Nehemiah 9:20 in Assamese 20 আপুনি তেওঁলোকক শিক্ষা দিবৰ কাৰণে আপোনাৰ মঙ্গলময় আত্মা তেওঁলোকক দান কৰিলে, আৰু তেওঁলোকৰ মুখৰ পৰা আপোনাৰ মান্না প্রত্যাহাৰ নকৰিলে, আৰু তেওঁলোকৰ পিয়াহ গুচাবলৈ তেওঁলোকক পানী দিলে।
Other Translations King James Version (KJV) Thou gavest also thy good spirit to instruct them, and withheldest not thy manna from their mouth, and gavest them water for their thirst.
American Standard Version (ASV) Thou gavest also thy good Spirit to instruct them, and withheldest not thy manna from their mouth, and gavest them water for their thirst.
Bible in Basic English (BBE) And you gave your good spirit to be their teacher, and did not keep back your manna from their mouths, and gave them water when they had need of it.
Darby English Bible (DBY) Thou gavest also thy good Spirit to instruct them, and withheldest not thy manna from their mouth, and gavest them water for their thirst.
Webster's Bible (WBT) Thou gavest also thy good spirit to instruct them, and withheldest not thy manna from their mouth, and gavest them water for their thirst.
World English Bible (WEB) You gave also your good Spirit to instruct them, and didn't withhold your manna from their mouth, and gave them water for their thirst.
Young's Literal Translation (YLT) `And Thy good Spirit Thou hast given, to cause them to act wisely; and Thy manna Thou hast not withheld from their mouth, and water Thou hast given to them for their thirst,
Cross Reference Exodus 16:15 in Assamese 15 ইস্ৰায়েলী লোকসকলে সেই বস্তু দেখি ইজনে সিজনক ক’লে, “এইয়া কি?” (মান-হূ?) কিয়নো সেই বস্তু নো কি তেওঁলোকে নাজানিছিল। তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “এইয়া যিহোৱাই আপোনালোকক খাবলৈ দিয়া পিঠা।”
Exodus 16:35 in Assamese 35 ইস্ৰায়েলী লোকসকলে নিবাস কৰা দেশ নোপোৱালৈকে চল্লিশ বছৰ সেই মান্না খাইছিল। তেওঁলোকে কনান দেশৰ সীমা নোপোৱালৈকে সেই মান্নাকে ভোজন কৰিছিল।
Exodus 17:6 in Assamese 6 মই হোৰেবত শিলৰ ওপৰত তোমাৰ সন্মুখত থিয় হম; আৰু তুমি সেই শিলটোক প্ৰহাৰ কৰিবা। তেতিয়া লোকসকলে খাবলৈ, সেই শিলৰ পৰা পানী ওলাব।” তাৰ পাছত মোচিয়ে ইস্ৰায়েলৰ পৰিচাৰক সকলৰ আগত সেইদৰে কৰিলে।
Numbers 11:17 in Assamese 17 পাছত মই সেই ঠাইলৈ নামি আহি তোমাৰে সৈতে কথা হ’ম আৰু তোমাত যি আত্মা আছে, তাৰ কিছু লৈ তেওঁলোকত ৰাখিম; তাতে, তুমি যেন অকলেই লোকসকলৰ ভাৰ নোবোৱা, এইবাবে তেওঁলোকে তোমাৰ লগত লোকসকলৰ ভাৰ বব।
Numbers 11:25 in Assamese 25 তাতে যিহোৱাই মেঘত নামি তেওঁক কথা ক’লে আৰু যি আত্মা মোচিত আছিল, তাৰ কিছু লৈ, সেই সত্তৰজন বৃদ্ধ লোকত ৰাখিলে। তাতে সেই আত্মা তেওঁলোকত থকাত, তেওঁলোকে ভাববাণী প্ৰচাৰ কৰিলে; কিন্তু তাৰ পাছত আৰু নকৰিলে।
Joshua 5:12 in Assamese 12 আৰু তাৰ পাছদিনা, তেওঁলোকে দেশত উৎপন্ন হোৱা শস্য ভোজন কৰাৰ পাছত তেওঁলোকৰ মাজৰ পৰা মান্না নাইকিয়া হ’ল৷ তেতিয়াৰে পৰা ইস্ৰায়েলৰ সন্তানসকলে পুনৰ মান্না নাপালে, কিন্তু সেই বছৰৰ পৰা তেওঁলোকে কনান দেশৰ শস্যহে ভোজন কৰিলে।
