Psalm 114 in Assamese

1 ইস্রায়েল জাতি যেতিয়া মিচৰৰ পৰা ওলাই আহিল, যাকোবৰ বংশই যেতিয়া বিদেশী ভাষা কোৱা লোকৰ মাজৰ পৰা ওলাই আহিল,

2 তেতিয়া যিহূদা হ’ল ঈশ্বৰৰ পবিত্র স্থান, ইস্ৰয়েল হ’ল তেওঁৰ ৰাজ্য।

3 সমুদ্ৰই (চূফ সাগৰ) তাকে দেখি পলায়ন কৰিলে; যৰ্দন নদী উজাই গ’ল।

4 পর্বতবোৰে মতা ভেড়াৰ নিচিনাকৈ, পাহাৰবোৰে ভেড়া পোৱালীৰ নিচিনাকৈ জঁপিয়াবলৈ ধৰিলে।

5 হে সমুদ্ৰ, তোমাৰ কি হ’ল? কিয় তুমি পলাই গ’লা? হে যর্দন, কিয় তুমি উজাই গ’লা?

6 হে পৰ্বতসমূহ, কিয় তোমালোকে মতা ভেড়াৰ দৰে জপিয়াঁবলৈ ধৰিলা? হে পাহাৰসমূহ, কিয় তোমালোকে ভেড়া পোৱালীৰ দৰে জঁপিয়াবলৈ ধৰিলা?

7 হে পৃথিৱী! তুমি যিহোৱাৰ সন্মুখত কম্পমান হোৱা, যাকোবৰ ঈশ্বৰৰ সন্মুখত কম্পমান হোৱা।

8 তেওঁ শিলক জলাশয়লৈ পৰিণত কৰিলে, চকমকীয়া কঠিন শিলক জলৰ এক ভুমুক কৰিলে।