Micah 3:8 in Assamese 8 কিন্তু মোৰ ক্ষেত্রত, যাকোবক তেওঁৰ অপৰাধ আৰু ইস্ৰায়েলক তেওঁৰ পাপ ঘোষণা কৰিবলৈ, মই যিহোৱাৰ আত্মাৰ দ্বাৰাই শক্তি, ন্যায় বিচাৰ, আৰু পৰাক্রমেৰে পৰিপূৰ্ণ।
Other Translations King James Version (KJV) But truly I am full of power by the spirit of the LORD, and of judgment, and of might, to declare unto Jacob his transgression, and to Israel his sin.
American Standard Version (ASV) But as for me, I am full of power by the Spirit of Jehovah, and of judgment, and of might, to declare unto Jacob his transgression, and to Israel his sin.
Bible in Basic English (BBE) But I truly am full of the spirit of the Lord, with power of judging and with strength to make clear to Jacob his wrongdoing and to Israel his sin.
Darby English Bible (DBY) But truly I am filled with power by the Spirit of Jehovah, and with judgment and with might, to declare unto Jacob his transgression, and to Israel his sin.
World English Bible (WEB) But as for me, I am full of power by the Spirit of Yahweh, And of judgment, and of might, To declare to Jacob his disobedience, And to Israel his sin.
Young's Literal Translation (YLT) And yet I have been full of power by the Spirit of Jehovah, And of judgment, and of might, To declare to Jacob his transgression, And to Israel his sin.
Cross Reference Job 32:18 in Assamese 18 কিয়নো মই কথাৰে পৰিপূৰ্ণ, মোৰ অন্তৰত থকা আত্মাই মোক বল কৰিছে।
Isaiah 11:2 in Assamese 2 যিহোৱাৰ আত্মা, প্ৰজ্ঞাৰ আত্মা, আৰু সুবিবেচনা, পৰামৰ্শ, আৰু পৰাক্ৰমৰ আত্মা, জ্ঞান আৰু যিহোৱা বিষয়ক ভয়ৰ আত্মা, তেওঁৰ ওপৰত স্থিতি ল’ব।
Isaiah 58:1 in Assamese 1 তুমি উচ্চস্বৰে কান্দা, ৰৈ নাথাকিবা; শিঙাৰ দৰে উচ্চ-ধ্বনি কৰা, মোৰ লোকসকলক তেওঁলোকৰ অধৰ্মৰ সৈতে, আৰু যাকোবৰ বংশৰ আগত তেওঁলোকৰ পাপবোৰ সন্মুখীন কৰোৱা।
Jeremiah 1:18 in Assamese 18 কিয়নো শুনা! মই আজি সমুদায় দেশৰ, যিহূদাৰ ৰজাসকলৰ, ইয়াৰ অধ্যক্ষসকলৰ, পুৰোহিতসকলৰ আৰু দেশৰ সাধাৰণ লোকসকলৰ বিৰুদ্ধে তোমাক দৃঢ় নগৰ, লোহাৰ স্তম্ভ আৰু পিতলৰ গড়স্বৰূপ কৰিলোঁ।
Jeremiah 6:11 in Assamese 11 এই হেতুকে মই যিহোৱাৰ ক্ৰোধেৰে পৰিপূৰ্ণ হৈছোঁ; মই তাক আটক কৰি ৰাখিবলৈ ক্লান্ত হৈছোঁ। আলিত শিশুসকলৰ ওপৰত, আৰু ডেকাসকলৰ সভাৰ ওপৰত তাক একেবাৰে ঢালি দিয়া। কিয়নো ভাৰ্য্যাৰে সৈতে স্বামী, সম্পূৰ্ণ আয়ুসপ্ৰাপ্ত লোকৰ সৈতে বৃদ্ধ, সকলোকে ধৰা যাব।
Jeremiah 15:19 in Assamese 19 এই হেতুকে যিহোৱাই এইদৰে কৈছে: তুমি যদি উলটি আহাঁ, তেন্তে মোৰ আগত থিয় হব পৰাকৈ মই তোমাক আকৌ আনিম। আৰু যদি অধম বস্তুৰ মাজৰ পৰা ৰত্ন বাহিৰ কৰি লোৱা, তেন্তে মোৰ মুখস্বৰূপ হ’বা; তেওঁলোক তোমালৈ ঘুৰি আহিব, কিন্তু তুমি তেওঁলোকলৈ নুঘুৰিবা।
Jeremiah 20:9 in Assamese 9 আৰু যদি মই কওঁ, যে, ‘মই যিহোৱাক আৰু উল্লেখ নকৰোঁ; বা তেওঁৰ নামেৰে আৰু নকওঁ’, তেনেহ’লে মোৰ হাড়বোৰত বন্ধ কৰা জ্বলি থকা জুই যেন মোৰ অন্তৰত লাগে; মই সহি সহি ক্লান্ত হ’লোঁ, সহি আৰু থকিব নোৱাৰোঁ।
Ezekiel 3:14 in Assamese 14 এইদৰে আত্মাই মোক দাঙি লৈ গ’ল; আৰু মোৰ আত্মাৰ আবেগত মই বেজাৰত আছিলো, কিয়নো যিহোৱাৰ হাত মোৰ ওপৰত প্ৰবল আছিল।
Ezekiel 16:2 in Assamese 2 “হে মনুষ্য সন্তান, তুমি যিৰূচালেমক তাইৰ নিজৰ ঘিণলগীয়া কাৰ্যবোৰ জনোৱা,
Ezekiel 20:4 in Assamese 4 “হে মনুষ্য সন্তান, তুমি তেওঁলোকৰ ওপৰত গোচৰ নচলোৱা নে? তুমি গোচৰ নচলোৱা নে? তেওঁলোকৰ পূৰ্ব্ব-পুৰুষসকলৰ ঘিণলগীয়া কাৰ্য্যবোৰ তেওঁলোকক জানিবলৈ দিয়া আৰু তেওঁলোকক কোৱা!
