Micah 5:2 in Assamese 2 কিন্তু হে বৈৎলেহেম-ইফ্ৰাথা, যিহূদাৰ গোষ্ঠীবোৰৰ মাজত যদিও তোমালোক অতি ক্ষুদ্ৰ, তথাপিও ইস্ৰায়েলক শাসন কৰিবলৈ তোমালোকৰ পৰাই এজন মোৰ ওচৰলৈ আহিব, সেই জনৰ আৰম্ভণী পূৰ্ব্বকালৰ পৰা অনন্তকাললৈকে;
Other Translations King James Version (KJV) But thou, Bethlehem Ephratah, though thou be little among the thousands of Judah, yet out of thee shall he come forth unto me that is to be ruler in Israel; whose goings forth have been from of old, from everlasting.
American Standard Version (ASV) But thou, Beth-lehem Ephrathah, which art little to be among the thousands of Judah, out of thee shall one come forth unto me that is to be ruler in Israel; whose goings forth are from of old, from everlasting.
Bible in Basic English (BBE) For this cause he will give them up till the time when she who is with child has given birth: then the rest of his brothers will come back to the children of Israel.
Darby English Bible (DBY) (And thou, Bethlehem Ephratah, little to be among the thousands of Judah, out of thee shall he come forth unto me [who is] to be Ruler in Israel: whose goings forth are from of old, from the days of eternity.)
World English Bible (WEB) But you, Bethlehem Ephrathah, Being small among the clans of Judah, Out of you one will come forth to me that is to be ruler in Israel; Whose goings forth are from of old, from everlasting.
Young's Literal Translation (YLT) And thou, Beth-Lehem Ephratah, Little to be among the chiefs of Judah! From thee to Me he cometh forth -- to be ruler in Israel, And his comings forth `are' of old, From the days of antiquity.
Cross Reference Genesis 35:19 in Assamese 19 ৰাহেলৰ মৃত্যু হোৱাৰ পাছত ইফ্ৰাথ অৰ্থাৎ বৈৎলেহেমলৈ যোৱা বাটৰ ওচৰতে তেওঁক কবৰ দিলে।
Genesis 48:7 in Assamese 7 কিন্তু মোৰ হ’লে, যেতিয়া মই পদ্দনৰ পৰা আহি আছিলো, তেতিয়া ইফ্ৰাথ পাবলৈ কিছু সময় থাকোতেই কনান দেশৰ বাটত ৰাহেল মৰিল। মই বাটত আহি থাকোতেই ইফ্ৰাথ তেওঁক মৈদাম দিলোঁ (এই ঠাই বৈৎলেহেম)”।
