Psalm 17:3 in Assamese 3 যদি তুমি মোৰ হৃদয় পৰীক্ষা কৰা; ৰাতি মোৰ কাষলৈ আহাঁ; যদি মোক খপি পুৰি পৰীক্ষাও কৰা, তুমি মোত একো দুষ্টতা বিচাৰি নাপাবা; মোৰ মুখে অপৰাধ নকৰে।
Other Translations King James Version (KJV) Thou hast proved mine heart; thou hast visited me in the night; thou hast tried me, and shalt find nothing; I am purposed that my mouth shall not transgress.
American Standard Version (ASV) Thou hast proved my heart; thou hast visited me in the night; Thou hast tried me, and findest nothing; I am purposed that my mouth shall not transgress.
Bible in Basic English (BBE) You have put my heart to the test, searching me in the night; you have put me to the test and seen no evil purpose in me; I will keep my mouth from sin.
Darby English Bible (DBY) Thou hast proved my heart, thou hast visited me by night; thou hast tried me, thou hast found nothing: my thought goeth not beyond my word.
Webster's Bible (WBT) Thou hast proved my heart; thou hast visited me in the night; thou hast tried me, and shalt find nothing; I have purposed that my mouth shall not transgress.
World English Bible (WEB) You have proved my heart; you have visited me in the night; You have tried me, and found nothing; I have resolved that my mouth shall not disobey.
Young's Literal Translation (YLT) Thou hast proved my heart, Thou hast inspected by night, Thou hast tried me, Thou findest nothing; My thoughts pass not over my mouth.
Cross Reference 1 Samuel 24:10 in Assamese 10 আপুনি আজি নিজ চকুৰে দেখিছে যে, আজি এই গুহাৰ ভিতৰত যিহোৱাই আপোনাক মোৰ হাতত সমৰ্পণ কৰিছিল। কিছুমান লোকে মোক আপোনাক বধ কৰিবলৈ কৈছিল কিন্তু মই আপোনালৈ কৃপাদৃষ্টি কৰিলোঁ। মই ক’লোঁ, “মই নিজ প্ৰভুৰ বিৰুদ্ধে মোৰ হাত নাদাঙিম; কাৰণ তেওঁ যিহোৱাৰ অভিষিক্ত লোক।”
1 Samuel 24:12 in Assamese 12 যিহোৱাই মোৰ আৰু আপোনাৰ মাজত বিচাৰ কৰিব, আৰু যিহোৱাই মোৰ কাৰণে আপোনাৰ ওপৰত প্ৰতিকাৰ সাধিব; কিন্তু মোৰ হাত আপোনাৰ বিৰুদ্ধে নহ’ব।
1 Samuel 26:11 in Assamese 11 মই যে যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙিম, যিহোৱাই মোৰ পৰা এনে কাৰ্য দূৰ কৰক; কিন্তু মই বিনয় কৰোঁ, তুমি এতিয়া গৈ, তেওঁৰ মূৰ-শিতানৰ ওচৰত থকা যাঠি আৰু জলপাত্ৰটো লৈ আহাঁ, তাৰ পাছত আমি গুচি যাম।”
