Numbers 10:9 in Assamese 9 আৰু যি সময়ত তোমালোকে তোমালোকৰ দেশত উপদ্ৰপ কৰোঁতা শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ওলাবা, সেই সময়ত সেই দুটা তূৰী ৰণত বজোৱাৰ দৰে বজাবা। তেতিয়া মই, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক সোঁৱৰণ কৰিব আৰু তোমালোকক তোমালোকৰ শত্ৰুবোৰৰ পৰা নিস্তাৰ পাবা।
Other Translations King James Version (KJV) And if ye go to war in your land against the enemy that oppresseth you, then ye shall blow an alarm with the trumpets; and ye shall be remembered before the LORD your God, and ye shall be saved from your enemies.
American Standard Version (ASV) And when ye go to war in your land against the adversary that oppresseth you, then ye shall sound an alarm with the trumpets; and ye shall be remembered before Jehovah your God, and ye shall be saved from your enemies.
Bible in Basic English (BBE) And if you go to war in your land against any who do you wrong, then let the loud note of the horn be sounded; and the Lord your God will keep you in mind and give you salvation from those who are against you.
Darby English Bible (DBY) And if ye go to war in your land against the enemy that oppresseth you, then ye shall blow an alarm with the trumpets; and ye shall be remembered before Jehovah your God, and ye shall be saved from your enemies.
Webster's Bible (WBT) And if ye go to war in your land against the enemy that oppresseth you, then ye shall blow an alarm with the trumpets; and ye shall be remembered before the LORD your God, and ye shall be saved from your enemies.
World English Bible (WEB) When you go to war in your land against the adversary who oppresses you, then you shall sound an alarm with the trumpets; and you shall be remembered before Yahweh your God, and you shall be saved from your enemies.
Young's Literal Translation (YLT) `And when ye go into battle in your land against the adversary who is distressing you, then ye have shouted with the trumpets, and ye have been remembered before Jehovah your God, and ye have been saved from your enemies.
Cross Reference Genesis 8:1 in Assamese 1 পাছত ঈশ্বৰে নোহ আৰু তেওঁৰ লগত জাহাজত থকা পশু আদি সকলো প্ৰাণীকে সুঁৱৰিলে; তেওঁ পৃথিবীৰ ওপৰেদি বতাহ বোৱালে আৰু তাতে পানী কমিবলৈ ধৰিলে।
Numbers 31:6 in Assamese 6 তাৰ পাছত মোচিয়ে, প্ৰত্যেকখন জনগোষ্ঠীৰ পৰা এক এক হাজাৰ লোকৰ সৈতে পুৰোহিত ইলিয়াজৰৰ পুত্ৰ পীনহচক যুদ্ধলৈ পঠিয়ালে; পবিত্ৰস্থানৰ বস্তু, ৰণ বাদ্যৰ অৰ্থে কালি সেই পীনহচৰ হাতত আছিল।
