Proverbs 30:14 in Assamese 14 তেওঁলোক এনে বংশ; যিসকলৰ দাঁত তৰোৱালৰ দৰে, আৰু গালৰ হাড় ছুৰিৰ দৰে, সেয়ে তেওঁলোকে দেশৰ পৰা দৰিদ্ৰ সকলক আৰু মানুহৰ মাজৰ পৰা অভাৱী সকলক গ্রাস কৰিব পাৰে।
Other Translations King James Version (KJV) There is a generation, whose teeth are as swords, and their jaw teeth as knives, to devour the poor from off the earth, and the needy from among men.
American Standard Version (ASV) There is a generation whose teeth are `as' swords, and their jaw teeth `as' knives, To devour the poor from off the earth, and the needy from among men.
Bible in Basic English (BBE) There is a generation whose teeth are like swords, their strong teeth like knives, for the destruction of the poor from the earth, and of those who are in need from among men.
Darby English Bible (DBY) -- a generation whose teeth are swords, and their jaw-teeth knives, to devour the afflicted from off the earth, and the needy from [among] men.
World English Bible (WEB) There is a generation whose teeth are like swords, And their jaws like knives, To devour the poor from the earth, and the needy from among men.
Young's Literal Translation (YLT) A generation -- swords `are' their teeth, And knives -- their jaw-teeth, To consume the poor from earth, And the needy from `among' men.
Cross Reference Job 29:17 in Assamese 17 মই দুৰাচাৰী লোকৰ জামু দাঁত ভাঙিছিলোঁ, আৰু তাৰ চিকাৰ তাৰ দাঁতৰ মাজৰ পৰা উলিয়াইছিলো।
Psalm 3:7 in Assamese 7 হে যিহোৱা উঠি আহাঁ! হে মোৰ ঈশ্বৰ, মোক উদ্ধাৰ কৰা; তুমি মোৰ শত্রুবোৰৰ গালত আঘাত কৰা; দুষ্টবোৰৰ দাঁত ভাঁঙি পেলোৱা।
Psalm 10:8 in Assamese 8 গাৱঁৰ ওচৰত তেওঁলোকে গোপনে খাপ পাতি বহি থাকে; সেই গোপন ঠাইতে তেওঁলোকে নিৰ্দোষীক হত্যা কৰে; কোনোবা অসহায়ৰ ওপৰত গোপনে লক্ষ্য ৰাখি খাপ দি থাকে।
Psalm 12:5 in Assamese 5 যিহোৱাই কৈছে, “দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেঁকনিৰ কাৰণে মই এতিয়া জাগি উঠিম। নিৰাপত্তা কামনা কৰা সকলক মই নিৰাপদে ৰাখিম।”
Psalm 14:4 in Assamese 4 যিসকলে দুষ্টতাৰ কার্য কৰে, তেওঁলোক কি ইমানেই জ্ঞানশূণ্য যে, মানুহে নিজৰ আহাৰ খোৱাৰ নিচিনাকৈ তেওঁলোকে মোৰ লোকসকলক খাই পেলায় আৰু তেওঁলোকে যিহোৱাৰ ওচৰত প্ৰাৰ্থনাও নকৰে?”
Psalm 52:2 in Assamese 2 তুমি ধ্বংসৰ পৰিকল্পনা কৰিছা; হে ছলনাকাৰী, তোমাৰ জিভা চোকা খুৰৰ নিচিনা;
Psalm 57:4 in Assamese 4 মোৰ প্ৰাণ সিংহবোৰৰ মাজত আছে; যিবোৰৰ দাঁত বৰছা আৰু কাঁড়স্বৰূপ, আৰু যিবোৰৰ জিভা চোকা তৰোৱালস্বৰূপ, এনে অগ্নি-শিখাস্বৰূপ মনুষ্য-সন্তানবিলাকৰৰ মাজত মই শুইছোঁ ।
Psalm 58:6 in Assamese 6 হে ঈশ্বৰ, তেওঁলোকৰ মুখৰ ভিতৰতেই দাঁত ভাঙিপেলোৱা; হে যিহোৱা, ডেকা সিংহবোৰৰ প্রধান দাঁত ভাঙি বাহিৰ কৰা।
Proverbs 12:18 in Assamese 18 যিজনে বিবেচনা নকৰি তৎক্ষণাত কথা কয়, তেওঁ তৰোৱালৰ আঘাতৰ দৰে; কিন্তু জ্ঞানী লোকৰ জিভাই সুস্থতা আনে।
