Psalm 113 in Assamese

1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! হে যিহোৱাৰ দাসসকল, প্ৰশংসা কৰা, যিহোৱাৰ নামৰ প্ৰশংসা কৰা।

2 এতিয়াৰ পৰা অনন্ত কাললৈকে যিহোৱাৰ নাম ধন্য হওক।

3 সূৰ্যৰ উদয়স্থানৰ পৰা অস্তস্থান পর্যন্ত যিহোৱাৰ নাম প্ৰশংসিত হওঁক।

4 যিহোৱা সর্বজাতিৰ ওপৰত উন্নত; তেওঁৰ গৌৰৱ আকাশ-মণ্ডলতকৈয়ো ওখ।

5 আমাৰ ঈশ্বৰ যিহোৱাৰ তুল্য কোন আছে? যি জনাৰ আসন আকাশৰ ওপৰত সমাসীন,

6 যি জনাই নত হৈ আকাশ-মণ্ডল আৰু পৃথিৱীলৈ দৃষ্টিপাত কৰে;

7 তেওঁ ধুলিৰ পৰা দুখীয়াক উঠায়, সাৰৰ দ’মৰ পৰা দীনহীনক তোলে,

8 যাতে তেওঁ প্ৰধানসকলৰ লগত তেওঁলোকক বহুৱাব পাৰে, নিজৰ লোকসমূহৰ প্ৰধানসকলৰ লগত বহুৱাব পাৰে।

9 তেওঁ বন্ধ্যা মহিলাক সন্তানসকলৰ সুখী মাতৃ কৰি পৰিয়াল দান কৰে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!