Ezekiel 22:2 in Assamese 2 “এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি গোচৰ নচলোৱা নে? ৰক্তপাতকাৰিণী নগৰীৰ ওপৰত গোচৰ নচলোৱা নে? তেন্তে তাইৰ আটাই ঘিণলগীয়া কাৰ্য তাইক জনোৱা।
Ezekiel 43:10 in Assamese 10 হে মনুষ্য সন্তান, ইস্ৰায়েল-বংশই নিজ অপৰাধৰ কাৰণে লাজ পাবৰ কাৰণে তুমি তেওঁলোকক গৃহটি দেখুউৱা; আৰু সুন্দৰ কৈ গঁঠা গৃহটি তেওঁলোকে জোখক।
Matthew 3:7 in Assamese 7 যোহনে যেতিয়া দেখিলে যে অনেক ফৰীচী আৰু চদ্দূকী সকল বাপ্তিস্মৰ কাৰণে তেওঁৰ ওচৰলৈ আহিছে, তেতিয়া তেওঁ তেওঁলোকক ক’লে, “বিষক্ত সৰ্পৰ বংশধৰ সকল! আগলৈ যি ক্রোধ হ’ব লগা আছে, তাৰ পৰা পলাবৰ বাবে আপোনালোকক কোনে চেতনা দিলে?
Matthew 7:29 in Assamese 29 কিয়নো তেওঁ তেওঁলোকৰ বিধানৰ অধ্যাপক সকলৰ দৰে উপদেশ দিয়া নাছিল, বৰঞ্চ এজন অধিকাৰ থকা লোকৰ নিচিনাকৈ তেওঁলোকক উপদেশ দিছিল।
Mark 3:17 in Assamese 17 চিবদিয়ৰ পুতেক যাকোব আৰু যাকোবৰ ভায়েক যোহন, (এই দুজনক বনেৰগচ, অৰ্থাৎ মেঘ-গৰ্জ্জনৰ পুতেক নাম দিলে);
Acts 4:8 in Assamese 8 তেতিয়া পিতৰে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ তেওঁলোকক ক’লে, “হে লোক সকলৰ শাসনকৰ্তা আৰু পৰিচাৰক সকল,
Acts 4:19 in Assamese 19 কিন্তু পিতৰ আৰু যোহনে উত্তৰত তেওঁলোকক ক’লে, “আপোনালোকেই বিচাৰ কৰি কওক ‘ঈশ্বৰৰ আজ্ঞা অমান্য কৰা বা আপোনালোকৰ আজ্ঞা পালন কৰা’ ইয়াৰ ভিতৰত কোনটো বিষয় আমি পালন কৰা উচিত হ’ব?
Acts 7:51 in Assamese 51 হে ঠৰ-ডিঙীয়া লোক সকল, হৃদয় আৰু কাণৰ চুন্নৎ নোহোৱা লোক, আপোনালোকে সদায় পবিত্ৰ আত্মাৰ প্রতিৰোধ কৰে; পূৰ্ব-পুৰুষ সকলে যেনেদৰে কৰিছিল, আপোনালোকে সেইদৰেই কৰিছে।
Acts 7:54 in Assamese 54 এইবোৰ কথা শুনি মহাসভাৰ সদস্য সকলৰ হৃদয় স্তিফানৰ প্রতি খঙত জ্বলি উঠিল আৰু নিজৰ দাঁত কৰচিলে।
Acts 13:9 in Assamese 9 তাতে চৌল, যি জনক পৌলো বোলে, তেওঁ পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ, তেওঁলৈ স্থিৰ দৃষ্টিৰে চালে,
Acts 18:5 in Assamese 5 চীল আৰু তীমথিয় মাকিদনিয়া প্ৰদেশৰ পৰা অহাৰ পাছত পৌলে আত্মাৰ দ্বাৰা অনুপ্রাণিত হৈ ঘোষণা কৰিলে আৰু ইহুদী সকলৰ আগত যীচুৱেই যে খ্রীষ্ট হয়, সেই সাক্ষ্য দিলে
Acts 18:9 in Assamese 9 প্ৰভুৱে ৰাতি পৌলক দৰ্শন দি ক’লে, “তুমি ভয় নকৰিবা, মনে মনে নাথাকি, প্ৰচাৰ কৰা;
1 Corinthians 2:4 in Assamese 4 তাতে মোৰ কথা আৰু মোৰ প্রচাৰত কোনো জ্ঞানযুক্ত মনোমোহা ভাষা নাছিল, কিন্তু সেইবোৰত আত্মাৰ শক্তিৰ প্রমাণ আছিল,
1 Corinthians 2:12 in Assamese 12 আমি জগতৰ আত্মা পোৱা নাই, কিন্তু ঈশ্বৰৰ পৰা তেওঁৰ আত্মাহে পালোঁ, যাতে ঈশ্বৰে অনুগ্ৰহেৰে আমাক যি সকলো দান কৰিলে, সেইবোৰ যেন বুজি পাওঁ।