Genesis 49:10 in Assamese 10 চীলো নহালৈকে যিহূদাৰ পৰা ৰাজদণ্ড নাযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোকসমূহ সেই জনাৰ আজ্ঞাধীন হ’ব।
Exodus 18:21 in Assamese 21 তুমি এই লোকসকলৰ মাজৰ পৰা সক্ষম, ঈশ্বৰক সন্মান কৰা, আৰু অন্যায় ঘৃণা কৰা, সত্যবাদী লোকক মনোনীত কৰা। লোকসকলৰ ওপৰত তেওঁলোকক সহস্ৰপতি, শতপতি, পঞ্চাশপতি, আৰু দশপতি নিযুক্ত কৰা।
Exodus 18:25 in Assamese 25 মোচিয়ে সকলো ইস্ৰায়েলৰ মাজৰ পৰা সক্ষম লোকসকলক মনোনীত কৰি, লোকসকলৰ ওপৰত সহস্ৰপতি, শতপতি, পঞ্চাশপতি, আৰু দশপতি, এইদৰে প্ৰধান লোক নিযুক্ত কৰিলে।
Deuteronomy 1:15 in Assamese 15 সেয়েহে মই আপোনালোকৰ জনগোষ্ঠীবোৰৰ পৰা জ্ঞানৱান আৰু সুখ্যাতিপূর্ণ লোকসকলক লৈ আপোনালোকৰ ওপৰত মুখীয়াল পাতিলো। প্রত্যেক জনগোষ্ঠীৰ পৰা হাজাৰপতি, শতপতি, পঞ্চাশপতি, দশপতি আৰু অন্যান্য পদাধিকাৰী ব্যক্তিক নিযুক্ত কৰিলো।
Ruth 4:11 in Assamese 11 নগৰৰ ভিতৰত থকা সকলো লোক আৰু বৃদ্ধসকলে ক’লে, “আমি ইয়াৰ সাক্ষী হ’লোঁ; যি মহিলা তোমাৰ বংশত প্ৰৱেশ কৰিলে, যিহোৱাই তেওঁক ইস্ৰায়েলত বংশ স্থাপন কৰা যি ৰাহেল আৰু লেয়া আছিল, এওঁকো তেওঁলোকৰ দৰে কৰক; আৰু ইফ্ৰাথাত তোমাৰ পৰাক্ৰম আৰু বৈৎলেহেমত তোমাৰ সুখ্যাতি হওক।
1 Samuel 8:12 in Assamese 12 আৰু তেওঁ সিহঁতক নিজৰ সহস্ৰপতি (এক হাজাৰ সৈন্যৰ ওপৰত সেনাপতি) পঞ্চাশপতি (পঞ্চাশ জন সৈন্যৰ ওপৰত সেনাপতি) পাতিব; আৰু নিজৰ মাটিত হাল বাবলৈ, শস্য দাবলৈ, আৰু যুদ্ধৰ অস্ত্ৰ ও ৰথৰ সঁজুলি গঢ়াবলৈ নিযুক্ত কৰি ল’ব।
1 Samuel 10:19 in Assamese 19 কিন্ত তোমালোকে আজি তোমালোকৰ ঈশ্বৰক হেয়জ্ঞান কৰিলা, যি জনে সকলো আপদ আৰু সঙ্কটৰ পৰা তোমালোকক উদ্ধাৰ কৰিলে; তেওঁকেই তোমালোকে কৈছা, “আমাৰ ওপৰত এজন ৰজা নিযুক্ত কৰক’। সেয়েহে, তোমালোকে এতিয়া নিজৰ ফৈদ অনুসাৰে আৰু নিজৰ গোষ্ঠী অনুসাৰে যিহোৱাৰ আগত উপস্থিত হোৱা।”
1 Samuel 17:12 in Assamese 12 দায়ূদ যিহূদাৰ বৈৎলেহম-নিবাসী যিচয় নামেৰে সেই ইফ্ৰাথীয়া পুৰুষৰ পুত্ৰ আছিল; তেওঁৰ আঠজন পুত্ৰ আছিল, যিচয় চৌলৰ সময়ত বৃদ্ধ আছিল আৰু লোকসকলৰ মাজত বয়সস্থ পুৰুষ আছিল।
1 Samuel 17:18 in Assamese 18 এই দহ লদা পনীৰ তেওঁলোকৰ সেনাপতিজনৰ বাবে লৈ যোৱা। আৰু তোমাৰ ককায়েৰাহঁতৰ মঙ্গল সুধিবা, আৰু তেওঁলোকৰ পৰা কোনো চিন আনিবা।
1 Samuel 23:23 in Assamese 23 সেয়েহে চোৱা, আটাই গোপন ঠাইৰ মাজৰ কোন ঠাইত সি নিজকে লুকুৱাইছে, তাৰ বুজ লৈ মোৰ আগলৈ সঠিক বাতৰি লৈ আহিবা, আৰু তাৰ পাছত মই তোমালোকৰ লগত যাম, সি যদি দেশত থাকে, তেনেহলে মই যিহূদাৰ সকলো সহস্ৰৰ মাজত তাক বিচাৰি উলিয়াম।”
