Numbers 32 in Assamese

1 ৰূবেণৰ সন্তানসকলৰ আৰু গাদৰ সন্তানসকলৰ অতিশয় অধিক পশুৰ জাক আছিল; এই কাৰণে তেওঁলোকে যেতিয়া যাজেৰ আৰু গিলিয়দ দেশখন দেখিলে, তেওঁলোকে তেওঁলোকৰ পশুবোৰৰ কাৰণে সেই ঠাই ভাল দেখিলে।

2 সেই কাৰণে গাদ আৰু ৰূবেণৰ সন্তানসকলে আহি মোচিক, পুৰোহিত ইলিয়াজৰক আৰু মণ্ডলীৰ অধ্যক্ষসকলক ক’লে,

3 অটাৰোৎ, দীবোন, যাজেৰ, নিম্ৰা, হিচবোন, ইলিয়ালি, চিবাম, নবো আৰু বিয়োন,

4 এই যি যি দেশ যিহোৱাই ইস্ৰায়েলৰ মণ্ডলীৰ আগত পৰাজয় কৰিলে, এয়ে পশুবোৰৰ বাবে যোগ্য ঠাই; আৰু আমি, আপোনাৰ যি দাসকল, আমাৰ অধিক পশুৰ জাক আছে।”

5 তেওঁলোকে আকৌ ক’লে, “আমি যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, তেতিয়াহলে উত্তৰাধীকাৰৰ অৰ্থে আপোনাৰ এই দাসসকলক এই দেশ দান কৰক। আমাক যৰ্দ্দন পাৰ কৰি নিনিব।”

6 তেতিয়া মোচিয়ে গাদৰ আৰু ৰূবেণৰ সন্তানসকলক ক’লে, “তোমালোকৰ ভাইসকলে যুদ্ধ কৰিবলৈ যোৱাৰ সময়ত তোমালোকে এই ঠাইত বাস কৰিবা নে?

7 যিহোৱাই ইস্ৰায়েলৰ সন্তানসকলক দিয়া দেশলৈ তেওঁলোকে পাৰ হৈ নাযাবলৈ তেওঁলোকৰ মন কেলেই নিৰুৎসাহ কৰিছা?

8 যি কালত মই তোমালোকৰ পিতৃসকলক দেশ চাবৰ কাৰণে কাদেচ-বৰ্ণেয়াৰ পৰা পঠিয়াইছিলোঁ সেই কালত তেওঁলোকেও সেইদৰে কৰিছিল।

9 কিয়নো তেওঁলোকে ইষ্কোল উপত্যকালৈকে গৈ দেশ চাই, যিহোৱাই দিয়া সেই দেশত নোসোমাবলৈ ইস্ৰায়েলৰ সন্তানসকলৰ মন নিৰোৎসাহ কৰিছিল।

10 এই কাৰণে সেই দিনা যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ শপত কৰি, এই কথা কৈছিল,

11 ‘মই অব্ৰাহাম, ইচহাক আৰু যাকোবক যি দেশ দিম বুলি শপত কৰিছিলোঁ, মিচৰৰ পৰা অহা লোকসকলৰ মাজত বিশ বছৰ আৰু তাতোতকৈ অধিক বয়সীয়া কোনো এজন লোকেও সেই দেশ দেখিবলৈ নাপাব, কিয়নো তেওঁবিলাকে মোৰ পথত সম্পূৰ্ণৰূপে নচলিলে;

12 কেৱল কনিজ্জীয়া যিফুন্নিৰ পুত্ৰ কালেৱ আৰু নুনৰ পুত্ৰ যিহোচূৱাই সেই দেশ দেখিব, কাৰণ তেওঁলোকে যিহোৱাৰ পথত সম্পূৰ্ণৰূপে চলিলে’।

13 এইদৰে ইস্ৰায়েললৈ যিহোৱাৰ ক্ৰোধ জ্বলি উঠাত, যিহোৱাৰ দৃষ্টিত কু কৰ্ম্ম কৰা আটাই বংশৰ শেষ নোহোৱালৈকে, তেওঁ চল্লিশ বছৰ ধৰি তেওঁলোকক অৰণ্যত ভ্ৰমণ কৰালে।

14 এতিয়া চোৱা, ইস্ৰায়েলৰ বিৰূদ্ধে যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ আৰু বঢ়াবলৈ, পাপী লোকসকলৰ নিচিনা তোমালোকে তোমালোকৰ পিতৃসকলৰ ঠাইত উঠিছা।

