Psalm 15:5 in Assamese 5 যি জনে সুদ নলোৱাকৈ ধাৰ দিয়ে, আৰু ভেঁটি লৈ নিৰ্দোষীৰ ক্ষতি নকৰে। যি সকলে এইবোৰ কৰ্ম কৰে, তেওঁলোক সকলো সময়তে স্থিৰে থাকিব।
Other Translations King James Version (KJV) He that putteth not out his money to usury, nor taketh reward against the innocent. He that doeth these things shall never be moved.
American Standard Version (ASV) He that putteth not out his money to interest, Nor taketh reward against the innocent. He that doeth these things shall never be moved. Psalm 16 Michtam of David.
Bible in Basic English (BBE) He who does not put out his money at interest, or for payment give false decisions against men who have done no wrong. He who does these things will never be moved.
Darby English Bible (DBY) [He that] putteth not out his money to usury, nor taketh reward against the innocent. He that doeth these [things] shall never be moved.
Webster's Bible (WBT) He that putteth not out his money to usury, nor taketh reward against the innocent. He that doeth these things shall never be moved.
World English Bible (WEB) He who doesn't lend out his money for usury, Nor take a bribe against the innocent. He who does these things shall never be shaken.
Young's Literal Translation (YLT) His silver he hath not given in usury, And a bribe against the innocent Hath not taken; Whoso is doing these is not moved to the age!
Cross Reference Exodus 22:25 in Assamese 25 তোমালোকে যদি মোৰ লোকসকলৰ মাজত থকা কোনো দৰিদ্ৰ লোকক ধন ধাৰে দিয়া, তেনেহ’লে তোমালোকে সুতলৈ ধাৰ দিয়া অথবা সুত আদায় কৰা লোকৰ দৰে নহ’বা।
Exodus 23:7 in Assamese 7 মিছা অভিযোগ দিওঁতে আনলোকৰ সৈতে সহযোগ নকৰিবা, নিৰ্দ্দোষী বা ধাৰ্ম্মিক লোকক হত্যা নকৰিবা; কাৰণ মই দুষ্টলোকক নিৰ্দ্দোষী নকৰিম।
Leviticus 25:35 in Assamese 35 আৰু তোমাৰ লগৰ নিবাসী যদি দুখীয়া হয়, আৰু নিজৰ কাৰণে একোকে যুগুত কৰিব নোৱাৰে তেন্তে তেওঁক বিদেশী আৰু প্ৰবাসীৰ নিচিনাকৈ তোমাৰ লগত জীৱন-ধাৰণ কৰিবলৈ সহায় কৰিবা;
Deuteronomy 16:19 in Assamese 19 আপুনি বলপুর্বক অন্যায় বিচাৰ নকৰিব, আৰু কাৰো মুখলৈ নাচাব; আৰু কাৰো পৰা ভেঁটি নল’ব, কিয়নো ভেঁটিয়ে জ্ঞানীসকলৰ চকু অন্ধ কৰে, আৰু ধাৰ্ম্মিকৰ কথা ওলোটাই।
Deuteronomy 23:19 in Assamese 19 আপোনালোকে কোনো ইস্রায়েলীয়া ভাইক সুদ লৈ ধাৰ নিদিব - সেই সুদ ধনৰ ওপৰতে হওঁক বা খোৱা-বস্তুৰ ওপৰতে হওঁক নাইবা অন্য যি কোনো বস্তুৰ ওপৰতে হওঁক।
Nehemiah 5:2 in Assamese 2 তেওঁলোকৰ মাজৰ কিছুমানে ক’লে, “আমি আমাৰ ল’ৰা-ছোৱালীৰ সৈতে বহুতো আছোঁ। সেয়ে আমি খাই জীয়াই থাকিবলৈ আমাক শস্য লাগে।”
Nehemiah 5:7 in Assamese 7 তাৰ পাছত মই এই বিষয়ে চিন্তা কৰিলোঁ, আৰু প্ৰধান লোকসকল আৰু কৰ্মচাৰী সকলৰ বিৰুদ্ধে অভিযোগ আনিলোঁ। মই তেওঁলোকক ক’লো, “আপোনালোকে প্ৰতিজনে নিজৰ নিজৰ ভাইৰ পৰা সূত বেছিকৈ দাবী কৰি লৈছে।” মই তেওঁলোকৰ বিৰুদ্ধে মহাসভা পাতিলোঁ,
