Psalm 11 in Assamese

1 মই যিহোৱাতে আশ্ৰয় লৈছোঁ। তোমালোকে কেনেকৈ মোক ক’ব পাৰা, “পক্ষীৰ দৰে উৰি পৰ্ব্বতলৈ পলাই যোৱা?”

2 কিয়নো চোৱা! শুদ্ধ অন্তৰৰ লোকক আন্ধাৰৰ পৰা আহত কৰিবৰ কাৰণে দুষ্টবোৰে নিজৰ ধনু ভিৰাই লৈছে, তেওঁলোকে তাত কাঁড় লগাইছে।

3 যদি ভিত্তিমূলবোৰ ধ্বংস কৰা হয়, তেন্তে ধার্মিকসকলে কি কৰিব পাৰিব?

4 কিন্তু যিহোৱা, তেওঁৰ পবিত্ৰ মন্দিৰত আছে; তেওঁৰ সিংহাসন স্বর্গতে আছে। তেওঁ মানুহলৈ চাই থাকে, তেওঁৰ চকুৱে মনুহক পৰীক্ষা কৰে।

5 যিহোৱাই ধার্মিক আৰু দুষ্ট সকলোকে পৰীক্ষা কৰে; কিন্তু যিসকল দুষ্ট, অত্যাচাৰপ্রিয়, তেনেলোকক তেওঁ ঘৃণা কৰে।

6 তেওঁ দুষ্ট লোকৰ ওপৰত জ্বলন্ত অগ্নি আৰু গন্ধক বর্ষাব; তেওঁৰ পাত্রৰ পৰা দগ্ধ কৰি নিয়া বতাহ তেওঁলোকৰ ভাগত হ’ব।

7 যিহোৱা ধার্মিক, আৰু ধার্মিকতা তেওঁ ভাল পায়; সৎ লোকে তেওঁৰ মুখ দেখা পাব।