Philippians 1:20 in Assamese 20 এয়ে মোৰ আকাংক্ষা আৰু আশা সিদ্ধ হ’ব যে, মই কোনোমতে লজ্জিত নহম৷ কিন্তু সাহসেৰে যেনেকৈ সদায়, তেনেকৈ এতিয়াও জীৱনৰ দ্বাৰাই হওক বা মৰণৰ দ্বাৰায়েই হওক, মোৰ শৰীৰত খ্ৰীষ্টই সমাদৰ পাব।
Other Translations King James Version (KJV) According to my earnest expectation and my hope, that in nothing I shall be ashamed, but that with all boldness, as always, so now also Christ shall be magnified in my body, whether it be by life, or by death.
American Standard Version (ASV) according to my earnest expectation and hope, that in nothing shall I be put to shame, but `that' with all boldness, as always, `so' now also Christ shall be magnified in my body, whether by life, or by death.
Bible in Basic English (BBE) In the measure of my strong hope and belief that in nothing will I be put to shame, but that without fear, as at all times, so now will Christ have glory in my body, by life or by death.
Darby English Bible (DBY) according to my earnest expectation and hope, that in nothing I shall be ashamed, but in all boldness, as always, now also Christ shall be magnified in my body whether by life or by death.
World English Bible (WEB) according to my earnest expectation and hope, that I will in no way be disappointed, but with all boldness, as always, now also Christ will be magnified in my body, whether by life, or by death.
Young's Literal Translation (YLT) according to my earnest expectation and hope, that in nothing I shall be ashamed, and in all freedom, as always, also now Christ shall be magnified in my body, whether through life or through death,
Cross Reference Psalm 25:2 in Assamese 2 হে মোৰ ঈশ্বৰ, মই তোমাতেই ভাৰসা কৰিছোঁ; তুমি মোক লাজত পৰিবলৈ নিদিবা; মোৰ শত্রুবোৰক মোৰ ওপৰত উল্লাস কৰিবলৈ নিদিবা।
Psalm 62:5 in Assamese 5 হে মোৰ অন্তৰ নিৰন্তৰে, কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰা; কিয়নো তেওঁৱেই মোৰ আশা ৰোপণ কৰে।
Psalm 119:80 in Assamese 80 মোৰ অন্তঃকৰণ তোমাৰ বিধিবোৰত যেন সিদ্ধ থাকে, তাতে মই লজ্জিত নহ’ম।
Psalm 119:116 in Assamese 116 তোমাৰ বাক্য অনুসাৰে মোক ধৰি ৰাখা, তাতে মই জীয়াই থাকিম; মোৰ আশাত তুমি মোক লাজ পাবলৈ নিদিবা।
Proverbs 10:28 in Assamese 28 সৎ কাৰ্য কৰা জনৰ আশা আনন্দ জনক; কিন্তু দুষ্টবোৰৰ বছৰবোৰ কম হ’ব।
Proverbs 23:18 in Assamese 18 অৱশ্যে ইয়াত তোমাৰ ভবিষ্যত জড়িত হৈ আছে, আৰু তোমাৰ আশা খণ্ডন কৰা নহব।
