Psalm 27:5 in Assamese 5 আপদৰ কালত তেওঁ মোক নিজ আশ্রয়ত গুপুতে ৰাখিব, নিজৰ তম্বুত মোক লুকুৱাই ৰাখিব; তেওঁ মোক শিলৰ ওপৰত তুলি থব।
Other Translations King James Version (KJV) For in the time of trouble he shall hide me in his pavilion: in the secret of his tabernacle shall he hide me; he shall set me up upon a rock.
American Standard Version (ASV) For in the day of trouble he will keep me secretly in his pavilion: In the covert of his tabernacle will he hide me; He will lift me up upon a rock.
Bible in Basic English (BBE) For in the time of trouble he will keep me safe in his tent: in the secret place of his tent he will keep me from men's eyes; high on a rock he will put me.
Darby English Bible (DBY) For in the day of evil he will hide me in his pavilion; in the secret of his tent will he keep me concealed: he will set me high upon a rock.
Webster's Bible (WBT) For in the time of trouble he will hide me in his pavilion: in the secret of his tabernacle will he hide me; he will set me up upon a rock.
World English Bible (WEB) For in the day of trouble he will keep me secretly in his pavilion. In the covert of his tent he will hide me. He will lift me up on a rock.
Young's Literal Translation (YLT) For He hideth me in a tabernacle in the day of evil, He hideth me in a secret place of His tent, On a rock he raiseth me up.
Cross Reference 2 Chronicles 22:12 in Assamese 12 পাছত তেওঁ তেওঁলোকে সৈতে ঈশ্বৰৰ গৃহত ছবছৰ লুকাই থাকিল; সেই সময়ত অথলিয়াই দেশৰ ওপৰত ৰাজত্ব কৰিছিল।
Nehemiah 6:10 in Assamese 10 মহেটবেলৰ পুত্র দলায়া, দলায়াৰ পুত্ৰ চময়া, তেওঁ নিজৰ ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছিল, মই তেওঁৰ ঘৰলৈ গ’লোঁ। তেওঁ ক’লে, “আহক আমি ঈশ্বৰৰ গৃহত, মন্দিৰৰ ভিতৰত একগোট হওঁহক, আৰু মন্দিৰৰ দুৱাৰবোৰ বন্ধ কৰোঁ, কাৰণ তেওঁলোকে আপোনাক বধ কৰিবলৈ আহি আছে। ৰাতিয়েই আপোনাক বধ কৰিবলৈ আহিব।”
Psalm 10:1 in Assamese 1 হে যিহোৱা, তুমি কিয় দূৰৈত থিয় হৈ আছা? সঙ্কটৰ সময়ত কিয় তুমি নিজকে লুকুৱাই ৰাখা?
Psalm 17:8 in Assamese 8 চকুৰ মণিৰ দৰেই তুমি মোৰ ৰক্ষক হোৱা; তুমি মোক তোমাৰ ডেউকাৰ ছাঁত লুকুৱাই ৰাখা;