15 কিয়নো, তোমালোকে যদি এইদৰে তেওঁৰ পাছৰ পৰা বিমুখ হোৱা, তেনেহলে তেওঁ পুনৰায় ইস্ৰায়েলক অৰণ্যত ত্যাগ কৰিব; তেতিয়া তোমালোকে এই সকলো লোকক বিনষ্ট কৰাবা।”

16 তেতিয়া তেওঁলোকে মোচিৰ ওচৰলৈ আহি ক’লে, আমি এই ঠাইত নিজ পশুবোৰৰ কাৰণে গঁঢ়াল সাজিম, আৰু আমাৰ পৰিয়ালবোৰৰ কাৰণে নগৰবোৰ নিৰ্ম্মান কৰিম;

17 আৰু আমি ইস্ৰায়েলৰ সন্তানসকলক নিজ ঠাইলৈ নিনিয়া মানে আমি নিজে ৰণলৈ সাজো হৈ, তেওঁলোকৰ আগে আগে যাম; কেৱল আমাৰ পৰিয়ালবোৰ দেশ নিবাসীসকলৰ ভয়ত গঢ়েৰে আবৃত নগৰবোৰত বাস কৰিব।

18 ইস্ৰায়েলৰ সন্তানসকলৰ প্ৰতিজনে নিজ নিজ উত্তৰাধীকাৰৰ ভাগ নোপোৱালৈ আমি নিজ নিজ ঘৰলৈ উভটি নাহিম।

19 আমি যৰ্দ্দনৰ সিপাৰে থকা সেই দেশৰ উত্তৰাধীকাৰৰ ভাগ তেওঁলোকৰ সৈতে নলওঁ, কিয়নো পূৱ দিশে যৰ্দ্দনৰ এইপাৰে আমি উত্তৰাধীকাৰৰ ভাগ পালোঁ।”

20 তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “তোমালোকে কোৱা এই কাৰ্য্য যদি কৰা, তোমালোকে যদি সুসজ্জিত হৈ যিহোৱাৰ সাক্ষাতে যুদ্ধলৈ যাব নিজকে সাজু কৰা,

21 তেতিয়া তোমালোকৰ প্রতিজন যুদ্ধলৈ সাজু হোৱা লোকে যিহোৱাৰ সাক্ষাতে যৰ্দ্দন পাৰ হৈ যাব লাগিব যেতিয়ালৈ তেওঁ নিজ শত্ৰুবোৰক নিজৰ আগৰ পৰা দূৰ নকৰে

22 আৰু তেওঁৰ আগত যেতিয়ালৈ দেশ বশীভূত নহয়। তাৰ পাছত তোমালোক উভটি আহিব পাৰিবা। যিহোৱাৰ দৃষ্টিত আৰু ইস্ৰায়েলৰ দৃষ্টিত তোমালোক নিৰ্দ্দোষী হ’বা, আৰু যিহোৱাৰ সাক্ষাতে এই দেশ তোমালোকৰ উত্তৰাধীকাৰ হ’ব।

23 কিন্তু যদি তোমালোকে সেই দৰে নকৰা, তেন্তে চোৱা, তোমালোকে যিহোৱাৰ অহিতে পাপ কৰিবা, আৰু তোমালোকৰ পাপে যে তোমালোকক বিচাৰি ওলিয়াব, সেই বিষয়ে নিশ্চয় জানিবা।

24 তোমালোকে নিজ নিজ পৰিয়ালৰ কাৰণে নগৰ, আৰু ভেড়া আৰু ছাগলীৰ জাকৰ কাৰণে গঢ়াল সাজা; আৰু তোমালোকৰ মুখৰ পৰা ওলোৱা বাক্যৰ দৰেই সেই কাৰ্য্য কৰা।”

25 তেতিয়া গাদৰ আৰু ৰূবেণৰ সন্তানসকলে মোচিক ক’লে, “আমাৰ প্ৰভুৱে যি আজ্ঞা কৰিলে, আপোনাৰ এই দাসসকলে সেইদৰেই কৰিব।

26 আমাৰ ল’ৰা-ছোৱালী, আমাৰ পত্নীসকল আৰু ভেড়া, ছাগলী গৰু আদিৰ আটাই পশুৰ জাকবোৰ এই ঠাইৰ গিলিয়দৰ নগৰবোৰত থাকিব।

27 কিন্তু আমাৰ প্ৰভুৰ কথাৰ দৰে, আপোনাৰ এই দাসসকলৰ সকলোৱে সাজু হৈ যুদ্ধ কৰিবৰ কাৰণে যিহোৱাৰ সাক্ষাতে পাৰ হৈ যাব।”

