিহোৱাৰ মুখে এই কথা ক’লে।
Isaiah 63:10 in Assamese 10 কিন্তু তেওঁলোকে বিদ্ৰোহ কৰি তেওঁৰ পবিত্ৰ আত্মাক দুখ দিছিল; সেয়ে তেওঁ তেওঁলোকৰ শত্রু হৈছিল, আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল।
Lamentations 1:5 in Assamese 5 তাইৰ শত্ৰুবোৰ, তাইৰ প্রভু হ’ল; আৰু তেওঁলোকৰ উন্নতি হ’ল। কিয়নো তাইৰ অপৰাধ অধিক হোৱা কাৰণে যিহোৱাই তাইক ক্লেশ দিলে। তাইৰ শিশুসকল শত্ৰুৰ হাতত বন্দী-অৱস্থালৈ গ’ল।
Daniel 9:5 in Assamese 5 আমি পাপ কৰিলোঁ, অসৎ কাৰ্য, দুষ্কৰ্ম, আৰু বিদ্ৰোহ আচৰণ কৰিলোঁ, আৰু তোমাৰ আজ্ঞা আৰু বিধান ত্যাগ কৰিলোঁ;
Daniel 9:9 in Assamese 9 আমি তেওঁৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ বাবে দয়া আৰু ক্ষমা আমাৰ প্ৰভু ঈশ্বৰৰেই আছে;
Hosea 9:7 in Assamese 7 ইস্রায়েলীয়াসকলে ইয়াকে জানিব যে, শাস্তিৰ দিনবোৰ সমাগত, প্রায়শ্চিত্তৰ দিন উপস্থিত হৈছে; তেওঁলোকৰ অনেক অধর্ম আৰু অধিক বিদ্বেষৰ কাৰণে তেওঁলোকে “ভাৱবাদীক নির্বোধ আৰু ঈশ্বৰৰ আত্মা পোৱা লোকক পগলা বুলি ভাবে।”
Romans 3:19 in Assamese 19 আমি জানো যে, বিধানে যি যি কয়, বিধানৰ অধীনত থকা লোক সকলকহে কয়, যাতে তাৰ দ্বাৰাই সকলোৰে মুখ বন্ধ হয় আৰু গোটেই জগতে ঈশ্বৰৰ সন্মুখত হিচাব দিবলৈ বাধ্য৷
1 Corinthians 3:19 in Assamese 19 কাৰণ ঈশ্বৰৰ দৃষ্টিত এই জগতৰ জ্ঞান মূৰ্খতাস্বৰূপ। কিয়নো লিখা আছে, ‘তেওঁ(ঈশ্বৰে) জ্ঞানী সকলক তেওঁলোকৰ ধুৰ্ত্ততাত ধৰে’।