Proverbs 12 in Assamese

1 যি জনে অনুশাসন ভাল পায়, তেওঁ জ্ঞানকো ভাল পায়; কিন্তু যি জনে অনুযোগ ঘিণ কৰে, তেওঁ নিৰ্বোধ।

2 শুদ্ধ লোকে যিহোৱাৰ পৰা অনুগ্ৰহ পায়; কিন্তু যিজনে দুষ্ট কৰ্মৰ পৰিকল্পনা কৰে, তেওঁক দোষাৰোপ কৰা হয়।

3 কোনো লোক দুষ্টতাৰ দ্বাৰাই সংস্থাপিত নহয়; কিন্তু সত্যতাত চলা জনৰ মুল লৰচৰ নহব।

4 গুণৱতী ভাৰ্যা স্বামীৰ মুকুটৰ দৰে; কিন্তু লাজ দিওঁতা মহিলাৰ অস্থি ক্ষয়কাৰি ৰোগ যেন হয়।

5 সত্যতাত চলা জনৰ পৰিকল্পনা ন্যায় হয়; কিন্তু দুষ্টলোকৰ উপদেশ প্রতাৰণাপূৰ্ণ।

6 দুষ্টলোকৰ কথাবোৰ ৰক্তপাত কৰিবলৈ খাপ দিয়াৰ দৰে হয়; কিন্তু ন্যায় কৰাসকলৰ কথাই তেওঁলোকক সুৰক্ষিত কৰে।

7 দুষ্টলোকক বিনষ্ট কৰা হয় আৰু তেওঁলোক নাইকিয়া হয়; কিন্তু যিসকল লোকে সত্যতাত চলে, তেওঁলোকৰ ঘৰ থিৰে থাকে।

8 মানুহে নিজৰ প্রজ্ঞা অনুসাৰে প্ৰশংসা পায়; কিন্তু কুটিল কাৰ্য কৰা লোক ঘৃণনীয় হয়।

9 গুৰুত্বহীন পদত থকাতকৈ কেৱল দাস হোৱাই ভাল; খাবলৈ নাই কিন্তু নিজৰ গুৰুত্বকলৈ অহঙ্কাৰ কৰে।

10 যিজনে সত্যতাত চলে, তেওঁ নিজৰ পশুৰ প্রয়োজনীয়তালৈ যত্ন কৰে; কিন্তু দুষ্টলোকৰ সহানুভুতি নিষ্ঠুৰতাযুক্ত।

11 যিজনে নিজৰ মাটিত চহায়, তেওঁ জোৰাওকৈ আহাৰ পায়; কিন্তু যিজনে মূল্যহীন অভিপ্রায়ৰ অনুগামী হয়, তেওঁ জ্ঞান শূন্য।

12 দুষ্টলোকে আনৰ পৰা চুৰ কৰা বস্তুৰ প্রতি পাপীলোকে আকাঙ্ক্ষা কৰে; কিন্তু সত্যতাত চলা জনৰ ফল নিজৰ পৰাই আহে।

13 পাপী জনক তেওঁৰ কুকথাই ফান্দত পেলাই; কিন্তু সত্যতাত চলাজন সঙ্কটৰ পৰা ৰক্ষা পায়।

14 মানুহে নিজৰ কথাৰ ফলৰ দ্বাৰাই ভাল বিষয়ত পৰিপূৰ্ণ হয়; তেওঁ নিজৰ হাতেৰে কৰা কামৰ দ্বাৰাই পুৰস্কাৰ পায়।

15 অজ্ঞানীৰ পথ তেওঁৰ নিজৰ দৃষ্টিত শুদ্ধ; কিন্তু জ্ঞানীজনে পৰামৰ্শ শুনে।

16 অজ্ঞানীয়ে খন্তেকতে খং দেখুৱাই; কিন্তু যিজনে অপমান অবজ্ঞা কৰে, তেওঁ দূৰদৰ্শী হয়।

17 যিজন সত্যবাদী, তেওঁ ন্যায় কথা কয়; কিন্তু মিছা সাক্ষীয়ে মিছা কথাহে কয়।

18 যিজনে বিবেচনা নকৰি তৎক্ষণাত কথা কয়, তেওঁ তৰোৱালৰ আঘাতৰ দৰে; কিন্তু জ্ঞানী লোকৰ জিভাই সুস্থতা আনে।

19 সত্যবাদী ওঁঠ চিৰকাললৈকে থাকে; কিন্তু মিছা কোৱা জিভা ক্ষন্তেকীয়া।

20 কুকল্পনা কৰা সকলৰ মনত প্রতাৰণা থাকে; কিন্তু শান্তিৰ পৰামৰ্শ দিয়া সকলৰ আনন্দ হয়।

21 সত্যতাত চলা জনলৈ কোনো ৰোগ নাহে; কিন্তু দুষ্টলোক সমস্যাৰে পৰিপুৰ্ণ হয়।

22 মিছা কোৱা ওঁঠ যিহোৱাৰ ঘিণলগীয়া; কিন্তু সত্য আচৰণ কৰাসকলে তেওঁক অনন্দিত কৰে।

23 দূৰদৰ্শী লোকে জ্ঞান গুপুতে ৰাখে; কিন্তু অজ্ঞানীৰ মনে নিৰ্বুদ্ধিতা প্ৰকাশ কৰে।

24 পৰিশ্ৰমীসকলৰ হাতে শাসন কৰিবলৈ পাব; কিন্তু এলেহুৱা লোকক বাধ্যতাৰে পৰিশ্রম কৰিব দিয়া হ’ব।

25 মানুহৰ মনৰ দুচিন্তাই তেওঁৰ মূল্য কম কৰে; কিন্তু ভাল কথাই তেওঁক আনন্দিত কৰে।

26 সত্যতাত চলা জন তেওঁৰ বন্ধুৰ পথ দৰ্শক হয়; কিন্তু দুষ্টলোকৰ পথে তেওঁলোকক বিপথে নিয়ে।

27 এলেহুৱাই নিজে ধৰা চিকাৰ নাৰান্ধে; কিন্তু পৰিশ্ৰমী লোকে মুল্যবান সম্পত্তি লাভ কৰে।

28 যিসকলে সজ পথত চলে, তেওঁলোকে জীৱন পায়; আৰু এই পথত মৃত্যু নাই।