1 Chronicles 2:50 in Assamese 50 এওঁলোক হূৰৰ সন্তান, ইফ্ৰাথাৰ পৰা জন্ম হোৱা প্ৰথম পুত্র হূৰ: কিৰিয়ৎ-যিয়াৰীমৰ পিতৃ চোবল,
1 Chronicles 2:54 in Assamese 54 তলত উল্লেখিত সকল চলমাৰ গোষ্ঠীৰ: বৈৎলেহম, নোটোফাতীয়াসকল অট্ৰোৎ-বৈৎযোৱাব, আৰু মানহতীয়াসকলৰ আধা ভাগ লোক, চৰীয়াসকল।
1 Chronicles 4:4 in Assamese 4 গদোৰ নগৰৰ পনূৱেল গোষ্ঠীৰ মূল লোক আছিল। এজাৰ হূচাৰ গোষ্ঠীৰ মূল লোক আছিল। হূৰৰ বংশধৰ এওঁলোক, ইফ্ৰাথাৰ প্ৰথম সন্তান আৰু বৈৎলেহমৰ মূল বংশ।
1 Chronicles 5:2 in Assamese 2 যিহূদা তেওঁৰ ভাইসকলৰ মাজত শক্তিশালী আছিল, আৰু নেতা তেওঁৰ পৰাই হ’ল; কিন্তু জ্যেষ্ঠাধিকাৰ যোচেফৰ হ’ল।
Psalm 90:2 in Assamese 2 পৰ্ব্বতবোৰ উৎপন্ন হোৱাৰ আগেয়ে, পৃথিৱী আৰু জগত সৃষ্টিৰ পূৰ্ব্বেই, অনাদি কালৰ পৰা অনন্ত কাল পর্যন্ত তুমিয়েই ঈশ্বৰ।
Psalm 102:25 in Assamese 25 অনেক কালৰ আগতে তুমি এই বিশ্বৰ ভিত্তিমূল স্থাপন কৰিলা; আকাশমণ্ডল তোমাৰ হাতৰ কাৰ্য্য।
Psalm 132:6 in Assamese 6 চোৱা, আমি ইফ্ৰাথাত এই বিষয়ে শুনিছিলোঁ, কিন্তু যিয়াৰৰ পথাৰত তাক পালোঁ।
Proverbs 8:22 in Assamese 22 যিহোৱাই আৰম্ভণীৰে পৰা মোক সৃষ্টি কৰিলে- পূৰ্ব্বৰ দৰেই তেওঁৰ প্রথম কাৰ্য।
Isaiah 9:6 in Assamese 6 কাৰণ আমালৈ এটি লৰা জন্মিল, আমালৈ এটি পুত্ৰ দান কৰা হ’ল; আৰু তেওঁৰ কান্ধত শাসন ভাৰ অৰ্পিত হ’ব, আৰু তেওঁ আশ্চৰ্য পৰামৰ্শদাতা, পৰাক্ৰমী ঈশ্বৰ, অন্তকালস্থায়ী পিতৃ, আৰু শান্তিৰাজ নামে প্ৰখ্যাত হ’ব।
Isaiah 11:1 in Assamese 1 যিচয়ৰ মূলৰ পৰা এটি পোখা ওলাব, আৰু মূলৰ পৰা এটা শাখা ওলাই ফলৱান হ’ব।
Isaiah 53:2 in Assamese 2 কাৰণ তেওঁ যিহোৱাৰ আগত গছ পুলিৰ দৰে, আৰু শুকান মাটিত অঙ্কুৰিত হোৱা কোমল গজালিৰ দৰে বাঢ়ি উঠিল; তেওঁৰ কোনো বৈশিষ্ট্যপূর্ণ চেহেৰা বা ঐশ্বর্য নাছিল, আমি যেতিয়া তেওঁক চাওঁ তেতিয়া আমাক আকর্ষণ কৰিব পৰা তেওঁৰ কোনো সৌন্দৰ্য নাছিল।
Jeremiah 13:5 in Assamese 5 এইদৰে মই যিহোৱাৰ আজ্ঞা অনুসাৰে গৈ ফৰাতৰ কাষত তাক লুকুৱাই ৰাখিলোঁ।
Jeremiah 30:21 in Assamese 21 তেওঁলোকৰ অধিপতি তেওঁলোকৰ ভিতৰতে হ’ব, আৰু তেওঁলোকৰ শাসনকৰ্ত্তা তেওঁলোকৰ মাজৰ পৰা ওলাব; আৰু মই তেওঁক মোৰ ওচৰ চপাম, তেতিয়া তেওঁ মোৰ ওচৰ চাপিব; কিয়নো যিহোৱাই কৈছে, মোৰ ওচৰলৈ আহিবলৈ কাৰ সাহস আছে?”
