Psalm 31:19 in Assamese 19 অহ! তোমাৰ মঙ্গল কিমান যে মহান! যি মঙ্গল তুমি তোমাক ভয় কৰোঁতা লোকসকলৰ বাবে সঞ্চয় কৰি থৈছা; তোমাত আশ্ৰয় লোৱা সকললৈ, সকলোৰে সন্মুখতে তুমি সেই মঙ্গল সিদ্ধ কৰি থাকা।
Other Translations King James Version (KJV) Oh how great is thy goodness, which thou hast laid up for them that fear thee; which thou hast wrought for them that trust in thee before the sons of men!
American Standard Version (ASV) Oh how great is thy goodness, Which thou hast laid up for them that fear thee, Which thou hast wrought for them that take refuge in thee, Before the sons of men!
Bible in Basic English (BBE) O how great is your grace, which you have put in store for your worshippers, and which you have made clear to those who had faith in you, before the sons of men!
Darby English Bible (DBY) [Oh] how great is thy goodness, which thou hast laid up for them that fear thee, [which] thou hast wrought for them that trust in thee, before the sons of men!
Webster's Bible (WBT) Let the lying lips be put to silence; which speak grievous things proudly and contemptuously against the righteous.
World English Bible (WEB) Oh how great is your goodness, Which you have laid up for those who fear you, Which you have worked for those who take refuge in you, Before the sons of men!
Young's Literal Translation (YLT) How abundant is Thy goodness, That Thou hast laid up for those fearing Thee,
Cross Reference Numbers 23:23 in Assamese 23 নিশ্চয়ে যাকোবৰ মাজত লক্ষণ চোৱা দস্তুৰ নাই, ইস্ৰায়েলৰ মাজত মঙ্গল চোৱা কাৰ্য্য নাই। এতিয়া যাকোব আৰু ইস্ৰায়েলৰ বিষয়ে কোৱা যাব, ‘চোৱা ঈশ্বৰে কেনে কাৰ্য্য কৰিলে!’
Psalm 16:11 in Assamese 11 তুমি মোক জীৱনৰ পথ শিকাইছা; তোমাৰ উপস্থিতিত আছে পৰিপূর্ণ আনন্দ; তোমাৰ সোঁহাতত আছে অনন্ত সুখ।
Psalm 23:5 in Assamese 5 তুমি মোৰ শত্রুবোৰৰ সাক্ষাতে মোৰ সন্মুখত মেজ সজাইছা; তুমি মোৰ মূৰ তেলেৰে তিয়াইছা; মোৰ পান-পাত্ৰ উপচি পৰিছে।
Psalm 36:7 in Assamese 7 হে ঈশ্বৰ, তোমাৰ গভীৰ প্রেম কেনে বহুমূল্য! সকলো মনুষ্যই যেন তোমাৰ ডেউকাৰ ছাঁয়াত আশ্ৰয় লয়।
Psalm 68:28 in Assamese 28 হে ঈশ্বৰ তোমাৰ পৰাক্ৰমক মাতা; হে ঈশ্বৰ, তোমাৰ শক্তি প্রদর্শন কৰা, যেনেকৈ আগেয়ে তুমি আমাৰ পক্ষে কার্য প্রদর্শন কৰিছিলা।
Psalm 73:1 in Assamese 1 অৱশ্যেই ঈশ্বৰ ইস্ৰায়েললৈ মঙ্গলজনক; তেওঁ শুদ্ধ-চিত্তীয়াসকললৈ শুভ কৰোঁতা।
Psalm 73:24 in Assamese 24 তুমি তোমাৰ উপদেশৰে মোক পথ দেখুৱাবা, পৰবর্তীসময়ত মোক গৌৰৱেৰে গ্ৰহণ কৰিবা।
Psalm 126:2 in Assamese 2 তেতিয়া আমাৰ মুখ হাঁহিৰে ভৰি পৰিল, আমাৰ জিভা আনন্দ-গানেৰে পৰিপূৰ্ণ হ’ল; আন জাতিৰ লোকসকলে তেতিয়া কোৱাকুই কৰিলে, “যিহোৱাই তেওঁলোকৰ কাৰণে অনেক মহৎ কার্যবোৰ কৰিলে।”
Psalm 145:7 in Assamese 7 তেওঁলোকে তোমাৰ প্রচুৰ মঙ্গলভাৱৰ যশস্যা প্রচাৰ কৰিব, তোমাৰ ধাৰ্ম্মিকতাৰ বিষয়ে উচ্চস্বৰে গান কৰিব।
Isaiah 26:12 in Assamese 12 হে যিহোৱা, আপুনি আমালৈ শান্তি নিৰূপন কৰিব; কিয়নো আপুনি আমাৰ বাবে সকলো কাৰ্যকেই সিদ্ধ কৰি আহিছে।
Isaiah 35:10 in Assamese 10 যিহোৱাৰ মুক্তিপণ ঘূৰি আহিব, আৰু গীত গানেৰে সৈতে চিয়োনলৈ আহিব; তেওঁলোকৰ মুৰত চিৰস্থায়ী আনন্দৰ মুকুট হ’ব; উল্লাস আৰু আনন্দই তেওঁলোকক লগ ধৰিব; শোক আৰু হুমুনিয়াহ দূৰ হৈ যাব।
Isaiah 64:4 in Assamese 4 তোমালৈ অপেক্ষা কৰা জনলৈ কাৰ্য সিদ্ধ কৰোঁতা যি তুমি, তোমাৰ বাহিৰে আন ঈশ্বৰ আছে বুলি আগৰ কালৰ পৰা মানুহে শুনা নাই বা চকুৰে দেখা নাই।
Lamentations 3:23 in Assamese 23 তেওঁৰ কৰুণাময় কাৰ্য প্ৰতি প্ৰভাততে নতুন হয়; তোমাৰ বিশ্বস্ততা মহৎ!
