Psalm 28:5 in Assamese 5 কিয়নো তেওঁলোকে যিহোৱাৰ কাৰ্য্য বা তেওঁৰ হাতে কৰা কর্মলৈ মনোযোগ নিদিয়ে; সেয়ে, যিহোৱাই তেওঁলোকক বিনষ্ট কৰিব, আৰু পুনৰায় গঢ় নিদিব।
Other Translations King James Version (KJV) Because they regard not the works of the LORD, nor the operation of his hands, he shall destroy them, and not build them up.
American Standard Version (ASV) Because they regard not the works of Jehovah, Nor the operation of his hands, He will break them down and not build them up.
Bible in Basic English (BBE) Because they have no respect for the works of the Lord, or for the things which his hands have made, they will be broken down and not lifted up by him.
Darby English Bible (DBY) For they regard not the deeds of Jehovah, nor the work of his hands: he will destroy them, and not build them up.
Webster's Bible (WBT) Because they regard not the works of the LORD, nor the operation of his hands, he will destroy them, and not build them up.
World English Bible (WEB) Because they don't regard the works of Yahweh, Nor the operation of his hands, He will break them down and not build them up.
Young's Literal Translation (YLT) For they attend not to the doing of Jehovah, And unto the work of His hands. He throweth them down, And doth not build them up.
Cross Reference Numbers 23:23 in Assamese 23 নিশ্চয়ে যাকোবৰ মাজত লক্ষণ চোৱা দস্তুৰ নাই, ইস্ৰায়েলৰ মাজত মঙ্গল চোৱা কাৰ্য্য নাই। এতিয়া যাকোব আৰু ইস্ৰায়েলৰ বিষয়ে কোৱা যাব, ‘চোৱা ঈশ্বৰে কেনে কাৰ্য্য কৰিলে!’
2 Samuel 7:13 in Assamese 13 মোৰ নামৰ কাৰণে তেওঁহে এটা গৃহ নিৰ্ম্মাণ কৰিব আৰু মই তেওঁৰ ৰাজসিংহাসন চিৰস্থায়ী কৰিম।
2 Samuel 7:27 in Assamese 27 কিয়নো হে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱা, ‘মই তোমাৰ কাৰণে এক বংশ স্থাপন কৰিম’ বুলি তুমিয়েই তোমাৰ দাসৰ আগত প্ৰকাশ কৰিলা৷ এই কাৰণে তোমাৰ আগত এই প্ৰাৰ্থনা কৰিবলৈ তোমাৰ দাসৰ মনত সাহস জন্মিল।
1 Kings 11:38 in Assamese 38 আৰু যদি তুমি মোৰ দাস দায়ূদে কৰাৰ দৰে, মোৰ বিধি আৰু আজ্ঞা পালন কৰিবলৈ মোৰ সকলো আদেশত মনোযোগ দি মোৰ পথত চলা আৰু মোৰ দৃষ্টিত যি ভাল তাকে কৰা, তেতিয়া মই তোমাৰ লগত থাকিম; আৰু মই যেনেকৈ দায়ূদৰ কাৰণে কৰিলোঁ, তেনেকৈ তোমাৰ কাৰণেও এক দৃঢ় বংশ স্থাপন কৰিম আৰু ইস্ৰায়েলক তোমাক দিম।
