Micah 2:7 in Assamese 7 যাকোবৰ বংশক প্রকৃততে এইদৰে কোৱা উচিত নে? “যিহোৱাৰ আত্মা ক্রোধত আছে নে? এইবোৰ সঁচাই তেওঁৰ কাৰ্য নে?” যি জনে ন্যায়ত চলে, মোৰ বাক্যই তেওঁক উপকাৰ নকৰিব নে?
Other Translations King James Version (KJV) O thou that art named the house of Jacob, is the spirit of the LORD straitened? are these his doings? do not my words do good to him that walketh uprightly?
American Standard Version (ASV) Shall it be said, O house of Jacob, Is the Spirit of Jehovah straitened? are these his doings? Do not my words do good to him that walketh uprightly?
Bible in Basic English (BBE) Is the Lord quickly made angry? are these his doings? do not his words do good to his people Israel?
Darby English Bible (DBY) O thou [that art] named the house of Jacob, Is Jehovah impatient? are these his doings? Do not my words do good to him that walketh uprightly?
World English Bible (WEB) Shall it be said, O house of Jacob: "Is the Spirit of Yahweh angry? Are these his doings? Don't my words do good to him who walks blamelessly?"
Young's Literal Translation (YLT) Doth the house of Jacob say, `Hath the Spirit of Jehovah been shortened? Are these His doings?' Do not My words benefit the people that is walking uprightly?
Cross Reference Numbers 11:23 in Assamese 23 তেতিয়া যিহোৱাই মোচিক ক’লে, “যিহোৱাৰ হাত জানো চুটি হ’ল? তোমাৰ আগত মোৰ বাক্য সিদ্ধ হ’ব নে নহ’ব, তাক তুমি এতিয়া দেখিবলৈ পাবা।”
Psalm 15:2 in Assamese 2 সেইসকলেই যোগ্য, যিসকলে সৎ জীৱন কটায়, ন্যায় কৰ্ম্ম কৰে, সত্য ভৰা অন্তৰেৰে কথা কয়;
Psalm 19:7 in Assamese 7 যিহোৱাৰ ব্যৱস্থা সিদ্ধ, সেয়ে মানুহৰ প্ৰাণক জগাই তোলে; যিহোৱাৰ বাক্য বিশ্বাসযোগ্য, সেয়ে সাধাৰণ লোকক জ্ঞান দান কৰে।
Psalm 84:11 in Assamese 11 কিয়নো ঈশ্বৰ যিহোৱা সূৰ্য্য আৰু ঢালস্বৰূপ; তেওঁ অনুগ্ৰহ আৰু গৌৰৱ দান কৰে; যিসকলে সৎ পথত চলে, তেওঁলোকক কোনো উত্তম বস্তু দিবলৈ তেওঁ অস্বীকাৰ নকৰে।
Psalm 119:65 in Assamese 65 তুমি তোমাৰ দাসলৈ মঙ্গল ব্যৱহাৰ কৰিলা; হে যিহোৱা, তোমাৰ বাক্য অনুসাৰে কৰিলা।
