Proverbs 24:12 in Assamese 12 তুমি যদি কোৱা, “আমি এই বিষয়ে একো নাজানো।” তুমি কি কৈছা? সেই বিষয়ে যি জনাই হৃদয় পৰীক্ষা কৰে, তেওঁ জানো নুবুজে? আৰু যিজনাই তোমাৰ জীৱন ৰক্ষা কৰে, তেওঁ জানো এই বিষয়ে নাজানে? ঈশ্বৰে মানুহক কৰ্ম অনুসাৰে জানো ফল নিদিয়ে?
Other Translations King James Version (KJV) If thou sayest, Behold, we knew it not; doth not he that pondereth the heart consider it? and he that keepeth thy soul, doth not he know it? and shall not he render to every man according to his works?
American Standard Version (ASV) If thou sayest, Behold, we knew not this; Doth not he that weigheth the hearts consider it? And he that keepeth thy soul, doth not he know it? And shall not he render to every man according to his work?
Bible in Basic English (BBE) If you say, See, we had no knowledge of this: does not the tester of hearts give thought to it? and he who keeps your soul, has he no knowledge of it? and will he not give to every man the reward of his work?
Darby English Bible (DBY) If thou sayest, Behold, we knew it not, will not he that weigheth the hearts consider it? And he that preserveth thy soul, he knoweth it; and he rendereth to man according to his work.
World English Bible (WEB) If you say, "Behold, we didn't know this;" Doesn't he who weighs the hearts consider it? He who keeps your soul, doesn't he know it? Shall he not render to every man according to his work?
Young's Literal Translation (YLT) When thou sayest, `Lo, we knew not this.' Is not the Ponderer of hearts He who understandeth? And the Keeper of thy soul He who knoweth? And He hath rendered to man according to his work.
Cross Reference 1 Samuel 2:6 in Assamese 6 যিহোৱাই মৃত্যু আৰু জীৱন দান কৰে, তেওঁ চিয়োললৈ নমায় আৰু পুনৰায় তোলে৷
1 Samuel 16:7 in Assamese 7 কিন্তু যিহোৱাই চমূৱেলক ক’লে, “তুমি তেওঁৰ বাহ্যিকতালৈ বা উচ্ছতালৈ দৃষ্টি নকৰিবা; কাৰণ মই তেওঁক অগ্ৰাহ্য কৰিলোঁ। কাৰণ মানুহে যেনেকৈ চাই যিহোৱাই তেনেকৈ নাচায়; কাৰণ মানুহে, যি দেখা পায়, তালৈ চায়, কিন্তু যিহোৱাই মানুহৰ অন্তৰলৈ চায়।”
1 Samuel 25:29 in Assamese 29 আৰু এজন লোক আপোনাৰ পাছে পাছে খেদি যাবলৈ আৰু আপোনাৰ প্ৰাণনাশৰ চেষ্টা কৰিবলৈ উঠিলেও, আপোনাৰ ঈশ্বৰ যিহোৱাৰ ওচৰত মোৰ প্ৰভুৰ প্ৰাণ জীৱনস্বৰূপ টোপোলাত বন্ধা থাকিব, আৰু তেওঁ আপোনাৰ শত্ৰুবোৰৰ প্ৰাণ যেন ফিঙ্গাত ৰাখি দলিয়াই পেলাব।
