Micah 7:6 in Assamese 6 কাৰণ পুত্রই নিজৰ পিতৃক অমান্য কৰে, জীয়েকে নিজৰ মাতৃৰ বিৰুদ্ধে উঠে, আৰু বোৱাৰীয়েকে নিজৰ শাহুৱেকৰ বিৰুদ্ধে উঠে; তেওঁৰ নিজৰ ঘৰৰ মানুহেই তেওঁৰ শত্ৰু হয়;
Other Translations King James Version (KJV) For the son dishonoureth the father, the daughter riseth up against her mother, the daughter in law against her mother in law; a man's enemies are the men of his own house.
American Standard Version (ASV) For the son dishonoreth the father, the daughter riseth up against her mother, the daughter-in-law against her mother-in-law; a man's enemies are the men of his own house.
Bible in Basic English (BBE) For the son puts shame on his father, the daughter goes against her mother and the daughter-in-law against her mother-in-law; and a man's haters are those of his family.
Darby English Bible (DBY) For the son dishonoureth the father, the daughter riseth up against her mother, the daughter-in-law against her mother-in-law: a man's enemies are the men of his own household.
World English Bible (WEB) For the son dishonors the father, The daughter rises up against her mother, The daughter-in-law against her mother-in-law; A man's enemies are the men of his own house.
Young's Literal Translation (YLT) For a son is dishonouring a father, A daughter hath stood against her mother, A daughter-in-law against her mother-in-law, The enemies of each `are' the men of his house.
Cross Reference Genesis 9:22 in Assamese 22 তেতিয়া কনানৰ পিতৃ হামে নিজৰ দেউতাকক বিবস্ত্ৰ অৱস্থাত দেখিলে আৰু বাহিৰলৈ আহি সেই কথা তেওঁৰ দুজন ভাই-ককাইক ক’লে।
Genesis 49:4 in Assamese 4 তুমি উতলা পানীৰ নিচিনা হোৱা বাবে তোমাৰ প্ৰাধান্যতা নাথাকিব; কিয়নো তুমি নিজ পিতৃৰ শোৱা বিচনালৈ উঠি গৈছিলা। তেতিয়া তুমি অপবিত্ৰ কৰ্ম্ম কৰিছিলা। সি মোৰ শয্যালৈ উঠি গৈছিল।
2 Samuel 15:10 in Assamese 10 কিন্তু অবচালোমে ইস্ৰায়েলৰ আটাই জনগোষ্ঠীৰ ওচৰলৈ চোৰাং-চোৱাৰ দ্বাৰাই কৈ পঠালে, বোলে, “শিঙাৰ শব্দ শুনামাত্ৰে তোমালোকে ক’বা, ‘অবচালোম হিব্ৰোণত ৰজা হ’ল।’”
2 Samuel 16:11 in Assamese 11 দায়ূদে অবীচয়ক আৰু নিজৰ সকলো দাসক ক’লে, “চোৱা, মোৰ ঔৰসত জন্মা মোৰ পুত্ৰই মোৰ প্ৰাণ ল’বলৈ বিচাৰিছে৷ তেন্তে সেই বিন্যামীনীয়াটোৱে কিমান অধিক পৰিমাণে মোৰ ধ্বংস হোৱাতো বিচাৰিব! তাক থাকিব দিয়া, সি শাও দিয়ক; কিয়নো যিহোৱাই তাক অনুমতি দিছে।
2 Samuel 16:21 in Assamese 21 তেতিয়া অহীথোফলে অবচালোমক ক’লে, “আপোনাৰ পিতৃয়ে নিজ ৰাজগৃহ প্ৰতিপাল কৰিবৰ বাবে যি উপপত্নীসকল থৈ গৈছে, আপুনি তেওঁলোকলৈ গমণ কৰকগৈ; তাতে আপুনি যে নিজ পিতৃৰ দৃষ্টিত ঘিণলগীয়া হৈছে, তাক গোটেই ইস্ৰায়েলে শুনিব৷ তেতিয়া আপোনাৰ লগত থকা সকলো লোকৰ হাত বলৱান হ’ব।”
Psalm 41:9 in Assamese 9 মোৰ যি অন্তৰঙ্গ মিত্র, যিজনক মই বিশ্বাস কৰিছিলোঁ আৰু যি জনে মোৰ লগত আহাৰ কৰিছিল, মোৰ সেই বন্ধুৱেও মোৰ বিৰুদ্ধে ভৰি দাঙিলে।