Proverbs 22:16 in Assamese 16 নিজৰ ধন বৃদ্ধি কৰিবলৈ দৰিদ্ৰ লোকক উপদ্ৰৱ কৰা জন, বা ধনী লোকক দান দিয়া জন, দৰিদ্ৰ হ’ব।
Proverbs 28:3 in Assamese 3 যিজন দৰিদ্ৰ লোকে দৰিদ্রক উপদ্ৰৱ কৰে, তেওঁ খাদ্য নষ্ট কৰা বৰষুণৰ দৰে।
Ecclesiastes 4:1 in Assamese 1 পুনৰ মই সূৰ্য্যৰ তলত যি সকলো উপদ্রৱ হয়, সেইবোৰলৈ এবাৰ চালো। চোৱা, উপদ্রৱ পোৱা লোকসকলে কান্দিছে, কিন্তু তেওঁলোকক শান্তনা দিওঁতা কোনো নাই; যিসকলে উপদ্রৱ কৰে, তেওঁলোকৰ হাতত ক্ষমতা আছে; কিন্তু উপদ্রৱ পোৱাসকলক শান্তনা দিওঁতা কোনো নাই।
Isaiah 32:7 in Assamese 7 প্রবঞ্চকলোকৰ প্রণালী মন্দ। তেওঁ নীতিহীন পদ্ধতিৰ পৰিকল্পনা কৰে, দুখীয়াই সঁচা কথা ক’লেও দুখীয়ালোকক মিছা কথাৰে ধ্বংস কৰিব।
Daniel 7:5 in Assamese 5 তাৰ পাছত দ্বিতীয়টো জন্তু ভালুকৰ দৰে, সি এফালৰ ভৰিৰে ভৰ দি উঠিল, তাৰ মুখৰ আৰু দাঁতৰ মাজত তিনি ডাল কামীহাড় আছিল; আৰু তাক কোৱা হৈছিল, উঠ আৰু বহুতো মানুহক খাই শেষ কৰ।
Amos 2:7 in Assamese 7 তেওঁলোকে দৰিদ্রৰ মূৰবোৰ মাটিৰ ধূলিত গছকে আৰু পীড়িতসকলক পথৰ পৰা দূৰলৈ ঠেলি পঠায়। পিতৃ আৰু পুত্রই একেজনী যুৱতীৰ সৈতে শয়ন কৰে আৰু এইদৰে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰে।
Amos 4:1 in Assamese 1 হে চমৰিয়াৰ পৰ্বতত বাস কৰা বাচানৰ গাইৰ দৰে মহিলাসকল, তোমালোকে শুনা। তোমালোকে দুখীয়াক অত্যাচাৰ কৰা, অভাৱীসকলক চূৰ্ণ কৰা, আৰু নিজ নিজ স্বামীক কোৱা, “আমাৰ কাৰণে পানীয় আনা।”
Amos 8:4 in Assamese 4 তোমালোক যিসকলে দৰিদ্ৰক ভৰিৰে গছকা আৰু দুখীয়াক নাশ কৰিছা, তোমালোকে এই কথা শুনা।
Micah 2:1 in Assamese 1 যিবোৰে নিজৰ নিজৰ শয্যাত অধৰ্ম কল্পনা কৰে, আৰু কুকৰ্ম চিন্তা কৰে, তেওঁলোকৰ সন্তাপ হ’ব। ৰাতিপুৱাৰ পোহৰত তেওঁলোকে এইবোৰ কৰে; কাৰণ তেওঁলোকৰ ক্ষমতা আছে।
Micah 3:1 in Assamese 1 মই কলোঁ, “ যাকোবৰ মূখ্যলোকসকল, আৰু ইস্রায়েলৰ বংশৰ শাসনকৰ্ত্তাসকল এতিয়া শুনা: ন্যায় বুজি পোৱাটো তোমালোকৰ বাবে উচিত নহয় নে?
Habakkuk 3:14 in Assamese 14 আপুনি যুদ্ধাৰুসকলৰ সেনাপতিসকলক তেওঁলোকৰ নিজৰ কাড়েৰে খুঁচিলে; তেওঁলোকে ধুমুহাৰ দৰে আমাক ছিন্ন-ভিন্ন কৰিবলৈ আহিছিল, তেওঁলোকে দুখীয়াক গুপুত স্থানত ৰখাৰ দৰে গ্ৰাস কৰিছিল।
Zephaniah 3:3 in Assamese 3 তাইৰ ৰাজপুত্রবোৰ যেন গৰ্জ্জনকাৰী সিংহ আৰু বিচাৰকৰ্ত্তাবোৰ গধূলি বেলাৰ ক্ষুধার্ত ৰাংকুকুৰ; সিহঁতে ৰাতিপুৱাৰ কাৰণে একো পেলাই নাৰাখে।
Matthew 23:13 in Assamese 13 কিন্তু হায় হায় কপটীয়া বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো মানুহবোৰৰ আগত আপোনালোকে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ কৰিছে; কাৰণ আপোনালোকে নিজেও নোসোমাই, আৰু সোমাবলৈ ধৰা সকলকো সোমাবলৈ নিদিয়ে।
James 5:1 in Assamese 1 এতেকে চাওক, হে ধনৱন্ত লোক, আপোনালোকৰ বাবে যি যি দূৰ্দশা আহিব ধৰিছে, তাৰ কাৰণে হাহাকাৰ কৰি ক্ৰন্দন কৰক।
Revelation 9:8 in Assamese 8 মহিলাৰ চুলিৰ নিচিনা সিহঁতৰ চুলি আছিল; সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা।