Psalm 115 in Assamese

1 হে যিহোৱা, আমাক নহয়, আমাক নহয়, কিন্তু তোমাৰ নামকহে গৌৰৱাম্বিত কৰা; তোমাৰ অসীম প্রেম আৰু বিশ্বস্ততাৰ অর্থেই কৰা।

2 আন জতিবোৰে কিয় ক’ব, “ক’ত আছে তেওঁলোকৰ ঈশ্বৰ?”

3 আমাৰ ঈশ্বৰ হ’লে স্বৰ্গত আছে; তেওঁ যিহকে ইচ্ছা কৰে, তাকে কৰে।

4 তেওঁলোকৰ প্রতিমাবোৰ হ’লে ৰূপ আৰু সোণৰ, মনুষ্যৰ হাতৰ কাৰ্য্য।

5 সেইবোৰৰ মুখ আছে, কিন্তু কথা ক’ব নোৱাৰে; চকু আছে, কিন্তু নেদেখে;

6 কাণ আছে, কিন্তু নুশুনে; নাক আছে, কিন্তু ঘ্ৰাণ ল’ব নোৱাৰে;

7 হাত আছে, কিন্তু চুব নোৱাৰে; ভৰি আছে, কিন্তু খোজ কাঢ়িব নোৱাৰে; কন্ঠই একো মাত উলিয়াব নোৱাৰে।

8 যিসকলে সেইবোৰক নিৰ্ম্মান কৰে আৰু সেইবোৰত নির্ভৰ কৰে, তেওঁলোক সেইবোৰৰ নিচিনাই।

9 হে ইস্ৰায়েল, যিহোৱাত ভাৰসা কৰা! তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।

10 হে হাৰোণৰ বংশ, যিহোৱাত ভাৰসা কৰা; তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।

11 হে যিহোৱাৰ ভয়কাৰীসকল, যিহোৱাত ভাৰসা কৰা; তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।

12 যিহোৱাই আমাক সোঁৱৰণ কৰিলে, সেইবাবে তেওঁ আমাক আশীৰ্ব্বাদ কৰিব; ইস্ৰায়েলৰ বংশক আশীৰ্ব্বাদ কৰিব; হাৰোণৰ বংশক আশীর্ব্বাদ কৰিব;

13 যিসকলে যিহোৱাক ভয় কৰে, তেওঁলোক সকলোকে তেওঁ আশীর্ব্বাদ কৰিব, সৰু কি বৰ সকলোকে আশীৰ্ব্বাদ কৰিব।

14 যিহোৱাই তোমালোকক বৃদ্ধি কৰক; তোমালোকক আৰু তোমালোকৰ সন্তানসকলক বৃদ্ধি কৰক।

15 যিহোৱা, যিজন স্বৰ্গ আৰু পৃথিৱীৰ স্ৰজনকৰ্ত্তা, তেওঁ তোমালোকক আশীৰ্ব্বাদ কৰক।

16 স্বৰ্গ হৈছে যিহোৱাৰেই স্বৰ্গ; কিন্তু পৃথিৱীখন হ’লে তেওঁ মনুষ্যক দিলে।

17 মৃতলোকে যিহোৱাৰ প্রশংসা নকৰে; যিসকলে নিস্তব্ধ স্থানলৈ নামি যায়, তেওঁলোক কোনেও তেওঁৰ স্তুতি নকৰে।

18 কিন্তু আমি হ’লে যিহোৱাৰ ধন্যবাদ কৰিম, এতিয়াৰ পৰা অনন্ত কাল পর্যন্ত কৰিম। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।