Psalm 45:7 in Assamese 7 তুমি ধাৰ্ম্মিকতাক ভাল পোৱা আৰু দুষ্টতাক ঘৃণা কৰা; সেইবাবে ঈশ্বৰে, তোমাৰ ঈশ্বৰে, তোমাৰ সংগীসকলতকৈ অধিক বেচি আনন্দৰ তেলেৰে তোমাক অভিষেক কৰিলে।
Other Translations King James Version (KJV) Thou lovest righteousness, and hatest wickedness: therefore God, thy God, hath anointed thee with the oil of gladness above thy fellows.
American Standard Version (ASV) Thou hast loved righteousness, and hated wickedness: Therefore God, thy God, hath anointed thee With the oil of gladness above thy fellows.
Bible in Basic English (BBE) You have been a lover of righteousness and a hater of evil: and so God, your God, has put the oil of joy on your head, lifting you high over all other kings.
Darby English Bible (DBY) Thou hast loved righteousness, and hated wickedness; therefore God, thy God, hath anointed thee with the oil of gladness above thy companions.
Webster's Bible (WBT) Thy throne, O God, is for ever and ever: the scepter of thy kingdom is a scepter of justice.
World English Bible (WEB) You have loved righteousness, and hated wickedness. Therefore God, your God, has anointed you with the oil of gladness above your fellows.
Young's Literal Translation (YLT) Thou hast loved righteousness and hatest wickedness, Therefore God, thy God, hath anointed thee, Oil of joy above thy companions.
Cross Reference Leviticus 8:12 in Assamese 12 তেওঁ অভিষেকাৰ্থক তেলৰ কিছু লৈ, হাৰোণৰ মুৰত ঢালি দিলে আৰু তেওঁক পবিত্ৰ কৰিবৰ অৰ্থে অভিষেক কৰিলে।
1 Samuel 16:13 in Assamese 13 তেতিয়া চমূৱেলে তেল ভৰোৱা শিংটো ল’লে, আৰু ককায়েসকলৰ আগত তেওঁকেই অভিষেক কৰিলে; সেই দিনাৰ পৰা যিহোৱাৰ আত্মা দায়ূদত স্থিতি হ’ল। তাৰ পাছত চমূৱেল উঠি ৰামালৈ গ’ল।
1 Kings 1:39 in Assamese 39 পাছত চাদোক পুৰোহিতে তেলেৰে ভৰা শিংটি তম্বুৰ পৰা লৈ আহিল আৰু চলোমনক ৰজা অভিষেক কৰিলে। তেতিয়া তেওঁলোকে শিঙা বজোৱাৰ পাছত সকলো লোকে ক’লে, “ৰজা চলোমন চিৰজীৱী হওক!”
1 Kings 19:16 in Assamese 16 আৰু ইস্ৰায়েলৰ ওপৰত ৰজা হ’বলৈ নিমচীৰ পুত্ৰ যেহুক অভিষেক কৰিবা, আৰু তোমাৰ পদত ভাববাদী হ’বলৈ আবেল মহোলাত থকা চাফতৰ পুত্ৰ ইলীচাক অভিষেক কৰিবা।
Psalm 2:2 in Assamese 2 যিহোৱা আৰু তেওঁৰ অভিষিক্তজনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাসকল একেলগে থিয় হৈছে, শাসনকর্তাসকলে একেলগে গোপন ষড়যন্ত্র কৰিছে;
Psalm 11:7 in Assamese 7 যিহোৱা ধার্মিক, আৰু ধার্মিকতা তেওঁ ভাল পায়; সৎ লোকে তেওঁৰ মুখ দেখা পাব।
Psalm 21:6 in Assamese 6 তুমি তেওঁক চিৰস্থায়ী আশীৰ্ব্বাদ দান কৰিছা; তোমাৰ উপস্থিতিৰ আনন্দেৰে তুমি তেওঁক আনন্দ দান কৰিছা।
Psalm 33:5 in Assamese 5 তেওঁ ধাৰ্ম্মিকতা আৰু ন্যায়বিচাৰ ভাল পায়; সমগ্র পৃথিবী যিহোৱাৰ দয়াৰে পৰিপূৰ্ণ।
Psalm 89:20 in Assamese 20 মই মোৰ দাস দায়ুদক বিচাৰি পালোঁ; মোৰ পবিত্ৰ তেলেৰে মই তেওঁক অভিষেক কৰিলোঁ।
Psalm 89:26 in Assamese 26 তেওঁ মোক মাতি ক’ব, ‘তুমিয়েই মোৰ পিতৃ, মোৰ ঈশ্বৰ আৰু মোৰ পৰিত্ৰাণৰ শিলা!’