Isaiah 45:17 in Assamese 17 কিন্তু ইস্ৰায়েলে যিহোৱাৰ দ্বাৰাই অনন্তকলীয়া পৰিত্ৰাণেৰে ৰক্ষিত হ’ব; তোমালোক পুনৰ লজ্জিত বা অপমানিত নহ’বা।
Isaiah 50:7 in Assamese 7 কাৰণ প্ৰভু যিহোৱাই মোক সহায় কৰিব; সেই বাবে মই অপমানিত নহম; সেয়ে মই মোৰ মুখ চকমকী পাথৰৰ দৰে কৰিলোঁ; কাৰণ মই জানো যে মই লাজ নাপাম।
Isaiah 54:4 in Assamese 4 ভয় নকৰিবা, কাৰণ তোমালোক লজ্জিত নহবা; বা নিৰাশ নহ’বা কাৰণ তোমালোক অপমানিত নহ’বা; তোমালোকে যৌৱন-কালৰ লাজ আৰু তোমালোকক বর্জন কৰাৰ অপমান পাহৰিবা।
John 12:27 in Assamese 27 এতিয়া মোৰ প্ৰাণ ব্যাকুল হৈছে আৰু মই কি ক’ম? হে পিতৃ, এই সময়ৰ পৰা মোক ৰক্ষা কৰা, ইয়াকে ক’ম নে? কিন্তু এই কাৰণেহে মই এই সময়লৈ আহিলোঁ।
John 21:19 in Assamese 19 তেতিয়া যীচুৱে এই সকলো কথাৰে বুজাই দিলে যে, তেওঁ কেনে মৰণেৰে ঈশ্বৰক মহিমান্বিত কৰিব। তাৰ পাছত যীচুৱে তেওঁক ক’লে, “মোৰ পাছে পাছে আহা।”
Acts 20:24 in Assamese 24 কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্তাৰ বিষয়ে সাক্ষ্য দিয়া আৰু মোৰ দৌৰ, অৰ্থাৎ প্ৰভু যীচুৰ পৰা পোৱা মোৰ যি পৰিচৰ্যাৰ কাৰ্য, সেই কার্য সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গলে, মোৰ প্ৰাণ মোলৈ প্ৰিয় বুলি একোতে গণ্য নকৰোঁ।
Acts 21:13 in Assamese 13 তেতিয়া পৌলে উত্তৰ দিলে, “আপোনালোকে কান্দি কান্দি মোৰ হৃদয় বিদাৰি, কি কৰিব বিছাৰিছে? কিয়নো মই প্ৰভু যীচুৰ নামৰ কাৰণে, যিৰূচালেমত কেৱল বান্ধ খাবলৈ নহয়, মৰিবলৈকো যুগুত হৈ আছোঁ।”
Romans 5:5 in Assamese 5 সেই আশাই আমাক নিৰাশ নকৰে; কিয়নো আমাক দান কৰা পবিত্ৰ আত্মাৰ যোগেদি আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে।
Romans 6:13 in Assamese 13 নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক অধাৰ্মিকতাৰ সঁজুলি স্বৰূপে পাপলৈ সমৰ্পণ নকৰিব; কিন্তু নিজৰ জীৱনক ঈশ্বৰলৈ সমর্পণ কৰক। মৃত লোকৰ মাজৰ পৰা জীৱিত ৰূপে আৰু নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰ ধাৰ্মিকতাৰ সঁজুলি স্বৰূপে ঈশ্বৰলৈ সমৰ্পণ কৰক।
Romans 6:19 in Assamese 19 আপোনালোকৰ মাংসৰ দুৰ্বলতাৰ কাৰণে, মই মানুহৰ দৰে কৈছোঁ৷ কিয়নো আপোনালোকে যেনেকৈ পূৰ্বতে অধৰ্মৰ কাৰণে, নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক অশুচিতা আৰু অধাৰ্মিকতাৰ অধীনত সমৰ্পণ কৰিছিল, তেনেকৈ এতিয়া পবিত্ৰতা লাভৰ কাৰণে, নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক দাস স্বৰূপে ধাৰ্মিকতাৰ অধীনত সমৰ্পণ কৰক।
Romans 8:19 in Assamese 19 কাৰণ ঈশ্বৰৰ সন্তান সকল প্ৰকাশিত হোৱালৈ, সৃষ্টিৰ আশাই বাট চাই আছে।
Romans 9:33 in Assamese 33 এই বিষয়ে লিখাও আছে, ‘চোৱা, মই চিয়োনত উজুটি খুউৱা শিল, অৰ্থাৎ বিঘ্নজনক শিল থ’ম। তেওঁত বিশ্বাস কৰা জন লাজত নপৰিব’।