Ezekiel 17:22 in Assamese 22 প্ৰভু যিহোৱাই এই কথা কৈছে: “ময়েই এৰচ গছজোপাৰ ওখত থকা আগডোখৰৰ এটা ডাল লৈ তাক ৰোম; এনে কি, সকলোতকৈ ওপৰত থকা তাৰ পোখাবোৰৰ মাজৰ পৰাই মই এটি পোখা ছিঙি এখন ওখ আৰু উন্নত পৰ্ব্বতত ৰোম!
Ezekiel 34:23 in Assamese 23 আৰু মই সেইবোৰৰ ওপৰত এজন মাত্ৰ ৰখীয়া মোৰ দাস দায়ুদক নিযুক্ত কৰিম! তেওঁ সেইবোৰক প্ৰতিপালন কৰিব; তেৱেঁই সেইবোৰক প্ৰতিপালন কৰি সেইবোৰৰ ৰখীয়া হ’ব।
Ezekiel 37:22 in Assamese 22 পাছে মই দেশত ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত তেওঁলোকক এক জাতি কৰিম, আৰু এজন ৰজা তেওঁলোকৰ আটাইৰে ৰজা হ’ব; তেওঁলোক পুনৰায় দুই জাতি নহ’ব, বা কেতিয়াও দুই ৰাজ্য বিভক্ত নহ’ব।
Amos 9:11 in Assamese 11 যিহোৱাই কৈছে, “সেই দিনা মই দায়ুদৰ পৰি যোৱা পঁজাটো পুনৰায় তুলিম; মই তাৰ ভাঙি যোৱা ফাটবোৰ মেৰামতি কৰিম, ধ্বংসস্থানবোৰ ঠিক কৰিম, তাক আগৰ নিচিনাকৈ পুনৰায় গঢ়িম;
Zechariah 9:9 in Assamese 9 হে চিয়োন-জীয়াৰী, অতিশয় উল্লাস কৰা, হে যিৰূচালেম-জীয়াৰী, জয়ধ্বনি কৰা! চোৱা! তোমাৰ ৰজা তোমাৰ ওচৰলৈ ধাৰ্মিকতাৰে আহিছে তেওঁ ন্যায়, পৰিত্ৰাণযুক্ত আৰু নম্ৰ; তেওঁ গাধত, গাধীৰ পোৱালিতেই উঠি আহিছে।
Matthew 2:6 in Assamese 6 ‘আৰু তুমি, যিহূদা প্রদেশৰ বৈৎলেহম, তুমি যিহূদাৰ অধিপতি সকলৰ মাজত কোনোমতে নগণ্য নহয়। কিয়নো তোমাৰ মাজৰ পৰাই এজন শাসনকর্তা ওলাব, তেৱেঁ মোৰ লোক ইস্ৰায়েলক চৰাব’।”
Matthew 28:18 in Assamese 18 তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক ক’লে, “বোলে, স্বৰ্গত আৰু এই জগতত সকলো অধিকাৰ মোক দিয়া হ’ল।
Luke 1:31 in Assamese 31 চোৱা, তুমি গর্ভবতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিবা আৰু তেওঁৰ নাম যীচু থবা।
Luke 2:4 in Assamese 4 ৰজা দায়ুদৰ বংশধৰ হোৱা হেতুকে যোচেফেও গালীল প্রদেশৰ নাচৰৎ নগৰৰ পৰা দায়ুদৰ নগৰ নামেৰে খ্যাত যিহূদাৰ বৈৎলেহম নগৰলৈ গ’ল।
Luke 23:2 in Assamese 2 তেওঁলোকে তেওঁক অপবাদ দি কবলৈ ধৰিলে, বোলে, “আমি দেখিছোঁ যে এই মানুহ জন চীজাৰক কৰ দিবলৈ নিষেধ কৰোঁতা আৰু নিজকে নিজে অভিষিক্ত(খ্ৰীষ্ট) ৰজা বুলি আমাৰ দেশীয় মানুহক বিপথে নিওঁতা৷”
Luke 23:38 in Assamese 38 আৰু “এওঁ ইহুদী সকলৰ ৰজা।” এই বুলি লিখা এখন জাননী তেওঁৰ ওপৰত লিখি দিলে।
John 1:1 in Assamese 1 আদিতে বাক্য আছিল; বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ।
John 7:42 in Assamese 42 ধৰ্মশাস্ত্ৰৰ বচনে কোৱা নাই জানো, খ্ৰীষ্ট যে দায়ুদৰ বংশৰ পৰা হব আৰু দায়ুদ যি বৈৎলেহম চহৰত আছিল, তেওঁ তাৰ পৰাই আহিব?”
