Psalm 138:7 in Assamese 7 যেতিয়া মই মই সঙ্কটৰ মাজেদি গমন কৰোঁ, তেতিয়া তুমি মোৰ প্রাণ ৰক্ষা কৰিবা; তুমি মোৰ শত্ৰুবোৰৰ ক্ৰোধৰ অহিতে তোমাৰ হাত মেলিবা আৰু তোমাৰ সোঁ হাতেৰে মোক উদ্ধাৰ কৰিবা।
Other Translations King James Version (KJV) Though I walk in the midst of trouble, thou wilt revive me: thou shalt stretch forth thine hand against the wrath of mine enemies, and thy right hand shall save me.
American Standard Version (ASV) Though I walk in the midst of trouble, thou wilt revive me; Thou wilt stretch forth thy hand against the wrath of mine enemies, And thy right hand will save me.
Bible in Basic English (BBE) Even when trouble is round me, you will give me life; your hand will be stretched out against the wrath of my haters, and your right hand will be my salvation.
Darby English Bible (DBY) Though I walk in the midst of trouble, thou wilt revive me: thou wilt stretch forth thy hand against the anger of mine enemies, and thy right hand shall save me.
World English Bible (WEB) Though I walk in the midst of trouble, you will revive me. You will stretch forth your hand against the wrath of my enemies. Your right hand will save me.
Young's Literal Translation (YLT) If I walk in the midst of distress Thou quickenest me, Against the anger of mine enemies Thou sendest forth Thy hand, And Thy right hand doth save me.
Cross Reference Job 13:15 in Assamese 15 চোৱা, তেওঁ মোক বধ কৰিব, মই তেওঁলৈ অপেক্ষা কৰি থাকিম; তথাপি তেওঁৰ আগত মোৰ আচৰণৰ নিৰ্দ্দোষীতা প্ৰমাণ কৰিম।
Job 19:25 in Assamese 25 কিন্তু মই হ’লে জানো, মোৰ মুক্তিদাতা জীয়াই আছে, শেষত তেওঁ পৃথিৱীৰ ওপৰত উঠি থিয় হ’ব।
Psalm 17:7 in Assamese 7 তোমাৰ গভীৰ প্রেম, আশ্চর্যভাৱে প্রকাশ কৰা; হে ত্রাণকর্তা, শত্রুৰ হাতৰ পৰা ৰক্ষা পাবৰ কাৰণে যি সকলে তোমাত আশ্ৰয় লয়, তুমি তেওঁলোকক তোমাৰ সোঁ-হাতেৰে ৰক্ষা কৰা।
Psalm 18:35 in Assamese 35 তুমি তোমাৰ পৰিত্ৰাণৰ ঢাল মোক দিলা; তোমাৰ সোঁহাতে মোক ধৰি ৰাখিছে; তোমাৰ সাহার্যৰ কোমলতাই মোক মহান কৰিছে।