Psalm 18:33 in Assamese 33 মোৰ ভৰি হৰিণীৰ ঠেঙৰ সদৃশ বেগী কৰে; ওখ ওখ ঠাইত তেওঁ মোক নিৰাপদে ৰাখে।
Psalm 31:20 in Assamese 20 তুমি তেওঁলোকক তোমাৰ উপস্থিতিৰ আশ্রয়স্থানত ৰাখি, মানুহৰ কুমন্ত্ৰণাৰ পৰা লুকুৱাই ৰাখা; বিতর্কমূলক জিভাবোৰৰ পৰা তোমাৰ নিৰাপদ আশ্রয়স্থানত তুমি তেওঁলোকক আঁতৰাই ৰাখা।
Psalm 32:6 in Assamese 6 সেই বাবে তোমাক পাব পৰা সময়ত প্রতিজন বিশ্বাসীয়ে তোমাৰ আগত প্রার্থনা কৰক; বিপদ মহা-জলপ্লাৱনৰ দৰে আহিলেও সেইজনৰ ওচৰ নাপাব।
Psalm 40:2 in Assamese 2 তেওঁ মোক বিনাশৰ গাঁতৰ পৰা তুলি আনিলে, পঙ্কিল জলাশয়ৰ পৰা তুলিলে। শিলৰ ওপৰত মোৰ ভৰি ৰাখিলে আৰু মোৰ গতি স্থিৰ কৰিলে।
Psalm 46:1 in Assamese 1 ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সঙ্কটৰ সময়ত বিচৰা মাত্ৰে পাব পৰা ঈশ্বৰ।
Psalm 50:15 in Assamese 15 সঙ্কটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা; মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি মোক গৌৰৱান্বিত কৰিবা।”
Psalm 57:1 in Assamese 1 হে ঈশ্বৰ, মোক কৃপা কৰা, মোক কৃপা কৰা; কিয়নো মোৰ প্ৰাণে তোমাতেই আশ্ৰয় লৈছে; এনে কি, এই আপদবোৰৰ শেষ নহয়মানে, মই তোমাৰ ডেউকাৰ ছাঁত আশ্ৰয় লম।
Psalm 61:2 in Assamese 2 মোৰ মন দুখত যেতিয়া ভাঙি পৰে, মই পৃথিবীৰ অন্তত থাকিলেও তাৰপৰা তোমাক মাতিম; তুমি মোক মোতকৈ ওখ শিলটোলৈ লৈ যোৱা য’ত মোৰ নিৰাপত্তা আছে।
Psalm 77:2 in Assamese 2 সঙ্কটৰ সময়ত মই যিহোৱাক বিচাৰিলো; গোটেই ৰাতি মোৰ হাত দুখন ঈশ্বৰৰ ফালে আগবঢ়াই মই প্রার্থনা কৰিলো; মই ক্লান্ত হৈ নপৰো। মোৰ প্রাণে শান্ত্বনা পোৱা নাছিল।
Psalm 83:3 in Assamese 3 তোমাৰ লোকসকলৰ বিৰুদ্ধে তেওঁলোকে কুমন্ত্ৰণা কৰিছে; তুমি যিসকলক ৰক্ষা কৰিছা, সেই লোকসকলৰ বিৰুদ্ধে তেওঁলোকে একেলগে কু-মন্ত্রণা কৰিছে।
Psalm 91:1 in Assamese 1 যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে, যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে
Psalm 91:15 in Assamese 15 তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম; সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম; মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম।
Psalm 119:114 in Assamese 114 তুমি মোৰ গুপ্তস্থান আৰু ঢাল; তোমাৰ বাক্যতে মই আশা কৰোঁ।
Psalm 138:7 in Assamese 7 যেতিয়া মই মই সঙ্কটৰ মাজেদি গমন কৰোঁ, তেতিয়া তুমি মোৰ প্রাণ ৰক্ষা কৰিবা; তুমি মোৰ শত্ৰুবোৰৰ ক্ৰোধৰ অহিতে তোমাৰ হাত মেলিবা আৰু তোমাৰ সোঁ হাতেৰে মোক উদ্ধাৰ কৰিবা।