1 Samuel 26:23 in Assamese 23 যিহোৱাই প্ৰতিজনক তাৰ ধাৰ্ম্মিকতা আৰু বিশ্বস্ততা অনুসাৰে প্ৰতিফল দিব; কিয়নো যিহোৱাই আজি আপোনাক মোৰ হাতত শোধাই দিছিল, কিন্তু মই যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙিবলৈ সন্মত নহ’লোঁ।
Job 23:10 in Assamese 10 কিন্তু মই যি পথ ধৰিছোঁ, তাক তেওঁ জানে; তেওঁ মোক পৰীক্ষা কৰা হলে, মই সোণৰ দৰে ওলালোহেঁতেন।
Job 24:14 in Assamese 14 নৰবধীয়ে দোকমোকালিতে উঠে; সি দুখী-দৰিদ্ৰক মাৰি পেলাই; আৰু ৰাতি সি চোৰৰ নিচিনা হয়।
Psalm 7:4 in Assamese 4 যদি মোৰ বন্ধুৰ প্রতি মই অপকাৰ কৰি আছো, বা বিনা কাৰণতে মই মোৰ শত্রুৰ পৰা কিবা বস্তু লৈছো,
Psalm 11:5 in Assamese 5 যিহোৱাই ধার্মিক আৰু দুষ্ট সকলোকে পৰীক্ষা কৰে; কিন্তু যিসকল দুষ্ট, অত্যাচাৰপ্রিয়, তেনেলোকক তেওঁ ঘৃণা কৰে।
Psalm 16:7 in Assamese 7 যি জনাই মোক সুবুদ্ধি দিয়ে, মই সেই যিহোৱাৰ ধন্যবাদ কৰিম; ৰাতিও মোৰ হৃদয়ে মোক শিক্ষা দিয়ে।
Psalm 26:2 in Assamese 2 হে যিহোৱা, তুমি মোক পৰীক্ষা কৰি মোৰ শুদ্ধতাৰ প্রমাণ চোৱা; মোৰ হৃদয় আৰু মনক খপি চোৱা।
Psalm 39:1 in Assamese 1 মই কৈছিলোঁ, “মই মোৰ পথত সাৱধানে চলিম; যাতে মোৰ জিভাৰে মই পাপ নকৰোঁ; যেতিয়ালৈকে দুষ্টতা মোৰ আগত থাকে, তেতিয়ালৈকে মূৰ মুখত সোপা দি ৰাখিম।”
Psalm 44:17 in Assamese 17 আমালৈ এই সকলো ঘটিল; তথাপি আমি তোমাক পাহৰা নাই, অথবা তোমাৰ ব্যৱস্থাৰ বিষয়ে বিশ্বাস-ঘাতকতা কৰা নাই ।
Psalm 66:10 in Assamese 10 কিয়নো, হে ঈশ্বৰ, তুমি আমাক পৰীক্ষা কৰিলা, ৰূপ খপাৰ দৰে আমাক পৰিক্ষা কৰিলা ।
Psalm 119:106 in Assamese 106 তোমাৰ ধাৰ্ম্মিকতাযুক্ত শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ মই শপত খালোঁ, আৰু স্থিৰ কৰিলোঁ।
Psalm 139:1 in Assamese 1 হে যিহোৱা, তুমি মোৰ বুজ বিচাৰ ল’লা আৰু মোক জানিলা।
Proverbs 13:3 in Assamese 3 যিজনে নিজৰ মুখ চম্ভালে, তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে; কিন্তু যিজনে মুখ বহলকৈ মেলে, তেওঁৰ সৰ্ব্বনাশ হয়।
Jeremiah 50:20 in Assamese 20 যিহোৱাই কৈছে, সেই দিনত আৰু সেই কালত ইস্ৰায়েলৰ অপৰাধ বিচাৰ কৰা যাব, কিন্তু একো পোৱা নাযাব, আৰু যিহূদাৰ পাপবোৰ বিচাৰ কৰা হ’ব, কিন্তু সেইবোৰ পোৱা নাযাব; কিয়নো মই অৱশিষ্ট ৰখাবোৰক ক্ষমা কৰিম।
