Numbers 34 in Assamese

1 পাছত যিহোৱাই মোচিক ক’লে,

2 “তুমি ইস্ৰায়েলৰ সন্তানসকলক এই আজ্ঞা দিয়া, তেওঁলোকক এই কথা কোৱা, ‘যেতিয়া তোমালোক কনান দেশত সোমাবা,(তোমালোকে অধিকাৰৰ অৰ্থে পাব লগা দেশ এই, চাৰিসীমা অনুসাৰে এয়ে কনান দেশ),

3 তেতিয়া ইদোমৰ কাষত থকা ছিন মৰুভূমিৰ পৰা তোমালোকৰ দক্ষিণ অঞ্চল হ’ব; তোমালোকৰ দক্ষিণ সীমা লৱণ-সমুদ্ৰৰ অন্তৰ পৰা পূৱফালে হ’ব।

4 আৰু তোমালোকৰ সীমা পৰ্ব্বত পাৰ হৈ যোৱা অক্ৰব্বীম নামেৰে ঠাইৰ দক্ষিণে ঘূৰি ছিনলৈকে যাব আৰু কাদেচ-বৰ্ণেয়াৰ দক্ষিণফালে ওলাব আৰু হচৰ-অদ্দৰ ওলাই অশ্মোনলৈকে যাব।

5 পাছত এই সীমা অশ্মোনৰ পৰা মিচৰ জুৰিলৈ ঘূৰি আহিব আৰু সমুদ্ৰতত এই সীমা শেষ হ’ব।

6 আৰু তোমালোকৰ পশ্চিম সীমা হ’লে, মহাসাগৰ আৰু তাৰ অঞ্চল; এয়ে তোমালোকৰ পশ্চিম সীমা হ’ব।

7 আৰু তোমালোকৰ উত্তৰ সীমা এই; তোমালোকে মহাসাগৰ পৰা হোৰ পৰ্ব্বত লক্ষ্য কৰিবা।

8 পাছত হোৰ পৰ্ব্বতৰ পৰা হমাতৰ প্ৰৱেশস্থানলৈকে ঠিক কৰিবা আৰু তাৰ পৰা সেই সীমা ওলাই চাদদ পাব।

9 আৰু সেই সীমা বাহিৰ হৈ জিফ্ৰোণলৈ যাব আৰু হচৰ-ঐননত তাৰ শেষ হ’ব। এয়ে তোমালোকৰ উত্তৰ সীমা হ’ব।

10 আৰু তোমালোকে হচৰ-ঐননৰ পৰা চফামলৈকে তোমালোকৰ পূৱ সীমা ঠিক কৰিবা।

11 পাছত সেই সীমা চফামৰ পৰা ঐনৰ পূৱফাল হৈ ৰিব্লালৈ নামি যাব; সেয়ে আৰু নামি কিন্নেৰৎ সাগৰৰ পূৱ চুকত লাগিব।

12 পাছত সেই সীমা যৰ্দ্দনলৈ নামি লৱণ-সমুদ্ৰত তাৰ শেষ হ’ব। সেই চাৰিফালৰ সীমা অনুসাৰেই তোমালোকৰ দেশ হ’ব’।”

13 পুনৰায় মোচিয়ে ইস্ৰায়েলৰ সন্তানসকলক এই আজ্ঞা কৰিলে, “যি দেশ তোমালোকে চিঠি-খেলেৰে অধিকাৰ কৰিবা, যি দেশ যিহোৱাই ন জনগোষ্ঠী আৰু আধা জনগোষ্ঠীক দিবলৈ আজ্ঞা কৰিছে, সেয়ে এই দেশ।

14 কিয়নো নিজ নিজ পিতৃ-বংশ অনুসাৰে ৰূবেণৰ সন্তানসকলৰ জনগোষ্ঠী আৰু নিজ নিজ পিতৃ-বংশ অনুসাৰে গাদৰ সন্তানসকলৰ জনগোষ্ঠী আৰু মনচিৰ আধা জনগোষ্ঠীয়ে নিজ নিজ উত্তৰাধীকাৰ ল’লে।

15 যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ পূৱ পাৰত সূৰ্য্য ওলোৱা ফালে সেই আঢ়ৈ জনগোষ্ঠীয়ে নিজ নিজ উত্তৰাধীকাৰ ল’লে।”

16 পাছত যিহোৱাই মোচিক ক’লে,

17 “যিসকলে দেশ ভাগ কৰি তোমালোকক দিব, তেওঁলোকৰ নাম এই, ইলিয়াজৰ পুৰোহিত আৰু নুনৰ পুত্ৰ যিহোচূৱা।

18 আৰু উত্তৰাধীকাৰৰ অৰ্থে দেশ ভাগ কৰিবলৈ প্ৰত্যেক জনগোষ্ঠীৰ এজন এজন অধ্যক্ষ ল’বা।

19 সেই লোকসকলৰ নাম এই: যিহূদা জনগোষ্ঠীৰ যিফুন্নিৰ পুত্ৰ কালেব।

20 আৰু চিমিয়োনৰ সন্তানসকলৰ জনগোষ্ঠীৰ অম্মীহূদৰ পুত্ৰ চমূৱেল।

21 আৰু বিন্যামীন জনগোষ্ঠীৰ কিশ্লোনৰ পুত্ৰ ইলীদদ।

22 আৰু দানৰ সন্তানসকলৰ জনগোষ্ঠীৰ অধ্যক্ষ যগ্লীৰ পুত্ৰ বুক্লী।

23 আৰু যোচেফৰ পুত্ৰসকলৰ মাজত মনচিৰ সন্তানসকলৰ জনগোষ্ঠীৰ অধ্যক্ষ এপোদৰ পুত্ৰ হন্নীয়েল।

24 আৰু ইফ্ৰয়ীমৰ সন্তানসকলৰ জনগোষ্ঠীৰ অধ্যক্ষ চিপ্তনৰ পুত্ৰ কেমূৱেল।

25 আৰু জবূলূনৰ সন্তানসকলৰ জনগোষ্ঠীৰ অধ্যক্ষ পৰ্ণাকৰ পুত্ৰ ইলিচাফন।

26 আৰু ইচাখৰৰ সন্তানসকলৰ জনগোষ্ঠীৰ অধ্যক্ষ অজ্জনৰ পুত্ৰ পল্টীয়েল।

27 আৰু আচেৰৰ সন্তানসকলৰ জনগোষ্ঠীৰ অধ্যক্ষ চলোমীৰ পুত্ৰ অহীহূদ।

28 আৰু নপ্তালীৰ সন্তানসকলৰ জনগোষ্ঠীৰ অধ্যক্ষ অম্মীহূদৰ পুত্ৰ পদহেল।

29 কনান দেশত ইস্ৰায়েলৰ সন্তানসকলৰ কাৰণে উত্তৰাধীকাৰ ভাগ কৰি দিবলৈ যিহোৱাই এই সকলো লোকক আজ্ঞা কৰিলে।