Psalm 30:1 in Assamese 1 হে যিহোৱা, মই তোমাৰ প্ৰশংসা কৰিম; কিয়নো তুমিয়েই মোক উঠাই আনিলা। মোৰ শত্রুবোৰক তুমি মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিলা।
Other Translations King James Version (KJV) I will extol thee, O LORD; for thou hast lifted me up, and hast not made my foes to rejoice over me.
American Standard Version (ASV) I will extol thee, O Jehovah; for thou hast raised me up, And hast not made my foes to rejoice over me.
Bible in Basic English (BBE) <A Psalm. A Song at the blessing of the House. Of David.> I will give you praise and honour, O Lord, because through you I have been lifted up; you have not given my haters cause to be glad over me.
Darby English Bible (DBY) {A Psalm of David: dedication-song of the house.} I will extol thee, Jehovah; for thou hast delivered me, and hast not made mine enemies to rejoice over me.
World English Bible (WEB) > I will extol you, Yahweh, for you have raised me up, And have not made my foes to rejoice over me.
Young's Literal Translation (YLT) A Psalm. -- A song of the dedication of the house of David. I exalt Thee, O Jehovah, For Thou hast drawn me up, and hast not let mine enemies rejoice over me.
Cross Reference Deuteronomy 20:5 in Assamese 5 তাৰ পাছত বিষয়াসকলে সৈন্যবোৰক ক’ব, “তোমালোকৰ মাজত নতুন ঘৰ সাজি প্ৰতিষ্ঠা নকৰাকৈ থকা কোনো লোক আছে নেকি? যদি আছে, তেন্তে তেওঁ নিজৰ ঘৰলৈ উলটি যাওক; নহ’লে তেওঁৰ যুদ্ধত মৃত্যু হ’লে, মৰিলে, আন কোনোবাই সেই ঘৰ প্ৰতিষ্ঠা কৰিব।
2 Samuel 5:11 in Assamese 11 তেতিয়া তুৰৰ ৰজা হীৰমে দায়ূদৰ ওচৰলৈ দূত পঠিয়ালে আৰু এৰচ কাঠ, কাঠমিস্ত্ৰীসকল আৰু ৰাজমিস্ত্ৰীসকলক পঠিয়াই দিলে৷ তেওঁলোকে দায়ূদৰ কাৰণে এটা গৃহ নিৰ্ম্মাণ কৰিলে।
2 Samuel 6:20 in Assamese 20 তেতিয়া দায়ূদে নিজৰ পৰিয়ালক আশীৰ্ব্বাদ কৰিবৰ বাবে উভটি আহিল৷ চৌলৰ জীয়েক মীখলে, দায়ূদক আগবঢ়াবলৈ ওলাই গৈ ক’লে, “আজি ইস্ৰায়েলৰ ৰজা কেনে গৌৰৱান্বিত হ’ল! যেনেকৈ কোনো অমার্জিত চিত্তৰ লোক নিলাজৰ দৰে বিবস্ত্ৰ হয়, তেনেকৈ তেওঁ আজি নিজ দাসসকলৰ মাজৰ বেটীসকলৰ আগত বিবস্ত্ৰ হ’ল!”
2 Samuel 7:2 in Assamese 2 তেতিয়া ৰজাই নাথন ভাববাদীক ক’লে, “এতিয়া চাওঁক, মই এৰচ কাঠেৰে সজা গৃহত বাস কৰি আছোঁ; কিন্তু ঈশ্বৰৰ নিয়ম-চন্দুকটি তম্বুৰ মাজ-মজিয়াতেই আছে।”
2 Samuel 20:3 in Assamese 3 পাছত যেতিয়া দায়ূদ যিৰূচালেমলৈ নিজৰ ঘৰলৈ আহিল তেতিয়া তেওঁ ঘৰ ৰাখিবৰ অৰ্থে নিজৰ যি দহ জনী উপপত্নী থৈ গৈছিল, তেওঁলোকক আনি এটা ঘৰত পহৰা দি বন্ধ কৰি থ’লে। তেওঁ তেওঁলোকৰ প্ৰয়োজনৰ ব্যৱস্থা কৰিছিল, কিন্তু তেওঁলোকৰ সৈতে আৰু গমন নকৰিলে। এই দৰে তেওঁলোক বিধৱা অৱস্থাত মৰণ কাললৈকে আবদ্ধ হৈ থাকিল।
2 Samuel 24:25 in Assamese 25 আৰু দায়ূদে সেই ঠাইতে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰি, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে। তাতে যিহোৱাই দেশৰ পক্ষে প্ৰাৰ্থনা শুনিলে আৰু ইস্ৰায়েলৰ পৰা মহামাৰী গুচিল।
1 Chronicles 21:6 in Assamese 6 কিন্তু তেওঁলোকৰ মাজত লেবী আৰু বিন্যামীনক গণনা কৰা নহ’ল, কাৰণ ৰজাৰ সেই আজ্ঞাত যোৱাবৰ ঘৃণা উপজিল।
Psalm 13:4 in Assamese 4 মোৰ শত্রুৱে তেতিয়া ক’ব, “মই জয়ী হলো;” মই অস্থিৰ হোৱাত শত্রুবোৰে আনন্দ কৰিব।
Psalm 25:2 in Assamese 2 হে মোৰ ঈশ্বৰ, মই তোমাতেই ভাৰসা কৰিছোঁ; তুমি মোক লাজত পৰিবলৈ নিদিবা; মোৰ শত্রুবোৰক মোৰ ওপৰত উল্লাস কৰিবলৈ নিদিবা।
Psalm 27:6 in Assamese 6 যি শত্রুবোৰে মোক চাৰিওফালে বেৰি ধৰিছে, তেওঁলোকতকৈ মোৰ মূৰ উন্নত হব; মই তেওঁৰ তম্বুত আনন্দ জয়ধ্বনিৰে বলি উৎসৰ্গ কৰিম। মই যিহোৱাৰ উদ্দেশ্যে গীত-গান কৰিম!
