Psalm 101 in Assamese
1 মই দয়া আৰু ন্যায়বিচাৰৰ গীত গাম; হে যিহোৱা, মই তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান গাম।
2 মই সিদ্ধ পথত চলিবলৈ মনোযোগ দিম; তুমি কেতিয়া মোৰ ওচৰলৈ আহিবা? মোৰ ঘৰৰ ভিতৰত মই হৃদয়ৰ সিদ্ধতাত চলিম।
3 মই জঘন্য কোনো বিষয়কে মোৰ চকুৰ আগত নাৰাখিম; বিপথে যোৱা লোকসকলৰ কার্যক মই ঘিণ কৰোঁ, সেইবোৰে মোক খামুচি ধৰিব নোৱাৰিব।
4 কুটিল অন্তঃকৰণ মোৰ পৰা দূৰ হ’ব; দুষ্টতাৰ লগত মোৰ সম্পৰ্ক নাথাকিব।
5 যি জনে গোপনে চুবুৰীয়াৰ অপবাদ চৰ্চ্চে, তেওঁক মই উচ্ছন্ন কৰিম; গর্বিত দৃষ্টি আৰু অহঙ্কাৰী মনৰ লোকক মই সহ্য নকৰিম।
6 দেশৰ বিশ্বাসী লোকসকলৰ ওপৰত মোৰ কৃপা দৃষ্টি থাকিব; তেওঁলোকে মোৰ সৈতে বাস কৰিব। যিজন সিদ্ধ পথত চলে, তেওঁ মোৰ পৰিচাৰক হ’ব।
7 ছলনাকাৰীসকল মোৰ গৃহৰ ভিতৰত বাস কৰিব নোৱাৰিব; মিথ্যাবাদীসকল মোৰ চকুৰ আগত থিৰে থাকিব নোৱাৰিব।
8 প্রতি ৰাতিপুৱাতে সকলো দুষ্ট লোকক মই বিনষ্ট কৰিম; যিহোৱাৰ নগৰৰ পৰা সকলো অধর্মচাৰীকে উচ্ছন্ন কৰিম।