Psalm 119:70 in Assamese 70 তেওঁলোকৰ অন্তঃকৰণ চর্বিৰ দৰে মোটা; কিন্তু মই হ’লে তোমাৰ ব্যৱস্থাত হৰ্ষিত হওঁ।
Psalm 119:92 in Assamese 92 তোমাৰ ব্যৱস্থাত যদি মই আনন্দ নাপালোহেঁতেন, তেন্তে মোৰ ক্লেশতে মই বিনষ্ট হ’লোহেতেন।
Psalm 119:99 in Assamese 99 মোৰ সকলো শিক্ষাগুৰুতকৈ মই জ্ঞানৱান; কিয়নো তোমাৰ আজ্ঞা-বোৰ মোৰ ধ্যানৰ বিষয়।
Proverbs 2:7 in Assamese 7 যিসকলে তেওঁক সন্তুষ্ট কৰে তেওঁলোকৰ বাবে তেওঁ নিৰ্ভৰযোগ্য প্রজ্ঞা সংগ্রহ কৰে, যি সকলে সত্যতাত চলে তেওঁলোকৰ বাবে তেওঁ ঢালস্বৰূপ।
Proverbs 10:9 in Assamese 9 যি জনে সিদ্ধতাৰূপ পথত খোজ দিয়ে, তেওঁ সুৰক্ষিত হৈ চলে, কিন্তু যিজনে নিজৰ পথ কুটিলতাৰে পূৰ্ণ কৰে, তেওঁক বিচাৰি উলিওৱা হ’ব।
Proverbs 10:29 in Assamese 29 যিসকল লোকে সত্যত চলে, তেওঁলোকক যিহোৱাই ৰক্ষা কৰে। কিন্তু দুষ্টলোকৰ বাবে সেয়ে সৰ্ব্বনাশ স্বৰূপ।
Proverbs 14:2 in Assamese 2 যি জনে সৰল পথত চলে, তেওঁ যিহোৱাক ভয় কৰে; কিন্তু যি জনে নিজৰ পথত সত্যতাৰে নচলে সেইজনে তেওঁক হেয়জ্ঞান কৰে।
Proverbs 28:18 in Assamese 18 যি কোনোৱে শুদ্ধ পথত চলে, তেওঁ ৰক্ষা পায়, কিন্তু যিজনে কুটিল পথত চলে; তেওঁ হঠাৎ পতিত হয়।
Isaiah 48:1 in Assamese 1 হে ইস্ৰায়েল নামেৰে প্ৰখ্যাত, আৰু যিহূদাৰ জল সমোহৰ পৰা উৎপন্ন হোৱা যাকোবৰ বংশ, এই কথা শুনা, যিসকলে যিহোৱাৰ নাম লৈ শপত খায়, ইস্ৰায়েলৰ ঈশ্বৰৰ ওচৰত সাহায্য প্রার্থনা কৰে, কিন্তু আন্তৰিকতাৰে বা সত্যনিষ্ঠাৰে নকৰে।
Isaiah 50:2 in Assamese 2 তাত কোনো এজন নাছিল তথাপি মই কিয় আহিছিলো? কোনো এজনে উত্তৰ দিয়া নাছিল তথাপি মই কিয় মাতিছিলো? তোমালোকক মুক্ত কৰিবলৈ মোৰ হাত ইমান চুটি নে? তোমালোকক উদ্ধাৰ কৰিবলৈ মোৰ কোনো শক্তি নাই নে? চোৱা, মোৰ ধমকিতেই মই সমুদ্ৰ শুকুৱাওঁ; মই নদীবোৰক মৰুভুমি কৰোঁ; পানীৰ অভাৱত তাত থকা মাছবোৰ মৰিব আৰু গেলিব।
Isaiah 58:1 in Assamese 1 তুমি উচ্চস্বৰে কান্দা, ৰৈ নাথাকিবা; শিঙাৰ দৰে উচ্চ-ধ্বনি কৰা, মোৰ লোকসকলক তেওঁলোকৰ অধৰ্মৰ সৈতে, আৰু যাকোবৰ বংশৰ আগত তেওঁলোকৰ পাপবোৰ সন্মুখীন কৰোৱা।
Isaiah 59:1 in Assamese 1 চোৱা, যিহোৱাৰ হাত এনে চুটি নহয় যে, তেওঁ তাৰে পৰিত্ৰাণ কৰিব নোৱাৰে, আৰু তেওঁৰ কাণ এনে গধূৰ নহয় যে, তেওঁ তাৰে শুনিব নোৱাৰে;
Jeremiah 2:4 in Assamese 4 হে যাকোবৰ বংশ, হে ইস্রায়েলৰ আটাই লোকসকল,