Job 34:11 in Assamese 11 কিয়নো তেওঁ মানুহৰ কৰ্ম্মৰ দৰে তাক ফল দিয়ে, আৰু যাৰ যেনে আচৰণ, তাৰ তেনে দশা ঘটাই।
Psalm 7:9 in Assamese 9 হে মোৰ ধার্মিক ঈশ্বৰ, তুমি মন আৰু হৃদয় পৰীক্ষা কৰি থাকা; তুমি দুষ্টৰ দুষ্টতা শেষ কৰা, কিন্তু ধাৰ্ম্মিক লোকক সুস্থিৰ অৱস্থাত ৰাখা।
Psalm 17:3 in Assamese 3 যদি তুমি মোৰ হৃদয় পৰীক্ষা কৰা; ৰাতি মোৰ কাষলৈ আহাঁ; যদি মোক খপি পুৰি পৰীক্ষাও কৰা, তুমি মোত একো দুষ্টতা বিচাৰি নাপাবা; মোৰ মুখে অপৰাধ নকৰে।
Psalm 44:21 in Assamese 21 তেন্তে ঈশ্বৰে জানো তাক নাজানিব? কিয়নো তেওঁ মনৰ গোপনীয় সকলো কথাই জানে।
Psalm 62:12 in Assamese 12 হে প্ৰভু, অঙ্গীকাৰ আৰু বিশ্বস্ততা তোমাৰ অধিন; কিয়নো তুমি প্ৰত্যেক মানুহক তেওঁলোকৰ কৰ্ম্মৰ দৰে প্ৰতিফল দিছা।
Psalm 66:9 in Assamese 9 যি জনাই আমাক জীয়াই ৰাখে, যি জনাই আমাৰ ভৰি লৰচৰ হবলৈ নিদিয়ে।
Psalm 121:3 in Assamese 3 তেওঁ তোমাৰ ভৰি লৰচৰ হ’বলৈ নিদিব; তোমাৰ ৰখীয়াজনা টোপনি নাযাব।
Psalm 121:8 in Assamese 8 যিহোৱাই এতিয়াৰ পৰা অনন্ত কাললৈকে তুমি ওলাওঁতে সোমাওঁতে তোমাক ৰক্ষা কৰিব।
Proverbs 5:21 in Assamese 21 কিয়নো মানুহে কৰা সকলো কাম যিহোৱাই চাই, আৰু তেওঁ তাৰ সকলো পথ পৰ্যবেক্ষণ কৰে।
Proverbs 21:2 in Assamese 2 সকলো মানুহৰ পথ তেওঁৰ নিজৰ দৃষ্টিত ন্যায়; কিন্তু যিহোৱাই হৃদয় জোখে।
Ecclesiastes 5:8 in Assamese 8 তোমাৰ এলেকাত যদি কোনো দৰিদ্ৰক অত্যাচাৰ কৰা দেখা নাইবা কোনোবাই ন্যায়বিচাৰ আৰু নায্য অধিকাৰ নোপোৱা যেন দেখা, তেন্তে সেই কথাত আচৰিত নামানিবা; কিয়নো উচ্চ পদত থাকোঁতা ক্ষমতাশালী লোকসকলে তেওঁলোকৰ অধীনত থকাসকলৰ ওপৰত দৃষ্টি ৰাখে আৰু তেওঁলোকৰ ওপৰতো আন উচ্চতম পদত লোক আছে।
Jeremiah 17:10 in Assamese 10 মই যিহোৱা, মনৰ বিচাৰ আৰু মৰ্ম্ম পৰীক্ষা কৰোঁতা। প্ৰতিজন মানুহক তেওঁৰ নিজ নিজ আচাৰ-ব্যৱহাৰ অনুসাৰে, তেওঁৰ কাৰ্য্যৰ ফল অনুসাৰে প্ৰতিফল দিওঁ।
Jeremiah 32:19 in Assamese 19 তুমি জ্ঞানত মহান, আৰু কাৰ্যত শ্ৰেষ্ঠ, কিয়নো প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্যৰ ফল অনুসাৰে প্ৰতিফল দিবলৈ মনুষ্য-সন্তানসকলৰ আটাই আচাৰ-ব্যৱহাৰৰ ওপৰত তোমাৰ চকু মেলা আছে।
Daniel 5:23 in Assamese 23 স্বৰ্গৰ প্ৰভুৰ বিৰুদ্ধে আপুনি নিজকে উচ্চ কৰিলে, আৰু তেওঁৰ গৃহৰ পৰা পাত্রবোৰ তেওঁলোকে আপোনাৰ আগত আনিলে, আৰু আপুনি আৰু আপোনাৰ প্ৰধান লোকসকল, আপোনাৰ পত্নী আৰু উপপত্নীসকলে সেইবোৰত দ্ৰাক্ষাৰস পান কৰিলে। যিবোৰে নেদেখে, নুশুনে, আৰু একোকে নাজানে, তেনে ৰূপ, সোণ, পিতল, লোহা, কাঠ, আৰু শিলৰ দেৱতাবোৰক আপুনি প্ৰশংসা কৰিলে। আপোনাৰ নিশ্বাস যি জনাৰ হাতত আছে, আৰু আপোনাৰ সকলো পথ যি জনে জানে, সেই ঈশ্বৰক আপুনি সমাদৰ নকৰিলে।
