Numbers 23:7 in Assamese 7 তেতিয়া বিলিয়মে নিজৰ ভৱিষ্যৎ বাণী পদ্যৰূপে গাই ক’লে, “বালাকে অৰামৰ পৰা মোক অনালে, মোৱাবৰ ৰজাই পূবফালৰ পৰ্ব্বতৰ পৰা মোক অনালে। ‘আহাঁ, মোৰ কাৰণে যাকোবক শাও দিয়া,’ তেওঁ ক’লে। আহাঁ, ইস্ৰায়েলক ধিক্কাৰ দিয়া।’
Other Translations King James Version (KJV) And he took up his parable, and said, Balak the king of Moab hath brought me from Aram, out of the mountains of the east, saying, Come, curse me Jacob, and come, defy Israel.
American Standard Version (ASV) And he took up his parable, and said, From Aram hath Balak brought me, The king of Moab from the mountains of the East: Come, curse me Jacob, And come, defy Israel.
Bible in Basic English (BBE) And in the words which the Lord had given him he said, From Aram Balak has sent for me, the king of Moab from the mountains of the East: come, put curses on Jacob for me and be angry with Israel.
Darby English Bible (DBY) And he took up his parable, and said, Balak the king of Moab hath brought me from Aram, from the mountains of the east: Come, curse me Jacob, and come, denounce Israel!
Webster's Bible (WBT) And he took up his parable, and said, Balak the king of Moab hath brought me from Aram, out of the mountains of the east, saying, Come, curse Jacob for me, and come, defy Israel.
World English Bible (WEB) He took up his parable, and said, From Aram has Balak brought me, The king of Moab from the mountains of the East: Come, curse me Jacob, Come, defy Israel.
Young's Literal Translation (YLT) And he taketh up his simile, and saith: `From Aram he doth lead me -- Balak king of Moab; From mountains of the east: Come -- curse for me Jacob, And come -- be indignant `with' Israel.
Cross Reference Genesis 10:22 in Assamese 22 চেমৰ পুত্রসকল হ’ল এলম, অচুৰ, অৰ্ফকচদৰ, লুদ আৰু অৰাম।
Genesis 28:2 in Assamese 2 তুমি উঠি পদ্দন-অৰাম দেশত তোমাৰ মাতৃৰ পিতৃগৃহ বথুৱেলৰ ঘৰলৈ যোৱা। তাৰ পৰা তোমাৰ মোমায়েৰা লাবনৰ জীয়েকহঁতৰ মাজৰ কোনো এজনীক বিয়া কৰি আনাগৈ।
Genesis 28:7 in Assamese 7 এচৌৱে দেখিলে, যাকোবে তেওঁৰ পিতৃ-মাতৃৰ আদেশ মানি পদ্দন-অৰামলৈ গুছি গ’ল।
Numbers 22:5 in Assamese 5 তেওঁ বিয়োৰৰ পুত্ৰ বিলিয়মক মাতিবলৈ, তেওঁৰ স্ব-জাতীয় লোকসকলৰ দেশলৈ ফৰাৎ নদীৰ পাৰত থকা পথোৰ নগৰলৈ দূত পঠাই তেওঁক ক’লে, “চোৱা, মিচৰৰ পৰা এক জাতি ওলাই আহিছে। চোৱা, তেওঁলোকে পৃথিৱীখন ঢকাৰ দৰে ঢাকি এই মূহূর্ত্তত আমাৰ সন্মূখতে আছে।
