Psalm 134 in Assamese

1 হে যিহোৱাৰ দাসসকল, তোমালোক, যিসকলে যিহোৱাৰ গৃহত ৰাতি থিয় হৈ তেওঁৰ পৰিচর্যা কৰি থাকা, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা;

2 তোমালোকে পবিত্ৰস্থানৰ ফাললৈ নিজৰ নিজৰ হাত তুলি যিহোৱাৰ ধন্যবাদ কৰা।

3 যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰক।