Numbers 24:7 in Assamese 7 তেওঁৰ কলহৰ পৰা পানী উথালি খাই পৰিছে; তেওঁৰ গুটি অনেক পানীৰ কাষত সিঁচা হ’ব, তেওঁৰ ৰজা অগাগতকৈয়ো ওখ হ’ব, তেওঁৰ ৰাজ্যৰ উন্নতি হ’ব।
Other Translations King James Version (KJV) He shall pour the water out of his buckets, and his seed shall be in many waters, and his king shall be higher than Agag, and his kingdom shall be exalted.
American Standard Version (ASV) Water shall flow from his buckets, And his seed shall be in many waters, And his king shall be higher than Agag, And his kingdom shall be exalted.
Bible in Basic English (BBE) Peoples will be in fear before his strength, his arm will be on great nations: his king will be higher than Agag, and his kingdom made great in honour.
Darby English Bible (DBY) Water shall flow out of his buckets, and his seed shall be in great waters, And his king shall be higher than Agag, and his kingdom shall be exalted.
Webster's Bible (WBT) He shall pour the water out of his buckets, and his seed shall be in many waters, and his king shall be higher than Agag, and his kingdom shall be exalted.
World English Bible (WEB) Water shall flow from his buckets, His seed shall be in many waters, His king shall be higher than Agag, His kingdom shall be exalted.
Young's Literal Translation (YLT) He maketh water flow from his buckets, And his seed `is' in many waters; And higher than Agag `is' his king, And exalted is his kingdom.
Cross Reference 1 Samuel 15:8 in Assamese 8 তেওঁ অমালেকীয়া সকলৰ ৰজা অগাগক জীৱিত অৱস্থাতে ধৰিলে, আৰু আন লোক সকলক তৰোৱালৰ ধাৰেৰে ধ্ৱংস কৰিলে।
1 Samuel 15:32 in Assamese 32 তাৰ পাছত চমূৱেলে ক’লে, “অমালেকৰ ৰজা অগাগক মোৰ ওচৰলৈ আনা।” অগাগে আনন্দ মনেৰে তেওঁৰ ওচৰলৈ আহিল, আৰু ক’লে, “নিশ্চয় মৃত্যু যন্ত্ৰণা দূৰ হ’ল।”
2 Samuel 5:12 in Assamese 12 তাতে দায়ূদে জানিলে যিহোৱাই যে ইস্ৰায়েলৰ ওপৰত তেওঁক ৰজা পাতিলে, সেই বাবে নিজৰ প্ৰজা ইস্ৰায়েলসকলৰ বাবে তেওঁৰ ৰাজ্য উন্নত কৰিলে।
1 Kings 4:21 in Assamese 21 চলোমনে ফৰাৎ নদীৰে পৰা ফিলিষ্টীয়াসকলৰ দেশলৈ আৰু মিচৰ দেশৰ সীমালৈকে, সকলো ৰাজ্যৰ ওপৰত ৰাজত্ব কৰিছিল৷ তেওঁলোকে চলোমনলৈ উপহাৰ আনিছিল আৰু তেওঁৰ গোটেই ৰাজত্বৰ কালত তেওঁলোকে তেওঁক সেৱা কৰিছিল।
1 Chronicles 14:2 in Assamese 2 দায়ূদে বুজিলে যে, যিহোৱাই ইস্ৰায়েলৰ ওপৰত তেওঁক ৰজা অভিষিক্ত কৰিলে, আৰু তেওঁৰ ৰাজ্য ইস্ৰীয়েলৰ লোকসকলৰ বাবে উন্নতিৰ শিখৰলৈ গ’ল।
Ezra 4:20 in Assamese 20 পৰাক্রমী ৰজাসকলে যিৰূচালেমৰ ওপৰত শাসন কৰিছিল আৰু নদীৰ সিপাৰৰ সকলো বস্তুৰ ওপৰত অধিকাৰ কৰিছিল। তেওঁলোকক কৰ-কাটল দিছিলে।
Psalm 2:6 in Assamese 6 যিহোৱাই কৈছে, “ময়েই মোৰ পবিত্ৰ চিয়োন পৰ্ব্বতত মোৰ ৰজাক অভিষেক কৰিলোঁ।”
Psalm 18:43 in Assamese 43 লোকসকলৰ বিদ্রোহৰ পৰা তুমি মোক ৰক্ষা কৰিলা; তুমি মোক আন জাতিবোৰৰ অধিপতি পাতিলা। মই যিসকলক চিনি নাপাওঁ, তেওঁলোকো মোৰ অধীন হ’ল।
Psalm 68:26 in Assamese 26 তোমালোকে বৃহৎ সমাজবোৰৰ মাজত ঈশ্বৰৰ ধন্যবাদ কৰা; হে ইস্ৰায়েল-ভুমুকৰ পৰা ওলোৱা বংশধৰসকল, যিহোৱাৰ ধন্যবাদ কৰা।
Psalm 93:3 in Assamese 3 হে যিহোৱা, নদীৰ পানী ওফন্দি উঠিছে, নদীবোৰ নিজ নিজ তৰঙ্গ ধ্বনিৰে ওফন্দি উঠিছে; নদীবোৰে নিজ নিজ গর্জনৰ ঢৌ তুলিছে।
Psalm 145:11 in Assamese 11 তেওঁলোকে তোমাৰ ৰাজ্যৰ গৌৰৱ বর্ণনা কৰিব আৰু তোমাৰ মহৎ কাৰ্য্যবোৰৰ বিষয়ে ক’ব,
Proverbs 5:16 in Assamese 16 তোমাৰ ভুমুকবোৰ চাৰিওফালে প্লাৱিত হ’ব লাগে নে? আৰু তোমাৰ জুৰীৰ পানী জনসাধৰণৰ মাজলৈ বৈ যাব লাগে নে?