Psalm 16:8 in Assamese 8 মই যিহোৱাক সদায় মোৰ সন্মূখত ৰাখোঁ; তেওঁ মোৰ সোঁহাতে থকাত মই অস্থিৰ নহম।
Psalm 55:22 in Assamese 22 যিহোৱাত তোমাৰ সকলো চিন্তাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব; তেওঁ ধার্মিকলোকক কেতিয়াও পৰিবলৈ নিদিয়ে।
Psalm 106:3 in Assamese 3 ধন্য সেইসকল, যি সকলে ন্যায় কার্য কৰে আৰু সকলো সময়তে ধৰ্ম্মাচৰণ কৰে।
Psalm 112:6 in Assamese 6 কাৰণ ধার্মিক লোকত কেতিয়াও লৰচৰ নহ’ব; ধাৰ্ম্মিক লোকক মানুহে চিৰকাল সোঁৱৰণ কৰিব।
Proverbs 12:3 in Assamese 3 কোনো লোক দুষ্টতাৰ দ্বাৰাই সংস্থাপিত নহয়; কিন্তু সত্যতাত চলা জনৰ মুল লৰচৰ নহব।
Isaiah 33:15 in Assamese 15 যি জনে ধাৰ্মিকতাৰ পথত চলে, আৰু ন্যায় কথা কয়, যি জনে অত্যাচাৰ কৰি পোৱা লাভ ঘিণ কৰে, যি জনে ভেটি ল’বলৈ অস্বীকাৰ কৰে, যি জনে চৰম অপৰাধৰ আচনি নকৰে, আৰু কুকৰ্মলৈ চকু নিদিয়ে।
Ezekiel 18:8 in Assamese 8 তেওঁ যদি সুতলৈ ধাৰ নিদিয়ে বা তাক বঢ়াই নিদিয়ে - বা অন্যায়ৰ পৰা নিজ হাত কোঁচায়, মানুহৰ মাজত সত্য বিচাৰ কৰি, মোৰ বিধি বোৰত চ’লে,
Ezekiel 18:17 in Assamese 17 সি যদি দুখীয়াক উপদ্ৰৱ কৰাৰ পৰা নিজৰ হাত কোঁচায়, সুত বা অনুচিত লাভ নলয়; মোৰ শাসন-প্ৰণালীবোৰ পালন কৰে আৰু মোৰ বিধিবোৰত চ’লে, তেন্তে সেই পুত্রই নিজৰ পিতৃৰ পাপবোৰৰ কাৰণে নমৰিব। তেওঁ অৱশ্যে জীয়াই থাকিব!
Ezekiel 18:27 in Assamese 27 কিন্তু যেতিয়া দুষ্ট লোকজনে যদি তেওঁ কৰা দুষ্কৰ্ম্মৰ পৰা ঘূৰি উচিত আৰু ন্যায় কাৰ্য কৰে, তেন্তে তেওঁ নিজ প্ৰাণ জীয়াই ৰাখিব!
Ezekiel 22:12 in Assamese 12 ৰক্তপাত কৰিবলৈ তোমাৰ মাজত লোকে ভেঁটি লয়। তুমি সুত আৰু বাঢ়ি লওঁতা আৰু তুমি লোভ কৰি অত্যাচাৰৰ দ্বাৰাই তোমাৰ ওচৰ-চুবুৰীয়াৰ পৰা লাভ কৰিছা, কিন্তু মোক হ’লে পাহৰিছা।” ইয়াক প্ৰভু যিহোৱাই কৈছে।
Micah 7:3 in Assamese 3 অনিষ্ট কাৰ্য কৰিবলৈ তেওঁলোকৰ হাত পাৰ্গত; শাসনকৰ্ত্তাই ধন খোজে, বিচাৰকৰ্ত্তাই উৎকোচ ল’বলৈ প্রস্তুত থাকে, আৰু প্রভাৱশালী লোকে যি পাবলৈ ইচ্ছা কৰে, তাক আনৰ আগত কয়; সেয়ে তেওঁলোকে একেলগে পৰিকল্পনা কৰে।
Matthew 7:21 in Assamese 21 যি সকলে মোক ‘প্ৰভু প্ৰভু’ বোলে, তেওঁলোক সকলোৱে যে স্বৰ্গৰাজ্যত সোমাব, এনে নহয়; কিন্তু যি জনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে, সেইজনেহে সোমাব।
Matthew 26:15 in Assamese 15 আৰু ক’লে “মই আপোনালোকৰ হাতত তেওঁক শোধাই দিলে, মোক কি দিবলৈ ইচ্ছা কৰে”? তেতিয়া তেওঁলোকে তেওঁক ত্ৰিশ টা ৰূপৰ মুদ্ৰা দিম বুলি ক’লে৷
Matthew 27:3 in Assamese 3 তেতিয়া তেওঁক শত্ৰুৰ হাতত অৰ্পণ কৰা যিহুদাই তেওঁক দোষী কৰি দণ্ডাজ্ঞা দিয়া দেখি মনত অনুতপ্ত হৈ খেদ পাই প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলক সেই ত্ৰিশ টা ৰূপৰ মুদ্ৰা ওভোতাই দিলে;
John 13:17 in Assamese 17 তোমালোকে এই সকলোবোৰ পালন কৰা; এইবোৰ পালন কৰিলে, তোমালোক আশীৰ্বাদৰ ভাগী হ’বা।
James 1:22 in Assamese 22 কেৱল শুনোতা হৈ নিজক নুভুলাব, কিন্তু বাক্য পালন কৰোঁতা হওক।
2 Peter 1:10 in Assamese 10 এতেকে ভাই সকল, ঈশ্বৰে যে আপোনালোকক আমন্ত্রণ আৰু মনোনীত কৰিছে, সেই বিষয়ে আপোনালোকে নিজে নিশ্চিত হ’বৰ কাৰণে অধিক যত্ন কৰক। এইবোৰ কৰিলে, আপোনালোকে উজুটি নাখাব।