Psalm 20:6 in Assamese 6 এতিয়া মই জানো, যিহোৱাই তেওঁৰ অভিষিক্ত জনক সহায় কৰিব, তেওঁৰ সোঁ হাতৰ বিজয়সূচক পৰিত্রাণৰে সৈতে, তেওঁ নিজৰ পবিত্ৰ স্বৰ্গৰ পৰা অভিষিক্ত জনাৰ মাতত উত্তৰ দিব।
Psalm 23:3 in Assamese 3 তেওঁ মোৰ প্ৰাণ পুনৰায় সুস্থ কৰে; নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্ম্মপথত চলায়।
Psalm 35:1 in Assamese 1 হে যিহোৱা, যিসকলে মোৰে সৈতে বিবাদ কৰে, তুমিও তেওঁলোকৰে সৈতে বিবাদ কৰা; যিসকলে মোৰ বিৰুদ্ধে যুদ্ধ কৰে, তুমিও তেওঁলোকৰে বিৰুদ্ধে যুদ্ধ কৰা।
Psalm 41:7 in Assamese 7 মোক ঘৃণা কৰা সকলোৱে একেলগে মিলি মোৰ বিৰুদ্ধে ফুচফুচায়; তেওঁলোকে মোৰ অনিষ্ট চিন্তা কৰে।
Psalm 44:3 in Assamese 3 তেওঁলোকে নিজৰ তৰোৱালৰ দ্বাৰাই সেই দেশ অধিকাৰ কৰা নাছিল, নিজৰ বাহুৰ শক্তিত জয়লাভ কৰা নাছিল; কিন্তু তোমাৰ সোঁ হাত, তোমাৰ বাহু, আৰু তোমাৰ মুখৰ দীপ্তিয়েহে তাক কৰিছিল; কিয়নো আমাৰ লোকসকলৰ ওপৰত তোমাৰ অনুগ্ৰহ আছিল।
Psalm 44:5 in Assamese 5 আমাৰ শত্রুবোৰক আমি তোমাৰ দ্বাৰায়েই তললৈ ঠেলি পঠাম; আমাৰ বিপক্ষে উঠাসকলক আমি তোমাৰ নামত ভৰিৰ তলত গছকিম ।
Psalm 56:1 in Assamese 1 হে ঈশ্বৰ, মোক কৃপা কৰা; কিয়নো মানুহে মোক গ্ৰাস কৰিবলৈ বিচাৰিছে; সি ওৰে দিনটো যুদ্ধ কৰি মোক উপদ্ৰৱ কৰিছে ।
Psalm 56:9 in Assamese 9 সেই দিনা, মই প্ৰাৰ্থনা কৰা কালত মোৰ শত্ৰুবোৰ বিমুখ হব; ঈশ্বৰ যে মোৰ ফলীয়া, তাক মই জানিছোঁ ।
Psalm 60:5 in Assamese 5 তাতে তোমাৰ প্ৰিয়সকলে উদ্ধাৰ পাব; তুমি তোমাৰ সোঁ হাতেৰে আমাক উদ্ধাৰ কৰা আৰু আমাক উত্তৰ দিয়া।
Psalm 64:7 in Assamese 7 কিন্তু ঈশ্বৰে তেওঁলোকক আহত কৰিব; অকস্মাতে কাঁড়ৰ দ্বাৰাই আঘাত কৰিব।
Psalm 66:10 in Assamese 10 কিয়নো, হে ঈশ্বৰ, তুমি আমাক পৰীক্ষা কৰিলা, ৰূপ খপাৰ দৰে আমাক পৰিক্ষা কৰিলা ।
Psalm 71:20 in Assamese 20 তুমি আমাক বিষম সঙ্কট দেখুৱাইছা, তুমি আকৌ আমাক পুনৰায় জীবিত কৰা; পৃথিবীৰ গভীৰতাৰ পৰা আমাক তুলি আনিবা।
Psalm 77:10 in Assamese 10 মই কলোঁ, “মোৰ এইটোৱে দুখ যে সৰ্ব্বোপৰি জনাৰ সোঁ হাত সলনি হৈছে।”
Psalm 85:6 in Assamese 6 তোমাৰ লোকসকলে যাতে তোমাত আনন্দ কৰিব পাৰে, তাৰবাবে তুমি জানো আমাক পুণৰায় জাগৰিত নকৰিবা?