Jeremiah 15:16 in Assamese 16 মই তোমাৰ বাক্যবোৰ পোৱা মাত্ৰকে অতি আগ্ৰহেৰে গ্ৰহণ কৰিলোঁ, আৰু তোমাৰ বাক্যবোৰ মোৰ পক্ষে মোৰ মনৰ আনন্দ আৰু উল্লাসজনক হল, কিয়নো হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, মই তোমাৰ নামেৰে প্ৰখ্যাত।
Hosea 14:9 in Assamese 9 জ্ঞানৱানজনে এইবোৰ কথা বুজে; বিবেচকজনে এইবোৰ কথা জানে; কিয়নো যিহোৱাৰ পথবোৰ সততাৰ পথ আৰু ধাৰ্ম্মিকজনে সেই পথত গমন কৰে, কিন্তু অধাৰ্ম্মিকজনে হ’লে সেইবোৰত উজুটি খায়।
Micah 3:9 in Assamese 9 সকলো সৎ কাৰ্মত বিপথে যোৱা, আৰু ন্যায় ঘৃণা কৰা হে যাকোবৰ বংশৰ মুখ্যলোকসকল, আৰু ইস্ৰায়েল বংশৰ শাসনকৰ্ত্তাসকল, এতিয়া এই কথা শুনা;
Zechariah 4:6 in Assamese 6 তেতিয়া তেওঁ উত্তৰ দি মোক এই কথা ক’লে, “জৰুব্বাবিললৈ অহা যিহোৱাৰ বাক্য এই, ‘শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয়, কিন্তু মোৰ আত্মাৰ দ্বাৰাইহে,’ ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।”
Matthew 3:8 in Assamese 8 মন-পালটনৰ উপযুক্ত ফল ধৰি ফলৱান হওক।
John 8:39 in Assamese 39 তাৰ উত্তৰত তেওঁলোকে যীচুক ক’লে, “আমাৰ পিতৃ অব্ৰাহাম।” যীচুৱে তেওঁলোকক ক’লে, “আপোনালোক যদি অব্ৰাহামৰ সন্তান হয়, তেনেহলে অব্রাহামে যি কৰিলে, আপোনালোকেও তেনে কৰ্ম কৰিলেহেঁতেন।
Romans 2:28 in Assamese 28 কিয়নো মাত্ৰ বাহ্যিকভাৱে ইহুদী হ’লেই প্ৰকৃত ইহুদী হ’ব নোৱাৰি আৰু মাংসত কৰা যি বাহিৰৰ চুন্নৎ, সেই চুন্নতো প্ৰকৃত চুন্নৎ নহয়;
Romans 7:13 in Assamese 13 তেনেহলে যি উত্তম, সেয়ে মোলৈ মৃত্যুজনক হ’ল নে? এনে নহওক। কিন্তু যি উত্তম, তাৰ দ্বাৰাই পাপে মোৰ জীৱনত মৃত্যু সাধন কৰাৰ যোগেদি সেয়ে পাপ বুলি প্ৰকাশ পায়, আৰু আজ্ঞাৰ দ্বাৰাই পাপ যেন অতিশয় পাপ পুৰ্ণ হয়, এই কাৰণে পাপহে মোৰ বাবে মৃত্যুজনক হ’ল।
Romans 9:6 in Assamese 6 কিন্তু ঈশ্বৰৰ বচন যে বিফল হৈ পৰিল, এনে নহয়। কিয়নো ইস্ৰায়েলৰ পৰা হোৱা সকলোৱে যে ইস্ৰায়েলী, এনে নহয়৷
2 Corinthians 6:12 in Assamese 12 আমি আপোনালোকৰ বাবে আমাৰ প্ৰেম হৃদয়ত মুকলি নকৰাকৈ ৰখা নাই, কিন্তু আপোনালোকেহে নিজৰ নিজৰ প্ৰেম আমাৰ বাবে মুকলি নকৰাকৈ ৰাখিছে৷
2 Timothy 3:5 in Assamese 5 তেওঁলোকে ধাৰ্মিকতাৰ আকাৰ ধাৰণ কৰিব, কিন্তু তাৰ শক্তি অস্বীকাৰ কৰিব। এনে লোক সকলৰ পৰা তুমি আতৰি থাকিবা।