Romans 12:1 in Assamese 1 এতেকে, হে ভাইসকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ আত্মিক আৰাধনা।
Romans 14:7 in Assamese 7 কিয়নো আমাৰ কোনেও নিজৰ কাৰণে জীয়াই নাথাকো আৰু কোনেও নিজৰ কাৰণে নমৰো।
1 Corinthians 6:20 in Assamese 20 কিয়নো আপোনালোক (মুক্তিৰ অর্থে) মূল্য দি কিনা হৈছে; এই হেতুকে আপোনালোকৰ শৰীৰৰ দ্বাৰা ঈশ্বৰক মহিমাম্বিত কৰক।
1 Corinthians 7:34 in Assamese 34 তেখেতে ঈশ্বৰ আৰু ভার্যা দুয়ো দিশত ভাগ হয়। সেইদৰে এগৰাকী অবিবাহিতা বা কুমাৰী মহিলাই প্রভুৰ বিষয়ে চিন্তা কৰে, যাতে তেখেত দেহ আৰু আত্মাত পবিত্র হয়। কিন্তু বিবাহিতা মহিলাই জগতৰ বিষয়বোৰ ভাৱে; তেখেতে চিন্তা কৰে কেনেকৈ স্বামীক সন্তুষ্ট কৰিব।
1 Corinthians 15:31 in Assamese 31 হে প্রিয় ভাইসকল, আমাৰ প্ৰভু খ্ৰীষ্ট যীচুত আপোনালোকৰ বিষয়ে মোৰ যি গর্ব আছে, তাৰ দোহাই দি কৈছোঁ, প্ৰতি দিনেই মই মৃত্যু হ’ব ধৰিছোঁ।
2 Corinthians 2:14 in Assamese 14 কিন্তু সেই ঈশ্বৰ ধন্য, যি জনাই আমাক সদায় খ্ৰীষ্টত জয়যুক্ত হ’বলৈ পথ দেখুৱাই আৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰূপ সুগন্ধ সকলো ঠাইতেই প্ৰকাশ কৰে।
2 Corinthians 4:10 in Assamese 10 যীচুৰ জীৱন আমাৰ শৰীৰত প্ৰকাশিত হ’বলৈ, আমি সদায় শৰীৰত যীচুৰ মৃত্যু লৈ ফুৰিছোঁ।
2 Corinthians 5:15 in Assamese 15 আৰু খ্ৰীষ্টে সকলোৰে বাবে মৰিল, এই আশয়েৰে জীৱন পোৱা সকলে যেন নিজৰ কাৰণে জীয়াই নাথাকি, তেওঁলোকৰ অৰ্থে মৃত্যুভোগ কৰা আৰু পুনৰুত্থিত হোৱা জনৰ বাবেহে যেন জীয়াই থাকে।
2 Corinthians 7:14 in Assamese 14 যদিও মই তেওঁৰ আগত আপোনালোকৰ অৰ্থে গৰ্ব কৰিলোঁ, তথাপি মোক লাজত পেলোৱা হোৱা নাই। কিন্তু আপোনালোকৰ অৰ্থে আমি কোৱা সকলো কথা সত্য আছিল, সেয়ে তীতৰ সন্মুখত কৰা গৰ্ব সত্য হিচাপে প্ৰমাণিত হ’ল।
2 Corinthians 10:8 in Assamese 8 আমাৰ ক্ষমতাৰ বিষয়ে যদিও কিছু অধিক গৰ্ব কৰোঁ, এই ক্ষমতা প্ৰভুৱে আপোনালোকক বিনষ্ট কৰিবৰ কাৰণে নহয়, কিন্তু আপোনালোকক বৃদ্ধি কৰিবলৈ দিলে৷ তথাপি সেই বিষয়ে মই লজ্জিত নহ’ম৷
Ephesians 6:19 in Assamese 19 মোৰ কাৰণেও প্ৰার্থনা কৰিব, যাতে শুভবার্তাৰ নিগূঢ়-তত্ত্ব সাহসেৰে প্ৰচাৰ কৰিবলৈ মই মুখ মেলিবৰ সময়ত উপযুক্ত কথা মোক দিয়া হয়৷
Philippians 1:14 in Assamese 14 আৰু সেয়ে খ্ৰীষ্টত থকা ভাই সকলৰ অধিক ভাগে মই বন্ধনত থকা অৱস্হাত প্ৰভুত দৃঢ় বিশ্বাস ৰাখিছে, আৰু ঈশ্বৰৰ বাক্য নিৰ্ভয়ৰূপে ক’বলৈ অধিক সাহস কৰিছে।
Philippians 1:23 in Assamese 23 কিন্তু মই এই দুটাৰ চেপাৰ মাজত সোমাই আছোঁ৷ ইয়াৰ পৰা গৈ, খ্ৰীষ্টৰ লগত থাকিবলৈ মোৰ ইচ্ছা; কিয়নো সেয়ে অতি অধিক গুণে উত্তম!