Nehemiah 9:30 in Assamese 30 আপুনি অনেক বছৰ তেওঁলোকৰ লগত থাকি তেওঁলোকক সহন কৰিলে, আৰু ভাববাদীৰ দ্ৱাৰাই আপোনাৰ আত্মাৰে তেওঁলোকক সাৱধান কৰিলে, কিন্তু তেওঁলোকে নুশুনিলে। সেয়ে তেওঁলোকক চুবুৰীয়া দেশৰ লোকৰ হাতত শোধাই দিলে।
Psalm 105:41 in Assamese 41 তেওঁ শিল খুলি দিলে, তাতে জলসমূহ ওলাই আহিল; সেয়ে নদীৰ দৰে মৰুভূমিৰ মাজেদি বৈ গ’ল।
Psalm 143:10 in Assamese 10 তোমাৰ ইচ্ছাৰ কার্য সিদ্ধ কৰিবলৈ তুমি শিকোৱা, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ; তোমাৰ মঙ্গলময় আত্মাৰে মোক সমান পথত চলাই নিয়া।
Isaiah 41:17 in Assamese 17 দুখী আৰু অভাৱীসকলে পানী বিচাৰে কিন্তু তাত পানী নাই, আৰু তেওঁলোকৰ জিভা পিয়াহতে শুকাই যায়; মই যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনাৰ শুনিম, মই ইস্ৰায়েলৰ ঈশ্বৰ তেওঁলোকক ত্যাগ নকৰিম।
Isaiah 48:21 in Assamese 21 যেতিয়া তেওঁ তেওঁলোকক শুকান ভুমিয়েদি লৈ গৈছিল, তেতিয়া তেওঁলোকৰ পিয়াহ লগা নাছিল; তেওঁ তেওঁলোকৰ বাবে শিলটোৰ পৰা পানী বোৱালে, আৰু তেওঁ শিলটো ফালিলত জলসমুহ বেগেৰে ওলাল।
Isaiah 49:10 in Assamese 10 তেওঁলোক ক্ষুধাতুৰ বাতৃষ্ণাতুৰ নহ’ব; গৰমে বা সূৰ্যৰ তাপে তেওঁলোকক কষ্ট নিদিব; কাৰণ যি জনাই তেওঁলোকক দয়া কৰে, তেওঁ তেওঁলোকক চলাই লৈ যাব, আৰু জলৰ ভুমুকলৈ পথ দর্শক হৈ তেওঁলোকক চলাই নিব।
Isaiah 63:11 in Assamese 11 তেওঁৰ লোকসকল পূৰ্ব্ব সময়ৰ মোচিৰ বিষয়ে শিকিছিল। লোকলোকে কৈছিল, যি “যি জনাই নিজৰ ভেড়াৰখীয়াসকলৰ সৈতে তেওঁলোকক সমুদ্ৰৰ পৰা উলিয়াই আনিছিল, সেই ঈশ্বৰ ক’ত? তেওঁলোকৰ মাজত পবিত্ৰ আত্মা স্থাপন কৰা ঈশ্বৰ ক’ত?
John 4:10 in Assamese 10 যীচুৱে উত্তৰ দি তেওঁক ক’লে, “তুমি যদি জানিলাহেঁতেন যে, ঈশ্বৰৰ দান কি আৰু কোনে তোমাক ‘মোক পানী খাবলৈ দিয়া’ বুলি কৈছে, তেনেহলে তুমিয়েই তেওঁক খুজিলাহেঁতেন আৰু তেৱোঁ তোমাক জীৱনময় পানী দিলেহেঁতেন।”
John 4:14 in Assamese 14 কিন্তু মই যি পানী দিম, তাক যি কোনোৱে পান কৰে, তেওঁৰ কোনো কালে পিয়াহ নালাগিব। বৰং মই যি পানী তেওঁক দিম, সেই পানী তেওঁৰ ভিতৰত অনন্ত জীৱনলৈকে বুৰবুৰাই ওলাই থকা পানীৰ ভুমুক হ’ব।”
John 7:37 in Assamese 37 পৰ্বৰ শেষৰ দিন - যি দিনটো পর্বৰ প্ৰধান দিন, সেইদিনা যীচুৱে অশ্ৰু টুকি থিয় হ’ল, আৰু উচ্চস্বৰে ক’লে, “কোনো মানুহৰ যদি পিয়াহ লাগে, তেওঁ মোৰ ওচৰলৈ আহি পান কৰক।
Romans 15:30 in Assamese 30 হে ভাই সকল, মই অনুৰোধ কৰোঁ, প্ৰভু যীচু খ্ৰীষ্টৰ নামৰ দ্বাৰাই আৰু পবিত্ৰ আত্মাৰ প্ৰেমৰ দ্বাৰাই আপোনালোকে মোৰ অৰ্থে, ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰক আৰু মোৰে সৈতে প্ৰাণপণে যত্ন কৰক;
Galatians 5:22 in Assamese 22 কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস,
Ephesians 5:9 in Assamese 9 কাৰণ সকলো মঙ্গলভাৱ, ধাৰ্মিকতা আৰু সত্যতাই হৈছে পোহৰৰ ফল।
2 Peter 1:21 in Assamese 21 ভাৱবাণী কেতিয়াও মানুহৰ ইচ্ছাৰে নাহে, কিন্তু পবিত্ৰ আত্মাৰ পৰিচালনাত ভাৱবাদী সকলে ঈশ্বৰৰ পৰা পোৱা কথা কয়।