Psalm 55:12 in Assamese 12 কোনো শত্ৰুৱে যে মোক নিন্দা কৰিছে, এনে নহয়; কৰা হলে, মই তাক সহিলোহেঁতেন; মোক ঘিণাওঁতাই যে মোৰ বিৰুদ্ধে গৰ্ব্ব কৰিছে, এনে নহয়; কৰা হলে, মই তাৰ পৰা নিজকে লুকুৱালোহেঁতেন।
Proverbs 30:11 in Assamese 11 এটা বংশ আছে, যি নিজৰ পিতৃক শাও দিয়ে, আৰু নিজৰ মাতৃক মহিমান্বিত নকৰে।
Proverbs 30:17 in Assamese 17 যি চকুৱে নিজৰ পিতৃক উপহাস কৰে, আৰু মাতৃৰ আজ্ঞা পালন কৰিবলৈ ঘিণ কৰে, তেওঁৰ চকু উপত্যকাৰ কাউৰীবোৰৰ দ্বাৰাই কাঢ়ি উলিওৱা হ’ব, আৰু শগুনে তেওঁক খাব।
Jeremiah 12:6 in Assamese 6 কিয়নো তোমাৰ ভাইসকলে, তোমাৰ পিতৃ-বংশয়েই তোমালৈ বিশ্বাস-ঘাতকতা কৰিছে, এনে কি, তেওঁলোকে তোমাক ধৰ ধৰ বুলি বৰকৈ চিঞৰিছে। তেওঁলোকে তোমাক ভাল কথা ক’লেও, তেওঁলোকৰ কথাত প্ৰত্যয় নকৰিবা।
Jeremiah 20:10 in Assamese 10 কিয়নো অনেকে দুৰ্ণাম কৰা মই শুনিলোঁ; চাৰিওফালে ত্ৰাস: ‘তোমালোকে তাৰ বিৰুদ্ধে কথা কোৱা, আৰু আমিও তাৰ বিৰুদ্ধে কথা কম,’ মই উজুটি খাবলৈ বাট চাই থকা মোৰ সকলো বন্ধু কয়, “কিজানি তাক ভুলুৱা যাব, তাতে আমি তাক বলে পাৰিম, আমি তাৰ ওপৰত প্ৰতিকাৰ সাধিম।’
Ezekiel 22:7 in Assamese 7 তোমাৰ মাজত পিতৃ-মাতৃক হেয়জ্ঞান কৰা হৈছে, তোমাৰ মাজত বিদেশীক অত্যাচাৰ কৰা হৈছে; তোমাৰ মাজত পিতৃহীন আৰু বিধৱাক অন্যায় কৰা হৈছে।
Obadiah 1:7 in Assamese 7 তোমাৰ সৈতে সমন্ধ স্থাপন কৰা লোকসকলে তোমাক নিজৰ বাটে সীমালৈকে পঠিয়াব। তোমাৰ সৈতে মিলেৰে থকা লোকসকলে তোমাক প্ৰবঞ্চনা কৰিলে, আৰু তোমাৰ বিৰুদ্ধে অধিক প্রভাৱশীল হ’ল। তোমাৰ আহাৰ খোৱা লোকসকলে তোমাৰ বাবে ফান্দ পাতে। ইদোমৰ একো বিবেচনা শক্তি নাই।
Matthew 10:21 in Assamese 21 ককায়েকে ভায়েকক আৰু বাপেকে পুতেকক মৃত্যুদণ্ডলৈ শোধাই দিব। সন্তান সকলে মাক-বাপেকৰ বিৰুদ্ধে উঠি তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিব।
Matthew 10:35 in Assamese 35 বাপেকৰ বিৰুদ্ধে পুতেকৰ, মাকৰ বিৰুদ্ধে জীয়েকৰ, শাহুৱেকৰ বিৰুদ্ধে বোৱাৰীয়েকৰ ভেদ জন্মাবলৈহে আহিলোঁ;
Matthew 26:23 in Assamese 23 যীচুৱে উত্তৰ দি ক’লে, “মোৰে সৈতে যি জনে ভোজন-পাত্ৰত হাত জুবুৰিয়ালে, তেৱেঁই মোক শোধাই দিব।
Matthew 26:49 in Assamese 49 তেতিয়াই তেওঁ যীচুৰ ওচৰলৈ গৈ, ‘ৰব্বি প্ৰণাম’ এই বুলি, তেওঁক চুমা খালে।
Luke 12:53 in Assamese 53 পুতেকৰ বিপক্ষে বাপেক; বাপেকৰ বিপক্ষে পুতেক; জীয়েকৰ বিপক্ষে মাক, মাকৰ বিপক্ষে জীয়েক; বোৱাৰীৰ বিপক্ষে শাহুৱেক, শাহুৱেকৰ বিপক্ষে বোৱাৰী ভিন ভিন হৈ যাব।”
Luke 21:16 in Assamese 16 আৰু পিতৃ-মাতৃ, ভাই-ককাই, জ্ঞাতি-কুটুম্ব আৰু বন্ধু সকলৰ দ্বাৰাই তোমালোক শত্ৰুৰ হাতত সমৰ্পিত হ’বা, তাতে তোমালোকৰ কিছুমানক তেওঁলোকে বধ কৰাব।
John 13:18 in Assamese 18 তোমালোকৰ সকলোৰে বাবে এই বিষয়ে কথা কৈছোঁ এনে নহয়; কিন্তু যি সকলক মই জানো তেওঁলোককহে মনোনীত কৰিলোঁ, তেওঁলোকক জানো; কিন্তু ধৰ্মশাস্ত্ৰৰ বচন সিদ্ধ হ’বলৈ; ‘যি জনে মোৰ পিঠা খায়, সেই জনে মোৰ বিৰুদ্ধে গেৰুৱা দাঙিলে’।
2 Timothy 3:2 in Assamese 2 কিয়নো সেই কালত মানুহবোৰ নিজকে নিজে প্ৰেম কৰোঁতা, ধন লুভীয়া, দর্পী, অহংকাৰী, নিন্দক, পিতৃ-মাতৃৰ প্ৰতি অবাধ্য, অকৃতজ্ঞ, অপবিত্ৰ,