Psalm 99:4 in Assamese 4 যি ৰজা শক্তিশালী, তেওঁ ন্যায় ভাল পায়; তুমিয়েই ন্যায়বিচাৰ স্থাপন কৰিলা; তুমিয়েই যাকোবৰ বংশৰ মাজত ন্যায়বিচাৰ আৰু ধাৰ্ম্মিকতা সাধন কৰিলা।
Psalm 101:3 in Assamese 3 মই জঘন্য কোনো বিষয়কে মোৰ চকুৰ আগত নাৰাখিম; বিপথে যোৱা লোকসকলৰ কার্যক মই ঘিণ কৰোঁ, সেইবোৰে মোক খামুচি ধৰিব নোৱাৰিব।
Psalm 101:8 in Assamese 8 প্রতি ৰাতিপুৱাতে সকলো দুষ্ট লোকক মই বিনষ্ট কৰিম; যিহোৱাৰ নগৰৰ পৰা সকলো অধর্মচাৰীকে উচ্ছন্ন কৰিম।
Isaiah 61:1 in Assamese 1 প্ৰভু যিহোৱাৰ আত্মা মোত স্থিতি লৈছে, কাৰণ যিহোৱা মোক অভিষিক্ত কৰিলে নম্ৰ লোকসকলৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ, ভগ্নচিত্তীয়াসকলক সুস্থ কৰিবলৈ, বন্দীত্বত থকাসকলৰ আগত মুক্তিৰ কথা ঘোষণা কৰিবলৈ, আৰু বন্দীশালত থকা সকলক মুকলি কৰিবলৈ।
Matthew 3:15 in Assamese 15 কিন্তু যীচুৱে উত্তৰ দি তেওঁক ক’লে, “এতিয়া এনেকৈয়ে হ’বলৈ দিয়া; কিয়নো সকলো ধাৰ্মিকতা আমি এইদৰে পূর্ণ কৰা উচিত।” তেতিয়া যোহন সন্মত হ’ল।
Matthew 7:23 in Assamese 23 তেতিয়া মই সিহঁতক স্পষ্টকৈ ক’ম, ‘মই তহঁতক কেতিয়াও চিনি নাপাও, দুৰাচাৰীবোৰ। মোৰ ওচৰৰ পৰা দূৰ হ’।
Luke 3:22 in Assamese 22 সেই সময়ত পবিত্ৰ আত্মা এক কপৌৰ আকৃতিৰে তেওঁৰ ওপৰলৈ নামি আহিল আৰু স্বর্গৰ পৰা এই মাত শুনা গ’ল, “তুমি মোৰ প্ৰিয় পুত্ৰ, তোমাত মই পৰম সন্তুষ্ট।”
Luke 4:18 in Assamese 18 ‘প্ৰভুৰ আত্মা মোৰ ওপৰত আছে, কিয়নো দৰিদ্ৰ সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিবলৈ, তেওঁ মোক অভিষিক্ত কৰিলে। তেওঁ মোক বন্দীয়াৰ সকলৰ আগত মুক্তিৰ কথা আৰু অন্ধৰ আগত পুনৰায় দৃষ্টি পোৱাৰ কথা ঘোষণা কৰিবলৈ পঠালে। চেপা খোৱা সকলক (নিৰ্যাতিতসকলক) মুকলি কৰিবলৈ পঠালে।
Luke 13:27 in Assamese 27 কিন্তু তেওঁ উত্তৰ দি ক’ব, মই তোমালোকক কওঁ, ‘এই সকল কৰ মানুহ, সেই বিষয়ে মই নাজানো; হে অধাৰ্মিকবোৰ মোৰ ওচৰৰ পৰা দূৰ হ’!
