Psalm 14:1 in Assamese 1 এজন অজ্ঞানীয়ে, তেওঁৰ অন্তৰত কয়, “ঈশ্বৰ বুলি কোনো নাই।” তেওঁলোক ভ্রষ্ট হৈছে, তেওঁলোকে ঘৃণনীয় কার্যবোৰ কৰে; তেওঁলোকৰ মাজত সৎ কার্য কৰোঁতা কোনো নাই;
Other Translations King James Version (KJV) The fool hath said in his heart, There is no God. They are corrupt, they have done abominable works, there is none that doeth good.
American Standard Version (ASV) The fool hath said in his heart, There is no God. They are corrupt, they have done abominable works; There is none that doeth good.
Bible in Basic English (BBE) <To the chief music-maker. Of David.> The foolish man has said in his heart, God will not do anything. They are unclean, they have done evil works; there is not one who does good.
Darby English Bible (DBY) {To the chief Musician. [A Psalm] of David.} The fool hath said in his heart, There is no God. They have corrupted themselves, they have done abominable works: there is none that doeth good.
Webster's Bible (WBT) To the chief Musician, A Psalm of David. The fool hath said in his heart, There is no God. They are corrupt, they have done abominable works, there is none that doeth good.
World English Bible (WEB) > The fool has said in his heart, "There is no God." They are corrupt. They have done abominable works. There is none who does good.
Young's Literal Translation (YLT) To the Overseer. -- By David. A fool hath said in his heart, `God is not;' They have done corruptly, They have done abominable actions, There is not a doer of good.
Cross Reference Genesis 6:5 in Assamese 5 যিহোৱাই দেখিলে যে, পৃথিবীত মানুহৰ দুষ্টতা অধিককৈ বৃদ্ধি পাইছে আৰু তেওঁলোকৰ হৃদয়ৰ সকলো ভাৱ-চিন্তা সকলো সময়তে কেৱল মন্দতাৰ ফালে যায়।
Genesis 6:11 in Assamese 11 সেই কালত ঈশ্বৰৰ দৃষ্টিত গোটেই পৃথিবী দুর্নীতি আৰু হিংসাৰে পৰিপূৰ্ণ হৈ পৰিছিল।
1 Samuel 25:25 in Assamese 25 মোৰ প্ৰভুৱে সেই দুৰ্জন মানুহ নাবলৰ কথা গণ্য নকৰিব, কাৰণ তেওঁৰ নাম যেনে, তেৱোঁ তেনেকুৱাই; তেওঁৰ নাম নাবল (মূৰ্খ), আৰু মূৰ্খতা তেওঁত আছে। কিন্তু মোৰ প্ৰভুৱে পঠোৱা সেই যুৱকসকলক আপোনাৰ এই দাসীয়ে দেখা নাছিল।
Job 15:16 in Assamese 16 তেনেহলে কেনেকৈ ঘৃণনীয় আৰু দুর্নীতিগ্ৰস্ত, জলৰ দৰে অপৰাধ পান কৰোতাই কিমান কম পৰিমানে শুচি হ’ব পাৰে।
Job 22:13 in Assamese 13 তুমি কৈছা, “ঈশ্বৰে কি জানে? ঘন মেঘৰ মাজেদি তেওঁ জানো বিচাৰ কৰিব পাৰে?
Psalm 10:4 in Assamese 4 দুষ্টলোকে নিজৰ সমর্থনত গৰ্ব্ব কৰি কয়; “ঈশ্বৰে ইয়াক বিচাৰি নাপাব;” তেওঁলোকৰ চিন্তাবোৰ এয়ে যে “ঈশ্বৰ বুলি কোনো নাই।”
Psalm 36:1 in Assamese 1 পাপে দুষ্টলোকৰ হৃদয়ৰ গভীৰতাত থাকি কথা কয়; দুষ্টলোকৰ চকুৰ আগত ঈশ্বৰৰ প্রতি ভয় নাই।
Psalm 52:1 in Assamese 1 হে বীৰ, তুমি দুষ্কৰ্ম্মত কিয় গৰ্ব্ব কৰিছা? ঈশ্বৰৰ দয়া চিৰকাললৈকে থাকে।
Psalm 53:1 in Assamese 1 নির্বোধে নিজৰ মনতে ক’লে, “ঈশ্বৰ বুলি কোনো নাই।” তেওঁলোকৰ স্বভাৱ দুর্নীতিগ্রস্ত; তেওঁলোকে জঘন্য কার্য কৰে; তেওঁলোকৰ মাজত এজনো সৎকৰ্ম কৰা লোক নাই।
Psalm 73:3 in Assamese 3 তেতিয়া অহঙ্কাৰী লোকলৈ মোৰ অসূয়া জন্মিছিল; মই দুষ্টবোৰক বৰ সুখত থকা দেখিছিলোঁ।
Psalm 92:6 in Assamese 6 নির্বোধ লোকে নাজানে, বিবেকহীন লোকে এই সকলোবোৰ বুজি নাপায়;
Psalm 94:4 in Assamese 4 তেওঁলোকৰ মুখৰ পৰা দাম্ভিক কথাবোৰ বাহিৰ হৈ আহে; সকলো দুষ্টলোকে গৰ্ব্ব কৰে।
Psalm 107:17 in Assamese 17 যি সকল নির্বোধ, তেওঁলোকে নিজৰ বিদ্রোহৰ কাৰণে আৰু অপৰাধৰ কাৰণে যাতনা ভোগিলে।
Proverbs 1:7 in Assamese 7 যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ- অজ্ঞানীলোকে প্রজ্ঞা আৰু অনুশাসন হেয়জ্ঞান কৰে।
Proverbs 1:22 in Assamese 22 “হে প্রজ্ঞা নথকা লোকসকল, কিমান দিন তোমালোকে নুবুজা কথাবোৰ ভাল পাই থাকিবা? হে নিন্দকসকল কিমান দিন তোমালোকে নিন্দা কৰি সন্তুষ্ট হবা? আৰু হে অজ্ঞানীসকল কিমান দিন জ্ঞানক ঘিণ কৰিবা?
