Nahum 1:3 in Assamese 3 যিহোৱা ক্ৰোধত ধীৰ আৰু পৰাক্ৰমত মহান; কিন্তু তেওঁ দোষীক কোনো মতেই নিৰ্দ্দোষী ঘোষণা নকৰে; বা-মাৰলী আৰু ধুমুহা হ’ল যিহোৱাৰ পথ আৰু মেঘ তেওঁৰ ভৰিৰ ধূলিস্বৰূপ।
Other Translations King James Version (KJV) The LORD is slow to anger, and great in power, and will not at all acquit the wicked: the LORD hath his way in the whirlwind and in the storm, and the clouds are the dust of his feet.
American Standard Version (ASV) Jehovah is slow to anger, and great in power, and will by no means clear `the guilty': Jehovah hath his way in the whirlwind and in the storm, and the clouds are the dust of his feet.
Bible in Basic English (BBE) The Lord is slow to get angry and great in power, and will not let the sinner go without punishment: the way of the Lord is in the wind and the storm, and the clouds are the dust of his feet.
Darby English Bible (DBY) Jehovah is slow to anger, and great in power, and doth not at all clear [the guilty]: Jehovah, -- his way is in the whirlwind and in the storm, and the clouds are the dust of his feet.
World English Bible (WEB) Yahweh is slow to anger, and great in power, and will by no means leave the guilty unpunished. Yahweh has his way in the whirlwind and in the storm, and the clouds are the dust of his feet.
Young's Literal Translation (YLT) Jehovah `is' slow to anger, and great in power, And Jehovah doth not entirely acquit, In a hurricane and in a tempest `is' His way, And a cloud `is' the dust of His feet.
Cross Reference Exodus 19:16 in Assamese 16 তৃতীয় দিনা ৰাতি পুৱা, মেঘ-গৰ্জ্জন, বিজুলী, পৰ্ব্বতৰ ওপৰত ঘন মেঘ, আৰু উচ্ছ শিঙা-ধ্বনি হ’ল। তাতে তম্বুত থকা সকলো লোক কঁপিবলৈ ধৰিলে।
Exodus 34:6 in Assamese 6 যিহোৱাই তেওঁৰ আগেদি গমন কৰিলে আৰু ঘোষণা কৰিলে, “যিহোৱা, যিহোৱা কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান;
Numbers 14:18 in Assamese 18 তুমি এই কথা কোৱামতে প্ৰভূৰ মহৎ প্ৰভাৱ দেখা যাওঁক।
Deuteronomy 5:22 in Assamese 22 এইবোৰ আজ্ঞা সেই পর্বতৰ ওপৰত জুই, মেঘ আৰু ঘোৰ অন্ধকাৰৰ মাজৰ পৰা যিহোৱাই আপোনালোকৰ গোটেই সমাজৰ আগত বৰ মাতেৰে ঘোষণা কৰিছিল; ইয়াৰ বাহিৰে তেওঁ আৰু একোকে কোৱা নাছিল। পাছত তেওঁ সেইবোৰ দুখন শিলৰ ফলিত লিখি মোক দিলে।
1 Kings 19:11 in Assamese 11 যিহোৱাই ক’লে, “বাহিৰলৈ ওলাই যোৱা আৰু পৰ্ব্বতৰ ওপৰলৈ আহি মোৰ সন্মুখত থিয় হোৱা।” তেতিয়া সেই ঠায়েদি যিহোৱাই গমণ কৰিলে আৰু তাত যিহোৱাৰ আগে আগে অতিশয় প্ৰচণ্ড বায়ুৱে পৰ্ব্বতবোৰ আৰু শিলবোৰ ভাঙি পেলালে; কিন্তু সেই বায়ুত যিহোৱা নাছিল। বায়ুৰ পাছত ভুমিকম্প হ’ল, কিন্তু সেই ভুমিকম্পটো যিহোৱা নাছিল।
Nehemiah 9:17 in Assamese 17 তেওঁলোকে শুনিবলৈ মান্তি নহল, আৰু আপুনি তেওঁলোকৰ মাজত কৰা আচৰিত কাৰ্যৰ কথা তেওঁলোকে চিন্তা নকৰিলে। কিন্তু তেওঁলোক আঁকোৰগোঁজ হৈছিল, আৰু তেওঁলোকৰ বন্দী অৱস্থালৈ উভতি যাবলৈ বিদ্ৰোহ কৰি এজন নেতা নিযুক্ত কৰিলে। কিন্তু আপুনি ক্ষমাৱান ঈশ্বৰ, কৃপাময়, আৰু অনুগ্ৰহেৰে পৰিপুৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান, সেয়েহে আপুনি তেওঁলোকক ত্যাগ নকৰিলে।
Job 9:4 in Assamese 4 ঈশ্বৰৰ অন্তৰত জ্ঞান আছে, আৰু শক্তিত তেওঁ পৰাক্ৰমী; তেওঁৰ বিৰুদ্ধে ডিঙি ঠৰ কৰি কোনে কেতিয়া উন্নতি লাভ কৰিলে?