Proverbs 1:24 in Assamese 24 মই মাতিলোঁ, আৰু তোমালোকে শুনিবলৈ অমান্তি হলা; মই মোৰ হাত মেলিলোঁ, কিন্তু কোনেও মনযোগ নিদিলা।
Proverbs 18:10 in Assamese 10 যিহোৱাৰ নাম দৃঢ় দুৰ্গ স্বৰূপ; সৎ কাৰ্য কৰা লোকে পলাই গৈ সেই দুৰ্গত ৰক্ষা পায়।
Isaiah 4:5 in Assamese 5 তেতিয়া যিহোৱাই চিয়োন পৰ্ব্বতৰ সকলো ঠাই, আৰু তাৰ সকলো সমবেত হোৱা ঠাইৰ ওপৰত দিনত মেঘ আৰু ধোৱাৰে, আৰু ৰাতি জ্বলন্ত অগ্নিশিখাৰ পোহৰৰ দ্বাৰাই সমুদায় প্ৰতাপৰ ওপৰত এখন চন্দ্ৰতাপ হ’ব।
Isaiah 26:16 in Assamese 16 হে যিহোৱা, সঙ্কট সময়ত লোকসকল আপোনাৰ দৃষ্টি কৰিছিল; তেওঁলোকৰ ওপৰত আপোনাৰ শাসন থকা সময়ত তেওঁলোকে চয়তানৰ বিৰুদ্ধে মৃদুস্বৰে প্ৰাৰ্থনা কৰিছল।
Isaiah 26:20 in Assamese 20 হে মোৰ লোকসকল যোৱা, তোমালোকৰ কোঁঠালিত সোমোৱা, আৰু চাৰিও ফালে দুৱাৰ বন্ধ কৰা; ক্ৰোধ মাৰ নোযোৱালৈকে খন্তেক মনে মনে লুকাই থাকা।
Isaiah 32:2 in Assamese 2 খৰাং ঠাইত পানীৰ সোঁতৰ দৰে, আৰু পৰিশ্রান্ত দেশত বৃহৎ শিলৰ ছাঁৰ দৰে, তেওঁলোক প্ৰতিজনে বতাহৰ পৰা আশ্রয়, আৰু ধুমুহাৰ পৰা নিৰাপতা পাব,
Jeremiah 2:27 in Assamese 27 তেওঁবিলাক প্ৰতিজনে এডোখৰ কাঠক, ‘তুমি মোৰ পিতৃ!’ এইবুলি, আৰু এটা শিলক, তুমি মোক উৎপন্ন কৰিলা ‘তুমি মোৰ মাতৃ!’ এইবুলি কয়; কিয়নো তেওঁলোকে মোৰ ফালে মূৰ নকৰি পিঠিহে দিলে; কিন্তু আপদৰ দিনত তেওঁলোকে কব, তুমি উঠি আমাক উদ্ধাৰ কৰা!
Habakkuk 3:18 in Assamese 18 তথাপিও মই যিহোৱাত আনন্দ কৰিম, মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰত মই উল্লাস কৰিম।
Matthew 7:24 in Assamese 24 সেই কাৰণে কওঁ, যি কোনোৱে মোৰ এই সকলো কথা শুনি পালন কৰে, তেওঁ এনেকুৱা এজন বুদ্ধিমান লোকৰ নিচিনা যি জনে শিলৰ ওপৰত তেওঁৰ ঘৰ সাজিলে।
Matthew 16:16 in Assamese 16 তেতিয়া চিমোন পিতৰে উত্তৰ দি ক’লে, “আপুনি সেই অভিষিক্ত জন অৰ্থাৎ খ্ৰীষ্ট, জীৱন্ত ঈশ্বৰৰ পুত্ৰ।”
Matthew 23:37 in Assamese 37 “যিৰূচালেম, যিৰূচালেম, যি জনে ভাৱবাদী সকলক বধ কৰে আৰু তোমাৰ ওচৰলৈ পঠোৱা সকলক শিল দলিয়াই মাৰে, কিমান বাৰ মই তোমাৰ সন্তান সকলক একলগ কৰিবলৈ যত্ন কৰিলোঁ, কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয়, তেনেকৈ ময়ো তোমাৰ সন্তানবোৰক চপাই ল’বলৈ ইচ্ছা কৰিছিলোঁ, কিন্তু তুমি সন্মত নহলা।
Colossians 3:3 in Assamese 3 কিয়নো আপোনালোকৰ মৃত্যু হ’ল আৰু ঈশ্ৱৰে আপোনালোকৰ জীৱন খ্ৰীষ্টৰ সৈতে গুপ্ত ৰাখিছে।