Philippians 2:17 in Assamese 17 কিন্তু আপোনালোকৰ বিশ্বাসৰূপ যজ্ঞত আৰু সেৱাৰ কাৰ্যত, যদিওবা মই নৈবেদ্য স্বৰূপে ঢলা যাওঁ, তথাপি মই আনন্দ কৰোঁ; আৰু আপোনালোক সকলোৰে সৈতে আনন্দ কৰোঁ।
Colossians 1:24 in Assamese 24 এতিয়া আপোনালোকৰ কাৰণে মোৰ যি দুখভোগ, তাতেই মই আনন্দ কৰিছোঁ, আৰু খ্ৰীষ্টৰ নানা ক্লেশৰ যি অৱশিষ্টখিনি অপূৰ্ণ হৈ আছে, সেই খিনি মই তেওঁৰ শৰীৰ স্বৰূপ মণ্ডলীৰ কাৰণে মোৰ মাংসত পূৰ্ণ কৰিছোঁ।
1 Thessalonians 5:23 in Assamese 23 শান্তিদাতা ঈশ্বৰে আপোনালোকক সম্পূর্ণৰূপে পবিত্ৰ কৰক; আৰু আপোনালোকৰ আত্মা, প্ৰাণ, আৰু শৰীৰ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আগমণৰ দিন পর্যন্ত নির্দোষীৰূপে সম্পূর্ণকৈ ৰক্ষিত হওক।
2 Timothy 4:6 in Assamese 6 কিয়নো সম্প্ৰতি মই যজ্ঞৰ নৈবেদ্য স্বৰূপে ঢলা হৈছোঁ, আৰু মোৰ প্ৰাণ-নৌকা মেলিবৰ সময় উপস্থিত হৈছে।
1 Peter 4:16 in Assamese 16 যদি কোনো এজনে খ্ৰীষ্টিয়ান হোৱা কাৰণে দুখভোগ কৰে, তেনেহলে লজ্জিত নহওক; কিন্তু সেই নামেৰে ঈশ্বৰক মহিমান্বিত কৰক।
2 Peter 1:12 in Assamese 12 এই হেতুকে, যদিও আপোনালোকে এই সকলোবোৰ জানে আৰু যি সত্য, তাত থিৰে আছে, তথাপি মই সকলো সময়তে আপোনালোকক এই বিষয়বোৰ মনত পেলাই দিবলৈ প্রস্তুত থাকিম;
1 John 2:28 in Assamese 28 আৰু এতিয়া, হে মোৰ প্ৰিয় সন্তান সকল আপোনালোকে তেওঁত থাকক; তেওঁ প্ৰকাশিত হলে আমি সাহিয়াল হ’ম আৰু তেওঁৰ আগমণৰ সময়ত তেওঁৰ সন্মুখত লজ্জিত নহ’ম৷