28 তেতিয়া মোচিয়ে তেওঁলোকৰ বিষয়ে পুৰোহিত ইলিয়াজৰক, নূনৰ পুত্ৰ যিহোচূৱাক আৰু ইস্ৰায়েলৰ সন্তানসকলৰ সকলো পিতৃ-বংশৰ অধ্যক্ষসকলক উপদেশ দিলে।

29 মোচিয়ে তেওঁলোকক ক’লে, “গাদৰ আৰু ৰূবেণৰ সন্তানসকলৰ প্ৰতিজনে যুদ্ধলৈ সুসজ্জিত হৈ, যিহোৱাৰ সাক্ষাতে তোমালোকৰ লগত যদি যৰ্দ্দন পাৰ হৈ যায়, তেন্তে দেশ তোমালোকৰ আগত বশীভূত হ’লে, তোমালোকে অধিকাৰ কৰিবৰ অৰ্থে তেওঁলোকক এই গিলিয়দ দেশ দিবা।

30 কিন্তু যদি তেওঁলোক সুসজ্জিত হৈ, তোমালোকৰ লগত পাৰ নহয়, তেন্তে তেওঁলোকে তোমালোকৰ মাজত কনান দেশত উত্তৰাধীকাৰ পাব।”

31 তেতিয়া গাদৰ আৰু ৰূবেণৰ সন্তানসকলে উত্তৰ দিলে, “যিহোৱাই আপোনাৰ এই দাসসকলক যি আজ্ঞা কৰিছে, আমি সেইদৰেই কৰিম।

32 আমি সুসজ্জিত হৈ, যিহোৱাৰ সাক্ষাতে পাৰ হৈ কনান দেশত সোমাম, কিন্তু আমাৰ উত্তৰাধীকাৰ যৰ্দ্দনৰ ইপাৰত আমাৰ স্বত্ব থাকিব।”

33 পাছত মোচিয়ে গাদৰ আৰু ৰূবেণৰ সন্তানসকলক, আৰু যোচেফৰ পুত্ৰ মনচিৰ আধা জনগোষ্ঠীক ইমোৰীয়াসকলৰ ৰজা চীহোনৰ ৰাজ্য আৰু বাচানৰ ৰজা ওগৰ ৰাজ্য দিলে। আৰু নিজ নিজ অঞ্চলে সৈতে নগৰ থকা দেশবোৰ, এইদৰে চাৰিওফালে থকা দেশৰ আটাই নগৰবোৰ দিলে।

34 গাদৰ সন্তানসকলে দীবোন, অটাৰোৎ, অৰোয়েৰ,

35 অটাৰোৎ-চোফন, যাজেৰ, যগ্বেহা,

36 বৈৎ-নিম্ৰা আৰু বৈৎ-হাৰণ, গড়েৰে আবৃত এই নগৰবোৰ পুনৰায় নিৰ্ম্মান কৰিলে আৰু ভেড়াবোৰ জাকৰ কাৰণে গঢ়ালবোৰ সাজিলে।

37 আৰু ৰূবেণৰ সন্তানসকলে হিচবোন, ইলিয়ালি, কিৰিয়াথয়িম,

38 নবো, আৰু বাল-মিয়োন, (পাছলৈ এই নামবোৰ সলনি কৰা হ’ল) আৰু চিবমাও পুনৰায় নিৰ্ম্মান কৰিলে; তেওঁলোকে পুনৰায় নিৰ্ম্মান কৰা নগৰৰ নাম নতুনকৈ দিলে।

39 আৰু মনচিৰ পুত্ৰ মাখীৰৰ সন্তানসকলে গিলিয়দলৈ গৈ, তাক হাত কৰি ল’লে, আৰু তাত থকা ইমোৰীয়াসকলক দূৰ কৰিলে।

40 পাছত মোচিয়ে মনচিৰ পুত্ৰ মাখীৰক গিলিয়দ দেশ দিলে; তেওঁৰ লোকসকলে তাৰ মাজত বাস কৰিলে।

41 আৰু মনচিৰ সন্তান যায়ীৰে গৈ, তেওঁলোকৰ সৰু গাঁওবোৰ হাত কৰি ল’লে, আৰু সেইবোৰৰ নাম হব্বোৎ-যায়ীৰ অৰ্থাৎ যায়ীৰৰ গাওঁ ৰাখিলে।

42 আৰু নোবহে গৈ, কনাৎ নগৰ আৰু তাৰ গাওঁবোৰ হাত কৰি ল’লে, আৰু নিজৰ নামৰ দৰেই তাৰো নাম নোবহ ৰাখিলে।