Job 34:26 in Assamese 26 তেওঁ সকলোৰে দেখাতে তেওঁবিলাকক দুৰ্জ্জন বুলি প্ৰহাৰ কৰে;
Psalm 8:3 in Assamese 3 যেতিয়া মই তোমাৰ হাতেৰে সৃষ্টি কৰা আকাশৰ ফালে চাওঁ আৰু তাত তুমি স্থাপন কৰা চন্দ্ৰ আৰু তৰাবোৰলৈ চাওঁ,
Psalm 10:5 in Assamese 5 সকলো সময়তে তেওঁলোক সফলতাৰ পথত আগবাঢ়ি যায়; তোমাৰ ন্যায়বিচাৰ ইমান ওপৰত আছে যে, সেয়া তেওঁলোকৰ চকুৰ দৃষ্টিৰ বাহিৰত; তেওঁলোকে নিজৰ সকলো শত্রুকে তুচ্ছ কৰে।
Psalm 19:1 in Assamese 1 গগণ-মণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে; আকাশ-মণ্ডলে তেওঁৰ হাতৰ কৰ্ম্ম দেখুৱায়।
Psalm 92:4 in Assamese 4 কিয়নো হে যিহোৱা, তুমি তোমাৰ কার্যৰ দ্বাৰাই মোক আনন্দিত কৰিছা; মই তোমাৰ হাতে কৰা কাৰ্য্য দেখি আনন্দেৰে গীত গান কৰো।
Psalm 104:24 in Assamese 24 হে যিহোৱা, তোমাৰ সৃষ্টিৰ কাৰ্য্য কিমান বহুমুখী! তোমাৰ জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মান কৰিলা; সমগ্র বিশ্ব তোমাৰ সৃষ্ট বস্তুৰে পৰিপূৰ্ণ।
Psalm 111:2 in Assamese 2 যিহোৱাৰ কাৰ্য্যবোৰ মহৎ; যিসকল তাত আনন্দিত হয়, তেওঁলোকে সেইবোৰ ধ্যান কৰে।
Isaiah 5:12 in Assamese 12 তেওঁলোকৰ ভোজৰ আয়োজন বীণা, নেবল, খঞ্জৰী, বাঁহী, আৰু দ্ৰাক্ষাৰস; কিন্তু তেওঁলোকে যিহোৱাৰ কার্য বুজি নাপায়, নাইবা তেওঁৰ হাতৰ কার্য বিবেচনা নকৰে।
Isaiah 22:11 in Assamese 11 তোমালোকে পুৰণি পুখুৰীৰ পানীৰ বাবে দেৱাল দুটাৰ মাজত এটা জলাধাৰ তৈয়াৰ কৰিলা। কিন্তু যি জনে বহু দিন আগতে এই পৰিকল্পনা কৰিছিল সেই জনলৈ তোমালোকে দৃষ্টি নকৰিলা,
Isaiah 26:9 in Assamese 9 ৰাতি মোৰ প্ৰাণে সৈতে মই আপোনালৈ হাবিয়াহ কৰিলোঁ; এনে কি, মোৰ আত্মাৰে সৈতে যত্নেৰে আপোনাক বিচাৰিম; কিয়নো পৃথিৱীত আপোনাৰ বিচাৰ অহাৰ সময়ত পৃথিৱীৰ নিবাসীসকলে ধাৰ্ম্মিকতা শিকে।
Isaiah 40:26 in Assamese 26 আকাশলৈ চকু তুলি চোৱা, কোনে সৌ তৰাবোৰ সৃষ্টি কৰিলে? তেওঁ তেওঁলোকৰ সমস্ত সৃষ্টি পৰিচালনা কৰে, আৰু তেওঁ সেইবোৰক নাম কাঢ়ি মাতে, সেই জনাৰ অধিক সামৰ্থ আৰু বহু পৰাক্ৰমৰ কাৰণে সেইবোৰৰ কোনো এটাও অনুপস্থিত নাথাকে।
Isaiah 45:8 in Assamese 8 হে গগন মণ্ডল, ওপৰৰ পৰা তুমিয়ে বৰষুন বৰষোৱা! বৰষুন স্বৰূপে আকাশৰ পৰা তুমিয়ে ধাৰ্মিকতা ৰূপ পৰিত্রান বৰষোৱা। পৃথিবীয়ে ইয়াক শুহি লওক, সেই পৰিত্ৰাণ যেন লহপহকৈ বাঢ়িব; আৰু ধর্মপৰায়ণতা ইয়াৰ সৈতে একেলগে উদ্ভৱ হওক। মই, যিহোৱাইয়ে দুয়োকো সৃষ্টি কৰিলোঁ।