Hosea 7:6 in Assamese 6 কিয়নো এক তন্দুৰৰ দৰে প্রজ্বলিত হৃদয়েৰে সৈতে, তেওঁলোকে নিজৰ ভিতৰতে ছলনাৰ পৰিকল্পনা কৰে; ওৰে ৰাতি তেওঁলোকৰ খং ধূমায়িত হৈ থাকে; ৰাতিপুৱা সেই খঙ এক জ্বলন্ত অগ্নিশিখাৰ দৰে প্রখৰতাৰে জ্বলি উঠে।
Micah 2:1 in Assamese 1 যিবোৰে নিজৰ নিজৰ শয্যাত অধৰ্ম কল্পনা কৰে, আৰু কুকৰ্ম চিন্তা কৰে, তেওঁলোকৰ সন্তাপ হ’ব। ৰাতিপুৱাৰ পোহৰত তেওঁলোকে এইবোৰ কৰে; কাৰণ তেওঁলোকৰ ক্ষমতা আছে।
Zechariah 13:9 in Assamese 9 আৰু সেই তৃতীয় ভাগক মই জুইত সুমুৱাই, ৰূপ খপাৰ দৰে খপিম আৰু সোণ পৰীক্ষা কৰাৰ দৰেপৰীক্ষা কৰিম। তেওঁলোকে মোৰ নামেৰে প্ৰাৰ্থনা কৰিব, আৰু মই তেওঁলোকক উত্তৰ দি ক’ম, ‘এয়ে মোৰ প্ৰজা!’ আৰু তেওঁলোকে ক’ব, ‘যিহোৱা মোৰ ঈশ্বৰ’।”
Malachi 3:2 in Assamese 2 কিন্তু তেওঁৰ আগমনৰ দিন কোনে সহিব পাৰিব? তেওঁ উপস্থিত হ’লে কোনে থিয় হৈ থিৰেৰে থাকিব পাৰিব? কিয়নো তেওঁ শোধন কৰা একুৰা জুইৰ তুল্য আৰু ধোবাৰ চাবোনৰ তুল্য।
Acts 11:23 in Assamese 23 তেওঁ তাত উপস্থিত হৈ, ঈশ্বৰৰ অনুগ্ৰহ দেখি আনন্দিত হ’ল; আৰু হৃদয়ৰ আগ্ৰহেৰে প্ৰভুত বিশ্বাসযোগ্য হৈ থাকিবলৈ সকলোকে উদগালে৷
Acts 16:9 in Assamese 9 তাতে নিশা পৌলে এটা দর্শন দেখিলে যে, এজন মাকিদনিয়া মানুহে থিয় হৈ তেওঁক মিনতি কৰি কৈছে, “মাকিদনিয়ালৈ আহি আমাক সহায় কৰা।”
Acts 18:9 in Assamese 9 প্ৰভুৱে ৰাতি পৌলক দৰ্শন দি ক’লে, “তুমি ভয় নকৰিবা, মনে মনে নাথাকি, প্ৰচাৰ কৰা;
1 Corinthians 4:4 in Assamese 4 কিয়নো মই মোৰ নিজৰ বিৰুদ্ধে থকা একো অভিযোগৰ বিষয়ে নাজানো। কিন্তু তাৰ অর্থ এয়ে নহয় যে, মই নির্দোষী বুলি প্ৰমাণিত; কাৰণ যি জনে মোৰ সোধ-বিচাৰ কৰে, তেওঁ প্রভু।
2 Corinthians 1:12 in Assamese 12 এতিয়া আমাৰ শ্লাঘা এয়ে যে, আমাৰ বিবেকে সাক্ষ্য দিয়ে, মাংসিক জ্ঞানেৰে নহয়, কিন্তু ঈশ্বৰৰ অনুগ্ৰহেৰে জগতলৈ, এনে কি, অধিক পৰিমাণে আপোনালোকলৈ ঈশ্বৰে দিয়া পবিত্ৰতা আৰু অকপটতাৰে সৈতে আমি আচৰণ কৰিলোঁ।
James 3:2 in Assamese 2 কিয়নো আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ। কোনো লোক এজনে যদি বাক্যত ত্ৰুটি নকৰে, তেওঁহে সিদ্ধ লোক, আনকি নিজ শৰীৰকো সম্পূর্ণৰূপে দমন কৰিবলৈ সেই জন সমৰ্থ।
1 Peter 1:7 in Assamese 7 অাপোনালোকৰ এই বিশ্বাস সঁচাকৈ পৰীক্ষাসিদ্ধ হ’ব লাগে, কিয়নো আপোনালোকৰ বিশ্ৱাস সোণতকৈও মূল্যবান। বিশ্ৱাসৰ পৰীক্ষাত যদি আপোনালোকৰ বিশ্ৱাস অটল দেখা যায়, তেনেহলে যীচু খ্ৰীষ্টৰ পুনৰাগমনৰ সময়ত অাপোনালোকে কিমান গৌৰৱ, প্ৰশংসা, মৰ্যদা পাব৷