Job 10:14 in Assamese 14 মই পাপ কৰিলে তুমি মোক চিনি ৰাখিবা, আৰু মোৰ অপৰাধ ক্ষমা নকৰিবা;
Job 38:1 in Assamese 1 তেতিয়া যিহোৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ কৰি ক’লে,
Psalm 18:7 in Assamese 7 তেতিয়া পৃথিবী কঁপি উঠিল, জোকাৰ খাবলৈ ধৰিলে; পর্বতৰ ভিত্তিমূলবোৰ জোকাৰণিত কঁপি উঠিল; কিয়নো তেওঁৰ ক্ৰোধত সেইবোৰ কঁপি উঠিল।
Psalm 50:3 in Assamese 3 আমাৰ ঈশ্বৰ আহিছে, তেওঁ নীৰৱ হৈ নাথাকিব; তেওঁৰ আগে আগে গ্রাসকাৰী অগ্নি আহিব, তেওঁৰ চাৰিওফালে অতিশয় ধুমুহা বব।
Psalm 62:11 in Assamese 11 ঈশ্বৰে এবাৰ কলে; মই ইয়াক দুবাৰ শুনিলোঁ, যে পৰাক্ৰম ঈশ্বৰৰহে।
Psalm 66:3 in Assamese 3 তোমালোকে ঈশ্বৰক কোৱা, “তোমাৰ কাৰ্য্যবোৰ কেনে আতঙ্কজনক! তোমাৰ পৰাক্ৰমৰ কাৰণে শত্ৰুবোৰে তোমাত সমর্পণ কৰিব।
Psalm 97:2 in Assamese 2 তেওঁৰ চাৰিওফালে মেঘ আৰু ঘন অন্ধকাৰে ঘেৰি আছে; ধাৰ্ম্মিকতা আৰু ন্যায়বিচাৰ তেওঁৰ সিংহাসনৰ ভিত্তিমূল।
Psalm 103:8 in Assamese 8 যিহোৱা স্নেহশীল আৰু কৃপাময়। তেওঁ ক্ৰোধত ধীৰ আৰু দয়াত মহান।
Psalm 104:3 in Assamese 3 তোমাৰ কক্ষৰ চটি-কাঠ তুমি জলৰাশিত স্থাপন কৰিছা; মেঘবোৰক তুমি নিজৰ ৰথ কৰিছা, বতাহৰ ডেউকাৰ ওপৰত তুমি চলাচল কৰা।
Psalm 145:8 in Assamese 8 যিহোৱা কৃপাময় আৰু দয়াৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান।
Psalm 147:5 in Assamese 5 আমাৰ প্ৰভু মহান; তেওঁৰ পৰাক্রম প্রচুৰ; তেওঁৰ জ্ঞান-বুদ্ধিৰ সীমা নাই।
Isaiah 19:1 in Assamese 1 মিচৰৰ বিষয়ে কৰা ঘোষণা। চোৱা, যিহোৱাই দ্ৰুতগামী মেঘত উঠি মিচৰ দেশলৈ আহিছে; তেওঁৰ সন্মুখত মিচৰৰ মুৰ্ত্তিবোৰ কম্পমান কৰিছে, আৰু মিচৰীয়াসকলৰ হৃদয় তেওঁলোকৰ ভিতৰত দ্রৱ হৈছে।
Isaiah 66:15 in Assamese 15 কিয়নো চোৱা, যিহোৱা জুইৰ সৈতে আহিছে, আৰু তেওঁৰ ৰথ ধুমুহাৰ দৰে আহিছে, তেওঁৰ ক্ৰোধৰ তাপ আনিছে আৰু অগ্নিশিখাৰ সৈতে তিৰস্কাৰ কৰিব।
