Psalm 4:1 in Assamese 1 হে মোৰ ধার্মিকতাৰ ঈশ্বৰ, মই যেতিয়া তোমাক মাতো, তেতিয়া তুমি মোক উত্তৰ দিয়া। বিপদে যেতিয়া মোক হেঁচি ধৰিলে, কিন্তু তুমিয়ে মোক বহল ঠাই দিলা; মোক কৃপা কৰা; মোৰ প্ৰাৰ্থনা শুনা।
Other Translations King James Version (KJV) Hear me when I call, O God of my righteousness: thou hast enlarged me when I was in distress; have mercy upon me, and hear my prayer.
American Standard Version (ASV) Answer me when I call, O God of my righteousness; Thou hast set me at large `when I was' in distress: Have mercy upon me, and hear my prayer.
Bible in Basic English (BBE) <To the chief music-maker on corded instruments. A Psalm. Of David.> Give answer to my cry, O God of my righteousness; make me free from my troubles; have mercy on me, and give ear to my prayer.
Darby English Bible (DBY) {To the chief Musician. On stringed instruments. A Psalm of David.} When I call, answer me, O God of my righteousness: in pressure thou hast enlarged me; be gracious unto me, and hear my prayer.
World English Bible (WEB) > Answer me when I call, God of my righteousness. Give me relief from my distress. Have mercy on me, and hear my prayer.
Young's Literal Translation (YLT) To the Overseer with Stringed Instruments. -- A Psalm of David. In my calling answer Thou me, O God of my righteousness. In adversity Thou gavest enlargement to me; Favour me, and hear my prayer.
Cross Reference Exodus 34:6 in Assamese 6 যিহোৱাই তেওঁৰ আগেদি গমন কৰিলে আৰু ঘোষণা কৰিলে, “যিহোৱা, যিহোৱা কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান;
1 Samuel 17:37 in Assamese 37 দায়ূদে ক’লে, “যি জনাই সিংহ আৰু ভালুকৰ হাতৰ পৰা মোক ৰক্ষা কৰিলে, সেই যিহোৱাই সেই ফিলিষ্টীয়াজনৰ হাতৰ পৰাও মোক উদ্ধাৰ কৰিব।” তাতে চৌলে দায়ূদক ক’লে, “যোৱা, যিহোৱা তোমাৰ সঙ্গী হওক।”
1 Samuel 19:11 in Assamese 11 দায়ূদক ৰখি থাকিবলৈ তেওঁৰ ঘৰলৈ বাৰ্তাবাহক পঠালে যাতে তেওঁ ৰাতিপুৱা দায়ূদক বধ কৰিব পাৰে। দায়ূদৰ ভাৰ্যা মীখলে তেওঁক ক’লে, “আপুনি যদি আজি ৰাতিয়েই নিজ প্ৰাণ ৰক্ষা নকৰে, তেনেহলে কাইলৈ আপোনাক তেওঁ বধ কৰিব।”
1 Samuel 23:26 in Assamese 26 চৌল পৰ্বতৰ একাষে গ’ল, দায়ূদ আৰু তেওঁৰ লোকসকলে পৰ্বতৰ আন কাষে গ’ল। দায়ূদে চৌলৰ ভয়ত তাৰ পৰা আন ঠাইলৈ যাবলৈ লৰালৰি কৰোঁতে, তেওঁক আৰু তেওঁৰ লোকসকলক ধৰিবলৈ চৌলে নিজৰ লোকসকলৰ লগত তেওঁক বেৰি ধৰিব খোঁজোতে,
1 Chronicles 25:1 in Assamese 1 দায়ূদ আৰু আবাসৰ পৰিচৰ্য্যাৰ প্রধান লোকসকলে আচফ, হেমন, আৰু যিদূথূনৰ পুত্র সকলক কিছুমান কামৰ বাবে নিৰ্বাচন কৰিলে। এওঁলোকে বীণা, বেহেলা, আৰু তালেৰে ভাবিষ্যত বাণী কৰিলে। যিসকল লোকে এই কাম কৰিছিল তেওঁলোকৰ তালিকা তলত দিয়া হ’ল:
Job 36:16 in Assamese 16 তেওঁ তোমাক সঙ্কটৰ মুখৰ পৰা, ক্লেশ নোহোৱা বহল ঠাইলৈ উলিয়াই আনিছে; আৰু তোমাৰ মেজ অতি তেলীয়া আহাৰেৰে সজোৱা হব;
Psalm 6:1 in Assamese 1 হে যিহোৱা, তুমি খংত মোক ধমকি নিদিবা; তোমাৰ ক্রোধত মোক শাসন নকৰিবা।
Psalm 11:7 in Assamese 7 যিহোৱা ধার্মিক, আৰু ধার্মিকতা তেওঁ ভাল পায়; সৎ লোকে তেওঁৰ মুখ দেখা পাব।
Psalm 17:6 in Assamese 6 হে ঈশ্বৰ, মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, কিয়নো তুমি মোক উত্তৰ দিবা; মোৰ প্রার্থনালৈ কাণ পাতা, মোৰ কথা শুনা।
Psalm 18:18 in Assamese 18 বিপদৰ কালত তেওঁলোকে মোক আক্ৰমণ কৰিছিল, কিন্তু যিহোৱাই মোক ধৰি ৰাখিলে।
Psalm 22:1 in Assamese 1 হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, তুমি কিয় মোক ত্যাগ কৰিলা? মোক সাহার্য কৰাৰ পৰা, মোৰ কেঁকনি শুনাৰ পৰা কিয় তুমি আতঁৰত থাকা?