Psalm 28:9 in Assamese 9 হে যিহোৱা, তোমাৰ লোকসকলক তুমি ৰক্ষা কৰা, তোমাৰ সম্পত্তিক তুমি আশীৰ্ব্বাদ কৰা; তুমি তেওঁলোকৰ ৰখীয়া হোৱা আৰু চিৰকাল তেওঁলোকক বৈ নিয়া।
Psalm 34:3 in Assamese 3 তোমালোকে মোৰে সৈতে যিহোৱাৰ মহিমা কীৰ্ত্তন কৰা; আহাঁ, আমি একেলগে তেওঁৰ নামৰ প্ৰশংসা কৰোঁহঁক।
Psalm 35:19 in Assamese 19 মোৰ বিশ্বাসঘাটক শত্রুবোৰক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা; অকাৰণে যিসকলে মোক ঘৃণা কৰে, মোৰ বিৰুদ্ধে চকু টিপিয়াবলৈ নিদিবা।
Psalm 35:24 in Assamese 24 হে মোৰ ঈশ্বৰ যিহোৱা, তোমাৰ ধাৰ্ম্মিকতা অনুসাৰে মোৰ বিচাৰ কৰা; তেওঁলোকক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা।
Psalm 41:11 in Assamese 11 ইয়াৰ দ্বাৰা মই জানিম যে তুমি মোৰ ওপৰত সন্তুষ্ট, কিয়নো মোৰ শত্রু মোৰ ওপৰত জয়ী হ’ব নোৱাৰিলে।
Psalm 66:17 in Assamese 17 মই মোৰ মুখেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰিলোঁ, আৰু মোৰ জিভাৰ দ্বাৰাই তেওঁক গৌৰৱাম্বিত কৰা হল।
Psalm 79:4 in Assamese 4 চুবুৰীয়া জাতিবোৰৰ আগত আমি নিন্দাৰ পাত্র হৈছোঁ; আমাৰ চাৰিওফালৰ লোকসকলৰ আগত আমি হাঁহিয়াতৰ আৰু বিদ্রূপৰ খোৰাক হৈছোঁ।
Psalm 79:10 in Assamese 10 আন জাতিবোৰে কিয় ক’ব, “সিহঁতৰ ঈশ্বৰ ক’ত গ’ল?” তুমি আমাৰ চকুৰ সন্মুখতে জাতিবোৰৰ ওপৰত, তোমাৰ দাসসকলৰ ৰক্তপাতৰ প্ৰতিকাৰ তুমি সাধিবা।
Psalm 89:41 in Assamese 41 তেওঁৰ দেশৰ কাষেদি যোৱা সকলো বাটৰুৱাই তেওঁক লুট কৰে; তেওঁ ওচৰ-চুবুৰীয়াসকলৰ নিন্দাৰ পাত্র হৈছে।
Psalm 140:8 in Assamese 8 হে যিহোৱা, দুষ্ট লোকৰ বাঞ্ছা পূৰ্ণ নকৰিবা; তেওঁলোকৰ ষড়যন্ত্র সফল হবলৈ নিদিবা।চেলা
Psalm 145:1 in Assamese 1 হে মোৰ ঈশ্বৰ, হে মোৰ ৰজা, মই তোমাৰ গৌৰৱ কীৰ্ত্তন কৰিম; যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ ধন্যবাদ কৰিম।
Lamentations 2:15 in Assamese 15 আটাই বাটৰুৱাই তোমাক দেখি হাত-তালি দিছে। তেওঁলোকে যিৰূচালেম-জীয়াৰীক সুহুৰিয়াই মূৰ জোকাৰি কয় বোলে, “পৰম সুন্দৰী আৰু গোটেই পৃথিৱীৰ আনন্দদায়িনী বুলি মানুহে কোৱা নগৰী এইখনে নে?”
Daniel 4:37 in Assamese 37 এতিয়া মই নবুখদনেচৰে স্বৰ্গৰ ৰজাৰ প্ৰশংসা, গুণ কীৰ্ত্তন আৰু তেওঁক সমাদৰ কৰিছো; কাৰণ তেওঁৰ সকলো কাৰ্য সত্য, আৰু তেওঁৰ পথবোৰ ন্যায়। যি সকলে নিজৰ অহঙ্কাৰত চলে, তেওঁ তেওঁলোকক নম্র কৰিব পাৰে।