Psalm 22:1 in Assamese 1 হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, তুমি কিয় মোক ত্যাগ কৰিলা? মোক সাহার্য কৰাৰ পৰা, মোৰ কেঁকনি শুনাৰ পৰা কিয় তুমি আতঁৰত থাকা?
Other Translations King James Version (KJV) My God, my God, why hast thou forsaken me? why art thou so far from helping me, and from the words of my roaring?
American Standard Version (ASV) My God, my God, why hast thou forsaken me? `Why art thou so' far from helping me, `and from' the words of my groaning?
Bible in Basic English (BBE) <To the chief music-maker on Aijeleth-hash-shahar. A Psalm. Of David.> My God, my God, why are you turned away from me? why are you so far from helping me, and from the words of my crying?
Darby English Bible (DBY) {To the chief Musician. Upon Aijeleth-Shahar. A Psalm of David.} My ùGod, my ùGod, why hast thou forsaken me? [why art thou] far from my salvation, from the words of my groaning?
World English Bible (WEB) > My God, my God, why have you forsaken me? Why are you so far from helping me, and from the words of my groaning?
Young's Literal Translation (YLT) To the Overseer, on `The Hind of the Morning.' -- A Psalm of David. My God, my God, why hast Thou forsaken me? Far from my salvation, The words of my roaring?
Cross Reference 1 Samuel 12:22 in Assamese 22 যিহোৱাই নিজৰ মহান নামৰ উদ্দেশ্যে নিজৰ প্ৰজাসকলক ত্যাগ নকৰে; কাৰণ তেওঁলোকক নিজৰ প্ৰজা কৰিবলৈ যিহোৱা সন্তোষ হয়।
Job 3:24 in Assamese 24 কিয়নো মই খাবলৈ নৌপাওঁতেই মোৰ হুমুনিয়াহ আহে, আৰু মোৰ কেঁকনি পানীৰ ধাৰৰ দৰে ওলাই থাকে।
Psalm 10:1 in Assamese 1 হে যিহোৱা, তুমি কিয় দূৰৈত থিয় হৈ আছা? সঙ্কটৰ সময়ত কিয় তুমি নিজকে লুকুৱাই ৰাখা?
Psalm 16:1 in Assamese 1 হে ঈশ্বৰ, তুমি মোক ৰক্ষা কৰা, কিয়নো মই তোমাতেই আশ্ৰয় লৈছোঁ।
Psalm 22:11 in Assamese 11 তুমি মোৰ ওচৰৰ পৰা দূৰৈত নাথাকিবা; কিয়নো মোৰ আপদ ওচৰ চাপি আহিছে; মোৰ সহায়কাৰী কোনো নাই।
Psalm 22:16 in Assamese 16 কিয়নো কুকুৰবোৰ মোৰ চাৰিওফালে আছে, দুষ্ট কার্য কৰা লোকসমূহে মোক বেৰি আছে; মোৰ হাত-ভৰিবোৰ কোঁচ খাই গৈছে।
Psalm 26:9 in Assamese 9 পাপীসকলৰ লগত মোৰ প্ৰাণ লৈ নাযাবা; ৰক্তপাতী মনুষ্যবোৰৰ লগত মোৰ জীৱন নিনিবা।
Psalm 31:14 in Assamese 14 কিন্তু, হে যিহোৱা, মই তোমাতেই ভাৰসা কৰিছো; মই কওঁ, “তুমিয়েই মোৰ ঈশ্বৰ।”
Psalm 32:3 in Assamese 3 মই যেতিয়া পাপ স্বীকাৰ নকৰি মনে মনে আছিলোঁ, তেতিয়া ওৰে দিনটো কেঁকাই থকাত মোৰ অস্থিবোৰ ক্ষয় পাইছিল।