Psalm 24:5 in Assamese 5 তেওঁলোকেই যিহোৱাৰ পৰা আশীৰ্ব্বাদ পাব; তেওঁলোকেই নিজ পৰিত্রাণকর্তা ঈশ্বৰৰ পৰা ধাৰ্ম্মিকতা পাব।
Psalm 25:16 in Assamese 16 মোৰ ফালে ঘূৰি চোৱা, মোক কৃপা কৰা; কিয়নো মই অকলশৰীয়া আৰু দুঃখিত।
Psalm 31:8 in Assamese 8 তুমি মোক শত্রুৰ হাতত শোধাই নিদিলা; বহল ঠাইত তুমি মোৰ ভৰি ৰাখিলা।
Psalm 40:1 in Assamese 1 মই ধৈৰ্য্যেৰে যিহোৱালৈ অপেক্ষা কৰিছিলোঁ; তাতে তেওঁ মোলৈ কাণ পাতি মোৰ কাঁতৰোক্তি শুনিলে।
Psalm 41:12 in Assamese 12 তুমি মোৰ সততাৰ কাৰণে মোক ধৰি ৰাখিলা; তুমি অনন্ত কালৰ কাৰণে মোক তোমাৰ সন্মুখত উপস্থিত কৰিলা।
Psalm 42:1 in Assamese 1 হৰিণীয়ে যেনেকৈ জুৰিলৈ অতি হাবিয়াহ কৰে, তেনেকৈ হে ঈশ্বৰ, মোৰ প্ৰাণ তোমাৰ বাবে আকুল হৈছে।
Psalm 45:1 in Assamese 1 মোৰ হৃদয় ভাল সুন্দৰ ভাৱধাৰাৰে ভৰি পৰিছে; ৰজাৰ উদ্দেশ্যে মই কবিতা ৰচিছো; মোৰ জিভা লেখকৰ কলমৰ দৰে হৈ উঠিছে।
Psalm 56:1 in Assamese 1 হে ঈশ্বৰ, মোক কৃপা কৰা; কিয়নো মানুহে মোক গ্ৰাস কৰিবলৈ বিচাৰিছে; সি ওৰে দিনটো যুদ্ধ কৰি মোক উপদ্ৰৱ কৰিছে ।
Psalm 57:1 in Assamese 1 হে ঈশ্বৰ, মোক কৃপা কৰা, মোক কৃপা কৰা; কিয়নো মোৰ প্ৰাণে তোমাতেই আশ্ৰয় লৈছে; এনে কি, এই আপদবোৰৰ শেষ নহয়মানে, মই তোমাৰ ডেউকাৰ ছাঁত আশ্ৰয় লম।
Psalm 67:1 in Assamese 1 হে ঈশ্বৰ যিহোৱা তোমাৰ কৰুণাৰে আমাক আশীর্বাদ কৰা, তেওঁ তেওঁৰ আচৰিত চেহেৰাৰ পোহৰ আমাৰ ওপৰত পৰিবলৈ দিয়ক।
Psalm 76:1 in Assamese 1 যিহূদাৰ সকলোৱেই ঈশ্বৰক জানে; ইস্ৰায়েলৰ মাজত তেওঁৰ নাম মহান।
Psalm 86:3 in Assamese 3 হে প্ৰভু, মোক কৃপা কৰা; কিয়নো ওৰে দিনটো মই তোমাৰ আগত প্ৰাৰ্থনা কৰি আছো।
Psalm 116:6 in Assamese 6 যিহোৱাই অমায়িক লোকক ৰক্ষা কৰে; মই অসহায় হোৱাত তেওঁ মোক উদ্ধাৰ কৰিলে।
Psalm 116:16 in Assamese 16 হে যিহোৱা, সচাঁকৈয়ে মই তোমাৰ দাস হওঁ; মই তোমাৰ দাস, তোমাৰেই দাসীৰ পুত্ৰ; তুমিয়েই মোৰ বন্ধনবোৰ মুকলি কৰিলা।