Daniel 7:13 in Assamese 13 মই সেই দর্শনত, আকাশৰ ডাৱৰৰ সৈতে মানুহৰ পুত্রৰ দৰে এজনক অহা দেখিলোঁ; তেওঁ প্রাচীন জনৰ ওচৰলৈ আহিল আৰু তেওঁৰ সন্মুখত উপস্থিত হৈছিল।
Joel 2:13 in Assamese 13 আৰু তোমালোকে তোমালোকৰ বস্ত্ৰ নিছিৰি, হৃদয় ছিৰা, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ ঘুৰা। কিয়নো তেওঁ কৃপাময় আৰু দয়ালু, ক্ৰোধত ধীৰ আৰু দয়াত মহান, আৰু অমঙ্গলৰ পৰা নিজকে ঘূৰাওঁতা।
Jonah 4:2 in Assamese 2 তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে যিহোৱা, মই নিজ দেশত থাকোঁতেই ভাবিছিলো যে, এনেকুৱাই হ’ব। সেই কাৰণেই মই প্রথমে তৰ্চীচলৈ পলাই গৈছিলো; কিয়নো মই জানিছিলোঁ যে, আপুনি কৃপালু ঈশ্বৰ, প্রেমেৰে পৰিপুৰ্ণ, ক্ৰোধত ধীৰ, দয়াত মহান আৰু ধ্বংস কৰাৰ পৰা মন পৰিবর্তন কৰোতাঁ।
Habakkuk 3:5 in Assamese 5 তেওঁৰ আগে আগে মহামাৰী যায়, আৰু তেওঁৰ খোজৰ পাছত প্লেগ ৰোগ যায়।
Zechariah 9:14 in Assamese 14 যিহোৱাই তেওঁলোকৰ ওপৰত দেখা দিব আৰু তেওঁৰ কাঁড় বিজুলীৰ নিচিনাকৈ ওলাব! প্ৰভু যিহোৱাই শিঙা বজাব আৰু দক্ষিণ অঞ্চলৰ বা’মাৰলী বায়ুস্বৰূপ ৰথত গমন কৰিব।
Matthew 26:64 in Assamese 64 যীচুৱে তেওঁক ক’লে, “তুমি সঁচাকৈ ক’লা; তথাপি মই তোমালোকক কওঁ, এতিয়াৰ পৰা তোমালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁ হাতে বহি থকা আৰু আকাশৰ মেঘত অহা দেখিবা।”
Ephesians 1:19 in Assamese 19 আৰু ঈশ্বৰৰ শক্তিৰ কার্যসাধক গুণ অনুসাৰে বিশ্বাস কৰা যি আমি, আমাৰ মাজত তেওঁৰ শক্তিৰ যি অতিৰিক্ত মহাশক্তিয়ে কার্য কৰিছে, সেই বিষয়েও যেন আপোনালোকে জানিব পাৰে।
James 1:19 in Assamese 19 হে মোৰ প্ৰিয় ভাই সকল, অাপোনালোকে এই কথা জানে যে প্ৰত্যেক ব্যক্তি শুনিবলৈ খৰ, ক’বলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওক।
Revelation 1:7 in Assamese 7 চাওক, তেওঁ মেঘৰ সৈতে আহিছে; আটাই চকুৱে তেওঁক দেখিব, যি সকলে তেওঁক বিন্ধিলে, তেওঁলোকেও তেওঁক দেখিব; আৰু পৃথিৱীৰ সকলো ফৈদে তেওঁৰ কাৰণে হিয়া ভুকুৱাব; হয়, আমেন।