John 1:16 in Assamese 16 আমি সকলোৱে তেওঁৰ সেই পূৰ্ণতাৰ পৰা অনুগ্রহৰ ওপৰিও বিনামূলীয়া অনুগ্রহ পালোঁ।
John 3:34 in Assamese 34 কাৰণ ঈশ্বৰে যি জনক পঠিয়াইছে, তেওঁ ঈশ্বৰৰ কথাকে কয়; ঈশ্বৰে তেওঁক জোখ-মাপ কৰি তেওঁৰ আত্মা দিয়া নাই।
John 20:17 in Assamese 17 যীচুৱে তেওঁক ক’লে, “তুমি মোক নুচুবা, কিয়নো মোৰ পিতৃৰ ওচৰলৈ এতিয়ালৈকে মই উঠা নাই। কিন্তু তুমি মোৰ ভাই সকলৰ ওচৰলৈ গৈ তেওঁলোকক কোৱাগৈ, যি জন মোৰ পিতৃ আৰু তোমালোকৰো পিতৃ; আৰু মোৰ ঈশ্বৰ আৰু তোমালোকৰো ঈশ্বৰ, তেওঁৰ ওচৰলৈ মই উঠি যাওঁ৷”
Acts 2:28 in Assamese 28 তুমি মোক জীৱনৰ পথ দেখুৱাবা আৰু তোমাৰ সন্মুখত যি আনন্দ, তাৰে মোক পূৰ কৰিবা’।
Romans 8:29 in Assamese 29 কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাই সকলৰ মাজত প্ৰথমে জন্মা হয়, এই কাৰণে ঈশ্বৰে যি সকলক আগেয়ে জানিলে, তেওঁলোকক তেওঁৰ সেই পুত্ৰৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হ’বলৈ, আগেয়ে নিৰূপণো কৰিলে;
Ephesians 1:3 in Assamese 3 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰৰ প্রশংসা হওক। তেওঁ স্বর্গীয় ঠাইবোৰত থকা সকলো আত্মিক আশীর্বাদেৰে সৈতে খ্রীষ্টত আমাক আশীর্বাদ কৰিলে।
Colossians 1:18 in Assamese 18 তেৱেঁই হৈছে, তেওঁৰ শৰীৰ স্বৰূপ মণ্ডলীৰ মূৰ৷ তেৱেঁই আদি আৰু মৃত লোকৰ মাজৰ পৰা প্ৰথমজাত, এই কাৰণে সকলো বিষয়তে তেওঁ অগ্ৰগণ্য হ’ল।
Hebrews 1:9 in Assamese 9 তুমি ধাৰ্মিকতাক প্ৰেম কৰিলা আৰু দুৰাচাৰীক ঘিণ কৰিলা; এই কাৰণে ঈশ্বৰে, তোমাৰ ঈশ্বৰে তোমাৰ সঙ্গী সকলতকৈ তোমাক অধিক আনন্দৰূপ তেল সানি অভিষিক্ত কৰিলে।”
Hebrews 2:14 in Assamese 14 ঈশ্বৰৰ সেই সকলো সন্তান তেজ আৰু মাংসৰ মানুহ। সেয়েহে যীচুৱে নিজেও সেই সন্তান সকলৰ দৰে এই উভয়ৰ সহভাগী হ’ল, যাতে মৃত্যুৰ মাধ্যমেদি মৃত্যুৰ ক্ষমতা যাৰ হাতত আছে, সেই চয়তানক শক্তিহীন কৰিব পাৰে, আৰু
Hebrews 7:26 in Assamese 26 এনেকুৱা নিষ্পাপ, শুদ্ধ, পবিত্ৰ, পাপী সকলৰ পৰা পৃথক হোৱা এজন মহা-পুৰোহিত আমাৰ বাবে প্রয়োজন আছিল। আকাশ-মণ্ডলৰ উর্দ্ধতো তেওঁক তুলি নিয়া হৈছিল।
Revelation 21:27 in Assamese 27 আৰু কোনো অশুচি বস্তু তাৰ ভিতৰত প্ৰৱেশ নকৰিব৷ তাতে ঘিণলগীয়া কৰ্ম কৰা আৰু মিছা কথা কোৱা কোনেও তাৰ ভিতৰত কেতিয়াও প্ৰৱেশ নকৰিব, কিন্তু কেৱল যি সকলৰ নাম সেই মেষ পোৱালিৰ জীৱন পুস্তকত লিখা আছে, তেওঁলোকেহে ভিতৰত প্ৰৱেশ কৰিব৷