Psalm 119:75 in Assamese 75 হে যিহোৱা, মই জানো যে , তোমাৰ বিচাৰবোৰ ন্যায়পূর্ণ, তুমি নিজ বিশ্বস্ততাৰে মোক দুখ দিলা।
Psalm 119:132 in Assamese 132 তোমাৰ নাম ভাল পোৱা সকলৰ প্রতি তুমি যেনে ৰীতি কৰা, তেনেদৰে মোলৈও ঘূৰি মোৰ প্রতি কৃপা কৰা।
Psalm 143:2 in Assamese 2 তোমাৰ দাসক বিচাৰলৈ নিনিবা; কিয়নো তোমাৰ দৃষ্টিত কোনো জীৱিত লোক ধাৰ্ম্মিক নহয়।
Isaiah 45:24 in Assamese 24 লোকসকলে ক’ব “কেৱল যিহোৱাত হে পৰিত্রান আৰু শক্তি আছে।”’” যিসকলো তেওঁৰ প্রতি কুপিত তেওঁলোক তেওঁৰ সন্মুখত লাজত সঙ্কুচিত হ’ব।
Jeremiah 23:6 in Assamese 6 তেওঁৰ কালত যিহূদাই পৰিত্ৰাণ পাব, ইস্ৰায়েলে নিৰাপদে বাস কৰিব। আৰু “যিহোৱাই আমাৰ ধাৰ্ম্মিকতা,” এই নামেৰে তেওঁ প্ৰখ্যাত হব।
Habakkuk 3:19 in Assamese 19 প্ৰভু যিহোৱা মোৰ বল; আৰু তেওঁ মোৰ ভৰি হৰিণীৰ ঠেংৰ দৰে কৰিছে, আৰু মোৰ ওখ ঠাইবোৰত মোক চলাই লৈ যাব। সংগীত পৰিচালকলৈ; মোৰ তাৰযুক্ত বাদ্যেৰে।
1 Corinthians 1:30 in Assamese 30 কাৰণ ঈশ্বৰৰ কার্যৰ দ্বাৰাই আপোনালোক এতিয়া খ্রীষ্ট যীচুৰ লগত যুক্ত হ’ল। খ্রীষ্টই হৈছে আমাৰ বাবে ঈশ্বৰে দিয়া জ্ঞান, তেৱেঁই আমাৰ জীৱনৰ ধাৰ্মিকতা, পবিত্রতা আৰু মুক্তি।
2 Corinthians 1:8 in Assamese 8 কিয়নো, হে ভাই সকল, এচিয়াত আমাৰ ওপৰত যি ক্লেশ ঘটিছিল, সেই বিষয়ে আপোনালোকে নজনাকৈ থকা আমাৰ ইচ্ছা নাই: সেই ক্লেশত অধিক পৰিমাণে শক্তিৰ অতিৰিক্তৰূপে এনে ভাৰগ্ৰস্থ হ’লোঁ যে, আমাৰ জীৱনৰো আশা নাছিল।
2 Corinthians 1:10 in Assamese 10 তেৱেঁই ইমান ভয়ঙ্কৰ মৃত্যুৰ পৰা আমাক উদ্ধাৰ কৰিলে আৰু কৰি আছে আৰু আগলৈকো উদ্ধাৰ কৰি থাকিব বুলি আমি তেওঁতেই আশা ৰাখিছোঁ;
2 Corinthians 5:20 in Assamese 20 এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতিলে, আৰু আমাৰ দ্বাৰাই মিনতি কৰোঁৱাৰ দৰে আমি খ্ৰীষ্টৰ কাৰণে ৰাজদূতৰ কৰ্ম কৰিছোঁ৷ খ্ৰীষ্টৰ হৈ এই বিনয় কৰোঁ: “আপোনালোকে ঈশ্বৰৰ সৈতে মিলন হওক!”