Matthew 16:27 in Assamese 27 কিয়নো মানুহৰ পুত্ৰই নিজৰ পিতৃৰ প্ৰতাপেৰে স্বর্গৰ দূত সকলক লগত লৈ আহিব৷ তেতিয়া তেওঁ প্ৰতিজনক নিজৰ কৰ্ম অনুসাৰে ফল দিব।
Acts 17:28 in Assamese 28 কিয়নো আমি তেওঁতে জীয়াই আছোঁ, চলা-ফুৰা কৰিছোঁ আৰু আছোঁ, যেনেকৈ আপোনালোকৰ কবি সকলৰ এজনে কৈছে, ‘কাৰণ আমিও তেওঁৰ সন্তান।’
Romans 2:6 in Assamese 6 তেওঁ প্ৰতিজনক নিজ নিজ কৰ্ম অনুসাৰে প্ৰতিফল দিব;
Romans 2:16 in Assamese 16 আৰু যিদিনা মোৰ শুভবাৰ্তাৰ দৰে ঈশ্বৰে খ্ৰীষ্ট যীচুৰ দ্বাৰাই লোক সকলৰ গুপুত বিষয়ৰ সোধ-বিচাৰ কৰিব, সেইদিনা এনে ঘটিব৷
1 Corinthians 4:5 in Assamese 5 এতেকে আপোনালোকে প্রভু অহাৰ পূর্বেই অর্থাৎ সেই ঠিক কৰা সময়ৰ আগেয়ে একো বিষয়ৰে বিচাৰ নকৰিব। তেৱেঁই আন্ধাৰৰ গুপুত বিষয়বোৰ পোহৰলৈ আনিব আৰু হৃদয়ৰ উদ্দেশ্যবোৰো প্ৰকাশ কৰিব। সেই কালত প্ৰতিজনে ঈশ্বৰৰ পৰা নিজৰ নিজৰ প্ৰশংসা পাব।
2 Corinthians 5:10 in Assamese 10 কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক, শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ, আমি সকলোৱে খ্ৰীষ্টৰ বিচাৰৰ আসনৰ আগত প্ৰকাশিত হ’ব লাগিব।
Hebrews 4:12 in Assamese 12 কিয়নো ঈশ্বৰৰ বাক্য জীৱনময়, কাৰ্যসাধক আৰু আটাই দুধৰীয়া তৰোৱালতকৈও চোকা। এই বাক্য প্ৰাণ আৰু আত্মা, গাঠি আৰু মজ্জা এই সকলোকে ভেদ কৰালৈকে বিন্ধোতা, মনৰ ভাৱনা আৰু অভিপ্ৰায়কো বিচাৰ কৰোঁতা।
Revelation 1:18 in Assamese 18 আৰু জীয়াই থকা জন৷ মই মৃত হ’লো, কিন্তু চোৱা, চিৰকাললৈকে জীৱন্ত হৈ আছোঁ; মৃত্যু আৰু মৃত লোকৰ চাবিবোৰো মোৰ হাতত আছে।
Revelation 2:18 in Assamese 18 থুয়াতীৰাত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জনৰ চকু অগ্নিশিখাৰ নিচিনা আৰু চৰণ ঘঁহি চক্চকীয়া কৰা পিতলৰ নিচিনা, সেই জনা ঈশ্বৰৰ পুত্ৰই এই কথা কয়,
Revelation 2:23 in Assamese 23 মৃত্যুৰ দ্বাৰাই মই তেওঁৰ সন্তান সকলক আঘাত কৰিম; তাতে মই যে মন আৰু হৃদয়ৰ অনুসন্ধানকাৰী, সেই বিষয়ে সকলো মণ্ডলীয়ে জানিব; আৰু তোমালোকৰ প্ৰত্যেক জনকো নিজ নিজ কৰ্মৰ দৰে প্ৰতিফল দিম।
Revelation 20:12 in Assamese 12 সেই সিংহাসনৰ আগত সৰু বৰ সকলো মৃত সকলক থিয় হৈ থকা দেখিলোঁ; আৰু কেইখন মান পুস্তক মেলা হ’ল; পাছত পুনৰ এখন পুস্তক মেলা হ’ল, এয়া জীৱন পুস্তক৷ সেই পুস্তকবোৰত লিখা মতে মৃত সকলৰ নিজ নিজ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰা হ’ল।
Revelation 22:12 in Assamese 12 “চোৱা! মই বেগাই আহি আছোঁ; মই দিবলগীয়া পুৰস্কাৰ মোৰ লগত আছে, যাৰ যেনে কৰ্ম, তেওঁক তেনে প্ৰতিফল দিয়া হ’ব৷