Joshua 6:5 in Assamese 5 আৰু যেতিয়া তেওঁলোকে মহাশব্দকাৰী শিঙা দীঘলীয়াকৈ উচ্চ শব্দেৰে বজাব আৰু তোমালোকে যেতিয়া শিঙাৰ শব্দ শুনিবা, তেতিয়া সকলো লোকে মহাধ্বনি কৰিবা; তাতে নগৰৰ গড় মাটিৰ সমান হৈ পৰিব আৰু প্ৰতিজন লোকে নিজৰ সন্মুখেদি পোনে পোনে উঠি যাবা।”
Judges 2:18 in Assamese 18 যিহোৱাই যেতিয়া তেওঁলোকৰ কাৰণে কোনো বিচাৰকৰ্ত্তাক নিযুক্তি দিছিল, তেতিয়া তেওঁ সেই বিচাৰকৰ্ত্তাক সহায় কৰিছিল। সেইজন বিচাৰকৰ্ত্তা যিমান দিনলৈকে জীয়াই থাকে, সিমান দিনলৈকে যিহোৱাই শত্ৰুবোৰৰ হাতৰ পৰা ইস্রায়েলক উদ্ধাৰ কৰিছিল; অত্যাচাৰীসকলৰ হাতত উপদ্ৰৱ আৰু তাড়না পাই তেওঁলোকে যেতিয়া কন্দা-কটা কৰে, তেতিয়া তেওঁলোকৰ প্রতি যিহোৱাৰ দয়া ওপজে।।
Judges 3:27 in Assamese 27 সেই ঠাই পাই তেওঁ ইফ্ৰয়িমৰ পৰ্ব্বতত শিঙা বজালে; পাছত ইস্ৰায়েলবাসীয়ে তেওঁৰে সৈতে পৰ্ব্বতৰ পৰা নামি আহিল; এহূদে তেওঁলোকৰ নেতৃত্ব দিলে।
Judges 4:2 in Assamese 2 তেতিয়া যিহোৱাই হাচোৰত শাসন কৰা যাবীন নামৰ এজন কনানীয়া ৰজাৰ হাতত তেওঁলোকক তুলি দিলে; তেওঁৰ সেনাপতিজনৰ নাম আছিল চীচৰা। চীচৰাই অনা-ইস্রায়েলী লোক বাস কৰা হৰোচৎত বাস কৰিছিল।
Judges 6:9 in Assamese 9 মিচৰীয়াসকলৰ ক্ষমতা আৰু তোমালোকক উপদ্ৰৱ কৰাসকলৰ হাতৰ পৰা ময়ে তোমালোকক উদ্ধাৰ কৰিলো। মই তেওঁলোকক তোমালোকৰ সন্মুখৰ পৰা খেদাই তেওঁলোকৰ ভূমি তোমালোকক দিলোঁ।
Judges 6:34 in Assamese 34 তেতিয়া গিদিয়োনক সহায় কৰিবলৈ যিহোৱাৰ আত্মাই তেওঁত স্থিতি ল’লে; গিদিয়োনে শিঙা বজাই অবীয়েজ্ৰীয়া জনগোষ্ঠীৰ লোকসকলক তেওঁৰ পাছত আহিবৰ কাৰণে বাহিৰলৈ মাতিলে।
Judges 7:16 in Assamese 16 সেই তিনি শ লোকক তেওঁ তিনি দল কৰি ভাগ কৰিলে আৰু তেওঁলোক প্ৰতিজনৰ হাতত এটাকৈ শিঙা, এটা খালী কলহ, আৰু কলহৰ ভিতৰত এটাকৈ জ্বলন্ত জোঁৰ দিলে।
Judges 10:8 in Assamese 8 তেওঁলোকে সেই বছৰত ইস্ৰায়েলীয়াসকলক উপদ্রৱ কৰি জয় কৰিলে; ওঠৰ বছৰ ধৰি যৰ্দ্দনৰ সিপাৰে থকা গিলিয়দৰ ইমোৰীয়া দেশত বাস কৰা সকলো ইস্ৰায়েলীয়া লোকক তেওঁলোকে উপদ্রৱ কৰিছিল।
Judges 10:12 in Assamese 12 যেতিয়া চীদোনীয়া, অমালেকীয়া আৰু মায়োনীয়াসকলে তোমালোকক উপদ্ৰৱ কৰিছিল, তেতিয়া তোমালোকে মোৰ আগত কাতৰোক্তি কৰিছিলা আৰু মই তোমলোকক তেওঁলোকৰ অধীনৰ পৰা উদ্ধাৰ কৰিছিলোঁ।
1 Samuel 10:18 in Assamese 18 ইস্ৰায়েলৰ সন্তানসকলক তেওঁ ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘মই ইস্ৰায়েলক মিচৰৰ পৰা আনিলোঁ, মিচৰীয়াসকলৰ হাতৰ পৰা আৰু যিবোৰ ৰাজ্যই তোমালোকক উপদ্ৰৱ কৰিছিল তেওঁলোকৰ পৰা মই উদ্ধাৰ কৰিলোঁ।
2 Chronicles 13:14 in Assamese 14 পাছত যিহূদাৰ লোকসকলে মুখ ঘূৰাই যেতিয়া তেওঁলোকৰ আগফালে আৰু পাছফালে যুদ্ধ হোৱা দেখিলে, তেতিয়া তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰিবলৈ ধৰিলে আৰু পুৰোহিতসকলে তূৰী বজালে;
Psalm 106:4 in Assamese 4 হে যিহোৱা, তোমাৰ লোকসকলৰ প্রতি তুমি মৰমভাৱ প্রকাশ কৰাৰ সময়ত মোকো সোৱঁৰণ কৰিবা; তেওঁলোকক উদ্ধাৰ কৰাৰ সময়ত মোকো সহায় কৰিবা।