Numbers 22:11 in Assamese 11 ‘চোৱা, মিচৰৰ পৰা ওলাই অহা জাতিয়ে পৃথিৱী ঢকা দি মোৰ ঠাই ঢাকি ধৰিছে। এতিয়া তুমি আহি মোৰ কাৰণে তেওঁলোকক শাও দিয়া। কিজানি মই যুদ্ধ কৰি তেওঁলোকক খেদিব পাৰিম’।”
Numbers 22:17 in Assamese 17 কিয়নো মই আপোনাক অতিশয়ৰূপে সন্মানিত কৰিম আৰু যি যি আজ্ঞা দিব, তাকে কৰিম; এই হেতুকে বিনয় কৰোঁ। আপুনি আহি মোৰ কাৰণে এই জাতিক শাও দিয়ক।
Numbers 23:18 in Assamese 18 বিলিয়মে নিজৰ ভৱিষ্যৎ বাণী পদ্যৰূপে গাই ক’লে, তেওঁ ক’লে, “হে বালাক, উঠি শুনা, হে চিপ্পোৰৰ পুত্ৰ, মোৰ কথালৈ কাণ কৰা।
Numbers 24:3 in Assamese 3 তেতিয়া তেওঁ এই ভৱিষ্যৎ বাণী পাই নিজৰ পদ্যৰূপে গাই গাই ক’লে, বিয়োৰৰ পুত্ৰ বিলিয়মে কৈছে, যাৰ চকু সম্পূর্ণ মেলা আছিল, সেই পুৰুষে কৈছে,
Numbers 24:15 in Assamese 15 বিলিয়ামে নিজৰ পদ্য গাই ক’লে, বিয়োৰৰ পুত্ৰ বিলিয়মে কৈছে, যাৰ চকু মেলা আছিল, সেই পুৰুষে কৈছে।
Numbers 24:21 in Assamese 21 তেতিয়া বিলিয়মে কেনীয়া সকললৈ দৃষ্টি কৰি নিজৰ পদ্য গাই ক’লে, “তোমাৰ নিবাস অতি দৃঢ়, আৰু তোমাৰ বাহ শিলত পতা।
Numbers 24:23 in Assamese 23 তেতিয়া বিলিয়ামে নিজৰ শেষ পদ্যটি গাই গ’ল। তেওঁ ক’লে, হায় হায়! যেতিয়া ঈশ্বৰে ইয়াক কৰিব, তেতিয়া কোন জীয়াই থাকিব পাৰিব?
Deuteronomy 23:4 in Assamese 4 কিয়নো মিচৰ দেশৰ পৰা ওলাই অহাৰ সময়ত আপোনালোকৰ যাত্রা পথত তেওঁলোকে অন্ন আৰু জল লৈ অহা নাছিল, বৰং আপোনালোকক শাও দিবলৈ তেওঁলোকে অৰাম-নহৰয়িম (মেচোপটেমিয়া) দেশৰ পথোৰ নগৰৰ পৰা বিয়োৰৰ পুতেক বিলিয়মক ধন দি আনিছিল।
1 Samuel 17:10 in Assamese 10 ফিলিষ্টীয়াজনে পুনৰ ক’লে, “আজি মই ইস্ৰায়েলৰ সৈন্যসকলক প্ৰত্যাহ্ৱান জনাইছোঁ, তহঁতে মোক এজন মানুহ দে, যাতে আমি দুয়ো একেলগে যুদ্ধ কৰোঁ।”
1 Samuel 17:25 in Assamese 25 আৰু ইস্ৰায়েলৰ লোকসকলে পৰস্পৰৰ মাজত ক’বলৈ ধৰিলে, “ওপৰলৈ উঠি অহা সেই মানুহজনক তুমি দেখিছা নে? তেওঁ ইস্ৰায়েলক ইতিকিং কৰিবলৈ আহিছে। তেওঁক যিকোনোৱে বধ কৰিব, ৰজাই তেওঁক অধিক ধনেৰে ধনৱান কৰিব, আৰু তেওঁৰ লগত নিজৰ জীয়েকক বিয়া দিব, আৰু ইস্ৰায়েলৰ মাজত তেওঁৰ পিতৃ-বংশক স্ৱাধীন কৰিব।”
1 Samuel 17:36 in Assamese 36 আপোনাৰ দাসে সিংহ আৰু ভালুক দুয়োকো মাৰিলে; এই অচুন্নৎ ফিলিষ্টীয়াজন সেই দুটাৰ মাজৰ এটাৰ নিচিনা হ’ব, কাৰণ সি জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিছে।”
1 Samuel 17:45 in Assamese 45 দায়ূদে সেই ফিলিষ্টীয়াজনক উত্তৰ দি ক’লে, “তুমি তৰোৱাল, বৰছা, আৰু যাঠি লৈ মোৰ ওচৰলৈ আহিছা। কিন্তু মই হ’লে, বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ সৈন্যসকলৰ ঈশ্ৱৰৰ নামেৰে আৰু তুমি যাক ইতিকিং কৰিছা, তেওঁৰ নামেৰে তোমাৰ ওচৰলৈ আহিছোঁ।