Psalm 119:49 in Assamese 49 তোমাৰ এই দাসৰ আগত তুমি যি প্রতিজ্ঞা কৰিছিলা, তাক তুমি সোঁৱৰণ কৰা; তাৰ দ্বাৰায়েই তুমি মোক আশা দিছিলা।
Psalm 144:1 in Assamese 1 যিহোৱাৰ প্রশংসা হওঁক; তেওঁ মোৰ আশ্রয়-শিলা; তেওঁ মোৰ হাতক যুদ্ধ কৰিবলৈ শিকায়, মোৰ আঙুলিবোৰকো ৰণ কৰিবলৈ শিকায়।
Isaiah 5:25 in Assamese 25 এই হেতুকে নিজৰ লোকসকলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ প্ৰজলিত হ’ল, আৰু তেওঁলোকৰ বিৰুদ্ধে তেওঁ হাত মেলি তেওঁলোকক প্ৰহাৰ কৰিলে; তাতে পৰ্ব্বতবোৰ কঁপিল, আৰু বাটৰ মাজত তেওঁলোকৰ শৱবোৰ বাটৰ জাবৰৰ দ্বৰে হ’ল, কিন্তু এতিয়াও প্রহাৰ কৰিবলৈ তেওঁৰ হাত দাঙি আছে।
Isaiah 9:12 in Assamese 12 পূব দিশত অৰাম, আৰু পশ্চিম দিশত ফিলিষ্টীয়াসকল, তেওঁলোকে মুখ মেলি ইস্ৰায়েলক গ্ৰাস কৰিব। কাৰণ তেওঁলোকৰ ক্রোধ যিহোৱাই ক্ষান্ত নকৰিব; কিন্তু আঘাট কৰিবলৈ তেওঁলোকৰ হাত উদ্যত হৈ থাকিব।
Isaiah 9:17 in Assamese 17 প্ৰভুৱে সেই কাৰণে তেওঁলোকৰ যুবক সকলৰ ওপৰত আনন্দ নকৰিব, আৰু তেওঁলোকৰ পিতৃহীন আৰু বিধবাসকলক দয়া নকৰিব; কিয়নো তেওঁলোকৰ প্ৰত্যেক জনেই অধৰ্ম্মী আৰু কুকৰ্ম্মী, আৰু প্ৰত্যেকেই জ্ঞানহীন কথা কয়। এই সকলোৰ বাবে তেওঁৰ ক্ৰোধ শান্ত নহ’ব; কিন্তু তেওঁৰ হাত আঘাট কৰিবলৈ উদ্যত হৈ থাকিব।
Isaiah 9:21 in Assamese 21 মনচিয়ে ইফ্ৰয়িমক, আৰু ইফ্ৰয়িমে মনচিক ধ্বংস কৰিব, আৰু দুয়ো একেলগে যিহূদাক আক্ৰমণ কৰিব। এই সকলোৰ কাৰণে যিহোৱাৰ ক্ৰোধ শান্ত নহ’ব; কিন্তু আঘাতৰ বাবে তেওঁৰ হাত উদ্যত হৈ থাকিব।
Isaiah 10:4 in Assamese 4 একোৱেই অৱশিষ্ট নাথাকিব, আৰু তোমালোক বন্দীসকলৰ মাজত কুঁচিমুচি হৈ বহি থাকিবা বা মৃতলোকৰ মাজত থাকিবা। এই সকলোৰ বাবে যিহোৱাৰ ক্ৰোধ শান্ত নহ’ব; কিন্তু তেওঁৰ হাত তেতিয়াও উদ্যত হৈ আছে।
Isaiah 41:10 in Assamese 10 ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।
Isaiah 57:16 in Assamese 16 কাৰণ মই সদায় অভিযোগ নকৰিম, নাইবা চিৰকাললৈকে মই ক্ৰোধ কৰি নাথাকিম; কিয়নো তেনে কৰিলে, মই নিৰ্মাণ কৰা জীবন, মানুহৰ আত্মা মোৰ আগত মূৰ্চ্ছিত হ’ব।
Jeremiah 51:25 in Assamese 25 যিহোৱাই কৈছে, হে সমস্ত পৃথিৱী বিনষ্ট কৰোঁতা বিনাশক পৰ্ব্বত, মই তোমাৰ বিপক্ষ, মই তোমাৰ ওপৰলৈ মোৰ হাত মেলি শিলবোৰৰ পৰা তোমাক বগৰাম, আৰু তোমাক জ্বলি যোৱা পৰ্ব্বত কৰিম।
Micah 7:8 in Assamese 8 হে মোৰ শত্রু, মোৰ অহিতে আনন্দ নকৰিবা; মই পৰি যোৱাৰ পাছত, পুনৰ উঠিম, মই যেতিয়া অন্ধকাৰত বহোঁ, তেতিয়া যিহোৱা মোৰ বাবে পোহৰ হয়।
Acts 2:33 in Assamese 33 এতেকে উত্তোলিত হৈ তেওঁ ঈশ্বৰৰ সোঁ হাতে ওখ পদ পালে আৰু পবিত্ৰ আত্মাৰ বিষয়ে পিতৃৰ পৰা প্ৰতিজ্ঞা পাই আপোনালোকে যি দেখিছে আৰু শুনি আছে, এইবোৰ তেওঁ বাকি দিলে৷