Numbers 36 in Assamese

1 পাছত যোচেফৰ সন্তানসকলৰ গোষ্ঠীবোৰৰ মাজৰ মনচিৰ নাতিয়েক মাখীৰৰ পুত্ৰ গিলিয়দৰ গোষ্ঠীৰ পিতৃ-বংশৰ মূল ব্যক্তিসকলে মোচিৰ আৰু ইস্ৰায়েলৰ সন্তানসকলৰ পিতৃ-বংশৰ মূল ব্যক্তি যি অধ্যক্ষসকল,

2 তেওঁলোকৰ ওচৰলৈ আহি এই কথা ক’লে, “ইস্ৰায়েলৰ সন্তানসকলক আধিপত্যৰ অৰ্থে এই দেশ চিঠি খেলাই দিবলৈ, যিহোৱাই মোৰ প্ৰভূক আজ্ঞা কৰিলে আৰু আমাৰ ভাই চলফাদৰ আধিপত্য তেওঁৰ জীয়েকসকলক দিবলৈ মোৰ প্ৰভুৱে যিহোৱাৰ পৰা আজ্ঞা পালে।

3 কিন্তু ইস্ৰায়েলৰ সন্তানসকলৰ আন জনগোষ্ঠীৰ কোনো লোকেৰে সৈতে যদি তেওঁলোক বিয়া হয় তেন্তে আমাৰ পিতৃৰ আধিপত্যৰ পৰা তেওঁলোকৰ অধিকাৰ কটা যাব আৰু তেওঁলোক যি জনগোষ্ঠীৰ হ’ব, সেই জনগোষ্ঠীৰ উত্তৰাধীকাৰৰ লগত তাক যোগ কৰা হ’ব; এইদৰে তেওঁক আমাৰ উত্তৰাধীকাৰৰ ভাগৰ পৰা কটা যাব।

4 আৰু যেতিয়া ইস্ৰায়েলৰ সন্তানসকলকৰ যোবেল বছৰ হ’ব, তেতিয়া তেওঁলোক যি জনগোষ্ঠীৰ হ’ব, সেই জনগোষ্ঠীৰ উত্তৰাধীকাৰৰ লগত তেওঁলোকৰ উত্তৰাধীকাৰ যোগ কৰা হ’ব; এইদৰে আমাৰ পিতৃৰ জনগোষ্ঠীৰ ভাগৰ পৰা তেওঁলোকৰ উত্তৰাধীকাৰ কটা যাব।”

5 তাতে মোচিয়ে যিহোৱাৰ বাক্য অনুসাৰে ইস্ৰায়েলৰ সন্তানসকলক এই আজ্ঞা কৰিলে, “যোচেফৰ সন্তানসকলৰ জনগোষ্ঠীয়ে ঠিক কৈছে।

6 যিহোৱাই চলফাদৰ জীয়েকসকলৰ বিষয়ে এই আজ্ঞা কৰিছে, ‘তেওঁলোকে যাক ভাল পায়, তাৰে সৈতে বিয়া হ’ব পাৰিব কিন্তু কেৱল নিজৰ পিতৃ-বংশৰ কোনো গোষ্ঠীৰ মাজতহে বিয়া হ’ব পাৰিব।’

7 এইদৰে ইস্ৰায়েলৰ সন্তানসকলৰ কোনো আধিপত্য এক জনগোষ্ঠীৰ পৰা আন জনগোষ্ঠীলৈ নাযাব; কিয়নো ইস্ৰায়েলৰ সন্তানসকলৰ প্ৰতিজনে নিজ নিজ পিতৃ-বংশৰ আধিপত্যতে থাকিব লাগিব।

8 আৰু ইস্ৰায়েলৰ সন্তানসকলে প্ৰতিজনে যেন নিজ নিজ পিতৃৰ আধিপত্য ভোগ কৰে, এই কাৰণে ইস্ৰায়েলৰ সন্তানসকলৰ কোনো জনগোষ্ঠীৰ মাজত আধিপত্য পোৱা প্ৰতিজনী জীয়েক নিজ পিতৃ-বংশৰ গোষ্ঠীৰ মাজৰ কোনো পুৰুষে সৈতে বিয়া হ’ব লাগিব।

9 তেতিয়া এক জনগোষ্ঠীৰ পৰা আন জনগোষ্ঠীলৈ কোনো আধিপত্য নাযাব; কিয়নো ইস্ৰায়েলৰ সন্তানসকলৰ প্ৰত্যেক জনগোষ্ঠী নিজ নিজ আধিপত্যতে থাকিব লাগিব।”

10 চলফাদৰ জীয়েকসকলে মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে কাৰ্য্য কৰিলে।

11 কিয়নো মহলা, তিৰ্চা হগ্লা, মিল্কা আৰু নোৱা, চলফাদৰ এই জীয়েক কেইজনীয়ে নিজৰ বৰ বাপেক কি দদায়েকৰ পুতেকসকলৰ সৈতে বিয়া হ’ল।

12 যোচেফৰ পুত্ৰ মনচিৰ সন্তানসকলৰ গোষ্ঠীৰ মাজত তেওঁলোকৰ বিয়া হোৱাত, তেওঁলোকৰ আধিপত্য, তেওঁলোকৰ পিতৃ-গোষ্ঠীৰ জনগোষ্ঠীতেই থাকিল।

13 যিহোৱাই যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত মোচিৰ দ্বাৰাই ইস্ৰায়েলৰ সন্তানসকলক এই সকলো আজ্ঞা আৰু শাসন-প্ৰণালী দিলে।