John 19:14 in Assamese 14 তেতিয়া নিস্তাৰপৰ্বৰ আয়োজনৰ দিনৰ প্ৰায় বাৰটা বজাৰ সময় হৈছিল আৰু পীলাতে ইহুদী সকলক ক’লে, “চোৱা, এয়া তোমালোকৰ ৰজা!”
1 Corinthians 1:27 in Assamese 27 কিন্তু ঈশ্বৰে জ্ঞানৱন্তক লাজ দিবলৈ জগতৰ মূর্খবোৰক মনোনীত কৰিলে আৰু বলৱন্তক লাজ দিবলৈ ঈশ্বৰে জগতৰ দুর্বলবোৰক মনোনীত কৰিলে।
Colossians 1:17 in Assamese 17 তেওঁ সকলোৰে পূৰ্বৰ পৰা আছে আৰু সকলোবোৰ তেওঁৰেই নিয়ন্ত্ৰণত আছে৷
Hebrews 7:14 in Assamese 14 কাৰণ ই সুস্পষ্ট যে আমাৰ প্ৰভু যিহূদা ফৈদৰ পৰা আহিছে আৰু এই বংশৰ বিষয়ে পুৰোহিত হোৱাৰ বিষয়ে মোচিয়ে কেতিয়াও একো কোৱা নাই।
Hebrews 13:8 in Assamese 8 যীচু খ্ৰীষ্ট কালি, আজি, আৰু চিৰকাললৈকে সেই একে হৈ আছে।
1 John 1:1 in Assamese 1 যি আদিৰে পৰা আছিল, যি আমি শুনিলোঁ, যি চকুৰে দেখিলোঁ, যি আমি মনোযোগেৰে দৃষ্টি কৰি দেখিলোঁ আৰু যি আমাৰ হাতেৰে অনুভৱ কৰিলোঁ, সেই জীৱনৰ বাক্যৰ প্রসঙ্গত,
Revelation 1:11 in Assamese 11 তেতিয়া সেই মাতে মোক ক’লে, “তুমি যি দেখিলা, সেইবোৰ পুথিৰ নুৰাত লিখি, ইফিচ, স্মুৰ্ণা, পৰ্গাম, থুয়াতীৰা, চাৰ্দ্দি, ফিলাদেলফিয়া আৰু লায়দিকেয়া, এই সাত মণ্ডলীলৈ পঠাই দিবা৷”
Revelation 2:8 in Assamese 8 স্মুৰ্ণাত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ যি জন প্রথম আৰু শেষ; যি জন মৰিল আৰু যি জন পুনৰ জীৱিত, তেৱেঁ এইবোৰ কথা ক’লে,
Revelation 19:16 in Assamese 16 তেওঁৰ বস্ত্ৰত আৰু কৰঙণত, এই নাম লিখা আছে, “ৰজা সকলৰো ৰজা আৰু প্ৰভু সকলৰো প্ৰভু৷”
Revelation 21:6 in Assamese 6 পাছত তেওঁ মোক ক’লে, “এই সকলো হ’ল! মই আলফা আৰু ওমেগা, আদি আৰু অন্ত। পিয়াহ লগা জনক মই জীৱন-জলৰ ভুমুকৰ পানী বিনামুল্যে দিম।