John 3:21 in Assamese 21 কিন্তু যি জনে সত্য আচৰণ কৰে, তেওঁ পোহৰৰ ওচৰলৈ আহে, যাতে সেই পোহৰত স্পষ্ট বুজা যায় যে, তেওঁৰ সকলো কৰ্ম ঈশ্বৰৰ বাধ্যতাত হৈছে৷”
Acts 15:12 in Assamese 12 তেতিয়া সকলো মানুহ নীৰৱ হৈ গ’ল আৰু বার্ণব্বা আৰু পৌলৰ যোগেদি অনা-ইহুদী সকলৰ মাজত ঈশ্বৰে যি আচৰিত কর্ম আৰু চিন দেখুৱালে, সেই সকলো ঘটনা মানুহবোৰে তেওঁলোকৰ পৰা শুনিলে।
Romans 11:22 in Assamese 22 এতেকে ঈশ্বৰৰ স্নেহ আৰু নিৰ্দয় ভাব চাওক৷ এফালে যি সকল ইহুদী পৰিল, তেওঁলোকৰ বাবে হৈছে নিৰ্দয় ভাব; আনফালে আপোনালোকৰ বাবে তেওঁৰ ভাব হৈছে স্নেহশীল৷ যদি আপুনি সেই স্নেহ ভাবত থাকে, তেতিয়াহে; নহ’লে, আপুনিও কটা যাব।
1 Corinthians 2:9 in Assamese 9 কিন্তু এইদৰে লিখা আছে, ‘চকুৱে যি যি নেদেখিলে, কাণে যি যি নুশুনিলে, মনেও যি নাভাবিলে, সেই সকলো ঈশ্বৰক যি সকলে প্ৰেম কৰে, সেই সকলৰ বাবে তেওঁ যুগুত কৰিলে’,
2 Corinthians 5:5 in Assamese 5 ইয়াৰ বাবে যি জনে আমাক প্ৰস্তুত কৰিলে, তেওঁ ঈশ্বৰ; আৰু তেৱেঁই আমাক বইনাস্বৰূপে পবিত্ৰ আত্মা দিলে।
Colossians 3:2 in Assamese 2 ওপৰৰ বিষয়বোৰ ভাবক, কিন্তু পৃথিৱীত যি আছে সেই বিষয়ে নাভাবিব;
Hebrews 10:34 in Assamese 34 যি সকল কাৰাগাৰত বন্দী আছিল, আপোনালোক তেওঁলোকৰ সহানুভুতিশীল কৰিছিল। আপোনালোকৰ কোনো বস্তু কোনোবাই বাজেয়াপ্ত কৰিলেও, আপোনালোকে আনন্দ কৰিছে; কাৰণ আপোনালোকে জানিব পাৰিছে যে, এইবোৰ বস্তুতকৈ উৎকৃষ্ট আৰু চিৰস্থায়ী এটা সম্পদ আপোনালোকৰ বাবে আছে৷
James 2:5 in Assamese 5 হে মোৰ প্ৰিয় ভাই সকল, শুনক, জগতত যি সকল দৰিদ্ৰ, ঈশ্বৰে তেওঁলোকক বিশ্বাসত ধনৱন্ত আৰু তেওঁক প্ৰেম কৰা সকলৰ আগত প্ৰতিজ্ঞা কৰা ৰাজ্যৰ অধিকাৰী কৰিবলৈ আপোনালোকক মনোনীত কৰা নাই নে?
1 Peter 1:4 in Assamese 4 সেই উত্তৰাধিকাৰ স্বৰ্গত আপোনালোকৰ কাৰণে সঞ্চিত আছে; ই চিৰস্থায়ী, কলঙ্কিত নহয়; ই অম্লান৷
1 John 3:1 in Assamese 1 ভাবি চাওক, পিতৃয়ে আমাক কেনে প্ৰেম প্ৰদান কৰিলে, আমি যেন ঈশ্বৰৰ সন্তান বুলি অভিহিত হওঁ আৰু আমি হৈছোও! এই বাবে জগতে আমাক নাজানে, কাৰণ জগতে তেওঁক নাজানিলে৷