Isaiah 45:12 in Assamese 12 মইয়ে পৃথিবী সৃষ্টি কৰিলোঁ, আৰু তাত মনুষ্য সৃষ্টি কৰিলোঁ। ময়েই নিজ হাতেৰে আকাশ মণ্ডল বিস্তাৰ কৰিলোঁ; আৰু সকলো তৰাবোৰক দৃষ্টিগোচৰ হবলৈ মই আজ্ঞা দিলোঁ।
Isaiah 45:18 in Assamese 18 কোনে পৃথিবী সৃষ্টি কৰিলে আৰু গঠন কৰিলে কোনে তাক স্থাপন কৰিলে। তেওঁ অনৰ্থকৰূপে সৃষ্টি কৰা নাই, কিন্তু বাসস্থানৰ বাবেহে তাক নিৰ্মাণ কৰিলে, আকাশ মণ্ডল সৃষ্টি কৰা সেই সত্য ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ময়েই যিহোৱা, মোৰ কোনো সমকক্ষ নাই।
Jeremiah 10:12 in Assamese 12 তেওঁ নিজ শক্তিৰে, পৃথিৱী স্ৰজন কৰিলে, নিজ জ্ঞানেৰে জগত স্থাপন কৰিলে, আৰু নিজ বুদ্ধিৰে আকাশ-মণ্ডল বিস্তাৰ কৰিলে।
Jeremiah 31:4 in Assamese 4 হে কুমাৰী ইস্ৰায়েল, মই তোমাক পুনৰ নিৰ্ম্মাণ কৰিম, তাতে তুমি নিৰ্ম্মিত হ’বা। তুমি তোমাৰ খঞ্জৰীৰে পুনৰায় ভুষিতা হ’বা, আৰু আমোদকাৰীসকলৰ লগত নাচিবাগি ওলাই যাবা।
Jeremiah 32:20 in Assamese 20 তুমি মিচৰ দেশত নানা চিন আৰু বিস্মিত লক্ষণ দেখুৱাইছিলা। আজিলৈকে ইস্ৰায়েল আৰু আন আন লোকসকলৰ মাজত তুমি নিজৰ কাৰণে তোমাৰ নাম প্ৰখ্যাত কৰিলা।
Hosea 14:9 in Assamese 9 জ্ঞানৱানজনে এইবোৰ কথা বুজে; বিবেচকজনে এইবোৰ কথা জানে; কিয়নো যিহোৱাৰ পথবোৰ সততাৰ পথ আৰু ধাৰ্ম্মিকজনে সেই পথত গমন কৰে, কিন্তু অধাৰ্ম্মিকজনে হ’লে সেইবোৰত উজুটি খায়।
John 12:37 in Assamese 37 সেই কথা সিদ্ধ হ’বলৈ, তেওঁ তেওঁলোকৰ আগত বহুত আচৰিত কৰ্ম কৰিলে, কিন্তু তেওঁলোকে তেওঁত বিশ্বাস নকৰিলে;
Romans 1:20 in Assamese 20 কিয়নো ঈশ্ৱৰৰ সেই অদৃশ্য গুণবোৰৰ বিষয়ে, জগত সৃষ্টিৰ কালৰে পৰা তেওঁ সৃষ্টি কৰা সকলোকে বোধগম্য হৈ স্পষ্টকৈ দেখা গৈছে। তাতে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱৰ বিষয়ে আপোনালোকক জনালে, যাতে পাছত একো নাজানো বুলি আপত্তি কৰিবলৈ কোনো কাৰণ নাথাকে;
Romans 1:28 in Assamese 28 তেওঁলোকে ঈশ্ৱৰৰ অৱগত হ’বলৈ নিবিচাৰিলে, সেই কাৰণে ঈশ্ৱৰে তেওঁলোকক লম্পট মন দি, অনু্চিত কর্মবোৰ কৰিবলৈ তেওঁলোকক এৰি দিলে৷
Ephesians 1:19 in Assamese 19 আৰু ঈশ্বৰৰ শক্তিৰ কার্যসাধক গুণ অনুসাৰে বিশ্বাস কৰা যি আমি, আমাৰ মাজত তেওঁৰ শক্তিৰ যি অতিৰিক্ত মহাশক্তিয়ে কার্য কৰিছে, সেই বিষয়েও যেন আপোনালোকে জানিব পাৰে।