Psalm 12 in Assamese

1 হে যিহোৱা সহায় কৰা; তোমাৰ ভক্তসকল নোহোৱা হ’ল; বিশ্বাসীসকল মনুষ্যৰ মাজৰ পৰা অদৃশ্য হৈ গ’ল।

2 মানুহে মানুহৰ ওচৰত মিছা কথা কয়; তেওঁলোকে তৈলমোদী ওঁঠ আৰু ছলনা ভৰা দুই মনৰ অন্তৰেৰে কথা কয়।

3 তেওঁলোকৰ তৈলমোদী ওঁঠ আৰু ভীষণ গর্বিত জিভাক যেন যিহোৱাই কাটি পেলায়;

4 সেই সকলে কয়, “আমাৰ জিভাৰেই আমি জয় কৰিম; আমাৰ ওঁঠ যেতিয়া আমাৰ নিজৰেই, কোন আমাৰ ওপৰত প্রভু হ’ব?”

5 যিহোৱাই কৈছে, “দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেঁকনিৰ কাৰণে মই এতিয়া জাগি উঠিম। নিৰাপত্তা কামনা কৰা সকলক মই নিৰাপদে ৰাখিম।”

6 যিহোৱাৰ প্রতিজ্ঞাবোৰ বিশুদ্ধ। সেইবোৰ যেন মাটিত বহোৱা এক অগ্নিশালত শোধন কৰা ৰূপ; সাতবাৰকৈ বিশুদ্ধ কৰা ৰূপ।

7 হে যিহোৱা, তুমিয়েই আমাক নিৰাপদে ৰাখিবা। এই কালৰ লোকসকলৰ হাতৰ পৰা চিৰকাল আমাক ৰক্ষা কৰিবা।

8 লোকসকলৰ মাজত যেতিয়া দুষ্টতা আদৰণীয় হয়, দুষ্টবোৰে তেতিয়া বিনা বাধায় চাৰিওফালে ঘূৰি ফুৰে।