Proverbs 13:19 in Assamese 19 বাঞ্ছা সিদ্ধিয়ে আত্মা সন্তুষ্টি দিয়ে; কিন্তু অজ্ঞানীলোকে বেয়াৰ পৰা আঁতৰি আহিবলৈ ইচ্ছা নকৰে।
Proverbs 27:22 in Assamese 22 যদিও তুমি অজ্ঞানীক ঘেঁহু ধানৰ সৈতে খুন্দা, তথাপিও তেওঁৰ অজ্ঞানতা দূৰ নহ’ব।
Isaiah 1:4 in Assamese 4 হায় হায় পাপী জাতি, আৰু অপৰাধত ভাৰাগ্ৰস্ত লোক, কুকৰ্ম কৰাসকলৰ বংশধৰ, হে ভ্ৰষ্টতাৰে কাৰ্য কৰা সন্তানসকল! তেওঁলোকে যিহোৱাক ত্যাগ কৰিলে, তেওঁলোক ইস্ৰায়েলৰ পবিত্ৰ জনাক হেয়জ্ঞান কৰিলে; তেওঁলোক নিজকে তেওঁৰ পৰা বিছিন্ন কৰিলে।
Matthew 12:34 in Assamese 34 বিষক্ত সৰ্পৰ বংশধৰ সকল! নিজে বেয়া হৈ কেনেকৈ আপোনালোকে ভাল কথা ক’ব পাৰিব? মানুহৰ মন যি কথাৰে পূর্ণ থাকে, মুখে সেই কথাকে কয়।
Matthew 15:19 in Assamese 19 কিয়নো মানুহৰ মনৰ পৰাই সকলো কুচিন্তা, নৰ-বধ, ব্যভিচাৰ, যৌনপাপ, চুৰি, মিছা সাক্ষ্য আৰু নিন্দা এইবোৰ ওলায়।
Luke 12:20 in Assamese 20 কিন্তু ঈশ্বৰে তেওঁক ক’লে, ‘হে নির্ব্বোধ লোক, আজি ৰাতি তোমাৰ প্ৰাণ নিয়া হ’ব৷ তাতে যিবোৰ বস্তু যুগুত কৰি থ’লা, সেইবোৰ কাৰ হ’ব’?
John 3:19 in Assamese 19 সোধ-বিচাৰৰ কাৰণ এয়ে যে, জগতলৈ পোহৰ আহিল, কিন্তু মানুহে পোহৰতকৈ আন্ধাৰক অধিক প্ৰেম কৰিলে; কাৰণ তেওঁলোকৰ কৰ্ম মন্দ আছিল।
Romans 1:21 in Assamese 21 কিয়নো ঈশ্বৰৰ বিষয়ে জানিও, তেওঁক ঈশ্বৰ বুলি তেওঁলোকে স্তুতি বা ধন্যবাদো নকৰিলে; কিন্তু নিজৰ তৰ্ক-বিতৰ্কত অজ্ঞানী হ’ল আৰু তেওঁলোকৰ অবোধ হৃদয় অন্ধকাৰময় হ’ল।
Romans 3:10 in Assamese 10 এই বিষয়ে লিখাও আছে, ‘ধাৰ্মিক কোনো নাই; এজনো নাই৷
Ephesians 2:1 in Assamese 1 পূর্বতে আপোনালোক নিজ অপৰাধ আৰু পাপবোৰত মৰি আছিল।
Ephesians 2:12 in Assamese 12 সেই সময়ত আপোনালোক খ্রীষ্টৰ পৰা পৃথক হৈ আছিল; আপোনালোক ইস্ৰায়েলৰ নাগৰিক নাছিল; প্ৰতিজ্ঞাযুক্ত বিধান সমূহৰ লগত আপোনালোকৰ কোনো সম্বন্ধ নাছিল; আপোনালোকৰ আশা নাছিল; এই জগতত আপোনালোক ঈশ্বৰবিহীন আছিল।
Titus 1:16 in Assamese 16 ঈশ্বৰক জানো বুলি তেওঁলোকে মুখেৰে স্বীকাৰ কৰে, কিন্তু কার্যত অস্বীকাৰ কৰে৷ তেওঁলোক ঘিণলগীয়া, আজ্ঞা নমনা আৰু সকলো সৎ কর্মৰ বাবে অনুপযোগী।
Titus 3:3 in Assamese 3 কিয়নো পূর্বে আমিও নির্ব্বোধ, আজ্ঞা নমনা, ভ্ৰান্ত, নানা বিধ অভিলাষ আৰু সুখভোগৰ সেৱাকর্ম কৰা, হিংসা আৰু ঈৰ্ষাত কাল নিওৱা, ঘৃণনীয় আৰু পৰস্পৰে ঘৃণাকাৰী আছিলোঁ।
Revelation 21:8 in Assamese 8 কিন্তু যি সকল ভয়াতুৰ, অবিশ্বাসী, ঘিণলগীয়া, নৰবধী, ব্যভিচাৰী, মায়াবী, মূৰ্তিপূজক আৰু সকলো মিছলীয়া সকলে, জ্বলি থকা গন্ধক আৰু জুইৰ সৰোবৰত নিজ নিজ ভাগ পাব৷ সেয়াই দ্বিতীয় মৃত্যু।”