Psalm 37:28 in Assamese 28 কিয়নো যিহোৱাই ন্যায় বিচাৰ ভাল পায়, তেওঁৰ ভক্তসকলক তেওঁ পৰিত্যাগ নকৰে; অনন্ত কাললৈকে তেওঁলোকক ৰক্ষা কৰা হ’ব; কিন্তু দুষ্টসকলৰ বংশক হলে ধ্বংস কৰা হ’ব।
Psalm 38:8 in Assamese 8 মই অতিশয় দুৰ্ব্বল আৰু ভগ্ন হৈছোঁ; মনৰ ব্যাকুলতাত মই কেঁকাই আছোঁ।
Psalm 42:1 in Assamese 1 হৰিণীয়ে যেনেকৈ জুৰিলৈ অতি হাবিয়াহ কৰে, তেনেকৈ হে ঈশ্বৰ, মোৰ প্ৰাণ তোমাৰ বাবে আকুল হৈছে।
Psalm 43:1 in Assamese 1 হে ঈশ্বৰ, মোৰ বিচাৰ কৰা; ঈশ্বৰ ভয়হীন জাতিৰ বিৰুদ্ধে মোৰ পক্ষে কথা কোৱা; ছল আৰু অন্যায়কাৰী মানুহৰ পৰা মোক ৰক্ষা কৰা।
Psalm 71:11 in Assamese 11 তেওঁলোকে কয়, “ঈশ্বৰে তেওঁক পৰিত্যাগ কৰিলে; খেদি গৈ তেওঁক ধৰা, কিয়নো তাৰ উদ্ধাৰকৰ্ত্তা কোনো নাই।”
Isaiah 46:13 in Assamese 13 মই মোৰ ধাৰ্ম্মিকতা ওচৰলৈ আনো; এইটো দূৰত নাথাকে, আৰু মোৰ পৰিত্ৰাণে বাট নাচায়; আৰু মই চিয়োনক পৰিত্রান আৰু ইস্ৰায়েলক মোৰ সৌন্দর্য্য দিম।
Isaiah 59:11 in Assamese 11 আমি ভালুকৰ দৰে চিঞৰি আছোঁ, আৰু কপৌৰ দৰে শোকধ্বনি কৰি আছোঁ; আমি ন্যায় বিচাৰৰ বাবে অপেক্ষা কৰোঁ, কিন্তু সেয়ে নাই; আৰু পৰিত্ৰাণলৈ বাট চাই থাকোঁ, কিন্তু সিও আমাৰ পৰা বহু দূৰত থাকে।
Matthew 27:46 in Assamese 46 আৰু তিনি মান বজাত যীচুৱে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “এলী, এলী, লামা চবক্তানী?” অৰ্থাৎ, “হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ; কিয় মোক পৰিত্যাগ কৰিলা?”
Mark 15:34 in Assamese 34 আৰু ঠিক তিনি বজাৰ সময়ত যীচুৱে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “এলী, এলী, লামা চবক্তানী?” অৰ্থাৎ “হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, কিয় মোক পৰিত্যাগ কৰিলা?”
Luke 22:44 in Assamese 44 পাছত তেওঁ অতি যাতনা পাই বৰকৈ প্ৰাৰ্থনা কৰিব ধৰিলে; আৰু গোট বান্ধি মাটিলৈ বৈ যোৱা তেজৰ নিচিনাকৈ, তেওঁৰ ঘাম তেজময় হৈ গ’ল।
Luke 24:44 in Assamese 44 আৰু তেওঁ তেওঁলোকক ক’লে, “মোচিৰ বিধানত, ভাববাদী সকলৰ বিধান-শাস্ত্ৰত আৰু গীতমালাত মোৰ বিষয়ে যি যি বচন লিখা আছে, সেই সকলো সিদ্ধ হ’ব লাগে বুলি তোমালোকৰ লগত থাকোতেই, যি কথা মই কৈছিলোঁ, মোৰ সেই কথা এই।”
Hebrews 5:7 in Assamese 7 যীচু যেতিয়া এই জগতত নিজ শৰীৰত বাস কৰিছিল, যি জনে তেওঁক মৃত্যুৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰে, সেই ঈশ্বৰৰ ওচৰত চকুলোৰে সৈতে অতিশয় ক্ৰন্দন কৰি অনুৰোধ আৰু প্রার্থনা কৰিছিল। ঈশ্বৰৰ প্রতি থকা ঈশ্বৰীয় ভয়ৰ কাৰণে, ঈশ্বৰে তেওঁৰ প্রার্থনা শুনিলে।
Hebrews 13:5 in Assamese 5 আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে, ‘মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম’।