2 Samuel 21:21 in Assamese 21 যেতিয়া তেওঁ ইস্ৰায়েলক ঠাট্টা-বিদ্ৰূপ কৰিলে, তেতিয়া দায়ূদৰ ককায়েক চিমিয়ীৰ পুত্ৰ যোনাথনে তেওঁক বধ কৰিলে।
2 Samuel 23:9 in Assamese 9 তেওঁৰ পাছত অহোহীয়া দোদয়ৰ পুত্ৰ ইলিয়াজ; দায়ূদৰ তিনিজন ক্ষমতাশালী পুৰুষসকলৰ মাজৰ এজন৷ যিজন যুদ্ধলৈ গোট খোৱা ফিলিষ্টীয়াসকলক ইতিকিং কৰিছিল আৰু যি সময়ত ইস্ৰায়েল লোকসকল যুদ্ধলৈ উঠি গৈছিল, সেই সময়ত দায়ূদৰ লগত আছিল৷
Job 27:1 in Assamese 1 পাছত ইয়োবে পুনৰায় কথা উত্থাপন কৰি কলে,
Job 29:1 in Assamese 1 পাছত ইয়োবে আকৌ কথা উত্থাপন কৰিলে আৰু কলে,
Psalm 78:2 in Assamese 2 মই দৃষ্টান্তৰে সৈতে মোৰ মুখ মেলিম; মই পূৰ্ব্বকালৰ নিগূঢ় বিষয়বোৰ প্ৰকাশ কৰিম।
Proverbs 26:2 in Assamese 2 যিদৰে ঘৰ চিৰিকাই জাপ মাৰি মাৰি খোৱা বস্তু গিলি ক্ষিপ্র গতিত উৰি যায়, সেইদৰে অকাৰণে দিয়া শাও প্রজ্বলিত নহয়।
Ezekiel 17:2 in Assamese 2 “হে মনুষ্য সন্তান, তুমি ইস্ৰায়েল বংশৰ আগত এটা সাঁথৰ বাক্য প্ৰকাশ কৰা আৰু এটা দৃষ্টান্ত কোৱা।
Ezekiel 20:49 in Assamese 49 তেতিয়া মই ক’লোঁ, “হায় হায়! প্ৰভু যিহোৱা, লোকে মোৰ বিষয়ে কয়, এইজনে নিগূঢ় বাক্যৰে কথা নকয় নে’?”
Micah 2:4 in Assamese 4 সেই দিনা তোমাৰ শত্রুসকলে বিলাপৰ কৰি ক্রন্দনেৰে তোমাৰ বিষয়ে এটি গীত গাব, তেওঁলোকে গাব, ‘আমি ইস্রায়েলীসকল সম্পূৰ্ণৰূপে ধ্বংস হলোঁ; যিহোৱাই মোৰ লোকসকলৰ অঞ্চল সলনি কৰিছে; তেওঁ ইয়াক মোৰ পৰা কেনেকৈ দূৰ কৰিব? বিদ্ৰোহী সকলক তেওঁ আমাৰ পথাৰবোৰ ভগাই দিছে।
Habakkuk 2:6 in Assamese 6 এই লোকসকল তেওঁৰ বিৰুদ্ধে দৃষ্টান্ত স্বৰূপ আৰু তেওঁৰ সম্পৰ্কে বিদ্ৰূপজনক বাক্য নক’ব নে? তেওঁলোকে ক’ব, ‘যি নিজৰ নহয়, তেনে সন্তাপ যিজনে বৃদ্ধি কৰে! তেনেদৰে তুমি কিমান দিন অঙ্গীকাৰৰ বোজাৰ ভাৰ বৃদ্ধি কৰিবা?
Matthew 13:33 in Assamese 33 যীচুৱে তেওঁলোকক পুনৰ এটা দৃষ্টান্ত দি ক’লে, “স্বর্গৰাজ্য খমিৰৰ নিচিনা। এগৰাকী মহিলাই তাকে লৈ প্রায় তিনি দোণ পিঠাগুড়িৰ লগত মিহলালে। তাৰ ফলত আটাইখিনি পিঠা গুড়ি ফুলি উঠিল।”
Matthew 13:35 in Assamese 35 ভাৱবাদীৰ দ্বাৰাই যি কথা কোৱা হৈছিল সেয়া যেন পূৰণ হয়, তাৰ বাবেই এইদৰে ঘটিল, ‘মই দৃষ্টান্তৰে মোৰ মুখ মেলিম, জগত স্থাপনৰ আৰম্ভণিৰে পৰা যি গুপ্ত আছিল, সেইবোৰ প্ৰকাশ কৰিম’।
Mark 12:12 in Assamese 12 তেতিয়া তেখেত সকলে যীচুৰ সেই দৃষ্টান্তটো তেখেত সকলৰ বিপক্ষে কোৱা বুলি জানিবলৈ পাৰিলে, আৰু তেওঁক বন্দী কৰিব খুজিলে, কিন্তু লোক সকলকলৈ ভয় কৰি তেওঁক এৰি গুচি গ’ল।