Psalm 106:42 in Assamese 42 তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকৰ ওপৰত উপদ্ৰৱ চলালে, তেওঁলোকৰ ক্ষমতাৰ অধীনত তেওঁলোক বশীভূত হ’ল।
Psalm 136:23 in Assamese 23 যি জনাই আমাৰ হীন অৱস্থাত আমাক সুঁৱৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
Isaiah 18:3 in Assamese 3 হে পৃথিৱী নিবাসী, আৰু হে পৃথিৱীত থকা লোকসকল, যেতিয়া পৰ্ব্বতবোৰৰ ওপৰত নিচান তোলা হ’ব, তেতিয়া চাবা, আৰু যেতিয়া শিঙা বাজিব, তেতিয়া শুনিবা।
Isaiah 58:1 in Assamese 1 তুমি উচ্চস্বৰে কান্দা, ৰৈ নাথাকিবা; শিঙাৰ দৰে উচ্চ-ধ্বনি কৰা, মোৰ লোকসকলক তেওঁলোকৰ অধৰ্মৰ সৈতে, আৰু যাকোবৰ বংশৰ আগত তেওঁলোকৰ পাপবোৰ সন্মুখীন কৰোৱা।
Jeremiah 4:5 in Assamese 5 যিহূদাত বাকি ঠাইবোৰত প্ৰচাৰ কৰা আৰু যিৰূচালেমৰ সকলো লোকসকলৰ আগত ঘোষণা কৰা। আৰু চোৱা, “দেশত তোমালোকে শিঙা বজোৱা;” আৰু ৰিঙিয়াই কোৱা, “গোট খোৱা, আহাঁ, আমি গড়েৰে আবৃত হোৱা নগৰবোৰত সোমাওঁগৈ।
Jeremiah 4:19 in Assamese 19 হায় হায় মোৰ নাড়ী ! মোৰ নাড়ী ! মই অতিশয় শোক-পীড়িত হৈছো; মোৰ অন্তৰত মই অতি বেদনা পাইছোঁ। মোৰ কলিজাৰ ধপধপনি অধিক হৈছে! কিন্তু মই নিৰৱে থাকিব নোৱাৰোঁ, কিয়নো যিহূদাৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ যে হ’ব, শত্রুৰ শিঙাৰ শব্দ আৰু যুদ্ধৰ ধ্বনি মই শুনিলো!
Jeremiah 4:21 in Assamese 21 কিমান কাল এই যুদ্ধ চলিব? কিমান কালনো শত্রুৰ এই যুদ্ধৰ নিচান দেখিম আৰু তেওঁলোকৰ শিঙাৰ শব্দ শুনিম?
Jeremiah 6:1 in Assamese 1 “হে বিন্যামীনৰ সন্তানসকল, তোমালোকে যিৰূচালেমৰ মাজৰ পৰা ৰক্ষাৰ পাবৰ বাবে পলোৱা, আৰু তকোৱাত শিঙা বজোৱা। আৰু বৈত-হক্কেমত এক নিচান তোলা; কিয়নো উত্তৰ ফালৰ পৰা এক অমঙ্গল আৰু মহাসংহাৰে দেখা দিছে।
Jeremiah 6:17 in Assamese 17 শিঙাৰ শব্দলৈ কাণ পাতিবা বুলি কৈ, মই তোমালোকৰ ওপৰত প্ৰহৰীবোৰ নিযুক্ত কৰিলোঁ; কিন্তু তেওঁলোকে ক’লে, “আমি কাণ নাপাতিম।”
Ezekiel 7:14 in Assamese 14 তেওঁলোকে শিঙা বজাই সকলোকে যুগুত কৰিলে, কিন্তু যুদ্ধলৈ যাবৰ বাবে কোনো এজনো নাই; কিয়নো মোৰ ক্ৰোধ তাৰ (ইস্রায়েল) সকলো লোকৰ ওপৰত আছে।
Ezekiel 33:3 in Assamese 3 তেওঁ দেশৰ অহিতে তৰোৱাল অহা দেখি শিঙা বজাই লোকসকলক সতৰ্ক কৰে!
Hosea 5:8 in Assamese 8 তোমালোকে গিবিয়াত শিঙা বজোৱা, ৰামাত তুৰী বজোৱা। বৈৎ-আবনত যুদ্ধৰ উচ্চধ্বনি কৰি কোৱা, হে বিন্যামীন, “তোমাৰ পাছ ফালৰ শত্রুলৈ চোৱা!’
Amos 3:6 in Assamese 6 নগৰত ৰণশিঙা বজালে প্ৰজাসকল জানো নকঁপিব? যিহোৱাই নঘটালে জানো নগৰত বিপর্যয় ঘটে?
Zephaniah 1:16 in Assamese 16 শিঙা-ধ্বনি আৰু ৰণনাদৰ দিন; সেই দিন গড়েৰে আবৃত নগৰবোৰৰ আৰু ওখ কোঁঠবোৰৰ বিপক্ষৰ দিন হ’ব!
Luke 1:70 in Assamese 70 এই বিষয়ে ঈশ্বৰে পবিত্র ভাৱবাদী সকলৰ দ্বাৰা পূৰ্বতে কৈছিল।
1 Corinthians 14:8 in Assamese 8 কাৰণ ৰণ-শিঙাৰ মাত যদি অস্পষ্ট হয়, তেনেহলে যুদ্ধলৈ কোনে নিজকে সজাব?