Isaiah 2:2 in Assamese 2 পিছৰ দিনবোৰত, যিহোৱাৰ পৰ্ব্বতত গৃহ স্থাপন কৰা হ’ব পৰ্ব্বতবোৰৰ দৰে ওখ আৰু পাহাৰবোৰতকৈয়ো উচ্চ কৰা হ’ব; আৰু সকলো জাতি তালৈ সোঁত বোৱাৰ দৰে বৈ যাব।
Isaiah 9:7 in Assamese 7 দায়ুদৰ সিংহাসন আৰু তেওঁৰ ৰাজ্যৰ ওপৰত শাসন কৰোতে তাক সুস্থিৰ আৰু দৃঢ় কৰিবলৈ, এই সময়ৰ পৰা চিৰকাললৈকে ন্যায় আৰু ধাৰ্মিকতাৰ সৈতে ৰাজ্যত তেওঁৰ শাসন আৰু শান্তি বৃদ্ধি হৈ থাকিব। বাহিনীসকলৰ যিহোৱাৰ আগ্রহে ইয়াক সিদ্ধ কৰিব।
Isaiah 48:1 in Assamese 1 হে ইস্ৰায়েল নামেৰে প্ৰখ্যাত, আৰু যিহূদাৰ জল সমোহৰ পৰা উৎপন্ন হোৱা যাকোবৰ বংশ, এই কথা শুনা, যিসকলে যিহোৱাৰ নাম লৈ শপত খায়, ইস্ৰায়েলৰ ঈশ্বৰৰ ওচৰত সাহায্য প্রার্থনা কৰে, কিন্তু আন্তৰিকতাৰে বা সত্যনিষ্ঠাৰে নকৰে।
Jeremiah 51:13 in Assamese 13 হে বহুজল-নিবাসিনী, বহুমূল্য বস্তুৰে পৰিপূৰ্ণা, তোমাৰ অন্তিম কাল উপস্থিত, তোমাৰ লোভৰ পৰিমাণ পূৰ হ’ল।
Daniel 2:44 in Assamese 44 আৰু সেই ৰজাসকলৰ সময়ত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহ’ব, নাইবা আন লোকৰ দ্বাৰাই এই ৰাজ্য পৰাজিত নহ’ব, আৰু সকলো ৰাজ্যক ভাঙি ডোখৰ ডোখৰ কৰি সকলোকে সংহাৰ কৰিব; আৰু এই ৰাজ্য চিৰকাললৈকে থাকিব।
John 1:49 in Assamese 49 নথনেলে তেওঁক উত্তৰ দিলে, “ৰব্বি, আপুনিয়েই ঈশ্বৰৰ পুত্ৰ! আপুনিয়েই ইস্ৰায়েলৰ ৰজা!”
Philippians 2:10 in Assamese 10 যাতে স্বৰ্গত, পৃথিৱীত আৰু পৃথিৱীৰ তলত নিবাস কৰা সকলোৱে যীচুৰ নামত আঁঠু লয়৷
Revelation 11:15 in Assamese 15 পাছত সপ্তম দূতে তুৰী বজাওঁতে, স্বৰ্গত এইদৰে মহা-বাণীবোৰ হ’ল, বোলে, “এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ’ল৷ আৰু তেওঁ চিৰকাল ৰাজশাসন কৰিব।”
Revelation 17:1 in Assamese 1 পাছত সেই সাতোটা বাটি লোৱা সাত জন দূতৰ এজন আহিল আৰু মোক ক’লে, “আহা, মই তোমাক অনেক পানীৰ ওপৰত বহি থকা সেই মহা-বেশ্যাৰ দণ্ড দেখুৱাওঁ,
Revelation 17:15 in Assamese 15 সেই দূত জনে মোক আকৌ ক’লে, “তুমি যি পানী দেখিলা, য’ত সেই বেশ্যা বহি আছে, সেই পানীবোৰেই অনেক প্ৰজা, সাধাৰণ লোক, সকলো জাতি আৰু ভাষাৰ লোক সকল।
Revelation 19:16 in Assamese 16 তেওঁৰ বস্ত্ৰত আৰু কৰঙণত, এই নাম লিখা আছে, “ৰজা সকলৰো ৰজা আৰু প্ৰভু সকলৰো প্ৰভু৷”